কম শাৰীৰিক ওজন : এক স্বাস্থ্য সমস্যা

380

লুকিমা বৰুৱা

সততে যদিও অতিৰিক্ত শাৰীৰিক ওজনৰ চর্চা বেছিকৈ কৰা হয়, কম শাৰীৰিক ওজনৰ বাবেও নানা শাৰীৰিক সমস্যাই দেখা দিয়ে, সেই হেতুকে ইয়াৰ প্রতি সজাগ হোৱা উচিত৷ অৱশ্যে প্রতিজন কম শাৰীৰিক ওজনৰ ব্যক্তিয়ে আনুষংগিক স্বাস্থ্য সমস্যাৰ সন্মুখীন নহব পাৰে, কিন্তু প্রায়ভাগৰে  ক্ষেত্রত নানা সমস্যাই দেখা দিয়ে৷ এনে লোক সহজে ৰোগৰ চিকাৰ হয় আৰু সুস্থ হবলৈ বেছি সময়ৰ প্রয়োজন হয়, বহুজনৰ পপা–শুনা, খেলা–ধূলা আদিও বাধাগ্রস্ত হয়, কিয়নো বছৰটোৰ সৰহদিন অসুস্থতা, দুর্বলতাত ভুগিবলগীয়া হয়৷

শাৰীৰিক ওজন নিৰূপণ কৰাৰ এক পদ্ধতি হৈছে বিএমআই বডী মাচ্ ইনডেক্সৰ সংখ্যাটো৷ ১৮.৮ কেজি/মিটাৰচ্ৰ তলৰ বিএমআই মানে কম শাৰীৰিক ওজন৷ ইয়াৰ ফর্মূলা হৈছে

কম শাৰীৰিক ওজন থাকিলে কি কি সমস্যা হব পাৰে

নিম্ন শাৰীৰিক ওজন থকাসকলে বিশেষভাৱে ভোগা সমস্যাসমূহ হৈছে

▶এনে লোকৰ হাডবোৰ ঠুনুকা হৈ সহজে ভঙাৰ সম্ভাৱনা অধিক৷ যাক অষ্টিপৰচিছ বুলি কোৱা হয়৷

▶ৰক্তহীনতা এনে লোকৰ আন এক ডাঙৰ স্বাস্থ্য সমস্যা৷ ৰক্তহীনতাত ভোগা লোকৰ শৰীৰত ৰঙা ৰক্তকণিকাৰ সংখ্যা কম হয়, সোনকালে ভাগৰ লাগে, মূৰ ঘূৰোৱা, মূৰৰ বিষ আদিও সঘনাই হব পাৰে৷ ফলত কাম–কাজ, পপা–শুনা, খেলা–ধূলা বাধাগ্রস্ত হয়৷

▶এনে মহিলাৰ সময়ৰ আগতে কম ওজনৰ দুর্বল সন্তান জন্ম হয়৷ গতিকে জন্মতে বা জন্মৰ অলপ দিনৰ ভিতৰতে সৰহসংখ্যক এনে নৱজাতক মৃত্যুমুখত পৰে৷ জীয়াই থকাখিনি শিশুৱে ভালদৰে যত্ন নাপালে ডাঙৰ হলেও ওজন স্বাভাৱিক অৱস্থালৈ নাহে, ফলত দুর্বল হয়৷

