জীৱনশৈলীজনিত ৰোগ আৰু আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞান

60

ডাঃ নিতুল বৈশ্য

অসমীয়াত এষাৰ কথা আছে – “স্বাস্থ্যই পৰম ধন।”

জিম ৰ’ণে – “Take care of your body. It’s the only place you have to live.” বুলি কোৱাৰ দৰে শ্ৰীশ্ৰী ৰৱিশংকৰেও কৈছে যে আপোনাৰ শৰীৰটোৱেই আপোনাৰ প্ৰকৃত বন্ধু, যাৰ লগত আপুনি চিৰদিনে বাস কৰে, যি আপোনাৰ লগত সদায় থাকে।

সুস্বাস্থ্যৰ গুৰুত্ব সম্পৰ্কে ক’বলৈ গৈ George William Curtis এ কৈছে – “Happiness lies, first of all, in health.”

সচাকৈয়েই আমাৰ জীৱনত সুস্বাস্থ্যৰ অপৰিসীম গুৰুত্ব আছে। অসমীয়াত কবিয়েও কৈছে – “সুখ নাই সুখ নাই, ক’তো ধৰুৱাৰ; অনুমাত্ৰ সুখ নাই চিৰৰুগীয়াৰ।” যাক ৰোগে ধৰিছে, যাৰ ক্ষণে ক্ষণে স্বাস্থ্য হেৰাইছে, তেওঁহে প্ৰকৃততে স্বাস্থ্যৰ গুৰুত্ব সম্পৰ্কে মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰে। অন্যথাই, নিৰোগী অৱস্থাত আমি আমাৰ দেহটোক taken for granted বুলি ধৰি লওঁ। স্বাস্থ্যই যদি নাথাকে, তেন্তে জীৱনটোত আশা বুলিবলৈ একোৱেই নথকাৰ দৰে হৈ আহে। আৰৱী প্ৰৱচনত সেয়েহে কৈছে – “He who has health has hope, and he who has hope has everything.” গতিকে সুস্বাস্থ্যৰক্ষা আমাৰ সকলোৰে জীৱনৰ মৌলিক আৰু অগ্ৰাধিকাৰৰ বিষয়।

কিন্তু, দ্ৰুত উদ্যোগীকৰণৰ সময়ৰ পৰা হোৱা বৰ্দ্ধিত পৰিৱেশ প্ৰদুষণ আৰু পৰিবৰ্তিত খাদ্যাভ্যাস; যেনে – আমিষ আহাৰৰ প্ৰচুৰ প্ৰচলন তথা শ্ৰমবিমুখ জীৱনশৈলীৰ বাবে সাম্প্ৰতিক সময়ত মধুমেহ, উচ্চৰক্তচাপ, মেদবহুলতা, কৰ্কট আদি বিভিন্ন জীৱনশৈলীজনিত ৰোগসমূহৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

