মাইক্রগ্রীন

8

নমী মোহন
খাদ্য বিশেষজ্ঞ, নাৰায়ণা হূদয়ালয় চিকিৎসালয়

মাইক্রগ্রীন হৈছে পাচলিৰ গুটিৰ পৰা ওলোৱা প্রথম কোমলীয়া অংশ৷ যাক একেবাৰে পুলি অৱস্থাতে খোৱা হয়৷ বেছিভাগ মাইক্রগ্রীন পাঁচ চেঃমিঃৰ পৰা দহ চেঃমিঃ উচ্চতালৈ ডাঙৰ হয়৷ এইবোৰ পাচলি পুষ্টিকৰ উপাদানৰ এক অন্যতম উৎস৷ মাইক্রগ্রীন পাচলিবোৰ লো আইৰন, জিংক আৰু পটাচিয়ামৰ দৰে ভিটামিন আৰু খনিজ পদার্থ সমৃদ্ধৰ উৎস৷ এই পাচলিবোৰ গজাৰ পৰা দহৰ পৰা চৈধ্য দিন পিছত শস্য চপোৱা হয়৷ এইবিধ উদীয়মান ছুপাৰ ফুড আমি বিভিন্ন ধৰণে খাব পাৰোঁ৷ এই পাচলিবোৰৰ বিভিন্ন ধৰণৰ ঔষধি গুণ থাকে৷ মাইক্রগ্রীন পাচলিৰ গুণাগুণ পূৰঠ হোৱা সময়তকৈ চল্লিশ গুণ অধিক পুষ্টি থাকে৷ ইয়াৰে কিছুমানে পুষ্টিৰ ভিতৰত আছে ভিটামিন চি, ভিটামিন ই আৰু ভিটামিন কে৷ গজালিৰ দৰে মাইক্রগ্রীনবোৰ সাধাৰণতে কেঁচাকৈ খোৱা হয়৷ মাটি অবিহনে উৎপন্ন কৰোৱা মাইক্রগ্রীন পাচলিবোৰ দূষিত হোৱাৰ সম্ভাৱনা অধিক হব পাৰে৷ গতিকে এনে পাচলি কেঁচাকৈ খাওঁতে ভালদৰে তিনি–চাৰিবাৰ ধুই খোৱাটো উচিত৷ প্রাকৃতিকভাৱে প্রায়বোৰ ফলমূল আৰু শাক–পাচলিত উপকাৰী এণ্টিক্সিডেণ্ট থাকে৷ কিন্তু মাইক্রগ্রীনবোৰত আৰু অধিক পুষ্টিৰে ভৰপূৰ৷
এটা অধ্যয়নত জনোৱা হৈছে যে ৰঙা বন্ধাকবিৰ মাইক্রগ্রীনত পূৰঠ বন্ধাকবিতকৈ প্রায় সাতাইশ গুণ বেছি এণ্টিক্সিডেণ্ট, লিউটিন আৰু জেণ্ঠিন থাকে৷ মাইক্রগ্রীন পাচলিৰ উপকাৰিতাসমূহ

হৃদৰোগঃ আমেৰিকা যুক্তৰাষ্ট্রত হৃদৰোগ হৈছে মৃত্যুৰ কাৰণ আৰু উচ্চ কলেষ্টৰেল হৈছে এক মুখ্য কাৰক৷Huang, Haiku etel 2016এ এক অধ্যয়নত প্রকাশ কৰিছে যে ৰঙা বন্ধাকবিৰ মাইক্রগ্রীন শৰীৰত থকা বেয়া কলেষ্টৰেল স্তৰ হ্রাস কৰে৷ ইয়াৰ উপৰি ড্রাইগ্লিচাৰেল আৰু যকৃতত জমা হোৱা কলেষ্টৰেল স্তৰ হ্রাস কৰে৷ মাইক্রগ্রীন পাচলিবোৰত পলিফেনলৰ এক সমৃদ্ধ উৎস যিয়ে শৰীৰৰ বেয়া কলেষ্টৰেল গ্রাস কৰাত সহায় কৰে৷

