বিষ নিৰাময়ৰ বাবে হিট আৰু ক’ল্ড থেৰাপী

ৰাজীৱ কাশ্যপ
বিষ নিৰাময়ৰ ক্ষেত্ৰত হিট আৰু ক’ল্ড থেৰাপিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। সাধাৰণভাৱে হিট থেৰাপি মানে হৈছে গৰম সেক আৰু ক’ল্ড থেৰাপি হৈছে ঠাণ্ডাৰ সেক বা প্ৰয়োগ।কিছুমান বিষ নিৰাময় কৰিবলৈ হিট থেৰাপি আৰু কিছুমান বিষত ক’ল্ড থেৰাপি ব্যবহাৰ কৰা হয়।সাধাৰণভাবে কবলৈ হলে  আঘাট পোৱাৰ পিছতে হোৱা বিষ আৰু উখহি উঠা কমাবলৈ ক’ল্ড থেৰাপি আৰু মাংসপেশীৰ বিষ,আৰু জঠৰতা দূৰ কৰিবলৈ হিট থেৰাপি ব্যৱহাৰ কৰা হয়। গৰম বা ঠাণ্ডা সেকে আমাৰ শৰীৰত কেনেধৰণৰ প্ৰভাৱ পেলায় আৰু কেনেদৰে বিষৰ অনুভৱ কমাই সেই বিষয়ে জানো আহঁক।
হিট থেৰাপিৰ শাৰীৰিক প্ৰভাৱ
গৰম সেক প্ৰয়োগ কৰাৰ লগে লগে শৰীৰৰ বিশেষ অংশটোত তেজৰ সঞ্চালন বৃদ্ধি পায় । যদিহে সেই অংশত শৰীৰৰ অপ্ৰয়োজনীয় কিছুমান বস্তু জমা হৈ আছে সেইখিনি তেজে বোৱাই লৈ যায়। তাৰোপৰি গৰমৰ অনুভুতিয়ে বিষৰ অনুভৱ কঢ়িয়াই অনা স্নায়ুবোৰক সাময়িক ভাবে নিস্ক্ৰিয় কৰি দিয়ে, যাৰবাবে বিষৰ অনুভৱ নহয়। মাংসপেশী আৰু গাঠিৰ কিছুমান বিষ আৰু জঠৰতা দুৰ কৰাৰ ক্ষেত্ৰত হিট থেৰাপি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।গৰম সেক দিলে  তেজৰ সঞ্চালন বৃদ্ধি  হয় বাবে আঘাট পোৱা অংশলৈ পুষ্টি আৰু অক্সিজেন  যোগান অধিক হয় আৰু আঘাতৰ ফলত মৰি হোৱা কলা বা টিচুখিনি সোনকালে পৰিপূৰ্ণ হয়।
হিট থেৰাপিৰ দুটা প্ৰধান প্ৰকাৰ থাকে, ড্ৰাই হিট আৰু মইষ্ট্ হিট। ড্ৰাই হিট বালি বা নিমখ গৰম কৰি দিব পাৰি,কিছুমান শুকান হিট পেকচৰ দ্বাৰা ও দিয়া হয়। কিছুমান ক্ষেত্ৰত শিল গৰম কৰিও সেক দিয়া হয়। এই প্ৰকাৰৰ হিট থেৰাপি প্ৰয়োগ কৰিবলৈ সহজ।
মইষ্ট হিট থেৰাপি গৰম পানীৰ দ্বাৰা বা গৰম পানীৰ তিয়াই থোৱা কিছুমান টোপোলাৰ দ্বাৰা দিয়া হয়। মইষ্ট হিট থেৰাপি  তুলনামূলকভাৱে কম সময়তে বেছি ফলপ্ৰসু হয়।
ফিজিঅ’থেৰাপিষ্ট সকলেও হিটথেৰাপিৰ বাবে  কিছুমান ইলেক্ট্ৰনিক যন্ত্ৰ ব্যৱহাৰ কৰে। সেইবোৰ হৈছে আল্ট্ৰা চাউন্ড থেৰাপি, চৰ্ট ওৱেভ থেৰাপি, ইনফ্ৰা ৰেড থেৰাপি আদি ব্যৱহাৰ কৰে, যিবোৰ ব্যৱহাৰ দ্বাৰা বিষৰ পৰা উপশম পাব পাৰি। ইয়াৰ উপৰিও ওৱেক্স বাথ থেৰাপি, হাইড্ৰ’থেৰাপি ৰ দ্বাৰা গাঠিৰ বিষত ভাল ফল পোৱা যায়। ওৱেক্স-বাথ থেৰাপিৰ বাবে ‘পেৰাফিন ওৱেক্স’ নামৰ এবিধ বিশেষ ধৰণৰ মম ব্যবহাৰ কৰা হয়। এই বিধ মমৰ গলনাংক কম, মানে কম উষ্ণতাত গলি যায়। এই মমবিধ গলাই বিশেষকৈ গাঠিৰ ওপৰত লগালে বিষ আৰু জঠৰতা কমি যায়। পেৰাফিন ওৱেক্স কম উষ্ণতাত গলে বাবে ই নোপোৰে। তথাপিও মমখিনি লগোৱাৰ সময়ত ইয়াৰ উষ্ণতা পৰীক্ষা কৰি লব লাগে।
হাইড্ৰ’থেৰাপি হৈছে এটা কুহুমীয়া গৰম পানীৰ পুল য’ত পানীৰ উষ্ণতা ৩৩-৩৬ ডিগ্ৰী চেন্টিগ্ৰেট ৰ ভিতৰত নিয়ন্ত্ৰিত কৰা থাকে। এই পানীত ৰোগী জনক ৩০ মিনিট মান সময় ৰখা হয় আৰু পানীৰ ভিতৰতে কিছুমান ব্যয়াম কৰোৱা হয়। শৰীৰৰ কেইবাটাও গাঠি জঠৰ হ’লে এই থেৰাপি কৰোৱা হয়। গাঠি বিষ আৰু জঠৰতা দূৰ কৰাৰ ক্ষেত্ৰত এই পদ্ধতিটো বহুত ফলপ্ৰসু হয়।শৰীৰৰ সন্তুলন আৰু মাংসপেশীৰ শক্তি বৃদ্ধি কৰিবলৈও হাইড্ৰ’থেৰাপি ব্যৱহাৰ কৰা হয়।
হিট থেৰাপি ১৫-২০ মিনিট মান সময় লৈ প্ৰয়োগ কৰা হয়। হিট থেৰাপি প্ৰয়োগ কৰা সময়ত উষ্ণতা ভালদৰে পৰীক্ষা কৰি প্ৰয়োগ কৰিব লাগে নহলে জ্বলি পানীজোলা ফুটিব পাৰে। কিছুমান ব্যক্তিৰ ছাল গৰম ৰ প্ৰতি অতি সক্ৰিয় হয় আৰু তেনেলোকৰ ছাল কম সময়তে বা কম উষ্ণতা তে পুৰিব পাৰে। হিটথেৰাপি প্ৰয়োগ কৰাৰ সময়খিনি ত ছালখন পৰীক্ষা কৰি থাকিব লাগে, আৰু ৰঙচুৱা পৰা দেখা পালে ইয়াৰ প্ৰয়োগ বন্ধ কৰিব লাগে।
 কিছুমান অন্য সমস্যা শৰীৰত থাকিলে হিটথেৰাপি ব্যৱহাৰ কৰিব নালাগে। সেইবোৰ হৈছে

