ডাঃ দ্বীপজ্যোতি শর্মা
প্রাচীন কালৰে পৰাই মানুহে পৰিৱেশৰ লগত সংগ্রাম কৰি চলি আহিছে৷ সভ্যতাৰ বিকাশৰ লগে লগে বিজ্ঞান আৰু প্রযুক্তিৰ উন্নতি হৈছে যদিও এনে সংগ্রাম কমি নগৈ বৰং মানুহৰ কাৰুকার্যই জৈৱ পৰিৱেশৰ অৱস্থা অধিক ভয়াৱহ কৰি তুলি জীৱন আৰু লালন–পালনত হাৰ মানিবলগা হৈছে৷ যাৰ ফলত বতৰ আৰু পৰিৱেশৰ পৰিৱর্তনৰ লগে লগে কিছুমান লোকক গ্রীষ্মকালত হিটষ্ট্রোকৰ উপসর্গই দেখা দিয়ে৷ সাধাৰণ প্রচণ্ড গৰমত শৰীৰৰ উত্তাপ ১০৮ ডিগ্রী ফাৰেনহাইটতকৈ দ্রুততাৰে বৃদ্ধি হয়৷ ফলত কেন্দ্রীয় স্নায়ুতন্ত্রৰ সৈতে জডিত চিহ্ণ আৰু লক্ষণবোৰ হল-
👉 অতিপাত ঘাম ওলাই ছাল শুকান, সেমেকা হয়৷
👉 পেট অসুস্থ কৰি বমি হব পাৰে৷
👉 তাপমাত্রা বৃদ্ধিৰ ফলত ছাল ৰঙা পৰে৷
👉 দ্রুত অগভীৰ উশাহ, হৃদস্পন্দন হয়৷
👉 মূৰ ঘূৰোৱা, মূর্ছা যোৱা৷
👉 অলিগুৰিয়া প্রস্রাৱৰ উৎপাদন কম, এটেক্সিয়া চলাচল, সমন্বয়ৰ সমস্যা৷
👉 ডিহাইড্রেচন, বিভ্রান্তি, পৰিৱর্তিত মানসিক স্থিতি৷
দৰাচলতে হিটষ্ট্রোকৰ প্রভাৱত ভুক্তভোগীৰ শৰীৰৰ উষতা হ্রাস কৰাৰ প্রচেষ্টা নকৰিলে মৃত্যুপর্যন্ত হব পাৰে বাবে ঠাই লোৱা কাৰকবোৰ এনেধৰণৰ-
👉 আর্দ্র বতৰৰ সংস্পর্শলৈ দীঘলীয়া সময়ৰ বাবে আহিলে বয়সস্থ বা প্রাপ্তবয়স্ক্ লোকৰ দীর্ঘম্যাদী হিটষ্ট্রোক হোৱাৰ আশংকা থাকে৷
👉 গৰম দিনত তীব্র শাৰীৰিক সক্রিয়তাৰ ফলত উচ্চ তাৰমাত্রাত অভ্যস্ত হলে হিটষ্ট্রোক হব পাৰে৷
👉 কোনো ব্যক্তিয়ে অতিৰিক্ত কাপোৰ পিন্ধিলে সহজে বাষ্পীভূত হোৱা ঘাম প্রতিহত কৰিলে হব পাৰে৷
👉 ঘামৰ দ্বাৰা হেৰুওৱা তৰল পূৰণ কৰিবলৈ পর্যাপ্ত পানী গ্রহণ নকৰিলে হিটষ্ট্রোক হয়৷
👉 কিছুমান চিকিৎসীয় স্থিতি মেদবহুলতা, হূদৰোগ, ডায়েবেটিছ, স্নায়ৱিক বিকাৰ, উষতা ক্ষমতা হ্রাস পালে তাপ ষ্ট্রোকৰ প্রতি সংবেদনশীলতা বৃদ্ধি পায়৷
👉 কিছুমান ঔষধ যেনে মূত্রনাশক, এণ্টিহিষ্টামাইন, প্রটাব্লকাৰ, ঘামৰ জৰিয়তে তৰল বৃদ্ধি কৰাৰ সামর্থ্যত ঔষধ হস্তক্ষেপ কৰিলে ৰোগৰ আশংকা থাকে৷
