অন্তঃক্ষৰা গ্ৰন্থিৰ ক্ষৰণ আৰু ইয়াৰ ওপৰত ব্যায়ামৰ প্ৰভাৱ

ৰাজীৱ কাশ্যপ

অন্তঃক্ষৰা গ্ৰন্থিসমূহে নিশৰন কৰা হৰমনসমূহে আমাৰ শৰীৰৰ বিভিন্ন প্ৰক্ৰিয়া ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই গ্ৰন্থিসমূহে ক্ষৰণ কৰা হৰমন সমূহ তেজৰ দ্বাৰা প্ৰবাহিত হৈ শৰীৰৰ বিয়পি পৰে আৰু নিজৰ স্বকীয় কাৰ্য্য সম্পাদন কৰে। হৰমন সমূহে আমাৰ শৰীৰৰ বৃদ্ধি, বিপাক বা মেটাবলিজম, প্ৰজনন , মানসিক অবস্থা আদি বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰে। হৰমন সমূহৰ ক্ষৰণ বিঘ্নিত হলে বিভিন্ন শাৰীৰিক সমস্যা তথা ৰোগ হব পাৰে। আমাৰ শৰীৰত থকা অন্তঃক্ষৰা গ্ৰন্থিসমূহ হল :

    ১) পিটুইটেৰি (Pituitary)    ২) থাইৰয়ড (Thyroid)    ৩) পেৰাথাইৰয়ড (Para Thyroid)    ৪)এড্ৰিনেল (Adrenal)    ৫)থাইমাছ (Thymus)    ৬) পেংক্ৰিয়াচ বা অগ্নাশয় (Pancreas)    ৭)পিনিয়েল (Pineal)    ৮) ডিম্বাশয় আৰু শুক্ৰাশয় (Testis and Ovary)
এই গ্ৰন্থিসমূহে বিভিন্ন ধৰণৰ হৰমন ক্ষৰণ কৰে। প্ৰতিটো হৰমনে শৰীৰত নিজস্ব কাৰ্য্য সম্পাদন কৰে। হৰমন ক্ষৰণ কম বা বেছি হলে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। এই হৰমন সমূহৰ ভিতৰত কিছুমান হৰমনৰ ক্ষৰণ ব্যয়ামৰ দ্বাৰা লক্ষ্যনীয় ভাবে  সন্তুলীত কৰিব পাৰি । ইয়াৰ লগতে হৰমন পৰিমান দেহত কমি গলে বা বাঢ়ি গলে হব পৰা শাৰীৰিক সমস্যা সমূহৰ পৰা হাত সাৰিব পাৰি। ব্যয়ামে কম-বেছি পৰিমাণে আমাৰ শৰীৰৰ প্ৰায় আটাইবোৰ গ্ৰন্থিৰ ক্ষৰণ প্ৰভাৱিত কৰে। ইয়াৰ ভিতৰত কেইটামান বিশেষ হৰমন আমাৰ শৰীৰত এই হৰমনসমূহৰ ভূমিকা সেই বিষয়ে অলপ আলোচনা কৰো আহক।
দৈহিক বৃদ্ধিৰ হৰমন (Growth hormone) : আমাৰ শৰীৰৰ পিটুইটেৰি গ্ৰন্থিয়ে এই হৰমনবিধ ক্ষৰণ কৰে।এই হৰমনে দেহৰ স্বভাবিক বৃদ্ধি ত সহায় কৰে।শিশু আৰু কিশোৰ-কিশোৰী সকলৰ দৈহিক উচ্চতা বৃদ্ধি হবলৈ এইবিধ হৰমনৰ প্ৰয়োজন হয়। প্ৰাপ্ত বয়স্ক লোকৰ যাৰ দৈহিক বৃদ্ধি সম্পূৰ্ণ হৈছে তেনে ব্যক্তিৰ দেহতো বৃদ্ধিৰ হৰমন ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই হৰমনে দেহৰ বিপাক বা মেটাবলিজম প্ৰক্ৰিয়া বৃদ্ধি কৰে।  