▶দুর্বল লোক সহজে বীজাণুৰ দ্বাৰা আক্রান্ত হৈ নানা সংক্রামক ৰোগৰ কবলত পৰে৷

পুষ্টিৰ অভাৱত ছাল, চুলি, দাঁতৰ সমস্যাত ভোগে৷

▶এনে লোকৰ খাদ্যবস্তু হজম হওঁতে যথেষ্ট সময় লাগে, সেই গতিকে ভোক কম লাগে৷

▶নিম্ন শাৰীৰিক ওজনৰ লোকৰ সাধাৰণতে জীৱনকাল চুটি হয়৷

▶কম শাৰীৰিক ওজনে আন কি কি দিশত প্রভাৱ পেলায়

মানুহৰ মগজুৱে কাম কৰিবৰ বাবে যথেষ্ট শক্তিৰ প্রয়োজন হয়৷ গতিকে কম শাৰীৰিক ওজনৰ মানুহৰ চিন্তা–শক্তি দুর্বল হয়, বেছি গভীৰভাৱে কোনো কথা চিন্তা কৰিব নোৱাৰে, মনোযোগ শক্তি কম হয়, সিদ্ধান্ত ভালদৰে লব নোৱাৰে৷ বহুজনৰ ক্ষেত্রত নিজ ভাল লগা কামবোৰ কৰিবলৈ বাদ দিয়া, বন্বুূ–বান্ধৱৰ সংগৰ পৰা আঁতৰি থকা আদিও পৰিলক্ষিত হয়৷ এনে মানুহৰ সহজে আমনি লাগে, তেওঁলোক সহজে বিৰক্ত হয়, মনত আনন্দ কম হয়৷

নিম্ন শাৰীৰিক ওজনৰ কাৰণ

▶খাদ্যবস্তু নির্বাচনৰ ক্ষেত্রত আসোঁৱাহ

▶মাকৰ স্বাস্থ্য

▶বংশগত কাৰক

▶শাৰীৰিক সমস্যা

পুষ্টিকৰ খাদ্যৰ সলনি অপুষ্টিকৰ খাদ্যৰ নির্বাচন আৰু খাদ্যাভাস সঠিক নহলে শৰীৰৰ ওজন কম হয়৷ যদি প্রয়োজনীয় কেলৰিখিনি খাদ্যৰ পৰা নাপায়, তেন্তে শৰীৰৰ শক্তি কম হয়৷ বহুসময়ত অজ্ঞতা আৰু আর্থিক নাটনিৰ বাবে পুষ্টিকৰ, শক্তিযুক্ত খাদ্যবস্তু কিনাৰ সামর্থ্য নাথাকে৷

¨যিসকল লোকৰ উদ্বেগ, চিন্তা আদি বেছি আৰু যিসকলে বিশ্রাম ভালদৰে নলয়, তেওঁলোকে ভালদৰে খাব নোৱাৰে, গতিকে শৰীৰৰ ওজন কম হয়৷

¨ভগ্ণ স্বাস্থ্যৰ মাতৃয়ে জন্ম দিয়া সন্তান নিশকতীয়া হয় আৰু তেনে শিশুৱে সাধাৰণতে পিছৰ বয়সতো স্বাভাৱিক ওজন পাবলৈ সক্ষম নহয়৷

¨যিলোকৰ সঘনাই ৰ, কাহ, ডায়েৰীয়া আদি হৈ থাকে, তেওঁলোকৰ আহাৰৰ পৰিমাণ কম হয়, ফলত শৰীৰৰ ওজন নিম্ন হয়৷

¨হাইপাৰথাইৰয়ডৰ সমস্যা থকাসকলৰ শৰীৰত বেছি পৰিমাণে থায়ৰক্সিন থায়ৰয়ড হৰমন প্রস্তুত হয়৷ ফলত মেটাবলিজমৰ গতি দ্রুত হয়, সেইবাবে বেছি পৰিমাণে আহাৰ গ্রহণ কৰিলেও দেহৰ ওজন বৃদ্ধি নহয়৷

বংশগতভাৱে কিছুমান মানুহ খীন হোৱা দেখা যায়৷ এনে লোকৰ ডিএনএত থকা এক বিশেষ জিনৰ ভোক কমাই ৰখাৰ এক ভূমিকা আছে বুলি গৱেষকসকলে ভাবে৷ ফলত আহাৰৰ পৰিমাণ কম হয় আৰু স্বাভাৱিক ওজন পাবলৈ সক্ষম নহয়৷

শৰীৰৰ ওজন স্বাভাৱিক অৱস্থালৈ আনিবৰ বাবে কেনেধৰণৰ আহাৰ খাব লাগে

যি কাৰণতে নহওক কম শৰীৰৰ ওজনৰ লোকসকলৰ খাদ্যৰ পাৰ আহৰণ কৰা শক্তিৰ পৰিমাণ যাক কেলৰি বুলি কোৱা হয়, প্রয়োজনতকৈ কম হয়৷ তদুপৰি তেওঁলোকৰ শৰীৰত পুষ্টি উপাদানসমূহ কম পৰিমাণে থাকে৷ এনে লোকে এবাৰত কম পৰিমাণে খাব পাৰে, কিয়নো সচৰাচৰ ভোক কমকৈ লাগে, হজম শক্তি আৰু শোষণ শক্তি কম হয়৷ গতিকে এনে লোকৰ আহাৰৰ তালিকাখনত খাদ্য আৰু ইয়াৰ পৰিমাণ ক্রমান্বয়েহে ববাই যাব লাগে৷