👉   অত্যাধিক জ্বৰ উঠিলে
👉  মেলিগনেন্ট বা কৰ্কট ৰোগ হোৱা টিউমাৰৰ ওপৰত হিট থেৰাপি দিব নালাগে।
👉 ছালত সংক্ৰমিত ৰোগ হ’লে বা নুশুকুৱা ঘাঁ থাকিলে হিট থেৰাপি দিব নালাগে। সংক্ৰমণ(Infection) হৈ থকা অংশত হিট থেৰাপি দিলে তেজৰ লগত সংক্ৰমণ অন্য ঠাইলৈ প্ৰসাৰিত হব পাৰে।
👉 ৰক্ত পৰিবহন তন্ত্ৰৰ কিছুমান ৰোগ যেনে থ্ৰম্ব’ছিছ,পেৰিফেৰেল ভাস্কুলাৰ ডিজিচ্  আদিত হিট থেৰাপি প্ৰয়োগ কৰিলে গুৰুতৰ সমস্যা হব পাৰে।
👉 কিছুমান স্নায়ুৰোগ জনীত কাৰণত গৰম আৰু ঠাণ্ডা অনুভৱ কৰিব নোৱাৰিলে তেনেকুৱা লোকক হিটথেৰাপি দিব নালাগে।
👉 আঘাত পোৱাৰ লগে লগে,নাইবা আঘাট পোৱা ঠাইখিনি ৰঙা পৰি থাকিলে বা গৰম হৈ থাকিলে, অত্যাধিক বিষৰ লগতে উখহি থাকিলে হিট থেৰাপি প্ৰয়োগ কৰিব নালাগে।
👉 ৰেডিয়েচন থেৰাপি দিয়াৰ পিছতো হিটথেৰাপি প্ৰয়োগ কৰিব নালাগে।

