ৰাজীৱ কাশ্যপ
‘কলাফুলৰ বিষ’ সঘনাই দেখা পোৱা এটা সমস্যা। এই বিষৰ বিভিন্ন কাৰণ থাকে। কিছুমান ক্ষেত্ৰত কলাফুলৰ বিষ বিভিন্ন গুৰুতৰ সমস্যাৰ লক্ষণ হিচাপে দেখা পোৱা যায়। কলাফুলৰ বিষৰ কাৰণ সমূহ আৰু ইয়াৰ নিৰাময় কৰাৰ উপায় সমুহৰ বিষয়ে জানোঁ আহক।
কলাফুলত দুটা ডাঙৰ আৰু প্ৰধান মাংসপেশী থাকে ‘গেষ্ট’নিমিয়াচ'(Gastrocnemius) আৰু ‘চ’লিয়াচ'(Soleus)। শৰীৰৰ ওজন বহন কৰা ,খোজকঢ়া, দৌৰা আদি ক্ষেত্ৰত এই কলাফুলৰ পেশীসমুহৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে।সেয়েহে সঘনাই এই পেশীসমুহ আঘাত প্ৰাপ্ত হোৱাৰ সম্ভাৱনা থাকে।
এতিয়া কলাফুলৰ বিষৰ বিভিন্ন কাৰণ সমূহৰ বিষয়ে জানো আঁঁহক।
*মাংসপেশীটো খামোচ মাৰি ধৰা(Muscle cramp)কেতিয়াবা কলাফুলৰ পেশীটো কিছুসময়ৰ বাবে খামোচ মাৰি ধৰে আৰু বহুত বিষ হয়। অলপসময়ৰ পিছতে খামোচ মাৰি ধৰাটো কমি যায় আৰু বিষো নোহোৱা হয়। এই সমস্যাটো ৰ প্ৰধান কাৰণ সমূহ হৈছে
*শৰীৰত পানীৰ পৰিমাণ কমি যোৱা বা ডিহাইড্ৰেচন
*অতিমাত্ৰা ব্যয়াম
* শৰীৰত খনিজ লবনৰ মাত্ৰা কমি যোৱা
*কলাফুলৰ মাংসপেশী দুৰ্বল হ’লে ই শৰীৰৰ ওজন বহন কৰিব নোৱাৰা হয়। এই ক্ষেত্ৰত সঘনাই কলাফুল খামোচ মাৰি ধৰা বিষ হয়।
ইয়াৰ উপৰি গৰ্ভৱতী মহিলা, থাইৰয়ড ৰ সমস্যা( হাইপ’থাইৰয়ডজম), মধুমেহ ৰোগত আক্ৰান্ত লোকৰ আৰু মদ্যপান কৰা লোকৰ এই সমস্যা অধিক হয়। বৃক্ক বিকল হোৱা লোকৰো এই সমস্যাটো অধিক হয়। কিছুমান দৰৱ সেৱন কৰা লোকৰো কলাফুল খামোচ মাৰি ধৰা সমস্যা হোৱা দেখা যায়। ৰাতি শুই থকা সময়ত এই সমস্যা টো অধিক হয়। যথেষ্ঠ পৰিমাণে পানী ,ফলৰ ৰস অ’-আৰ-এচ আদি খালে এইধৰনৰ কলাফুলৰ বিষৰ পৰা হাত সাৰিব পাৰি।
*মাংসপেশীৰ ষ্ট্ৰেইন (Muscle Strain) : অত্যাধিক ব্যয়াম কৰিলে,নতুনকৈ ব্যয়াম কৰিবলৈ আৰম্ভ কৰিলে, হঠাতে এদিন বেছিকৈ খোজ কাঢ়িলে বা বেছিকৈ চিৰি বগালে, দৌৰিলে বা বেছিকৈ চাইকেল চলালে কলাফুলৰ পেশীৰ ওপৰত চাপ পৰে আৰু বিষ হয়। সাৰগাঠি বা এঙ্ক’ল জইন্টৰ সঞ্চালন কৰিলে বিষ বেছি হয় আৰু এই গাঠিৰ সঞ্চালন বাধাগ্ৰস্ত হয়।বৰফ লগালে, গৰম সেক দিলে, ষ্ট্ৰেটচিং কৰিলে এই ধৰণৰ বিষ কমি যায়। কিছুমান ক্ষেত্ৰত বিষ নাশক দৰৱো ব্যৱহাৰ কৰিব লগীয়া হয়।