ইয়াৰ ফলত মাংসপেশীসমূহৰ আকাৰ আৰু শক্তি বৃদ্ধি পায়, হাড়বোৰ মজবুত হয় আৰু হাড়ত থকা খনিজ পদাৰ্থ সমূহৰ ঘনত্ব বাঢ়ে লগতে কৰ্মোদ্দম বৃদ্ধি পায়। প্ৰাপ্তবয়স্ক ৰ দেহত এই হৰমন ৰ অভাৱ হলে হাড়বোৰত অষ্টিওপৰ’ছিছ হয়, হাড়বোৰ ঠুনুকা হয়, মাংসপেশী সৰু আৰু দূৰ্বল হয়, দেহত অধিক চৰ্বি জমা হয়,ভাগৰ লাগে,  স্মৃতি শক্তি হ্ৰাস পায়, ব্যক্তিজন হতাশা আৰু বিশাদগ্ৰস্থতাৰ চিকাৰ হয়,যৌন ইচ্ছা হ্ৰাস পায়। বৃদ্ধিৰ হৰমন ৰ অভাৱত ইনছুলিন হৰমন ৰ কাৰ্যক্ষমতা হ্ৰাস পায় আৰু ই মধুমেহ ৰোগৰ কাৰক হব পাৰে। শাৰীৰিক ব্যয়াম দ্বাৰা দৈহিক বৃদ্ধি হৰমন ৰ ক্ষৰন বৃদ্ধি পায়।এৰোবিক ব্যয়াম আৰু ওজন দঙা ব্যয়ামৰ কৰিলে পিটুইটেৰি গ্ৰন্থিৰ এইবিধ হৰমন ৰ ক্ষৰণ বাঢ়ে আৰু আমি উক্ত সমস্যাসমূহৰ পৰা হাত সাৰি থাকিব পাৰি।
ইনছুলিন :  পেংক্ৰিয়াচ বা অগ্নাশয়ৰ বিটা কোষবোৰে ইনছুলিন হৰমন নিশৰন কৰে। এই হৰমন বিধে গ্লুক’জৰ বিপাক ঘটোবাই শক্তি উৎপাদন কৰে।এই হৰমনবিধে তেজৰ গ্লুকজ হ্ৰাস কৰে আৰু অতিৰিক্ত গ্লুকজ চৰ্বিলৈ ৰূপান্তৰ কৰে।ইনছুলিন ৰ ক্ষৰণ কমি গলে বা বন্ধ হৈ গলে তেজত গ্লুকজৰ পৰিমাণ বাঢ়ি যায় আৰু তেতিয়া আমি মধুমেহ ৰোগ হোৱা বুলি কও। কিছু ক্ষেত্ৰত দেখা পোৱা যায় যে শৰীৰত ইনছুলিনৰ পৰিমাণ ঠিকে থাকিলেও দেহৰ কোষবোৰ ইনছুলিন ৰ প্ৰতি কম সক্ৰিয় হয় আৰু সেই কাৰণে গ্লুকজৰ মেটাবলিজম প্ৰক্ৰিয়া টো বাধাগ্ৰস্থ হয় ।তেতিয়া ও তেজত গ্লুকজ ৰ পৰিমাণ বাঢ়ি যায়। দীৰ্ঘ দিন ধৰি মধুমেহ ৰোগত ভোগা ব্যক্তিৰ চকু, বৃক্ক, হৃদযন্ত্ৰ ,মগজু আৰু স্নায়ুবোৰ ক্ষতিগ্ৰস্থ হয় আৰু বিভিন্ন আনুসংগিক ৰোগৰ চিকাৰ হয়‌। দেহত ইনছুলিন ৰ ক্ষৰন বৃদ্ধি আৰু মধুমেহ ৰোগৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যয়ামে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে‌। ব্যয়াম কৰিলে দেহত অক্সিজেন যুক্ত তেজৰ সঞ্চালন বৃদ্ধি হয় আৰু ইয়াৰ ফলত অগ্নাশয়ে অধিক ইনছুলিন ক্ষৰণ কৰে। তাৰোপৰি ব্যয়াম কৰিলে দেহৰ কোষবোৰ ইনছুলিন ৰ প্ৰতি অধিক সক্ৰিয় হয় আৰু কোষসমহত গ্লুকজৰ মেটাবলিজম বৃদ্ধি পায় আৰু শক্তি উৎপন্ন হয়। ইয়াৰ ফলত দৈহিক শক্তি বৃদ্ধি হয় আৰু তেজত গ্লুকজ ৰ পৰিমাণ হ্ৰাস পায়।
থাইৰয়ড হৰমন: থাইৰয়ড হৰমনত দুবিধ প্ৰধান হৰমন থাকে,থাইৰক্সিন(T4)আৰু ট্ৰাইআয়দ’থাইৰনিন(T3)। এৰোবিক ব্যয়াম কৰিলে এই দুয়োবিধ হৰমন ৰ ক্ষৰণ বৃদ্ধি পায়। থাইৰয়ড হৰমনে বিপাক বা মেটাবলিজম প্ৰক্ৰিয়া বঢ়ায়। প্ৰধানত চৰ্বি আৰু কলেষ্টেৰলৰ বিপাকত এই হৰমনে সহায় কৰে।