 

ক’ল্ড থেৰাপি
ইয়াক ক্ৰায়’থেৰাপি বুলিও কোৱা হয়।ইয়াক সাধাৰণতে বৰফৰ দ্বাৰা দিয়া হয়। বৰফৰ টোপোলা বনাই আঘাট পোৱা অংশত মালিচ কৰিব পাৰি বা কিছুমান ক্ষেত্ৰত  বৰফৰ পাত্ৰত আঘাট পোৱা অংশটো কিছু সময়ৰ বাবে সুমুৱাই থোৱা হয় যাক আইচ বাথ্  বুলি কোৱা হয়। তাৰোপৰি কিছুমান ঠান্ডা কৰি থব পৰা স্প্ৰে পোৱা যায় যিবোৰ আঘাট পোৱাৰ লগে লগে সেই অংশটো স্প্ৰে কৰি দিয়া হয়।
এতিয়া কল্ড থেৰাপি বা ঠাণ্ডা সেকটো কেতিয়া ব্যৱহাৰ কৰিব লাগে সেইটো জানো আহঁক। ক’ল্ড থেৰাপি শৰীৰৰ কোনো অংশত প্ৰয়োগ কৰাৰ লগে লগে সেই অংশ সিৰা-উপসিৰা সমুহ কোচ খাই যায় আৰু তেজৰ সঞ্চালন কমি যায়।হাত -ভৰিৰ গাঠি মোচোকা খোৱাৰ  লগে লগে যদি ইয়াক প্ৰয়োগ কৰা হয় সেই অংশত তেজৰ সঞ্চালন  কমাই দিয়ে যাৰবাবে উখহা বা ফুলি- উঠা হ্ৰাস পায় আৰু বিষো কমে।গাঠি ৰ লিগামেন্টত স্পেইন হ’লে,  টেন্ডনত আঘাট পালে, মাংসপেশীৰ স্পাজম বা সংকোচন হলেও ক্ৰায়’থেৰাপি প্ৰয়োগ কৰা হয়।
ক’ল্ড থেৰাপি দিবলৈ বৰফৰ কেইটামান টুকুৰা এখন টাৱেলেৰে বান্ধি আঘাত পোৱা অংশত লগাই দিব লাগে। আইচ বাথৰ ক্ষেত্ৰত আঘাট পোৱা অংশ টাৱেলেৰে মেৰিয়াই বৰফৰ গুৰিৰ মাজত সুমুৱাই দিব লাগে। বৰফ পোনে পোনে ছালত লগাব নালাগে।ইয়াৰ দ্বাৰা ছাল তথা টিচুসমুহ ক্ষতিগ্ৰস্থ হ’ব পাৰে। আঘাট পোৱাৰ লগে লগে ক’ল্ড থেৰাপি দিব পাৰিলে ভাল হয়। ক’ল্ডথেৰাপি কম সময়ৰ বাবে প্ৰয়োগ কৰিব লাগে।১০-১৫ মিনিটত কৈ বেছি ইয়াক প্ৰয়োগ কৰিব নালাগে। বেছি সময় ইয়াক প্ৰয়োগ কৰিলে স্নায়ু আৰু টিচুসমুহ ক্ষতিগ্ৰস্থ হয়। আঘাট পোৱাৰ পৰা ২৪ ঘন্টালৈ ক’ল্ডথেৰাপি সূফলদায়ক হয়। আঘাত পোৱাৰ ৪৮ ঘন্টাৰ পিছত ইয়াক প্ৰয়োগ কৰিব নালাগে।
ফোন : ৮৬৩৮২৭২৮৬৩
You might also like

Comments are closed, but trackbacks and pingbacks are open.