ৰাজীৱ কাশ্যপ
নিদ্ৰাহীনতা বৰ্তমান সময়ত বেছিকৈ দেখা পোৱা এক সমস্যা যাৰ দ্বাৰা শৰীৰ আৰু মন দুয়োটা প্ৰভাৱিত হয়।বহুত চেষ্টা কৰিও নিশা টোপনি যাব নোৱাৰা বা সোনকালে টোপনি ভাঙি যোৱা আৰু তাৰ পিছত আৰু টোপনি নধৰা এইবোৰে নিদ্ৰাহীনতা ৰ লক্ষণ।আধুনিক জীৱন শৈলী শাৰীৰিক পৰিশ্ৰম ৰ অভাৱ আৰু দৈনন্দিন জীৱনৰ বৰ্ধিত মানসিক চাপৰ বাবে বহুতো লোকে এই সমস্যাৰ চিকাৰ হয়।দীঘলীয়া সময়ৰ বাবে এই সমস্যাত ভুগা লোকসকলৰ বিভিন্ন আনুসংগিক শাৰীৰিক আৰু মানসিক সমস্যা হব পাৰে।
টোপনি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় । কোৱা হয় যে টোপনিয়ে আমাক আটাইতকৈ বেছি মৰম কৰে। টোপনিয়ে দৈহিক আৰু মানসিক অৱসাদ দূৰ কৰে। গভীৰ টোপনিৰ সময়ত মানব দেহৰ সমস্ত অংগ-প্ৰত্যেংগৰ লগতে মগজুটোৱে জিৰণি পায়। গভীৰ টোপনিৰ পৰা উঠাৰ পিছত শৰীৰ তথা মনলৈ এক সজীৱতা আহে,কৰ্মোদ্দম বৃদ্ধি পায়,মন সৃজনশীল ক্ষমতা বৃদ্ধি হয়। এজন প্ৰাপ্তবয়স্ক লোকে দৈনিক ৭-৮ ঘন্টা টোপনি মৰাটো অতি প্ৰয়োজনীয়। নিশাৰ গভীৰ টোপনিয়ে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰে। যিসকল ব্যক্তিয়ে ৰাতি ভালদৰে শুব নোৱাৰে তেওলোকে বিভিন্ন ধৰণৰ শাৰীৰিক তথা মানসিক সমস্যাত ভোগিব পাৰে। নিদ্ৰহীনতা ৰ বহুতো কাৰণ থাকে।কাৰণ অনুসৰি নিদ্ৰহীনতাক দুটা প্ৰধান ভাগত ভাগ কৰা হয়।
১) প্ৰাথমিক নিদ্ৰাহীনতা: এই ধৰণৰ নিদ্ৰাহীনতাৰ কোনো দৈহিক বা মানসিক ৰোগত সম্পূৰ্ণ নাথাকে। হঠাতে হোৱা পৰিবেশ তথা সামাজিক আৰু পাৰিবাৰিক সমস্যাৰ বাবে এই ধৰণৰ নিদ্ৰাহীনতা হব পাৰে। উদাহৰণস্বৰূপে নিশাৰ ভাগত হোৱা গণ্ডগোল বা পোহৰৰ বাবে টোপনি নহা, কেচুৱাই আমনি কৰা বাবে মাক-দেউতাকৰ টোপনি নাহা, হঠাতে চাকৰি বা জীবিকাৰ পৰিবৰ্তন বা যিকোনো দুৰ্ঘটনাৰ বাবে টোপনি নাহা,টোপনি মৰা অভ্যাস বা ঠাই বা পৰিবেশ ৰ পৰিৱৰ্তনৰ বাবে টোপনি নাহা ইত্যাদিবোৰ হৈছে প্ৰাথমিক নিদ্ৰাহীনতাৰ কাৰণ।
২) ছেকেণ্ডাৰী নিদ্ৰাহীনতা: এই ধৰণৰ নিদ্ৰাহীনতাৰ শাৰীৰিক বা মানসিক অসুস্থতাৰ লগত পোনপটীয়া সম্পৰ্ক থাকে। উদাহৰণস্বৰূপে যিকোনো ধৰণৰ বিষ, এজমা বা হাপানী ৰোগ, কৰ্কট ৰোগ, বুকু জ্বলা পোৰা কৰা, মানসিক চাপ বা বিষাদগ্ৰস্থতা,কিছুমান দৰবৰ ব্যৱহাৰ আদিৰ বাবে হোৱা টোপনি কমি যোৱাটো হৈছে ছেকেণ্ডাৰী নিদ্ৰাহীনতা।