এজন কম শাৰীৰিক ওজন থকা লোকে বয়স অনুপাতে যিমান কেলৰিযুক্ত আহাৰ খাব লাগে তাতকৈ ৫০০-১০০ কিলো কেলৰি বেছি খোৱা দৰকাৰ৷ ৩০-৩৫ কিলো কেলৰি প্রতিকেজি শৰীৰৰ ওজনৰ হিচাপত দিনটোৰ বাবে খাবলগীয়া কেলৰিৰ পৰিমাণটো উলিওৱা হয়৷ উল্লেখনীয় যে এই অতিৰিক্ত কেলৰিখিনি লাহে লাহেহে ববাই নিব লাগে, অন্যথা ভালদৰে হজম কৰাত অসুবিধা হব৷ প্রতিকিলোগ্রাম শৰীৰৰ ওজনৰ বাবে প্রতিদিনে ৰচ্ গ্রাম প্রটিন খালে এনে লোকৰ মাংসপেশীৰ গঠন বৃদ্ধি ভালদৰে হয় আৰু মজবুত হয়৷ সহজে হজম হোৱা প্রটিনৰ উৎস যেনে– কণী, মাছ, দৈ, মাহজাতীয় খাদ্য আদি খাব পাৰে আৰু ৰন্ধন প্রণালী কম তেল–মচলাযুক্ত, সিজোৱা অথবা ভাপত দিয়া আদি হোৱা প্রয়োজন৷

এনে লোকে যিহেতু একেবাৰতে বেছি পৰিমাণৰ আহাৰ খাব নোৱাৰে, গতিকে প্রথমে লঘু, কম পৰিমাণৰ আহাৰ সঘনাই দিব লাগে৷ হজমী শক্তি ববা অনুপাতে আহাৰৰ পৰিমাণ ববাই যাব লাগে৷ খাদ্যখিনি অধিক কেলৰিযুক্ত কৰিবৰ বাবে হজমী শক্তি আৰু ভোক বািিলে ঘিউ, মাখন, ক্রীম আদি খাব পাৰি৷ পাচলিৰ চুৰুহা, থলুৱা মুর্গী বা মাছৰ চুৰুহা সহজে হজম হয় আৰু অতি পুষ্টিকৰ৷ গতিকে এনে খাদ্য আহাৰত ৰাখিব লাগে৷ যিহেতু চুৰুহাই ভোক ববায়, গতিকে প্রধান আহাৰৰ এক ঘণ্টা আগত খাব দিলে প্রধান আহাৰখিনি ভালদৰে খাবৰ বাবে ইচ্ছা কৰিব৷ ক্রমান্বয়ে গাখীৰ আৰু ইয়াৰ পৰা তৈয়াৰী খাদ্য যেনে– পায়স, চেক্, পনীৰ, চানাৰ মিঠাই আদি দিব পাৰে৷ ইয়াৰ উপৰি গাজীমাহ, কেঁচা বুটি–মগু, শুকান ফল, সতেজ ফল, ফলৰ ৰস ঘৰতে তৈয়াৰী ইত্যাদি পুষ্টিগুণেৰে ভৰা খাদ্যবস্তু দিয়া উচিত৷ দৈনিক ভিন্ন পাচলি আৰু ভিন্ন শস্যজাতীয় আহাৰ খোৱাটো নিষ্চিত কৰিব৷

ওপৰৰ আলোচনাৰ পৰা দেখা গল যে কিছুমান ব্যৱস্থা গ্রহণ কৰি সৰহসংখ্যক কম শৰীৰৰ ওজন থকা লোকৰ ওজন স্বাভাৱিক অৱস্থালৈ আনি এক স্বাস্থ্যকৰ শৰীৰ লাভ কৰাত সহায় কৰিব পাৰি৷

ফোন : ৯৮৬৪০-৭৬৭১৬ 

You might also like

Comments are closed, but trackbacks and pingbacks are open.