ডাঃ নিতুল বৈশ্য
আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানে ৰোগ আৰোগ্যৰ বাবে Preventive, Promotive, Curative আৰু Restorative — ৰোগ আৰোগ্যৰ এই আটাইকেইটা বিষয়ৰ বিষয়ে বিধান প্ৰদান কৰে।
পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি ইয়াৰ চাৰিওফালে প্ৰতি ২৪ ঘণ্টাত এপাককৈ ঘুৰে। ইয়াক পৃথিৱীৰ আহ্নিক গতি বুলি কয়। বাৰ্ষিক গতিয়ে যিদৰে ঋতু পৰিবৰ্তন কৰায়, ঠিক একেদৰে আহ্নিক গতিৰ ফলত পৃথিৱীত দিন আৰু ৰাতি হয়।
পুৱা সূৰ্যোদয়ৰ পৰা সন্ধিয়াৰ সূৰ্যাস্তলৈ এই দিনৰ ভাগত পালিবলগীয়া নীতি-নিৰ্দেশনাসমূহক আয়ুৰ্বেদত দিনচৰ্যা বুলি কোৱা হৈছে। একেদৰে সূৰ্যাস্তৰ পৰা পৰৱৰ্তী সূৰ্যোদয়লৈ ৰাতিৰ ভাগত পালন কৰিবলগীয়া কেতবোৰ নীতি-নিয়মো আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানে উল্লেখ কৰিছে। এইসমূহক ৰাতিচৰ্যা বুলি কোৱা হয়।
যদিও সূৰ্যাস্ত বা সূৰ্যোদয়ৰ সময় ঠাইভেদে ভিন্ন হয়, তথাপি আয়ুৰ্বেদিকত উল্ল্যেখিত ৰাতিচৰ্যাৰ বিধান বুজিবৰ সুবিধাৰ বাবে সন্ধিয়া ৬ বজাৰ পৰা পোৱা ৬ বজালৈ বুলি ধৰি ল’ব পাৰি। আয়ুৰ্বেদিকত ৰাতিটোক তিনিটা প্ৰহৰত বিভক্ত কৰা হৈছে –
(১) সন্ধিয়া ৬ বজাৰ পৰা ৰাতি ১০ বজালৈঃ এই সময়খিনিত আয়ুৰ্বেদিকৰ মতে শৰীৰত কফদোষৰ প্ৰাধান্য থাকে।
(২) ৰাতি ১০ বজাৰ পৰা ৰাতি ২ বজালৈঃ এই সময়খিনিত আয়ুৰ্বেদিকৰ মতে শৰীৰত পিত্তদোষৰ প্ৰাধান্য থাকে।
(৩) ৰাতি ২ বজাৰ পৰা পুৱা ৬ বজালৈঃ এই সময়খিনিত আয়ুৰ্বেদিকৰ মতে শৰীৰত বাতদোষৰ প্ৰাধান্য থাকে।
আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত উল্ল্যেখিত ৰাতিচৰ্যাৰ প্ৰধান অনুপালনীয় বিধানসমূহ এনেধৰণৰঃ
(১) ডাঁকে কৈছে- “যোগীয়ে খায় এবাৰ, ভোগীয়ে খায় দুবাৰ, ৰোগীয়ে খায় তিনিবাৰ।” আচাৰ্য সুশ্ৰুতে কৈছে যে প্ৰতিদিনে আমি মাত্ৰ দুবাৰহে মুখ্য-খাদ্য খাব লাগে। এই কথাষাৰ আজিৰ দিনত আৰু বেছি প্ৰাসংগিক হৈ পৰিছে। কিয়নো- সাম্প্ৰতিক সময়ত আমি প্ৰায় সকলোৱে শ্ৰমবিমূখ হৈ অসক্ৰিয় জীৱনশৈলী জী আছোঁ। এনে পৰিপ্ৰেক্ষিতত আমাৰ শ্ৰমহীন শৰীৰত শৰ্কৰাৰ প্ৰয়োজন যঠেষ্ট কম। গতিকে প্ৰতিদিনে দুবাৰকৈ মুখ্য-খাদ্য আমাৰ বাবে যঠেষ্ট।