নিদ্ৰাহীনতাৰ সমস্যাটো যদি কেইদিনমানৰ বাবে হয়,ইয়াৰ পৰা সচাৰচৰ কোনো ধৰণৰ বিশেষ সমস্যাৰ সৃষ্টি নহয়।কিন্তু বহুদিন ধৰি টোপনি কম হৈ থাকিলে ইয়াৰ পৰা অন্যান্য শাৰীৰিক আৰু মানসিক সমস্যাৰ সৃষ্টি হব পাৰে। যদিহে কোনো ৰোগৰ বাবে টোপনি কম তেনেহলে ৰোগবিধৰ পৰা উপশম পালে টোপনি সমস্যাটো কমি যায়। আকৌ যদি কিছুমান দৰব সেৱন কৰা বাবে নিদ্ৰাহীনতা হয় তেতিয়া দৰবৰ সেৱন বন্ধ কৰাৰ লগে লগে এই সমস্যাটোও দূৰ হয়। নিদ্ৰাহীনতাৰ কাৰন যিয়ে নহওক কিয় পুৰণি হৈ গলে বা দীঘলীয়া সময়ৰ বাবে ইয়াত ভুগি থকা সকলে ইয়াৰ চিকিৎসা গ্ৰহণ কৰা উচিত।
নিদ্ৰাহীনতাৰ লক্ষণ সমূহ হ’ল:
১)ৰাতি শুলে টোপনি নহয়। প্ৰায়ে উজাগৰে ৰাতি পাৰ হয়।
২) টোপনিৰ পৰা সোনকালে সাৰ পোৱা বা মাজ ৰাতি এবাৰ সাৰ পালে আৰু টোপনি নাহা।
৩)গোটেই দিনটো টোপনি টোপনি ভাব লাগি থকা।
৪)ভাগৰ-ভাগৰ লাগি থকা।
৫)স্মৃতি শক্তি হ্ৰাস পোৱা, কোনো কথা বা কামত মনোযোগ নবহা।
৬)ব্যক্তিৰ আচৰণ সলনি হয় ,খিং-খিঙিয়া হয় আৰু উদ্ধিগনতা বাঢ়ে।
বহু দিনৰ পৰা হৈ থকা নিদ্ৰাহীনতা( Chronic Insomnia) ৰ কিছুমান বিশেষ কাৰণ থাকিব পাৰে। সেইবোৰ হ’ল-
১)মানসিক চাপ: কিছুমান লোকে নিজৰ কাম, জীবিকা, স্বাস্থ্য,অৰ্থনৈতিক অৱস্থা, কেৰিয়াৰ, শিক্ষা, প্ৰেম নাইবা পৰিয়ালৰ কিছুমান সমস্যাৰ বাবে তীব্ৰ মানসিক চাপত ভুগি থাকে। ৰাতি শুবৰ সময়ত চিন্তা-ভাবনাবোৰে অধিক ক্ৰিয়া কৰে।তাৰোপৰি কিছুমান ব্যক্তি অধিক সংবেদনশীল আৰু ভাবুক স্বভাৱৰ হয়। দৈনন্দিন জীৱনৰ যিকোনো ঘটনাই এনে ব্যক্তিৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত নিশাৰ টোপনি কমি যায় ।যদিহে এজন ব্যক্তিয়ে বহু দিন ধৰি মানসিক চাপ ত ভুগি থাকে, তেনে ব্যক্তিৰ নিদ্ৰাহীনতাৰ সমস্যা টোও দীঘলীয়া হ’ব পাৰে।
২)দীঘলীয়া যাত্ৰা আৰু কৰ্মব্যস্ততা: কিছুমান লোকে চাকৰি বা জীবিকা সূত্ৰই বহুতো ঠাই ভ্ৰমণ কৰি থাকিব লগীয়া হয়। ইয়াৰ ফলত নিশাৰ স্বাভাৱিক টোপনি বাধাগ্ৰস্ত হয়। কিছুমান লোকে আকৌ নিশা কাম কৰিব লগীয়া হয়।ইয়াৰ ফলত টোপনিৰ স্বাভাৱিক চক্ৰ (অৰ্থাৎ ৰাতি শোৱা আৰু দিনত জাগা) টো বাধাগ্ৰস্ত হয়। ইয়াৰ ফলতো নিদ্ৰাহীনতা সমস্যা দেখা দিয়ে।
৩)কম্পিউটাৰ, মোবাইল ফোন আদিৰ অত্যাধিক ব্যৱহাৰ : কিছুমান লোকে বহু সময় ধৰি কম্পিউটাৰ ত কাম কৰিব লগীয়া হয়।ৰাতি শোৱাৰ আগতেও কিছুমান লোকে বহুত দেৰি টিভি চায়,কম্পিউটাৰ চলায় বা মোবাইল ফোন ব্যবহাৰ কৰে।ইয়াৰ ফলত টোপনি বাধাগ্ৰস্ত হব পাৰে আৰু নিদ্ৰাহীনতা হব পাৰে।
