কিডনীৰ ৰোগ আৰু ভয়াৱহতা

24

ডাঃ দ্বীপজ্যোতি শর্মা

মানৱ দেহৰ এটি লাগতিয়াল অংগ হৈছে কিডনী৷ সাধাৰণতে ইয়াৰ আকৃতি বীন বা বাদামী ৰঙৰ দৰে৷ এজন প্রাপ্তবয়স্ক্ লোকৰ কিডনী ১০ চেঃমিঃ দীঘল, ৫ চেঃমিঃ প্রস্থ আৰু ৪ চেঃমিঃ মোটা হয় আৰু প্রত্যেক কিডনীৰ ওজন ১৫০-১৭০ গ্রামৰ ভিতৰত থাকে৷ কিন্তু অতি দুখৰ বিষয় যে বর্তমান কিডনী ৰোগ দিনকদিনে বািি গৈ অতি শেহতীয়াকৈ ভাৰতত ইয়াৰ সংখ্যা ১০ কোটিৰ ওচৰত পাইছে৷ প্রকৃততে যেতিয়া কিডনীটোৱে সঠিকভাৱে কাম নকৰিলে অর্থাৎ পানী আৰু বিষাক্ত আৱর্জনা শৰীৰৰ পৰা বাহিৰ কৰাত বাধা আহি পৰে, ফলত বিষাক্তবোৰ জমা হৈ শৰীৰৰ সংকটাৱস্থাৰ সৃষ্টি কৰিলে মানুহ এজনৰ মৃত্যুও ঘটিব পাৰে৷ আনহাতে কিডনীটোৱে শৰীৰৰ জলভাগ মান আৰু পৰিমাণ নিয়ন্ত্রণ কৰাৰ আগতে কেতবোৰ হৰমনো উৎপাদন কৰে৷ যিবোৰে শৰীৰৰ ভালেমান অংগৰ ক্রিয়াকলাপ সক্রিয় কৰি ৰখাত গুৰুত্বপূর্ণ ভূমিকা লয়৷

অৱশ্যে কিডনীৰ ৰোগ হলে বহুদিনলৈ কোনো লক্ষণ দেখা নাযাবও পাৰে আৰু কিডনীৰ কিছু ক্ষতি হোৱাৰ পাছতহে লক্ষণসমূহ ফুটি উঠে৷ সেইবোৰ হল-

👉 সঘনাই কম পৰিমাণত প্রস্রাৱ হোৱা, লগতে প্রস্রাৱ কৰোঁতে কষ্ট, বিষ, ৰং সলনি বা ফেন পৰা৷
👉 হাত, ভৰি, মুখমণ্ডল ফুলিব ধৰা৷
👉ছালৰ খজুৱতি, মুখৰ দুর্গন্ধ, খাদ্যৰ অৰুচি৷
👉গাঁঠি, কঁকালৰ বিষ নাইবা ৰক্তচাপ বৃদ্ধি হোৱা৷
👉ঠাণ্ডা বেছি অনুভৱ কৰা অথবা নিশ্বাসত কষ্ট পোৱা৷
👉বুকুৰ বিষ, টোপনি কমকৈ অহা৷
👉শাৰীৰিক দুর্বলতা, এনিমিয়া, অলপতে ভাগৰ লগা ইত্যাদি৷

দৰাচলতে তেজত ক্রিয়েটিনিন আৰু ব্লাড ইউৰিয়া, নাইড্রজেনৰ মাত্রা বৃদ্ধি হলে কিডনীৰ ৰোগৰ বৈকল্যৰ আৰম্ভণি হৈছে বুলি বুজিব পাৰি৷ সেয়ে কিডনীৰ অসুখ উৎপন্ন কৰিব পৰা উল্লেখ্যযোগ্য কাৰকবোৰ হৈছে

👉উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগে শৰীৰত পানী আৰু পেলনীয়া পদার্থ জমা কৰিলে কিডনীৰ ৰোগ বেয়ালৈ অৱনমিত কৰে৷

👉আনহাতে বংশগতি বা জেনেটিক কাৰণ, মেদবহুলতা, আলস্যভৰা জীৱনশৈলীয়ে কিডনীৰ ওপৰত বিৰূপ প্রভাৱ পেলায়৷

👉জাংক ফুড, অতিমাত্রা কেফেইনৰ সেৱন বা নিদ্রাহীনতাৰ পৰিণামৰ ফলতো কিডনীৰ ৰোগ হব পাৰে৷

👉সেইদৰে অত্যধিক মাংসহাৰী খাদ্য, ভিটামিন বি, ডিৰ অভাৱত নাইবা নিয়মিত পানী নাখালেও কিডনী অসুস্থ হয়৷

👉প্রদূষিত মার্কাৰি, লিড, আর্চেনিক, কেডমিয়াম আদি ৰাসায়নিক কু–প্রভাৱৰ ফলত ত্রুনিক কিডনী ৰোগৰ আশংকা বাঢ়ে৷

👉ঠিক তেনেকৈ এলকহল আৰু ধূম্রপানৰ প্রভাৱত কিডনী ফিচ্টাৰ কৰাৰ ক্ষমতা হ্রাস পালেও বিপজ্জনক হব পাৰে৷