আচাৰ্য সুশ্ৰুতে দিনটোৰ প্ৰথম মুখ্য-খাদ্য পুৱা ১১ বজাৰ আগত আৰু দ্বিতীয় মুখ্য-খাদ্য আবেলি ৬ বজাৰ আগতে খোৱাৰ দিহা দিছে। সূৰ্যাস্তৰ পিছত মুখ্য-খাদ্য খাব নালাগে। কিন্তু আমাৰ ব্যস্ততাপূৰ্ণ আধুনিক জীৱনশৈলীত সেয়া সম্ভৱ হৈ নুঠেগৈ, তথাপি সন্ধিয়া ৮ বজাৰ পিছত কেতিয়াও খাদ্যগ্ৰহণ কৰিব নালাগে।
(২) সন্ধিয়া / ৰাতি সদায় সহজে হজম হ’ব পৰা লঘূ আহাৰ খাব লাগে। ৰাতিৰ আহাৰ পৰিমিত পৰিমাণৰ হ’ব লাগে। মেদবহুল লোকে ৰাতিৰ আহাৰ বৰ্জন কৰাই শ্ৰেয়ঃ। ৰাতিৰ আহাৰৰ লগত উষ্ণোদক (গৰম পানী)-হে খাব লাগে।
(৩) খাদ্যগ্ৰহণৰ পিছত লগেলগে বিছনাত শুই দিব নালাগে। আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানত উল্লেখ কৰা অনুসৰি শুৱাৰ পূৰ্বে ব্যক্তি এজনে মুকলি ঠাইত (চন্দ্ৰৰ পোহৰত) এশ খোজমান খোজ কাঢ়িব লাগে। ইয়ে শৰীৰৰ গধূৰতা দূৰ কৰে।
(৪) শুৱাৰ পূৰ্বে দন্তধৱন আৰু মুখপ্ৰক্ষালন কৰিব লাগে। ইয়ে মুখগহ্বৰৰ পৰা খাদ্যৰ অৱশিষ্ট আতৰাই মুখগহ্বৰ পৰিষ্কাৰ কৰাত সহায় কৰে আৰু মুখৰ সাম্ভাৱ্য দুৰ্গন্ধ নাইকিয়া কৰে।
(৫) ৰাতি যিমান পাৰি সিমান সোনকালে শুব লাগে। এবাৰ বিছনাত উঠাৰ পিছত কোনো ইলেক্ট্ৰনিক সামগ্ৰীতেই যেনে- ম’বাইল আৰু কম্পিউটাৰৰ স্ক্ৰিন আদিত চকু ফুৰাব নালাগে। শুৱাৰ আগত কেতিয়াও টিভি চাব নালাগে। শুৱাৰ আগত উচ্চস্বৰত গান শুনিব নালাগে, কোনো উত্তেজক ফটো বা ভিডিঅ’ আদি চাব নালাগে। শুৱাৰ লগে লগে প্ৰথম টোপনিটো বাওঁকাটিকৈ শুই মাৰিব লাগে।
(৬) ৰাতি শুৱাৰ আগত অধিক পৰিমানে পানী বা অন্য কোনো পানীয় খাব নালাগে। কেফেইনযুক্ত পানীয় যেনে-কফি, চাহ আদি ৰাতি সম্পূৰ্ণ পৰিহাৰ কৰিব লাগে।
(৭) ৰাতি শুৱাৰ আগতে এগিলাচ গৰম গাখীৰৰ লগত এচামুচ হালধি মিহলাই খালে উপকাৰ পোৱা যায়। ২ চামুচ অশ্বগন্ধা পাউদাৰ বা অশ্বগন্ধা টেবলেট ২টাকৈ প্ৰতিদিনে একাপ গাখীৰ বা গৰম পানীৰ লগত শুৱাৰ আগতে খালে টোপনি গভীৰ হয়, ষ্ট্ৰেচ দূৰ হয় আৰু পৰৱৰ্তী দিনৰ বাবে শাৰিৰীক শক্তি পোৱা যায়।
(৮) শোৱাৰ আগতে ভৰিৰ তলুৱা যিকোনো ঔষধি তেল বা ঘিঁৰে লাহে লাহে কিছুসময় মালিচ কৰিলে টোপনি, দৃষ্টিশক্তি, কেশবৃদ্ধি আৰু ৰক্তসঞ্চালন ভাল হয়।
(৮) শুৱাৰ আগতে নাসাৰন্ধ্ৰত কোনো ঔষধি তেল যেনে- সৰিয়হৰ তেল বা ঘিঁ এটোপাল প্ৰয়োগ কৰিলে চকু, চুলি, শ্বসনতন্ত্ৰ আৰু মস্তিষ্কৰ বাবে বহু উপকাৰ পোৱা যায়।