*একাইলিচ টেণ্ডনাইটিচ : (Achilles tendonitis) কলাফুলৰ পেশীৰ ওপৰত বেছি চাপ পৰিলে, বহু দুৰ খোজ কাঢ়িলে, সঘনাই চিৰি বগালে বা এধলীয়া ঠাইত খোজ কাঢ়িলে বা অত্যাধিক ভৰিৰ ব্যয়াম কৰিলে কলাফুলৰ পেশীৰ একালিচ টেণ্ডনডাল উখহি উঠে বা ইনফ্লামেচন হয়। ইয়াৰ বাবে কলাফুলৰ পেশীৰ বিষ হয়। সাঁৰগাঠি সঞ্চালন কৰিলে বিষ বেছি হয়।এই ক্ষেত্ৰত কলাফুলৰ পেশীসমুহক জিৰণি দিব লাগে। বিষ কমিবলৈ বৰফ বা গৰমপানী ৰ সেক দিব লাগে। কলাফুলৰ পেশী ষ্ট্ৰেটচিং কৰিব লাগে।সমস্যা টো গুৰুতৰ হ’লে ডাক্তৰৰ পৰামৰ্শ লবলগীয়া হয়।
*চায়াটিকা (Sciatica) : চায়াটিকা হৈছে এবিধ স্নায়ুজনীত ৰোগ। আমাৰ মেৰুদন্ডৰ পৰা এই চায়াটিক নাৰ্ভ ওলাইছে আৰু ই কঁকালৰ পৰা আঠুৰ পিচফালেৰে দুয়োফালে ভৰিলৈ গৈছে। মেৰুদন্ডৰ কিছুমান সমস্যা যেনে স্পণ্ডাইল’চিছ ,শ্লিপ ডিচ আদি হ’লে বা কিছুমান মাংসপেশী ৰ সংকোচনৰ ফলত চায়াটিক নাৰ্ভডালত হেঁচা পৰে আৰু তেতিয়া ভৰিৰ ফালে পিনে বিন্ধা মাৰা , খামোচ মাৰি ধৰাৰ দৰে বিষ হয়।কিছুমান ক্ষেত্ৰত ভৰিখন জ্বালা পোৰা কৰে বা অসাৰ-অসাৰ যেন লগে।চায়াটিকা সমস্যাৰ বাবে কেতিয়াবা কলাফুলৰ বিষ হোৱা দেখা যায়। এই ধৰনৰ বিষৰ ক্ষেত্ৰত ফিজিঅ’থেৰাপি চিকিৎসা ৰ দ্বাৰা সোনকালে আৰোগ্য লাভ কৰিব পাৰি। ইয়াৰ উপৰিও আমি ঘৰতে গৰম পানীৰ সেক, বৰফ লাগিলেও কিছু পৰিমাণে বিষৰ পৰা উপশম পাব পাৰোঁ। ফিজিঅ’থেৰাপিৰ TENS থেৰাপি কৰিলে বৰ ভাল ফল পোৱা যায়।
*ডায়েবেটিক পেৰিফেৰেল নিউৰ’পেথি : (Diabetic Peripheral Neuropathy) মধুমেহ ৰোগত বহু দিনৰ পৰা ভুগি থকা লোকসকলৰ হাত ,বাহু, ভৰি ,ভৰিৰ তলুৱা আদিৰ স্নায়ুবোৰ ক্ষতিগ্ৰস্থ হয় আৰু জ্বলা পোৰা কৰা বা জিন- জিন কৰাৰ দৰে অনুভৱ হয়। ঔষধৰ দ্বাৰা চেনীৰ পৰিমাণ নিয়ন্ত্ৰিত হলে এই সমস্যাটো কমি যায়।