তাৰোপৰি থাইৰয়ড হৰমনে হাড় মজবুত কৰে, মাংস পেশী ৰ শক্তি বঢ়ায়,হৃদযন্ত্ৰ ৰ কাৰ্যক্ষমতা বঢ়ায়, মগজুৰ কোষবোৰ সক্ৰিয় কৰি ৰাখে। দেহত থাইৰয়ড হৰমন (T3 আৰুT4) হৰমন কমি গলে থাইৰয়ড স্তিমুলেটিং হৰমন(TSH) ৰ পৰিমান তেজত বাঢ়ি যায় আৰু এইটো সমস্যা ক হাইপাৰথাইৰয়ডজম বুলি কোৱা হয়। এইটো সমস্যা হলে দেহৰ বিপাক ক্ৰিয়া কমি যায়, দেহত অধিক চৰ্বি জমা হয়,শৰীৰৰ ওজন বাঢ়ে, শৰীৰ অবশ হয় আৰু কাম কৰিবলৈ মন নাযায়। দৈনিক খোজ কঢ়া,জগিং কৰা,সাতোৰা,দৌৰা আদি ব্যয়াম কৰিলে তেজত থাইৰয়ড হৰমন (T3আৰুT4) পৰিমাণ বাঢ়ে আৰু TSH হৰমনৰ পৰিমাণ কমি যায়।
টেষ্টোষ্টৰন : টেষ্টোষ্টৰন হল এক প্ৰকাৰৰ পুৰুষ হৰমন।গধুৰ ব্যয়াম যেনে ওজন দঙা, ৰেজিষ্টেড এক্সাৰচাইচ আদি কৰিলে এই হৰমনৰ ক্ষৰণ বৃদ্ধি হয়। টেষ্টোষ্টৰন হৰমনে মতা মানুহৰ দেহৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। এই হৰমনে যৌন উত্তেজনা সৃষ্টি কৰে, সম্ভোগ ক্ষমতা বঢ়ায়, মাংসপেশীৰ আকাৰ আৰু শক্তি বৃদ্ধি কৰে, হাড় মজবুত কৰে আৰু তেজত লোহিত ৰক্ত কণিকাৰ সংখ্যা বৃদ্ধি কৰে। চল্লিশ বছৰৰ পিছৰ পৰা লাহে লাহে স্বভাবিকতে টেষ্টোষ্টৰন ৰ ক্ষৰণ কমিবলৈ ধৰে। ষ্টেৰয়ডযুক্ত দৰব গ্ৰহণ কৰিলে নাইবা অত্যাধিক শকত ব্যক্তিৰ দেহত টেষ্টোষ্টৰন হৰমনৰ পৰিমাণ কমি যায়। দেহত টেষ্টোষ্টৰনৰ পৰিমান কমি গলে কিছুমান শাৰীৰিক আৰু মানসিক সমস্যা হব পাৰে।সেইবোৰ হল, লিঙ্গৰ উথ্থান হ্ৰাস পায়, যৌন ইচ্ছা কমে, মাংসপেশী সমূহ দূৰ্বল হয়, হাড়ত অষ্টিওপৰ’ছিছ হয়, পেটত চৰ্বি জমা হয়, ভাগৰুৱা অনুভৱ হয় আৰু হতাশাত ভোগা দেখা যায়। গধুৰ ব্যয়াম অনুশীলন কৰি দেহত এই হৰমনৰ পৰিমাণ বঢ়াব পাৰি।
থাইমাচ গ্ৰন্থিৰ নিশৰিত হৰমন : থাইমাচ গ্ৰন্থিৰ পৰা থাইমুলিন আৰু থাইম’পয়েটিন নামৰ দুবিধ হৰমন নিশৰিত কৰে। আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰৰ প্ৰধান সেনানী T-লিম্ফোচাইট কোষবোৰ এই হৰমন ৰ দ্বাৰা সম্পূৰ্ণ কাৰ্যক্ষমতা লাভ কৰে। থাইমাচ গ্ৰন্থি জন্মৰ পিছৰ পৰা দুই বছৰৰ বয়সলৈ ই দ্ৰুত হাৰত বৃদ্ধি পায় ।তাৰ পিছত বয়ঃসন্ধিকাললৈ ই অলপ পৰিমাণে বৃদ্ধি হয়। বয়স বাঢ়ি অহাৰ লগে লগে এই গ্ৰন্থিৰ আকাৰ সৰু হৈ যায় আৰু বৃদ্ধ অবস্থাত প্ৰায় নাইকিয়া হৈ পৰে।থাইমাচ গ্ৰন্থিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।বয়স বঢ়াৰ লগে লগে স্বভাবিক ভাবে এই গ্ৰন্থিৰ অবক্ষয় হয়। গবেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে যে নিয়মিত ভাৱে ব্যয়াম কৰা ব্যক্তিৰ একেবাৰে ব্যয়াম নকৰা ব্যক্তিতকৈ থাইমাচ গ্ৰন্থিৰ অবক্ষয়ৰ হাৰ কম হয় আৰু ই বহু দিনলৈ কাৰ্যক্ষম হৈ থাকে।এনে ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি বয়সলৈ ভালে থাকে।
