আঁঠুৰ বিষ আৰু আয়ুর্বেদ

200

ডাঃ ৰীমা ভট্টাচার্য
আয়ুর্বেদিক মেডিচিন বিশেষজ্ঞ

দৈনন্দিন জীৱনত কাম–কাজসমূহ নিয়মীয়াকৈ চলাই নিবলৈ মনৰ উৎসাহৰ প্রয়োজন আৰু শাৰীৰিক সুস্থতাই হল মনৰ উদগনিৰ মূল উৎস৷ বর্তমান সময়ত বিলাসী জীৱন যাপন বাঢ়িছে যদিও পুৱা শুই উঠাৰ পৰা ৰাতি আজৰি হোৱালৈ প্রত্যেকজনৰ বাবে শাৰীৰিক পৰিশ্রম কম–বেছি পৰিমাণে হলেও প্রয়োজনীয়৷

চলা–ফিৰা কৰা, ওখ ঠাইত বগোৱা, থিয় হৈ কাম কৰা নাইবা মাটিত বহি কাম কৰা সময়ত আঁঠুৰ বিষ সঘনে পৰিলক্ষিত হোৱা দেখা যায়৷ ৩০-৩৫ বছৰ বয়সৰ পৰা এই অসুবিধাৰ আৰম্ভণি হয় আৰু মহিলাসকলৰ মাজত সঘনে দেখিবলৈ পোৱা যায়৷ মাহেকীয়া বন্ধ হোৱাৰ সময়ত হাত বা ভৰিৰ গাঁঠিসমূহৰ বিষৰ আৰম্ভণি হয়৷

পুৰুষৰ ক্ষেত্রত ৫০-৫৫ বছৰ বয়সৰ পৰা কাম–কাজৰ ফলস্বৰূপে আঁঠুৰ বিষ আৰম্ভ হয়৷ বর্তমান সময়ত বিষৰ কাৰণসমূহৰ অন্যতম হল অষ্টিআর্থ্রাইটিছ৷ এহক্ষেত্রত গাঁঠিৰ গঠন সলনি হয় তথা হাড়ৰ ঘনত্ব কমি যায়৷ আঁঠুত লাগি থকা কেপচুলৰ বিসংগতিৰ বাবে আৰু হাড়সদৃশ কার্টিলেজসমূহৰ ক্ষয়ৰ বাবে হয়াৰ আৰম্ভণি হয়৷

লক্ষণ
¨কাম–কাজ কৰি উঠাৰ পিছত হোৱা বিষ
¨ৰাতি শুবলৈ যোৱা আগমুহূর্তত হোৱা বিষ
¨পুৱা শুই উঠাৰ পিছত হাত–ভৰি টনাটনি কৰা
¨মাটিত বহি কাম কৰিব নোৱাৰা অথবা বহু সময় ধৰি মাটিত বহি থাকিব নোৱাৰা
¨ওখ ঠাই বা ছিৰি বগাওঁতে হোৱা আঁঠুৰ শব্দ বা ঘিলা খুলি যোৱা যেন অনুভৱ হোৱা

কম বয়সৰ ছাত্র–ছাত্রীসকলৰ মাজতো আর্থ্রাহটিছৰ সমস্যা পৰিলক্ষিত৷ কাৰণ খেলা–ধূলা ইত্যাদিত কেতিয়াবা সিৰা((ligament)সমূহত দুখ পোৱা যায়, হাড়ত কেলছিয়ামৰ অভাৱ হয়, গাঁঠিত থকা জুলীয়া দ্রব্যত বীজাণু সংক্রমণ(synovitis) হয় আদি৷ সেইবাবে গাঁঠিৰ যত্ন কম বয়সৰ পৰা লোৱাটো জৰুৰী৷

চিকিৎসা
এহ ৰোগত আক্রান্ত লোকৰ প্রধান সমস্যা হল বিষ৷ যদিওবা কেৱল বিষৰ উপশম কৰোৱাই এই ৰোগৰ চিকিৎসা নহয়৷ তদুপৰি হাড়ৰ ঘনত্ব বর্তাই ৰখা, সন্ধিৰ চলাচল অটুট ৰখাও আয়ুর্বেদিক চিকিৎসাৰ লক্ষ্য৷laxadi guggulu, natural micro calcium, medicated lipid, curcumin extract, shigru, hadjoda, আদি আথ্রাহটিছত ব্যৱহূত হয়৷ সেহবাবে ৰোগৰ চিহ্ণৰ লগতে পুনৰাবৃত্তি ৰোধ কৰাও জৰুৰী৷ এই সন্দর্ভত পঞ্চকর্ম চিকিৎসা খুব গুৰুত্বপূর্ণ৷ ইয়াৰ ভিতৰত স্নেহন, স্বেদন আৰু বস্তি প্রদান কৰা হয়৷ পঞ্চকর্মই হাডৰ ঘনত্ব বঢ়ায়, গাঁঠিৰ ৰুক্ষতা কমায় আৰু পুনৰাবৃত্তি হোৱাত বাধা প্রদান কৰে৷

ফোনঃ ৭০৮৬৬-৯১৫২০

You might also like

Comments are closed, but trackbacks and pingbacks are open.