ৰোগ চিনাক্ত আৰু চিকিৎসা
যেতিয়া ব্যক্তি এজন কঁকালৰ দুয়োকাষে বিষ, ভাগৰুৱা লক্ষণৰ কাৰক বায়ু, পিত্ত, শৰীৰৰ ধাতু কোষসমূহত বিকৃতি আদি লৈ চিকিৎসকৰ কাষ চাপে, তেতিয়া ৰোগীজনৰ শাৰীৰিক অৱস্থা ভালদৰে চালি–জাৰি চাই ব্যৱস্থাপনা প্রস্তুত কৰে আৰু ইমেজিং পৰীক্ষা হিচাপে ৰক্ত পৰীক্ষা, ইউৰিয়া নাইড্রজেন পৰীক্ষা, প্রস্রাৱ,GFR চেৰাম, কিডনী ৰিনেল আলড্রাছাউণ্ডৰ সহায় লোৱা হয়৷ সেই অনুসৰি যদি বৃক্কৰ ৰোগ সোনকালে চিনাক্ত নহয়, তেন্তে এটা সময়ত সহজে চিকিৎসাধীন ৰোগ ক্রনিক কিডনীলৈ ৰূপান্তৰিত হোৱাৰ পৰিপ্রেক্ষিততGlomerular filtration Rate নামৰ পৰীক্ষা কিডনীৰ সক্রিয়তা ধাৱৰ কৰিব পাৰে৷ অর্থাৎGFRৰ পৰিমাণ ৯০ বা ততোধিক হলে সম্পূর্ণ সুস্থ, একেদৰে দ্বিতীয় পর্যায়তGFRৰ পৰিমাণ ৬০-৮৯ত, তৃতীয়তে ৩০-৫৯তেনেদৰে চতুর্থত ১৫-২৯ আৰু শেষত ১৫ৰ তল হলে কিডনী ফেইলৰৰ শাৰীত ধৰা যায়৷ তাৰ সমান্তৰালকৈ ক্রিয়েটিনিনৰ পৰিমাণৰ ওপৰতো কিডনীৰ কার্যক্ষমতাই মুখ্য ভূমিকা লোৱা হেতুকে ক্রিয়েটনিনৰ পৰিমাণ ১.৫ মিলিগ্রামৰ বেছি হলে ৭৫% ২ মিলিগ্রাম হলে ক্রমে ৫০ ৩.৫ মিলিগ্রামত ২৫ , ৬ মিলিগ্রামত ১০ আৰু ৬-৮ মিলিগ্রামত কেৱল ৫ শতাংশ সক্রিয় হিচাপে সূচায়৷ একেধৰণে বৃক্কৰ কাম–কাজ ৮৫-৯০ শতাংশলৈ নামি গলে শৰীৰৰ পৰা বর্জনীয় তথা তৰল পদার্থ অপসাৰণ কৰিব নোৱাৰিলে ডায়েলাইছিছ এটা বিশেষ নিষ্কাশক, যিয়ে অতিৰিক্ত তৰল আৰু বর্জনীয়সমূহ আঁতৰ কৰে হিচাপে হেমোডায়েলিছ চাৰি ঘণ্টীয়া তেজ বিশুদ্ধ কৰণ কৰাৰ পাছত ব্লাডত ইউৰিয়া ছিৰাম ক্রিয়েটনিন হ্রাস কৰা প্রক্রিয়া কৰা হয় যদিও ব্যক্তি বিশেষে অন্তিম পর্যায়ৰ সার্থক চিকিৎসা হিচাপে পেৰিটোনিয়েল কোমল টিউব পেটত ভৰাই কেথেটাৰেৰে দেহৰ বর্জনীয় পদার্থসমূহ উলিয়াই অনা প্রক্রিয়া কৰা হয়৷ আচলতে ডায়েলাইছিছৰ পিছতো আৰোগ্য নাপালে তেতিয়া এই মাত্রা বৃক্ক পুনঃসংৰোপণৰ বাহিৰে বিকল্প কোনো চিকিৎসা নাথাকে৷

প্রতিৰোধ ব্যৱস্থা 
👉জধেমধে বিষনাশক ঔষধ যেনে– গেষ্ট্রিক, এচিডিটি নাখাব৷

👉বিলাহী, ফুলকবি, বেঙেনা আদি সেউজীয়া শাক–পাচলিত অত্যধিক ৰাসায়নিক সাৰ থকাৰ বাবে কেইঘণ্টামান নিমখ পানীত ডুবাই খালে অপকাৰ কমকৈ হয়৷

👉মাছ, মাংস, কণীৰ পৰিৱর্তে কিডনী ৰোগীসকলে প্রটিনৰ বাবে দাইল, চয়াবিন ব্যৱহাৰ কৰিব পাৰে৷

👉তেনেকৈ ঘৰুৱা বিধান হিচাপে পনৌনোৱা শাকৰ আঞ্জা বা দুপৰটেঙাৰ পাতৰ ৰস মিচিৰিৰ লগত মিহলাই খালে কিডনী ষ্টন আৰু আন কিডনী ৰোগৰ পৰা বচাই ৰাখে৷

👉সেই ধৰণে তেঁতেলি আৰু কল থকা ক্রমে টাৰটাৰিক এচিড, মেগনেছিয়াম, অকেজলেট প্রস্রাৱৰ সৈতে বাহিৰ কৰি সুৰক্ষিত কৰি ৰাখে৷

👉নিমখ, চেনিৰ পৰিমাণ কমাই নিয়মীয়াকৈ শাৰীৰিক পৰিশ্রমৰ অভ্যাস কৰিলে কিডনীৰ লগতে দেহাটো সদায় সুস্থ হৈ থাকে৷

ফোনঃ ৬০০০৩-৪২৩৫৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.