এপিনেফ্ৰিন আৰু নৰ-এপিনেফ্ৰিন : বৃক্কৰ ওপৰত থকা এড্ৰিনেল গ্ৰন্থিয়ে এপিনেফ্ৰিন আৰু নৰ এপিনেফ্ৰিন নামৰ দুবিধ হৰমন ক্ষৰণ কৰে। ব্যয়াম কৰিলে এই হৰমন ৰ ক্ষৰণ বাঢ়ি যায়।এই হৰমন দুবিধে হৃদযন্ত্ৰ ৰ ক্ৰিয়া বৃদ্ধি কৰে, শ্বাস-প্ৰশ্বাস বৃদ্ধি কৰে, হৃদযন্ত্ৰৰ পেশী সবল কৰে।
ডোপামিন (Dopamine), চেৰোট’নিন (Serotonin) আৰু এনড’ৰফিন(Endorphins) নামৰ তিনিটা স্নায়ু বাৰ্তা প্ৰেৰক( Neurotransmitters) আমাৰ শৰীৰত থাকে। ব্যয়াম কৰিলে এই কেইটা স্নায়ু বাৰ্তা প্ৰৰেকৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ ভিতৰত ডোপামিন ৰ ক্ষৰণ মগজুৰ কিছুমান কোষে কৰে। ডোপামিনে স্নায়ুকোষৰ মাজেদি সংবেদনা পাৰ হোৱাত সহায় কৰে। মানসিক আৰু আবেগিক সংবেদনা নিয়ন্ত্ৰনত ই সহায় কৰে।মনৰ উদ্দম বৃদ্ধিতো ডোপামিনে সহায় কৰে।  দীৰ্ঘ দিন ধৰি হতাশাত ভুগিলে, কিছুমান দৰব সেৱন কৰিলে আৰু পাৰকিনচন ৰোগ হলে শৰীৰত ডোপামিন ৰ পৰিমাণ কমি যায়। পাৰকিনচন ৰোগত দৰব হিচাপে ডোপামিন দিয়া হয়। চেৰোট’নিন আৰু এনড’ৰফিনেও মানসিক আৰু আবেগিক সংবেদনা নিয়ন্ত্ৰণ কৰে। হতাশা আৰু বিষাদগ্ৰস্থতাত ভুগা ব্যক্তিৰ দেহত এই দুবিধ স্নায়ু বাৰ্তা প্ৰেৰকৰ অভাব হয়। নিয়মিত ভাৱে ব্যয়াম কৰিলে দেহত অক্সিজেনযুক্ত তেজৰ সঞ্চালন বৃদ্ধি হয় আৰু লগতে এই স্নায়ু বৰ্তা প্ৰেৰণ কৰা ৰাসায়নিক দ্ৰব্য কেইটাৰ পৰিমাণ দেহত নিয়ন্ত্ৰিত হৈ থাকে আৰু মানসিক তথা আবেগিক সমস্যা বোৰৰ পৰা আমি হাত সাৰিব পাৰোঁ।
উক্ত হৰমন কেইটাৰ ওপৰিও আমাৰ শৰীৰৰ আৰু বহুতো হৰমন আছে। সেই প্ৰতিটো হৰমনে আমাৰ শৰীৰত বিভিন্ন কাৰ্য সম্পাদন কৰে।এই হৰমন সমূহৰ পৰিমাণ দেহত কমি গলে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হয়।  প্ৰায় সকলো হৰমনৰ ক্ষৰণ কম বেছি পৰিমাণে ব্যয়ামৰ দ্বাৰা প্ৰভাৱিত হয়। সেয়েহে নিয়মিত ভাৱে ব্যায়াম কৰা ব্যক্তিয়ে হৰমনজনীত সমস্যা ৰ পৰে হাত সাৰি থাকিব পাৰে।
ফোনঃ  ৮৬৩৮২৭২৮৬৩
You might also like

Comments are closed, but trackbacks and pingbacks are open.