*ডিপ ভেইন থ্ৰম্ব’চিছ : ( Deep Vein Thrombosis) বিভিন্ন কাৰণ বসত ভৰিৰ কলাফূলৰ কিছুমান ৰক্ত পৰিবাহী সিৰাৰ ভিতৰত তেজ চেকুৰা মাৰে আৰু তেজৰ সঞ্চালন বাধাগ্ৰস্ত হয়। ইয়াৰ ফলত ভৰিৰ তলুৱা, সাৰ গাঠি আদি ফুলি যায় আৰু বেছি বিষ হয়।বিষাই থকা অংশৰ উষ্ণতা বাঢ়িব পাৰে, চালৰ ৰং পৰিবৰ্তন হয় আৰু সিৰাবোৰ চালৰ তলত স্পষ্ট ভাবে দেখা পোৱা যায়।ধূমপান কৰা লোক, গৰ্ভৱতী মহিলা, মেদবহুল ব্যক্তিৰ এই সমস্যা বেছিকৈ হোৱা দেখা যায়। এই ধৰণৰ বিষ হলে ৰোগীক সোনকালে ডাক্তৰৰ ওচৰলৈ নিয়া উচিত।
ভেৰিক’জ ভেইন : (Varicose Vein) এইটোও এক প্ৰকাৰৰ ৰক্ত পৰিবাহী সিৰাৰ ৰোগ প্ৰধানকৈ শৰীৰৰ ওজন বহন কৰা পেশী যেনে আঠু ,কলাফুল আদিত বেছিকৈ হোৱা দেখা যায়। এই সমস্যাটো হলে ডাঙৰ হৈ যায় অকোৱা-পকোৱা হৈ ওলাই আহে। চালৰ তলত স্পষ্ট কৈ সিৰাবোৰ দেখা যায় । এই সিৰাবোৰৰ ওচৰৰ অংশখিনি ফুলিব পাৰে লগতে বিষো হয়। বৰ্তমান সময়ত এই সমস্যাটো বেছিকৈ দেখা পোৱা যায়। মহিলা সকলৰ এই সমস্যা অধিক হয়, বিশেষকৈ গৰ্ভধাৰণ আৰু ৰজোনিবৃত্তিৰ সময়ত। মেদবহুল লোকসকলৰো এই সমস্যা হোৱা দেখা যায়।বেছি সময় থিয় হৈ কাম কৰা লোকসকলৰো এই সমস্যা হোৱা দেখা যায়।এই সমস্যাটো হলে ‘কম্পেচন ষ্টকিং’ (Compression stockings) এক প্ৰকাৰৰ মোজা ৰ নিচিনা বস্তু ভৰিত পিন্ধিলে যথেষ্ঠ সুফল পোৱা যায়। সমস্যাটো গুৰুতৰ হলে শৈল্য চিকিৎসকৰ পৰামৰ্শ লবলগীয়া হয়।
উক্ত কাৰণ সমূহৰ বাবেই প্ৰধানত কলাফুলৰ বিষৰ সমস্যা হোৱা দেখা যায়। ইয়াৰ ভিতৰত বেছিভাগ সমস্যাই আমি ঘৰুৱা ভাবে উপশম কৰিব পাৰোঁ। ইয়াৰ ভিতৰত কেইটামান গুৰুতৰ সমস্যা আছে। আমি ইয়াৰ নিৰ্দিষ্ট লক্ষণ কেইটা জানি সময়মতে ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত।
ফোন : ৮৬৩৮২৭২৮৬৩
Comments are closed, but trackbacks and pingbacks are open.