(৯) পৃথিৱীৰ চুকে-কোণে প্ৰতিদিনে কিমান মানুহ মৰিল তাৰ কোনো হিচাপ নাই। সকলোবোৰৰ মাজত প্ৰতিটো দিন আপুনি সুস্বাস্থ্যৰে জী থাকিল, সেয়েহে শুৱাৰ আগতে প্ৰতিৰাতি সৰ্বশক্তিমান ঈশ্বৰ / আল্লা / গডক ধন্যবাদ জনাওক।
(১০) পুৱা সোনকালে শোৱাপাটী এৰক। টোপনিৰ পৰা উঠাৰ উত্তম সময় হৈছে ব্ৰহ্মমূহুৰ্ত। সূৰ্যোদয়ৰ ৯৬ মিনিট আগৰ সময়খিনিক ব্ৰহ্মমুহুৰ্ত বুলি কোৱা হয়। গতিকে বেলি ওলোৱাৰ আগতে আপুনি ওলাওক।
দ্ৰুত উদ্যোগীকৰণৰ সময়ৰ পৰা পৰিবৰ্তিত খাদ্যাভ্যাস যেনে – আমিষ আহাৰৰ প্ৰচুৰ প্ৰচলন আৰু শ্ৰমবিমুখ জীৱনশৈলীৰ বাবে সাম্প্ৰতিক সময়ত মধুমেহ, উচ্চৰক্তচাপ, মেদবহুলতা আদি বিভিন্ন জীৱনশৈলীজনিত ৰোগসমূহৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
১৯৯০ চনত ভাৰতত অসংক্ৰমিত ৰোগ অৰ্থাৎ Non communicable disease যাক জীৱনশৈলীজনিত ৰোগ অৰ্থাৎ Life style diseases বুলিও কোৱা হয়, সেয়া ৩৭% আছিল। ২০২০ চনলৈ এই অসংক্ৰমিত ৰোগ অৰ্থাৎ Non communicable disease যাক জীৱনশৈলীজনিত ৰোগ বৃদ্ধি পাই ৬৭% হৈছে।
প্ৰতিবছৰে বিশ্বত প্ৰায় ৬০ মিলিয়ন ব্যক্তিয়ে বিভিন্ন কাৰণত মৃত্যুক আঁকোৱালি ল’ব লগা হয়, তাৰ ভিতৰত ৪১ মিলিয়ন ব্যক্তি অৰ্থাৎ ৭১% মৃত্যু কেৱল মাত্ৰ জীৱনশৈলীজনিত ৰোগৰ বাবেই হয়।
আমাৰ সমাজত আজি ডায়েবেটিছ ৰোগী নথকা বা হাইপ্ৰেচাৰ নথকা পৰিয়াল বিৰলপ্ৰায় হৈ গ’ল। আজি ভাৰতবৰ্ষক বিশ্বৰ ডায়েবেটিছ বা মধুমেহ ৰোগৰ ৰাজধানী বুলি কোৱা হৈছে। একেদৰে, উত্তৰ-পূৰ্বাঞ্চলক কোৱা হৈছে “কেঞ্চাৰ কেপিটেল অৱ্ ইণ্ডিয়া” বুলি। যোৱা ৩ বছৰত অকল অসমতেই ৩৭,০০০ নতুন কেঞ্চাৰ ৰোগী ধৰা পৰিছে। গতিকে, যথাৰ্থভাৱেই আমাৰ উত্তৰ – পূৰ্বাঞ্চলক কেঞ্চাৰ কেপিটেল অৱ ইণ্ডিয়া বা ভাৰতৰ কৰ্কট ৰোগৰ ৰাজধানী বুলি অভিহিত কৰা হৈছে।
সিংহভাগ অসংক্ৰমিত ৰোগৰেই মুখ্য কাৰণবোৰৰ অন্তৰালত থকা সত্যটো হ’ল সাম্প্ৰতিক সময়ৰ আমাৰ তথাকথিত ব্যস্ততাপূৰ্ণ দৈনন্দিন কাৰ্যক্ৰমণিকা আৰু তাক দোহাই দি স্বাস্থ্যৰক্ষাৰ প্ৰতি পুৰ্ণ আওকান কৰা।
আয়ুৰ্বেদ চিকিৎসা বিজ্ঞানত উল্লেখ কৰা দিনচৰ্যা, ৰাতিচৰ্যা আৰু ঋতুচৰ্যাৰ সাধাৰণ নীতি-নিৰ্দেশনাসমূহ যদি সুচাৰুকৈ পালন কৰা হয়, তেন্তে বহু ৰোগৰ পৰা আতৰত থাকিব পৰা যাব।
ফোনঃ ৭৮৯৬২৪৬০০১
Comments are closed, but trackbacks and pingbacks are open.