ডাঃ নিতুল বৈশ্য
জাপানীজ এনকেফেলাইটিছ (JE) বুলিলে কি বুজা যায়?
জাপানীজ এনকেফেলাইটিছ এটা ভয়ংকৰ ভাইৰেল ৰোগ। জাপানীজ এনকেফেলাইটিছ ভাইৰাছে মগজুত আক্রমণ কৰে। এই ভাইৰাছটো Culex প্ৰজাতিৰ মহৰ কামোৰৰ দ্বাৰা মানুহলৈ বিয়পে।
এই ৰোগত আক্ৰান্তসকলৰ মগজু ফুলি উঠে (এনকেফেলাইটিছ), যি ৰোগীৰ মৃত্যু অথবা স্থায়ী অক্ষমতাৰ কাৰণ হ’ব পাৰে।
কিদৰে এই ৰোগটো বিয়পি পৰে?
জাপানীজ এনকেফেলাইটিছ ভাইৰাছ (JEV)-টো গাহৰি আৰু কেতবোৰ বনৰীয়া চৰাইৰ গাত প্ৰাকৃতিকভাৱে থাকে। ভাইৰাছবিধ কঢ়িয়াই ফুৰা (ইনফেক্টেড্) কিউলেক্স প্ৰজাতিৰ মহবিধে মানুহক কামুৰিলে মানুহৰ গালৈ জাপানীজ এনকেফেলাইটিছ (JE) ৰোগ বিয়পি পৰে।
মানুহ “accidental host”, অৰ্থাৎ ভাইৰাছটো কঢ়িয়াই ফুৰা আক্ৰান্ত মানুহৰ পৰা জাপানীজ এনকেফেলাইটিছ (JE) ৰোগ অন্য মানুহৰ শৰীৰলৈ বিয়পিব বা সংক্ৰমিত হ’ব নোৱাৰে। সেয়েহে, জাপানীজ এনকেফেলাইটিছ (JE)-ত আক্ৰান্ত ব্যক্তি এগৰাকীৰ পৰিচৰ্য্যাত জড়িত লোকসকল বা ৰোগীৰ লগত একেলগে থকা অন্য লোকসকলৰ আক্ৰান্ত ব্যক্তিগৰাকীৰ পৰা এই ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে।
এই ভাইৰাছ কঢ়িওৱা কুইলেক্স মহে সন্ধিয়া আৰু ৰাতিৰ সময়ত বেছিকৈ কামোৰে। গতিকে জাপানীজ এনকেফেলাইটিছ (JE) ৰোগ প্ৰতিহত কৰিবলৈ অন্য সময়ৰ লগতে সন্ধিয়া আৰু নিশাৰ ভাগত অধিক সতৰ্কতা অৱলম্বন কৰিব লাগে।
ৰোগৰ লক্ষণসমূহঃ সাধাৰণতে মহে কামোৰাৰ লগে লগে ৰোগীৰ গাত ৰোগৰ কোনো লক্ষণ দেখা নাযায়। কিন্তু, ৫-১৫ দিনৰ পিছত নিম্নোলিখিত লক্ষণসমূহে দেখা দিয়ে।
(১) অতিপাত জ্বৰ
(২) তীব্ৰ মূৰৰ বিষ
(৩) অপ্রাসংগিক কথা-বতৰা
(৪) বিভ্রান্ত হোৱা
(৫) শৰীৰৰ অস্বাভাৱিক কঁপনি
(৬) শুদ্ধভাবে কথা ক’বলৈ অসমর্থ
(৭) সংজ্ঞাহীনতা
জাপানীজ এনকেফেলাইটিছ, ডেংগু আৰু মেলেৰিয়াৰ লক্ষণসমূহ প্ৰায়েই একেধৰণৰ হোৱা বাবে ৰোগী আৰু স্বাস্থ্যকৰ্মীসমূহৰ মাজতো কেতিয়াবা বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে।
ডেংগুৰ লক্ষণ
(১) অতিমাত্ৰা জ্বৰ
(২) তীব্ৰ মুৰৰ বিষ
(৩) চকুৰ পিছফালে বিষ
(৪) মাংসপেশী আৰু গাঁঠিৰ বিষ
(৫) চকু ৰঙা পৰা
(৬) ছালত তেজৰ চেকুৰা পৰা
(৭) দাঁতৰ আলুৰ পৰা তেজ ওলোৱা
(৮) নাকৰ পৰা তেজ ওলোৱা
(৯) নোমৰ গুৰিয়েদি তেজ ওলোৱা
মেলেৰিয়াৰ লক্ষণ
(১) তীব্র ঠাণ্ডা অনুভৱ
(২) অতিমাত্ৰা জ্বৰ
(৩) ওকালি অহা আৰু বমি হোৱা
(৪) অত্যধিক ঘাম ওলোৱা
(৫) দুৰ্বলতা, অলসতা আৰু অস্থিৰতা
লক্ষণসমূহৰ সামান্য প্ৰভেদৰ ওপৰত ভিত্তি কৰি ৰোগীৰ প্ৰাৰম্ভিক অৱস্থাতেই আক্ৰান্ত ৰোগৰ সৈতে চিনাক্ত কৰিব পৰা যায়। পৰ্যায়ক্ৰমে, ৰক্তপৰীক্ষাই সেয়া নিশ্চিতকৰণ কৰে।
প্ৰতি চাৰিগৰাকী গম্ভীৰ JE ৰোগীৰ ভিতৰত প্ৰায় এগৰাকীৰ মৃত্যু হ’ব পাৰে বুলি তথ্যই প্ৰমাণ কৰে। জীৱিত থাকিলেও বহুতৰে দীৰ্ঘকালীন স্নায়ৱিক সমস্যাই দেখা দিয়ে।
