প্ৰাঞ্জল প্ৰতীম বৰা
নিম্ন ৰক্ত চাপ বা LOW BLOOD PRESSURE , যাক কোৱা হয় ” Hypotension ” বুলি, উচ্চ ৰক্তচাপ বা High Blood Pressure ৰ সমানেই গুৰুত্বপূৰ্ণ । নিম্ন ৰক্ত চাপ বুলি তেতিয়া কোৱা হয় যেতিয়া শৰীৰৰ তেজ পৰিৱহণ কৰা ধমনীবোৰৰ বেৰত তেজে ক’ম pressure দিয়ে। মানে তেজ হৃদযন্ত্ৰৰ পৰা ক’মকৈ pump হয়। অৰ্থাত High blood pressure ৰ সম্পূৰ্ণ ওলোটা। ৰক্ত চাপ ক’মি গ’লে মূৰ পাতল লগা , Dizziness, বমি, চকুৰে জলক্- তপক্ আদি লক্ষণে দেখা দিবও পাৰে বা একো লক্ষণে দেখা নিদিবও পাৰে। যেতিয়াই তেতিয়াই ৰক্ত চাপ ক’মিব পাৰে।যেনে শুৱা বা বহাৰ পিছত উঠাৰ লগে লগে, খাদ্য খোৱাৰ ২/৩ ঘন্টা পিছত, বহুত দেৰি থিয় হৈ থকাৰ পিছত বা কোনো শাৰীৰিক অসুস্থতাৰ পিছত ইত্যাদি। উচ্চ ৰক্ত চাপত যিদৰে খোৱা খাদ্যৰ যত্ন লব লাগে , সেইদৰেই নিম্ন ৰক্ত চাপতো খোৱা খাদ্যৰ যত্ন লোৱা প্ৰয়োজন। বিশেষকৈ গৰমৰ দিন কেইটা।
Low Blood Pressure বা নিম্ন ৰক্তচাপৰ সমস্যা থাকিলে আপুনি কি খাব আৰু কি নাখাব ? আচলতে খাদ্য বস্তুবোৰৰ মাজত আমি বহুত বস্তুকেই Low Blood Pressure ৰ বাবে ভাল বুলি ধৰো আৰু কিছুমান বস্তু আমি বেয়া বুলি ধৰো। যিহেতু খাদ্যবস্তুৰ তালিকা দীঘল, গতিকে আমি সহজে confuse হও। নিম্ন ৰক্তচাপৰ সমস্যা থাকিলে খাব পৰা আৰু খাব নলগা একেবাৰে important বস্তু কেইটা যাতে সহজে সকলো সময়তে মনত থাকে, তাৰ বাবে চাৰিটা ভাগত ভাগ কৰি দিছো চমুকৈ।
কি খাব লাগে Low Blood Pressure ত
(১) প্ৰথম Low Blood Pressure ত প্ৰটিন বেছিকৈ খোৱা উচিত , যেনে মাছ, মাংস, কণী, দালি, ছয়াবিন এইবোৰ। কাৰণ প্ৰটিনে আমাৰ হিম’গ্লবিন বঢ়ায়। ফলত তেজ সুস্থ হয়।
(২) ইয়াৰ পিছতে Low Blood Pressure ৰ বাবে খাওঁক সেউজীয়া শাক পাচলি। কাৰণ সেউজীয়া শাক পাচলিত আইৰণ, মেগনেছিয়াম, ফ’লিক এছিদ আদি minerals বোৰ থাকে। এইবোৰে শৰীৰত তেজ বঢ়ায়। আৰু তেজৰ পৰিমাণ সুস্থ থাকিলে Blood Pressure কমিব নোৱাৰে
(৩) তৃতীয়তে কমলাৰ ৰস। কাৰণ ইয়াত থকা পটেছিয়ামে আমাৰ Blood vessel বোৰ সুস্থ কৰি ৰাখে
(৪) দিনটোত দুই বা তিনিবাৰ Coffee খাব পাৰে। কাৰণ coffee ত থকা কেফেইনে Blood Vessel বোৰৰ ভিতৰত তেজৰ pressure বঢ়োৱাত সহায় কৰে।
কি নাখাব
(১) আপুনি যদি ভাবিছে যে Low Blood Pressure থকাৰ বাবে আপুনি fast food খাব পাৰিব, তেনেহলে ভুল। কাৰণ Fast food ত থকা chemical য়ে absorption effect কৰে আৰু ফলত BP low কৰিব পাৰে।
(২) তেল আৰু মছলা জাতীয় খাদ্য। প্ৰটিন খাব কিন্তু তাৰো fat partটো যিমান পাৰে বাদ দিব।
(৩) Alcohol আৰু Cold drinks
(৪) Smoking। কাৰণ ইয়াত থকা Oxidantয়ে Blood vessel নষ্ট কৰে।
যদিহে Low Blood Pressure ৰ বাবে মুৰ ঘূৰাই , লগে লগে কি খাব
(১) পানী খাব গা বেয়া লাগিলে। কাৰণ Blood Volume maintain হব লাগিব। কিন্তু একেবাৰতে বেছিকৈ নহয়। অলপ অলপকৈ
(২) Electrolyte solution খাওক।
(৩) কিছু সময়ৰ পিছত এককাপ coffee খাব পাৰে Blood Pressure বঢ়াবলৈ।
ফোনঃ ৮৬৩৮৩৮৮০৭৭
Comments are closed, but trackbacks and pingbacks are open.