গলব্লাডাৰত পাত্থৰ আৰু আহাৰৰ দ্বাৰা লব লগা যতন

20

লুকীমা বৰুৱা

খাদ্য বিশেষজ্ঞা, আদিত্য ডায়েগ্ণষ্টিক এণ্ড হাস্পতাল, ডিব্রুগড

অতি সঘনাই শুনা এটা স্বাস্থ্য সমস্যা হৈছে গলব্লাডাৰৰ পাত্থৰৰ৷ প্রথমে বহু লোকে গেছ হোৱা বুলি ভাবি থাকে, পৰীক্ষা কৰোৱাৰ পিছত পাত্থৰ ধৰা পৰে৷ এনে হলে বহুতৰ অত্যধিক গেছ, পেটৰ বিষ আদি লক্ষণে দেখা দিয়ে৷

প্রথমে আমি জানি লওঁ আহক এই অংগটোৰ কাম কি মানৱ দেহত যকৃতৰ তলৰ অংশত থকা গলব্লাডাৰটো আমাৰ পাকক্রিয়াৰ লগত পৰোক্ষভাৱে জডিত৷ ইয়াৰ প্রধান কাম হৈছে যকৃতে প্রস্তু কৰা বাইলখিনি সঞ্চয় কৰি ৰাখা আৰু খাদ্যৰ হজম প্রক্রিয়াৰ সময়ত চর্বিভাগ ভাঙিবৰ বাবে বাইলখিনি ক্ষুদ্রান্তলৈ নিঃসৃত কৰা৷ বাইলে আমাৰ আহাৰত থকা চর্বিভাগ ভাঙি সৰু সৰু কণিকাত পৰিণত কৰে, তেতিয়াহে আমি চর্বিভাগ হজম আৰু শোষণ কৰিব পাৰোঁ৷

বাইল ফ্লুইডখিনি পানী, কলেষ্টেৰল, বাইল লৱন, প্রটিন আৰু বিলিৰুবিনেৰে গঠিত৷ যেতিয়া এই উপাদানসমূহৰ পৰিমাণ বাইল ফ্লুইডত বহু বেছি হয়, তেতিয়া বিশেষ পৰিস্থিতিত গোট মাৰি পাত্থৰৰ সৃষ্টি কৰে৷ গলব্লাডাৰৰ পাত্থৰ দুই প্রকাৰৰ হয়৷

👉কলেষ্টেৰল পাত্থৰ, আশী শতাংশ পাত্থৰ এই প্রকাৰৰ হয়৷

👉পিগমেণ্ট পাত্থৰ, ইয়াৰ আকাৰ সৰু আৰু বিলিৰুবিনেৰে গঠিত৷

এই পাত্থৰসমূহ বিশেষকৈ কলেষ্টেৰল গঠন হোৱাৰ কাৰণসমূহ হৈছে

👉গর্ভাৱস্থা

👉বেছি বয়সীয়া লোক

👉মহিলাসকলৰ বেছিকৈ হয়

পৰিয়ালত গলব্লাডাৰৰ পাত্থৰ হোৱা আন লোক থাকিলে

👉মেদবহুলতা

👉মধুমেহ ৰোগ

👉আইবিডি

👉কম বয়সত অতি নিম্ন কেলৰিৰ জৰিয়তে শৰীৰৰ ওজন কমোৱা

👉অধিক চর্বিযুক্ত আহাৰ

👉কম আঁহযুক্ত আহাৰ

👉চর্বি কম কৰা ঔষধ সেৱন, গর্ভনিৰোধক বডি সেৱন

অন্যান্য কাৰকৰ ভিতৰত পৰে চিকলচেল ৰক্তহীনতা ৰোগ, থেলামেছিয়া, লিভাৰছিৰছিছ, অত্যধিক সুৰাপান আদি৷

গলব্লাডাৰত পাত্থৰ হোৱা লোকৰ আহাৰ কেনে হোৱা উচিত

এনে লোকৰ আহাৰত তেলৰ মাত্রা কম হব লাগে আৰু বেছি বিষ থাকিলে সিজোৱা বা ভাপত দিয়া আহাৰহে খাবলৈ দিয়া হয়৷ মছলাযুক্ত আহাৰ, মিঠাই, আচাৰ, চর্বিযুক্ত গাখীৰ, পেকেটত পোৱা চুপ, চর্বিযুক্ত  মাংস দিব নালাগে৷ বেছি আঁহযুক্ত খাদ্য যেনে– শাক–পাচলি, ফলমূল, গোটামাহ, ফ্লেক্সচিড, মিথিগুটি আদি দিয়া হয়৷ উচ্চমানৰ প্রটিনৰ বাবে থলুৱা মুর্গী, কম চর্বিযুক্ত দৈ, কণী কম পৰিমাণে দিয়া হয়৷