পৰীক্ষাঃ ৰক্ত বা স্পাইনেল ফ্লুইড (CSF) পৰীক্ষাৰ জৰিয়তে ভাইৰাছৰ উপস্থিতি জানিব পৰা যায়।
চিকিৎসাঃ JE-ৰ কোনো নিৰ্দিষ্ট ঔষধ নাই। চিকিৎসা হৈছে ৰোগৰ আৰু ৰোগীৰ লক্ষণৰ উপশমৰ অৰ্থে কৰা মাথো সহায়কাৰী যত্ন (supportive care)। সেয়েহে, ৰোগৰ প্ৰতিৰোধ আৰু ৰোগীৰ প্ৰতিষেধকেই হ’ল সঠিক আৰু সৰ্ব্বোত্তম পদক্ষেপ।
টিকাকৰণঃ জাপানীজ এনকেফেলাইটিছ (JE)-ৰ টিকা সুৰক্ষিত আৰু প্ৰভাৱশালী। এই টিকা বা প্ৰতিষেধক দুটা ড’জত দিয়া হয়:-
প্ৰথম ড’জ : ৯-১২ মাহ বয়সত
দ্বিতীয় ড’জ : ১৬-২৪ মাহ বয়সত
অসমৰ দৰে JE-প্ৰৱণ অঞ্চলত এই টিকাকৰণ Universal Immunization Programme (UIP)-ৰ অংশ হিচাপে দিয়া হয়।
জে.ই., ডেংগু আৰু মেলেৰিয়া প্ৰতিৰোধৰ ব্যৱস্থা
(১) সন্ধিয়া ঘৰৰ ভিতৰত ধূপ-ধূণা ব্যৱহাৰ কৰক।
(২) ঘৰৰ আশে-পাশে পানী জমা হৈ থাকিব দিব নালাগে।
(৩) ঘৰৰ চৌপাশত যদি কোনো নলা-নর্দমা আছে। সেইসমূহ পৰিস্কাৰ কৰি ৰাখিব লাগে।
(৪) ঘৰৰ চৌপাশত পেলনীয়া পাত্র, ভঙা বাচন-বৰ্তন, নাৰিকলৰ খোলা আদিত পানী জমা হ’বলৈ নিদিব।
(৫) সদায় সম্পূর্ণ শৰীৰ ঢাকি ৰখাকৈ বস্ত্ৰ পৰিধান কৰি মহৰ কামোৰৰ পৰা নিজকে সুৰক্ষিত ৰাখক।
(৬) শোৱাৰ সময়ত, আনকি দিনতো আঁঠুৱা ব্যৱহাৰ কৰিব।
(৭) গাহৰি পালন মানুহৰ বসতিৰ পৰা কমেও ১০০ মিটাৰ দূৰত কৰিব লাগে।
(৮) যদি আপুনি জে.ই., ডেংগু আৰু মেলেৰিয়া সদৃশ লক্ষণ অনুভৱ কৰে, তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওঁক। চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰণৰ ঔষধ সেবন নকৰিব।
(৯) চৰকাৰী fogging বা spraying কাৰ্যত সহযোগ কৰক।
(১০) আপোনাৰ সন্তানক JE-ৰ দুয়োটা ড’জ টিকা দিয়ক।
(১১) পৰিবেশ পৰিষ্কাৰ আৰু সচেতনতা অভিযানত অংশ লওক।
(১২) স্বাস্থ্য সজাগতা কাৰ্যসূচীত অংশ লৈ আনকো জাপানীজ এনকেফেলাইটিছ ৰোগৰ বিষয়ে সজাগ কৰক।
ৰাজ্যত এতিয়া সৰ্বত্ৰব্যাপী জাপানীজ এনকেফেলাইটিজ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে। এই পৰ্যন্ত জাপানীজ এনকেফেলাইটিজ বুলি চিনাক্ত ডেৰ শতাধিক ৰোগী চিকিৎসাধীন হৈ আছে। জাপানীজ এনকেফেলাইটিজ সদৃশ লক্ষণযুক্ত (নিশ্চিত হ’বলৈ লেব’ৰেট’ৰী পৰীক্ষাৰ ৰিপ’ৰ্টৰ বাবে অপেক্ষাৰত) চাৰি শতাধিক ৰোগী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভিন্ন চিকিৎসালয়ত ভৰ্তি হৈ আছে। ইতিমধ্যে, জাপানীজ এনকেফেলাইটিজত দহোধিক ৰোগীৰ মৃত্যু হৈছে। সেয়েহে, এই সময়ত জ্বৰ হ’লেই নিজাববীয়াকৈ ফাৰ্মাচীৰ পৰা দৰৱ কিনি আনি নাখাই ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই যুগুত।
ফোনঃ ৭৮৯৬২৪৬০০১
Comments are closed, but trackbacks and pingbacks are open.