প্রকাৰঃ
হিটষ্ট্রোকক মূলতঃ দুটা মুখ্য ভাগত শ্রেণীবদ্ধ কৰা হয়৷
পৰিশ্রমমূলক হিটষ্ট্রোকঃ গৰম বা আর্দ্র স্থিতিত কঠোৰ শাৰীৰিক সক্রিয়তাৰ ফলত এনেধৰণৰ হিটষ্ট্রোক হয়৷ ই প্রায়ে এথলেটিক, সামাজিক কর্মীবোৰ প্রভাৱিত হয়৷
অপৰিশ্রমমূলক ক্লাছিক হিটষ্ট্রোকঃ ইয়াত গৰম পৰিৱেশৰ দীঘলীয়া সময় অহাৰ সময়ত উচ্চ উষতা বা তাপ তৰংগই দুর্বল লোকসকলৰ ক্ষেত্রত বৃদ্ধ, নৱজাতক অধিক সচৰাচৰ হয়৷
ব্যৱস্থাপনা আৰু চিকিৎসা
যদি কোনো ব্যক্তি হঠাৎ হিটষ্ট্রোকৰ বলি হয়, তেতিয়া ৯১১ নম্বৰত ফোন কৰি ব্যক্তিজনক চিকিৎসালয়ত লৈ গলে চিকিৎসকে প্রাথমিক চিকিৎসা হিচাপে শীত–তাপ নিয়ন্ত্রিত পৰিৱেশ বা শীতল ছায়াময় স্থানলৈ স্থানান্তৰ কৰা হয় আৰু ব্যক্তিজনৰ তাপমাত্রা ১০১ আৰু ১০২ ফাৰেনহাইটলৈ নমাই প্রথমে উশাহ–নিশাহৰ বায়ুপথৰ অৱৰোধ আঁতৰ কৰিবলৈ তেজ পটাচিয়াম, ছডিয়াম, প্রস্রাৱ, পেশীৰ পৰীক্ষা সহায় লোৱা হয়৷ সেই অনুপাতে পেশী শিথিলকৰণ কৰাৰ উপৰি কুলিং পদ্ধতিৰ সহায়ত উষ্ণতা হ্রাস কৰিবলৈ ডিঙি, পিঠি, বৰফৰ পেক প্রয়োগ কৰা হয়৷ অৱশ্যে ডিহাইড্রেচন, ইলেকড্রলাইট ভাৰসাম্যহীনতা সন্তুলন পুনৰুদ্ধাৰ কৰিবলৈ সিৰাত তৰল ঔষধৰ প্রয়োগ কৰা যায়৷
সাৱধানতা
গৰমত ডায়েৰীয়া, ফুড পয়জনিং, বদহজম, কলেৰা প্রায়ভাগ লোকৰে হোৱা দেখা যায়৷ সেইবাবে এইবোৰৰ পৰা বাচিবলৈ খোৱা পানীখিনি উতলাই ঠাণ্ডা কৰি আৰু ৰন্ধা–ববাৰ ক্ষেত্রত পৰিষ্কাৰ হয়৷
👉 গৰমত নিজকে হাইড্রেট কৰি ৰাখিবলৈ সতেজ ফল, পাচলি আৰু ঢিলা পোছাক পৰিধান কৰিব৷
👉 গ্রীষ্মকালীন আহাৰত ভজা, জাংক ফুড বেছিকৈ খোৱাৰ পৰা পৰিহাৰ কৰি শাক, নেমু, দৈ, পাতল খাদ্য অন্তর্ভুক্ত কৰক৷
👉 গৰমত যাত্রাৰ সময়ত অআৰএছ, ইলেকড্রলাইট পাউডাৰ, নাৰিকলৰ পানী, চালাদ খোৱাৰ লগতে তাপৰ পৰা হাত সাৰিবলৈ ছাতি, টুপী, উচ্চমানৰ ছানগ্লাছ, কপাহী গ্লভছ ব্যৱহাৰ কৰা উচিত৷
ফোনঃ ৬০০০৩-৪২৩৫৩
Comments are closed, but trackbacks and pingbacks are open.