গ্রীষ্মকালত কেনেকৈ লব স্বাস্থ্যৰ যতন

41

ডাঃ দ্বীপজ্যোতি শর্মা

পি টি, স্নায়ুফিজিথেৰাপিষ্ট, সহকাৰী অধ্যাপক মহাত্মা গান্ধী বিশ্ববিদ্যালয়
১৩ মাইল, গুৱাহাটী

বর্তমান গৰম পৰাৰ লগে লগে আৰম্ভ হৈছে ৰদৰ প্রকোপ৷ ফলত বেছিকৈ ঘাম ওলোৱাৰ লগতে শৰীৰবোৰ ততালিকে ভাগৰুৱা আৰু মনবোৰ ভাল নালাগে৷ আনহাতে, কৰবাত যাব খুজিলে ৰদটো দেখি পিছহুঁহকি আহিবলগীয়া হয়৷ প্রকৃততে এই সময়ত সঘনাই বতৰ সলনি হোৱাৰ বাবে শিশুৰ পৰা বৃদ্ধলৈ বেমাৰ–আজাৰৰ মাত্রা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত সাধাৰণ সমস্যাসমূহ হল

ছানবার্নঃ গৰম দিনকেহটাত শৰীৰৰ উন্মুক্ত স্থানত বেছিকৈ সূর্যৰ পোহৰ পৰিলে ছাল ৰঙা, মৃদু মূৰ ঘূৰোৱা আৰু ভাগৰ অনুভৱ হয়৷

হিট ষ্ট্রোকঃ গৰমকালি সচৰাচৰ হোৱা অসুবিধাৰ ফলত ব্যক্তি এজনৰ উশাহ লোৱাত অসুবিধা, দ্রুত স্পন্দন, উচ্চ তাপমাত্রা, বিভ্রান্তি আদি অন্তর্ভুক্ত হয়৷

খোঁচ খোৱা তাপঃ ইয়াত আর্দ্রতা আৰু গৰমৰ মাত্রা বেছি হলে ঘামৰ গ্রন্থিবোৰ বন্ধ হোৱাৰ ফলত ছালত ৰঙা দাগ পৰে৷

বিষক্রিয়াঃ এই ঋতুত গৰমৰ প্রভাৱত খাদ্য বস্তু সোনকালে নষ্ট হোৱাৰ কাৰণে পইজনিং হোৱাৰ আশংকা থাকে৷

ডায়েৰিয়াঃ গ্রীষ্মত খাদ্য তৎকালে বেয়া হোৱা নাইবা দূষিত খাদ্য, অসুৰক্ষিত পানী খোৱাৰ অভ্যাসে এই সময়ত ডায়েৰিয়া কৰিব পাৰে৷

চিকেন পক্স আৰু ছালৰ দাগঃ গ্রীষ্মত শিশু আৰু প্রাপ্তবয়স্ক্সকলৰ মাজত মাত্রাধিক ঘাম নির্গত হলে ছাল চেকুৰা পৰাৰ উপৰি ৰোগ প্রতিৰোধ ক্ষমতা কম থকা লোকসকলৰ তীব্র জ্বৰ, ৰঙা বা সৰু চেকুৰাৰ ৰূপত চিকেন পক্সও হব পাৰে৷

সৰু আইঃ ই পেৰামিক্সো নামৰ ভাইহৰাছে দ্রুতগতিত প্রজনন হৈ ডিঙিৰ বিষ, কাহ, চকু ৰঙা পৰা লক্ষণ সততে প্রতিফলিত হয়৷

জণ্ডিচঃ প্রখৰ উত্তাপৰ পৰিত্রাণ বিচাৰি কেতিয়াবা যতে–ততে খোৱা পানী আৰু খাদ্যয়ো এই ৰোগৰ মুখ্য কাৰক৷

টাইফয়ডঃ সাধাৰণতে পানীৰ উৎসবোৰ মৌখিক পথৰ মাজেৰে শৰীৰত প্রৱেশ কৰি দুর্বলতা, ভোক নোহোৱা, পেটৰ বিষ, তীব্র  জ্বৰ ইত্যাদি প্রাৰম্ভিক অবস্থাত হয়৷

মাম্পচঃ এক ধৰণৰ অত্যন্ত সংক্রামক হিচাপে চিহ্ণিত এনে ৰোগ কাহ বা হাঁচি মাৰিলে বেলেগৰ শৰীৰলৈ সংক্রমিত হয়৷

দৰাচলতে গৰমত সুস্থ থকাৰ বাবে কিছুমান প্রাথমিক প্রস্তুতি হিচাপে ঘৰত বা আন ঠাইত হওক কেনে ধৰণৰ খাদ্য সামগ্রী অন্বেষণ কৰিব তাৰ প্রতি মন কৰাটো খুব প্রয়োজনীয়, সেই অনুসৰি-