আজি ২০২৪ চনৰ জুন পৰ্যন্ত সমগ্ৰ বিশ্বৰ ১৮০ কোটি লোক ভুগিছে শাৰীৰিক অক্ষমতাত। লেনচেটৰ এটা নতুন সমীক্ষাত গোলকীয় প্রেক্ষাপটত ১৮০ কোটি লোক শাৰীৰিক সামর্থ্যহীন (আনফিট) বুলি প্রকাশ পাইছে। সমীক্ষাটোত প্ৰকাশ পোৱা অনুসৰি বিশ্বৰ মুঠ জনসংখ্যাৰ এক তৃতীয়াংশ অৰ্থাৎ পৰিপূৰ্ণ বয়সৰ ৩১ শতাংশ লোকেই বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্দ্ধাৰণ কৰা শাৰীৰিক কাৰ্যকুশলতাৰ সীমা চুবলৈ অপাৰগ। সমীক্ষাটোত প্রকাশ পাইছে যে শাৰীৰিক নিষ্ক্রিয়তাৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আৰু ২০৩০ চনলৈকে এই হাৰ ৩৫ শতাংশ হ’ব বুলি আশংকা কৰা হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এজন পৰিপূৰ্ণ বয়সৰ লোকে সপ্তাহত কমেও ১৫০ মিনিট মধ্যমীয়া শাৰীৰিক শ্রম বা ৭৫ মিনিট কঠিন শাৰীৰিক শ্ৰম কৰা উচিত। শাৰীৰিক নিষ্ক্রিয়তাৰ বাবে হৃদৰোগ, টাইপ ২ ডায়েবেটিছ বা মধুমেহ, ডিমেনচিয়া বা স্মৃতিভ্ৰংশ আৰু কেঞ্চাৰ বা কৰ্কটৰ দৰে ৰোগত ভোগাৰ আশংকা বৃদ্ধি পোৱাৰ কথাও প্রতিবেদনখনত প্রকাশ পাইছে। উল্লেখ্য যে এছিয়া-পেচিফিক অঞ্চলত সর্বাধিক ৪৮ শতাংশ শাৰীৰিক নিষ্ক্রিয়তাৰ হাৰ চিহ্নিত হৈছে। দক্ষিণ এছিয়াত এই হাৰ প্ৰায় ৪৫ শতাংশ।

প্ৰতিবছৰে বিশ্বত প্ৰায় ৬০ মিলিয়ন ব্যক্তিয়ে বিভিন্ন কাৰণত মৃত্যুক আঁ‌কোৱালি ল’ব লগা হয়। তাৰ ভিতৰত ৪১ মিলিয়ন ব্যক্তি অৰ্থাৎ ৭১% মৃত্যু কেৱল মাত্ৰ জীৱনশৈলীজনিত ৰোগৰ বাবেই হয়।

১৯৯০ চনত ভাৰতত অসংক্ৰমিত ৰোগ অৰ্থাৎ Non communicable disease, যাক জীৱনশৈলীজনিত ৰোগ অৰ্থাৎ Life style diseases বুলিও কোৱা হয়, সেয়া ৩৭% আছিল। ২০২০ চনলৈ এই অসংক্ৰমিত ৰোগ (Non communicable disease বা জীৱনশৈলীজনিত ৰোগ) বৃদ্ধি পাই ৬৭% হৈছে। অৰ্থাৎ, মাত্ৰ তিনিটা দশকৰ ভিতৰতেই জীৱনশৈলীজনিত ৰোগৰ হাৰ দুগুণলৈ বৃদ্ধি পাইছে।

