ডিঙিৰ বিষ বা “Neck Pain” নোহোৱা মানুহ হয়টো ক’মেই ওলাব। “Neck Pain”, যাক “Cervichlgia” বুলি জনা যায়,ইয়াৰ কাৰণৰ ওপৰত নিৰ্ভৰ কৰি আমি এদিন, দুদিন, মাহ বা বছৰ ৰ্পয্যন্ত ভুগিব পাৰো। আমাৰ শৰীৰৰ পিঠিৰ ৰাজহাড়ৰ একেবাৰে ওপৰৰ Cervical (চাৰ্ভিকেল ) অংশই হ’ল ডিঙি বা Neck। আৰু এই ৰাজহাড়ৰ Cervical অংশৰ ভিতৰৰ বা আশে পাশে হোৱা বিষেই হল “Cervichlgia” । এনে বিষ হব পাৰে “Axial”, মানে ডিঙি অংশত বিষ , বা “Radicular” , অৰ্থাত বিষ ডিঙিৰ পৰা বাহু, হাত , আঙুলিলৈ বিয়পি যোৱা। ইয়াৰ উপৰিও এই বিষ হব পাৰেত “Acute” , মানে বিষ এদিনৰ পৰা ৬ সপ্তাহলৈ থাকিব পাৰে, বা এনে বিষ হব পাৰে “Chronic”, অৰ্থাত ডিঙিৰ বিষ ৩ মাহতকৈ বেছি দিন অহৰহ হৈ থাকিব পাৰে। এনে ডিঙিৰ বিষৰ লগত থাকিব পাৰে…..
(১) মূৰৰ বিষ
(২) ডিঙিৰ জঠৰতা
(৩) এটা ফালে ডিঙিটো ঘূৰাব নোৱাৰা
(৪) হাত আঙুলিত জিন জিননি
(৫) কিছুমান লোকৰ মূৰ ঘুৰণি বা Dizziness
(৬) কেতিয়াবা বমিৰ ভাব Dizziness ৰ লগত
(৭) ডিঙিৰ পিছফালে বিন্ধি থকাৰ দৰে লাগা
(৮) ডিঙিৰ কাষত আৰু বাহু অংশ বা তাৰ আশে পাশে জ্বলা পোৰা কৰা।
Arthritis, spondylosis ৰ পৰা আৰম্ভ কৰি আন বহুতো degerative কাৰণৰ বাবে আমাৰ ডিঙিৰ পিছফালে বিষ হব পাৰে । কিন্তু কেতিয়াবা বহুতো সময়ত দেখা যায় যে আমাৰ ডিঙি বিষৰ কাৰণ mechanical । অৰ্থাৎ ভুল position বা অত্যাধিক কামৰ বাবে ডিঙিৰ ৰাজহাড়ৰ ওচৰত থকা muscle, ligament , tendon সমূহত জোৰ পৰি আমাৰ ডিঙি ৰ পিছফালে বিষ হয়। এনে বিষ সাময়িক যদিও ভুল positionত কাম কৰি থিকিলে ডিঙিৰ ৰাজহাড় আৰু ইয়াত থকা Disc সমূহৰ বিসংগতি হব পাৰে।
(১) আমাৰ শুৱাৰ position ৰ ওপৰত ডিঙিৰ বিষ বহুত নিৰ্ভৰ কৰে। কোনো কোনো লোকে ওখ গাৰু ললে আৰাম পায়, আৰু কোনো কোনো লোকে শুৱাৰ সময়ত চাপৰ গাৰু বা একেবাৰে গাৰু নোলোৱাকৈ শুলে আৰাম পায়। আচলতে আমি যেনেদৰে আৰাম পাও তেনেদৰেই শুব লাগে আৰু চাব লাগে যাতে শুই থকা অৱস্থাত আমাৰ ডিঙিৰ যি normal curve থাকে সেয়া maintainহয়। ডিঙি normal অৱস্থাত থকা position ত হে শুব লাগে। আজি কালি বজাৰত কিছুমান ORTHOPEDIC PILLOW পোৱা যায়। ডিঙিৰ সমস্যাত এনে গাৰু ব্যৱহাৰ কৰা উচিত।
(২) যিমান পাৰে ওপৰলৈ মূৰ দি পিঠিৰ ওপৰত শুৱাৰ অভ্যাস কৰিব লাগে।এনেকৈ শুৱতে দুয়োখন হাতৰ তলত এটাকৈ গাৰু ৰাখিব।
(৩) যদি আপুনি side laying বা এটা ফালে মূৰ কৰি হে শুই ভাল পায়, তেনেহলে কেতিয়াও শুবলৈ বেছি ওখ আৰু ডাঠ গাৰুৰ ব্যৱহাৰ নকৰিব।
(৪) Computer ত যেতিয়া কাম কৰিবলৈ বহিব, computer ৰটো আগত লৈ কেইচেকেণ্ড মানৰ কাৰণে চকু দুটা মুদিব। তাৰ পিছত চকু মেলি চাব যে আপোনাৰ দৃষ্টি পোনে পোনে Computer ৰ ওপৰ ভাগত পৰিছেনে নাই। যদি নাই পৰা, ইয়াৰ অৰ্থ হল আপুনি আপোনাৰ computer বা Laptop টো কিছু ওপৰত তুলি লৈ কাম কৰিব লাগিব।
(৫) বহু সময় ধৰি যদি কেতিয়াবা mobile ফোনত কথা পাতিব লগা হয়, তেতিয়া হলে কাণত লৈ কথা নাপাতিব, Head phone ৰ ব্যৱহাৰ কৰিব।
(৬) মূৰ তল কৰি একেলগে বহু সময় ধৰি mobile ত text কৰিব নালাগে বা message লিখিব নালাগে। যদিহে কেতিয়াবা লিখিব লগা হয়, আপুনি mobile টো চকুৰ ওচৰত বা চকুৰ সমান level ত লৈ লিখিব আৰু মাজত কিছু সময় break লব।
(৭) আমাৰ ৰাজহাড়বোৰৰ মাজে মাজে যি cushionৰ দৰে Disc থাকে, এইবোৰত যথেষ্ট পৰিমাণে পানী থাকে। ৰাজহাড় সুস্থ হৈ থাকিবলৈ।এই disc বোৰ hydrated হৈ থকাৰ প্ৰয়োজন। সেইবাবে ডিঙিৰ বিষৰ সমস্যাথাকিলে যথেষ্ট পানী খাব লাগে।
(৮) কেতিয়াও হাত দুখন ত ওজন থকা বেগ লব নালাগে। ডিঙিৰ সমস্যা থকা লোকে বেগ পিঠিত লোৱাহে উচিত।
(৯) আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ” Head Shoulder Forward Position “. ……এইটো এটা ভুল position , যত আমাৰ ডিঙি বাহুতকৈ আগলৈ হালি থাকে বা তলফাললৈ ভাজ হৈ থাকে। এই ভুল position টো শুদ্ধ কৰাটো প্ৰয়োজন। বেছিভাগ ডিঙিৰ বিষ এনে position ত কাম কৰাৰ বাবেই হয়।
ফোনঃ ৮৬৩৮৩৮৮০৭৭
Comments are closed, but trackbacks and pingbacks are open.