ক। গৰমৰ সময়ত ঘামৰ যোগেদি যথেষ্ট পানী শৰীৰৰ পৰা কমি যায়৷ সেয়ে দৈনিক ২-২.৫ লিটাৰ পানী খাব লাগে৷ ইয়াৰ বাহিৰেও নেমু ৰস, তেঁতেলিৰ চৰবত, কুঁহিয়াৰ, ডাবৰ পানী, বাটাৰ মিল্ক্ বা চাতুগুৰিৰ ৰস পান কৰিব পাৰিলে ডি–হাইহড্রেচনৰ অভাৱ হব নিদিয়ে৷

খ। সেইদৰে দেহাটোক শীতল কৰি ৰাখিবলৈ বিভিন্ন এণ্টি অক্সিডেণ্ট, পুষ্টি, পানীসমৃদ্ধ ফল তৰমুজ, তিয়ঁহ, কমলাহ সুস্থ কৰি ৰখাৰ লগতে পেটো ভালে ৰাখে৷

গ। ঠিক তেনেকৈ প্রবায়টেক গুণসম্পন্ন দৈ গৰমত এটা ভাল বিকল্প হোৱাৰ হেতুকে প্রতিদিনে কম পৰিমাণে খালে হজম শক্তি বৃদ্ধি আৰু দেহ মন ঠাণ্ডা কৰি ৰাখিলেও এলার্জি থকা ব্যক্তিসকলে দৈ চাহ–চিতিহে খাব৷

ঘ। গৰম দিনত বেছি মচলা খাদ্য খোৱাৰ পৰিৱর্তে কম প্রটিন আহাৰ তথা আমাৰ থলুৱা খাদ্য পঁইতাভাত, পিটিকা, চাটনি, চালাড, ভিটামিন বি কমপ্লেক্স গাখীৰ, মাছ দিনতো সক্রিয় আৰু পাচনতন্ত্রত কোনো অপকাৰ নকৰে৷

ঙ। তাৰ লগতে আঁহযুক্ত মিঠা মাকৈও ছাল, চুলি, চকু স্বাস্থ্যৱান কৰাৰ সমান্তৰালকৈ হনী ব্রেডত সন্নিৱিষ্ট কোলাজেন পুনঃগঠন কৰে, লগতে এই দুয়োবিধ উপাদানত নানা লাগতিয়াল ভিটামিন বি, ইৰ বাবে গৰমত খোৱাটো উপযুক্ত বুলিব পাৰি৷

গ্রীষ্মকালৰ স্বাস্থ্যকৰ জীৱন যাপনৰ জৰিয়তে ফিট হৈ থকাটো মূল চাবিকাঠী৷ সেয়ে স্বাস্থ্য পৰামর্শবোৰ তলত উল্লেখ কৰা ধৰণৰ-

✅সদায় ঢিলা, বতাহ চলাচল কৰিব পৰা কাপোৰ পিন্ধিব আৰু বাহিৰলৈ যেতিয়া যায়, তেতিয়া হাত–ভৰি ঢাকি, চকুত ছানগ্লাছ, ছাতি আদি ব্যৱহাৰ কৰিব৷

✅গ্রীষ্মত খাদ্য হজম কৰাটো কঠিন কাৰণে পাতল আহাৰ গ্রহণ কৰাৰ লগতে ফ্রীজত বহুদিন বস্তু থৈ নাখাব৷

✅গৰমদিন আহিল বুলিয়ে বেঙুনীয়া ৰশ্মিৰ পৰা হাত সাৰি থাকিবলৈ মুখত ছানস্ক্রীন আৰু উন্নতমানৰ ফেচৱাছ, মহশ্বৰাইজ কৰিবলৈ নাপাহৰিব৷

✅এইহ সময়ত পাৰিলে দিনত, আবেলি ঘৰতে থাকি পুৰা কিছু সোনকালে উঠিবলৈ চেষ্টা কৰক৷

✅আনহাতে ডায়েবেটিছ, উচ্চ ৰক্তচাপ, দীর্ঘম্যাদী স্থিতি থকা ব্যক্তিসকলে পৰিৱর্তনশীল ঋতুৰ ওপৰত আধাৰিত সন্তুলিত খাদ্য অধিক অনুসৰণ কৰক৷

✅তাৰ সমানে সমানে কিছু শাৰীৰিক কার্যকলাপ বেগাই খোজ কঢ়া, চাইকেল চলোৱা, যদি সম্ভব সাঁতোৰা হত্যাদি নিজৰ সুবিধা অনুযায়ী ২০-৩০ মিনিট কৰক৷

দৰাচলতে এনেধৰণৰ সৰল পদক্ষেপবোৰ আমাৰ ব্যস্ত ৰুটিঙত সন্নিৱিষ্ট কৰিব পাৰিলে স্বাস্থ্যৱান আৰু শীতল হৈ থকাত সদায়ে সঁহাৰি যোগায়৷

ফোনঃ ৬০০০৩-৪২৩৫৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.