গলব্লাডাৰৰ পাত্থৰ হলে সাধাৰণতে এই অংগটো অস্ত্রোপচাৰ কৰি উঠাই দিয়া হয়৷ এই অস্ত্রোপচাৰৰ পিছত কিছুমান স্বাস্থ্য সমস্যা হব পাৰে৷ যিহেতু গলব্লাডাৰৰ আহাৰত থকা চর্বিভাগ হজম কৰাত এক প্রধান ভূমিকা আছে, গতিকে বহু লোকৰ ক্ষেত্রত চর্বিজাতীয় খাদ্য বেছি তেলযুক্ত খাদ্য আৰু অধিক আহাৰ প্রথমে হজম কৰাত অসুবিধা হয়৷ ফলস্বৰূপে পেটৰ বিষ, পেট ফুলা ফুলা লগা ভাৱ হয়, আৰু ডায়েৰীয়াত ভোগে৷ দ্বিতীয়তে, প্রথম অৱস্থাত শৰীৰৰ ওজন কমি যায় যদিও ক্রমান্বয়ে এই লোকসকলৰ ওজন বািি যায়৷ সেইবাবে তেওঁলোকে সঠিক আহাৰৰ দ্বাৰা শাৰীৰিক ওজন ঠিক ৰাখিবলৈ যত্নপৰ হব লাগে৷ তদুপৰি ব্যায়াম কৰি শাৰীৰিকভাৱে সক্রিয় হৈ থকা উচিত৷ এনে লোকৰ অদূৰ ভৱিষ্যতে মধুমেহ ৰোগ হোৱাৰ সম্ভাৱনা থাকে৷ গতিকে আহাৰৰ ওপৰত ধ্যান দিয়া আৱশ্যক৷

অৱশ্যে এই লোকসকলৰ বাকী খাদ্যবস্তুৰ হজম ভালদৰে হয়৷ গলব্লাডাৰৰ অবিহনে হজম ক্রিয়াৰ সময়ত বাইলখিনি পোনে পোনে ক্ষুদ্রান্তলৈ আহে৷

এই অস্ত্রোপচাৰৰ পিছত আহাৰৰ ক্ষেত্রত কেইটামান কথা সম্পূর্ণ আৰোগ্য লাভ নকৰালৈকে মানি চলিব লাগে৷

👉সঘনাই কম পৰিমাণৰ আহাৰ খাব লাগে৷

👉ৰন্ধনত তেল ব্যৱহাৰ কৰিব নালাগে৷

👉তেলত ডুবাই ভজা খাদ্য বেচি তেল–মছলাযুক্ত আহাৰ খাব নালাগে৷

👉চর্বিযুক্ত মাংস, চর্বিযুক্ত গাখীৰ খোৱা অনুচিত৷

👉ক্রমান্বয়ে আঁহযুক্ত আহাৰ যেনে– শুকান ফল, গোটা মাহ, শুকান বিন আদি খাদ্য তালিকাত ৰাখিব লাগে৷

👉কিছুদিন কেফেইন থকা খাদ্য পৰিহাৰ কৰিব লাগে৷

👉সুৰাপান ত্যাগ কৰিব লাগে৷

👉শাৰীৰিকভাৱে সক্রিয় হৈ থকা আৱশ্যক৷

👉চিকিৎসকৰ পৰামর্শ মানি চলিব লাগে৷

👉প্রয়োজনসাপেক্ষে খাদ্য বিশেষজ্ঞৰ পৰামর্শ লব৷

গলব্লাডাৰ পাত্থৰ নহবৰ বাবে আহাৰৰ ক্ষেত্রত কি কি কথা মানি চলিব লাগে

তলৰ সাৱধানতাখিনি মানি চলিলে আমি গলব্লাডাৰৰ পাত্থৰ হোৱাৰ সম্ভাৱনা কমাই ৰাখিব পাৰোঁ

ভিটামিন–ডিয়ে পাত্থৰ হোৱাত বাধা দিয়ে, গতিকে টেঙা ফল আমি দৈনিক খাব লাগে৷ কফিত থকা কেফেইনে বাইল ফ্লুইডত থকা কলেষ্টেৰলখিনি গোট মৰাত বাধা দিয়ে আৰু এই ফ্লুইডৰ চলাচল সুষম কৰি ৰাখি পাত্থৰ হোৱাৰ সম্ভাৱনা কমায়৷ সদায় সুষম আহাৰ গ্রহণ কৰিব লােিগ৷ মাছৰ তেল, শুকান ফলত থকা তেল, তেলৰ গুটি মানে যেনে– তিল, ফ্লেএচিড, ছালফ্লাৱাৰ গুটি আদিত উপকাৰী চর্বি থাকে৷ তদুপৰি শাক–পাচলি, ফলমূল গোটা মাহ, শুকান বিন, গোটা শস্যৰ পৰা তৈয়াৰী খাদ্যই আহাৰত আঁহৰ পৰিমাণ ববায়৷ যি পাত্থৰ হোৱাৰ পৰা বচাই ৰাখে৷ তদুপৰি ব্যায়ামৰ দ্বাৰা শৰীৰৰ মেদ কমাই  ৰাখিব লাগে৷

উপৰিউক্ত প্রতিৰোধ ব্যৱস্থাখিনি মানি আমি নিজকে পাত্থৰ হোৱাৰ পৰা সুৰক্ষা দিব পাৰোঁ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.