৪) খাদ্যাভ্যাসৰ বাবে কেতিয়াবা নিদ্ৰাহীনতা হব পাৰে। ৰাতি শোৱা আগতে অধিক ভোজন কৰিলে টোপনিত ব্যঘাট জন্মিব পাৰে। শোৱাৰ আগত অধিক পানী খালেও প্ৰস্ৰাৱ অধিক লাগে আৰু টোপনি কম হয়।অধিক মচলাযুক্ত গুৰুপাকী খাদ্য ৰাতি খালেও বুকু জ্বলা-পোৰা সমস্যা হয় আৰু ইয়াৰ বাবে টোপনি ক্ষতি হব পাৰে।
চাহ,কফি, এনাৰজী ডিংকচ আদিত অধিক কেফেইন থাকে। সেয়েহে এইবোৰ পানীয় অধিক সেৱন কৰিলেও টোপনি কম হব পাৰে। অধিক এলক’হল সেৱন কৰিলেও টোপনিৰ পৰিমান কমি যাব পাৰে। অধিক ধূমপান কৰিলেও শৰীৰত নিক’টিনৰ মাত্ৰা বাঢ়ে যাৰ বাবেও টোপনি কমি যাব পাৰে।
৫) আগতে উল্লেখ কৰি আহিছোঁ যে কিছুমান শাৰীৰিক আৰু কিছুমান মানসিক ৰোগে ও নিদ্ৰাহীনতা সমস্যাৰ সৃষ্টি কৰে। কিছুমান ৰোগৰ দৰব সেৱন কৰাৰ ফলতো টোপনি পৰিমাণ কমি যায়।উদাহৰণ স্বৰূপে মানসিক ৰোগত ব্যৱহাৰ কৰা ‘এন্টিডিপ্ৰেচেন্ট ‘দৰব, এজমা ,এলাৰ্জি,চৰ্দি উচ্চ ৰক্তচাপ আদিত ব্যৱহাৰ কৰা দৰব,কিছুমান ওজন কমোৱা দৰব আদি সেৱনৰ ফলতো টোপনি কমি যায়।
৬) বয়স বাঢ়ি যোৱাৰ লগে লগে অধিকাংশ লোকৰে টোপনি কমি যায়। কাৰ্যক্ষমতা কমি আহে বাবে বয়োজেষ্ঠ লোকসকলে সোনকালে ভাগৰি পৰে আৰু সোনকালে তেওঁলোকৰ টোপনি পুৰঠ হয়।
৭)যিসকল লোকে কোনো ধৰণৰ শাৰীৰিক কাৰ্যকলাপ নকৰে তেনে লোকৰো নিদ্ৰাহীনতা হোৱা দেখা যায়।পৰিশ্ৰম কৰা লোকৰ টোপনি গভীৰ হয়। আধুনিক জীৱন শৈলীয়ে আমাৰ শাৰীৰিক কাৰ্যকলাপ বহুত কমাই দিছে যাৰ কাৰণে বহুতো লোকে নিদ্ৰাহীনতাত ভোগা দেখা গৈছে।
৮) ৰজোনিবৃতিৰ সময়তো নিদ্ৰাহীনতা হোৱা দেখা যায়।৪৫বছৰৰ পিছত মাইকী মানুহৰ ঋতুশ্ৰাব অনিয়মীয়া হবলৈ ধৰে আৰু পিছলৈ ই সম্পূৰ্ণ বন্ধ হয়। এই সময়ছোৱাত মাইকী মানুহগৰাকীৰ শৰীৰত হৰমনৰ তাৰতম্য ঘটে। ইয়াৰ ফলত বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যা যেনে ৰাতি হঠাতে ঘামি যোৱা, তলপেটত গৰম গৰম ভাব হোৱা আদি দেখা দিয়ে। এই সময়খিনিটো মাইকী মানুহ এগৰাকীয়ে নিদ্ৰাহীনতাত ভুগিব পাৰে।
নিদ্ৰাহীনতাৰ বাবে হব পৰা আনুসংগিক সমস্যা সমূহ:
১) নিদ্ৰাহীনতা বহু দিন ধৰি ভুগি থাকিলে ৰক্ত চাপ বাঢ়িব পাৰে।শৰীৰৰ বিপাক বা মেটাবলিজম প্ৰক্ৰিয়াটো বাধাগ্ৰস্ত হয় বাবে দেহৰ ওজন বৃদ্ধি পায় আৰু মেদবহুলতা ৰ সমস্যা দেখা দিব পাৰে।
২)টোপনি বহুদিন ধৰি কম হৈ থাকিলে স্মৃতি শক্তি হ্ৰাস পায়, কোনো কামত মনোযোগ দিব নোৱাৰা হয়। মানসিক উদ্বিগ্নতা বাঢ়ে আৰু ব্যক্তি জন খিঙখঙিয়া স্বভাৱৰ হব পাৰে।