আমাৰ সমাজত আজি ডায়েবেটিছ ৰোগী নথকা বা হাইপ্ৰেচাৰ নথকা পৰিয়াল বিৰলপ্ৰায় হৈ গ’ল। আজি ভাৰতবৰ্ষক বিশ্বৰ ডায়েবেটিছ বা মধুমেহ ৰোগৰ ৰাজধানী বুলি কোৱা হৈছে। একেদৰে, উত্তৰ-পূৰ্বাঞ্চলক কোৱা হৈছে “কেঞ্চাৰ কেপিটেল অৱ্ ইণ্ডিয়া” বুলি। যোৱা ৩ বছৰত অকল অসমতেই ৩৭,০০০ নতুন কেঞ্চাৰ ৰোগী ধৰা পৰিছে। গতিকে, যথাৰ্থভাৱেই আমাৰ উত্তৰ – পূৰ্বাঞ্চলক কেঞ্চাৰ কেপিটেল অৱ ইণ্ডিয়া বা ভাৰতৰ কৰ্কট ৰোগৰ ৰাজধানী বুলি অভিহিত কৰা হৈছে।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ (আই চি এম আৰ) নামৰ সংস্থাটোৱে শেহতীয়াভাৱে প্ৰকাশ কৰা নেচনেল কেন্সাৰ ৰেজিষ্ট্ৰী (ৰাষ্ট্ৰীয় কৰ্কট পঞ্জী)-ৰ তথ্য অনুসৰি অসমত ২০১১ বৰ্ষত ২৪,৮৪৬ গৰাকী, ১০১২ বৰ্ষত ২৫,১১৯ গৰাকী, ২০১৩ বৰ্ষত ৩০,৭৭৫ গৰাকী, ২০১৪ বৰ্ষত ৩১,১২৪ গৰাকী আৰু ২০১৫ বৰ্ষত ৩১,৪৭৪ গৰাকী কৰ্কট ৰোগী থকাৰ বিপৰীতে ২০১১ বৰ্ষত ১০,৯৩২ গৰাকী, ২০১২ বৰ্ষত ১১,০৫২ গৰাকী, ২০১৩ বৰ্ষত ১৫,৬৭৭ গৰাকী, ২০১৪ বৰ্ষত ১৫,৮৫৩ গৰাকী আৰু ২০১৫ বৰ্ষত ১৬,০২৯ গৰাকী কৰ্কট ৰোগীৰ মৃত্যু হৈছিল। আজি কিছুবছৰ আগৰ তথ্যানুসৰি, পুৰুষ কৰ্কট ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত অসমৰ কামৰূপ মহানগৰ জিলা (২০৬/১০০০০০) দেশৰ ভিতৰতে চতুৰ্থ হোৱাৰ বিপৰীতে মহিলা কৰ্কট ৰোগীৰ সংখ্যাত কামৰূপ জিলা (১৬৫/১০০০০০) তৃতীয় স্থানত আছে। পুৰুষৰ ডিঙি (হাইপ’ফেৰিংছ)-ৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত কামৰূপ মহানগৰ জিলা দেশৰ ভিতৰতেই দ্বিতীয় স্থানত হোৱাৰ বিপৰীতে জিলাখনত ডিঙি, মুখ আৰু জিভাৰ মহিলা কৰ্কট ৰোগীৰ সংখ্যাই দেশৰ ভিতৰত ক্ৰমান্বয়ে প্ৰথম, তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰিছে। অসমত খাদ্যনলীৰ কৰ্কট ৰোগী মহিলাৰ সংখ্যা দেশৰ ভিতৰতেই প্ৰথম।

এসময়ত প্লেগ হৈ লাখ লাখ মানুহ মৰিছিল। সাধাৰণ ফ্লু হৈ কিমান মানুহ মৰিছিল তাৰ কোনো হিচাব নাছিল। ক’লেৰা বা হাইজা হৈ একোখনকৈ গাঁ‌ও পৰ্যন্ত বিনাচিকিৎসাই উছন গৈছিল। কিন্তু পেনিচিলিনৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰতিজৈৱিক ঔষধ (Antibiotic)-ৰ আৱিষ্কাৰৰ লগে লগে সংক্ৰামক ৰোগ (infectious Disease)-সমূহ নিয়ন্ত্ৰণাধীন হৈ আহিল। যদিওবা ক’ভিডে শেহতীয়াকৈ মানৱ জাতিক বহু জ্বলাকলা খুৱালে, তথাপি এনেকুৱা ৰোগ Disease of the century-হে আৰু ইয়ো বৰ্তমান নিয়ন্ত্ৰণাধীন হৈ পৰিছে।  ইয়াৰ বিপৰীতে কিন্তু অসংক্ৰামক ৰোগসমূহ বা জীৱনশৈলীজনিত ৰোগসমূহ যেনে- ডায়েবেটিছ বা মধুমেহ, কেঞ্চাৰ বা কৰ্কট, হাওঁ‌ফাওঁ‌ৰ ৰোগ, মেদবহুলতা, উচ্চৰক্তচাপ আদি ভয়াবহভাৱে বাঢ়ি আহিব ধৰিছে।

আজি আমাৰ দেশৰ প্ৰতি দহগৰাকী মহিলাৰ এগৰাকী মহিলা আৰু প্ৰতি সাতজন পুৰুষৰ এজন পুৰুষ উচ্চৰক্তচাপত আক্ৰান্ত। আজি দিল্লীত জন্মগ্ৰহণ কৰা প্ৰতি তিনিটা শিশুৰ এটাকৈ শিশু জন্মগত হাঁ‌ওফাঁ‌ওৰ ৰোগ বা শ্বাস-প্ৰশ্বাসৰ ৰোগত আক্ৰান্ত। এইসমূহ অতি উদ্বেগৰ বিষয়।