কর্কট ৰোগঃ বন্ধাকবি, ফুলকবি, ব্রকলিৰ দৰে পাচলিৰ পৰা তৈয়াৰ কৰা মাইক্রগ্রীন হৈছে গ্লুকচিনলেটৰ উৎস৷ প্রাকৃতিকভাৱে উৎপন্ন হোৱা এই উদ্ভিদৰ ৰাসায়নিক পদার্থবোৰত ছালফাৰ থাকে৷ এক অধ্যয়নত উল্লেখ কৰিছে যে গ্লুকচিনলেট সমৃদ্ধ খাদ্যত শক্তিশালী কর্কট প্রতিৰোধী গুণাগুণ থাকে৷ কেঁচা পূৰঠ ব্রকলি খোৱাতকৈ ব্রকলি মাইক্রগ্রীন খোৱাটো বেছি উপকাৰী৷

শৰীৰত খনিজ পদার্থৰ অভাৱঃ আইৰন আৰু জিংককে ধৰি বিভিন্ন খনিজ পদার্থৰ পুষ্টিহীনতাই বিশ্বৰ জনসংখ্যাৰ দুই–তৃতীয়াংশতকৈ বেছি লোক ভুগি আছে৷ এক অধ্যয়নে পৰামর্শ দিয়ে যে ব্রকলি মাইক্রগ্রীন খনিজ পদার্থৰ এক সমৃদ্ধ উৎস পোৱা যায়৷ ব্রকলি মাইক্রগ্রীনবোৰ ইয়াৰ পূৰঠ পাচলিবোৰতকৈ দুগুণ পৰিমাণৰ খনিজ পদার্থ পোৱা যায়৷

দীর্ঘম্যাদী বৃক্কৰ ৰোগক জীৱনশৈলী সম্পর্কীয় ৰোগ বুলি গণ্য কৰা হয়৷ আৰু ই এক বিশ্বব্যাপী সমস্যা প্রতিনিধিত্ব কৰে৷ চিকিৎসক আৰু খাদ্য বিশেষজ্ঞই সাধাৰণতে এই ৰোগত আক্রান্ত ৰোগীসকলক উচ্চ পটাচিয়ামযুক্ত খাদ্যৰ সীমাবদ্ধতাৰ পৰামর্শ দিয়া হয়৷ গতিকে মাইক্রগ্রীন পাচলিবোৰ বৃক্ক ৰোগত ভুগি থকা লোকে সেৱন কৰাৰ আগত চিকিৎসক নাইবা অভিজ্ঞ খাদ্য বিশেষজ্ঞৰ পৰামর্শ লোৱাটো উচিত৷

পালেংশাক, লেটুচ, কুইনোৱা, বীট, মূলা, গাজৰ, বন্ধাকবি, ব্রকলি, পিঁয়াজ, নহৰু আদিবোৰ মাইক্রগ্রীন পাচলিৰ খেতি ঘৰতে কৰিব পাৰি৷ মাইক্রগ্রীন পাচলিবোৰ চপোৱাৰ দুদিনৰ ভিতৰতে খাব লাগে অন্যথা ইয়াৰ গুণাগুণ, গোন্ধ সোনকালে নষ্ট হৈ যায়৷ মাইক্রগ্রীন পাচলিবোৰ লৰা–ছোৱালী, বয়স্ক্ লোকে খাব পাৰে৷ যিহেতু ইয়াৰ যথেষ্ট পৰিমাণে পুষ্টিৰ উপাদানেৰে ভৰপূৰ, গতিকে দৈনন্দিন খাদ্য তালিকাত ইয়াক অন্তর্ভুক্ত কৰিব পাৰে৷

বিঃদ্রঃ যিসকল লোকৰ দীর্ঘম্যাদী ৰোগ আছে, তেওঁলোকে মাইক্রগ্রীন খোৱাৰ আগত চিকিৎসক বা খাদ্য বিশেষজ্ঞৰ পৰামর্শ লোৱাটো উচিত৷

ফোনঃ ৯৯৫৪৫-৩৬৫৭৪

You might also like

Comments are closed, but trackbacks and pingbacks are open.