৩) নিদ্ৰাহীনতা পুৰণি হলে ব্যক্তি এজন হতাশা আৰু বিশাদগ্ৰস্ততাৰ চিকাৰ হব পাৰে।বয়সীয়াল লোকৰ বিশেষকৈ মহিলা সকলৰ পিচলি পৰা সম্ভাৱনা বাঢ়ি যায়।
নিদ্ৰাহীনতা প্ৰতিৰোধৰ উপায়সমূহ: আমাৰ অভ্যাস তথা দৈনন্দিন জীৱন ধাৰনৰ শৈলীৰ কিছু পৰিবৰ্তন আৰু ধনাত্মক চিন্তাধাৰাৰ দ্বাৰা নিদ্ৰাহীনতা প্ৰতিৰোধ কৰিব পাৰি। সেইবোৰ হৈছে
১)সদায় এক নিৰ্দিষ্ট সময়ত শুবলৈ যোৱা আৰু শুই উথাৰ অভ্যাস কৰিব লাগে। শোৱাৰ সময়ত কোনোধৰণৰ চিন্তা বা পৰবৰ্তী দিনৰ পৰিকল্পনা কৰিব নালাগে। সাধাৰণ কিছুমান ব্ৰিথিং এক্সাৰচাইচ কৰিব পাৰে আৰু শুই চকু মুদি ভগৱান ক মৌনভাবে প্ৰাৰ্থনা কৰিব লাগে।
২) প্ৰতিদিনে কৰ্মব্যস্ত হৈ থকিব লাগে আৰু শাৰীৰিক শক্তি খৰছ হোৱা কাৰ্য্য কৰিব লাগে।
৩)এলক’হল আৰু ধূমপান ৰ অভ্যাস বাদ দিব লাগে। চাহ-কফিৰ কমকৈ খাব লাগে যাতে শৰীৰে কেফেইন কম পৰিমাণে লাভ কৰে।সন্ধিয়া ৰ পিছত চাহ-কফি খাব নালাগে।
৪) নিশাৰ আহাৰ কম পৰিমাণে গ্ৰহণ কৰিব লাগে। সন্ধিয়াৰ পিছৰ পৰাই পানী আৰু পানীয় বস্তুৰ সেৱন কমাব লাগে।
৫) ৰাতি শোবলৈ যোৱাৰ আগতে কুহুমীয়া গৰম পানীৰে আঠুৰ ওপৰৰ পৰা ভৰি দুখন আৰু বাহুৰ পৰা হাত দুখন ধোব লাগে।
৬) নিশা শুবলৈ যোৱাৰ আগতে টিভি চোৱা, কম্পিউটাৰ বা মোবাইল ফোনত ভিডিঅ’ গেম খেলা আদি কামবোৰ কৰিব নালাগে। যিসকল লোকে নিদ্ৰাহীনতা ত ভুগি আছে তেওলোকে দিনত শোব নালাগে বা দিনটোৰ অন্য সময়তো বিছনাত বাগৰি জিৰণি লব নালাগে।
৭)নিয়মিত ভাৱে ব্যয়াম আৰু যোগাসনৰ দ্বাৰা নিদ্ৰাহীনতাৰ পৰা মুক্তি পাব পাৰি। ব্যয়াম সদায় ৰাতিপুৱা সময়ত কৰা উচিত। সন্ধিয়া ব্যয়াম কৰিলে নিদ্ৰাহীনতা সমস্যাটো বাঢ়িব পাৰে। কমৰ পৰা মধ্যমীয়া প্ৰাবল্যৰ এৰোবিক ব্যয়াম দৈনিক মাত্র ৩০মিনিট কৈ সপ্তাহত পাচ দিন কৰিলে নিদ্ৰাহীনতা সমস্যাত সুফল পোৱা যায়। ইয়াৰ পৰিবৰ্তে গধুৰ ব্যয়াম কৰিলে নিদ্ৰাহীনতা বাঢ়ি যাব পাৰে। খোজ কঢ়া,চাইকেল চলোৱা, সাতোৰা, জংগিং কৰা, ব্ৰিথিং এক্সাৰচাইচ আদি বহুত উপকাৰী হয়।দৈনিক যোগাসন আৰু ধ্যানৰ কৰিলেও শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰি লগতে নিদ্ৰাহীনতা ও দূৰ কৰিব পাৰি।
টোপনি হৈছে মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ প্ৰতিফলন। নিশাৰ গভীৰ টোপনি পাবলৈ আমি দেহ আৰু মন দুয়োটাই সুস্থ কৰি ৰাখিবলৈ যত্ন কৰা উচিত।
ফোন : ৮৬৩৮২৭২৮৬৩
Comments are closed, but trackbacks and pingbacks are open.