শুনিবলৈ আচৰিত লাগিলেও এই কথা সচা যে সাম্প্ৰতিক সময়ৰ ৮০ – ৯০ শতাংশ জীৱনশৈলীজনিত ৰোগ বা অসংক্ৰামক ৰোগ কেৱল আসোঁৱাহপূৰ্ণ জীৱনশৈলী (যেনে- শ্ৰমবিমুখতা, শাৰিৰীক অসক্ৰিয়তা আদি) আৰু আসোঁৱাহপূৰ্ণ খাদ্যাভ্যাস (যেনে- জাংক ফুড, ফাষ্ট ফুড, ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱযুক্ত শাক-পাচলি, সংশোধিত খাদ্য, সংৰক্ষিত খাদ্য আদি)-ৰ বাবেই হোৱা দেখা যায়। আশ্চৰ্যজনকভাৱে এই কথাও সত্য যে শুদ্ধ খাদ্যভ্যাস আৰু জীৱনশৈলীৰ সঠিক পৰিৱৰ্তনৰ জৰিয়তে এই ৰোগসমূহ ৭০ – ৮০ শতাংশ প্ৰতিৰোধ কৰি ৰাখিব পৰা যায়।

সেইকাৰণেই সম্প্ৰতি আমি জীৱনশৈলী আৰু খাদ্যভ্যাস পৰিৱৰ্তনত গুৰুত্ব দিয়াৰ অতীৱ প্ৰয়োজন আহি পৰিছে।

আয়ুৰ্বেদ প্ৰাচীন ভাৰতীয় পৰম্পৰাগত চিকিৎসা বিজ্ঞান। আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানৰ ধ্ৰুপদী গ্ৰন্থস্বৰূপ সংহিতাসমূহত  Preventive health, Promotive health, Curative health আৰু Restorative health– এই চাৰিওটা দিশৰ ওপৰতেই বিশদভাৱে আলোকপাত কৰা হৈছে। আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত নিৰোগী ব্যক্তিৰ স্বাস্থ্যৰক্ষা আৰু সুস্বাস্থ্যৰ উত্তৰোত্তৰৰ বাবে প্ৰয়োজনীয় নীতি-নিৰ্দেশনাৰ লগতে ৰোগী ব্যক্তিৰ এগৰাকীৰ ৰোগ প্ৰশমন আৰু প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় নীতি-নিৰ্দেশনাসমূহৰো উল্লেখ কৰা হৈছে। ৰোগ প্ৰতিৰোধ, ৰোগ প্ৰশমন আৰু স্বাস্থ্যৰক্ষাৰ্থে অনুপালনীয় এনে নীতি-নিৰ্দেশনাসমূহ আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত দিনচৰ্যা, ৰাতিচৰ্যা আৰু ঋতুচৰ্যা শীৰ্ষক নামৰে নামাংকিত কৰি শ্ৰেণীভুক্ত কৰিছে। আয়ুৰ্বেদত ঋতুসন্ধি আৰু আচাৰ-ৰসায়নৰ লগতে যোগ আৰু প্ৰণায়াম সম্পৰ্কেও সাৱলীলভাৱে বৰ্ণনা কৰা হৈছে।

আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত বৰ্ণিত দিনচৰ্যা, ৰাতিচৰ্যা, ঋতুচৰ্যা, ঋতুসন্ধিচৰ্যা আৰু  আচাৰ-ৰসায়নৰ চৰ্চাৰ লগতে যোগাভ্যাস আৰু প্ৰাণায়ামৰ জৰিয়তে জীৱনশৈলীজনিত ৰোগসমূহ প্ৰতিহত, প্ৰতিৰোধ আৰু প্ৰশমিত কৰিব পৰা যায়।

You might also like

Comments are closed, but trackbacks and pingbacks are open.