আপুনি ডায়েবেটিছত ভুগিছে নেকি? খোৱা–বোৱাৰ যত্ন লওক

41

লুকীমা বৰুৱা
খাদ্য বিশেষজ্ঞা
আদিত্য ডায়েগনষ্টিক এণ্ড হাস্পতাল, ডিব্রুগড

মধুমেহ বা ডায়েবেটিছ অতি সঘনাই শুনা এই ৰোগবিধ বর্তমান ব্যাপক হাৰত পৃথিৱীৰ আন ঠাহৰ লগতে ভাৰতবর্ষৰ মানুহে ভোগা এনে এবিধ ৰোগ যাক জীৱনশৈলী আৰু খাদ্যাভ্যাস সলনি কৰি বহু পৰিমাণে হ্রাস কৰিব পাৰি৷ বিভিন্ন ধৰণৰ মেচিনৰ উদ্ভাৱনে আধুনিক যুগৰ মানুহৰ শাৰীৰিক শ্রম বহু পৰিমাণে লাঘৱ কৰাৰ বিপৰীতে নানা স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিছে, তাৰ ভিতৰত ডায়েবেটিছ প্রধানকৈ উল্লেখনীয়৷ হয়াৰ উপৰি সহজলভ্য খাদ্য ফাষ্টফুড, পেকেট ফুডৰ প্রচলনো দিনকদিনে বাঢ়ি গৈছে৷ এই খাদ্যসমূহ পুষ্টিকতাৰ দিশৰ পৰা তেনেহ নিম্নমানৰ অথচ অধিক কেলৰিৰে ভৰপূৰ৷ তদুপৰি বিয়া–বাৰু, অন্যান্য পার্টী আদিত খাদ্যৰ পয়োভৰ দিনকদিনে বাঢ়ি গৈছে৷ গতিকে সঘনাই এই নিমন্ত্রণসমূহ ৰক্ষা কৰি ফুৰা মানুহে নিজে চাহ–চিন্তি নাখালে ডায়েবেটিছৰ উপৰি হার্টৰ অসুখ, মেদবহুলতা আদি ৰোগত ভোগাৰ সম্ভাৱনা থাকে৷ ডায়েবেটিছ হোৱাৰ আন কাৰকসমূহ হৈছে বংশগত কাৰক, উচ্চ–ৰক্তচাপ, ইনফেকচন, মানসিক চিন্তা, উদ্বেগ, কামৰ হেঁচা হত্যাদি৷

বিশ্বৰ ভিতৰত ভাৰতবর্ষত সকলোতকৈ বেছি ডায়েবেটিছ ৰোগী আছে বুলি সমীক্ষাত প্রকাশ৷ এহটো এটা চিন্তনীয় দিশ৷ ভাৰতবর্ষৰ মুঠ জনসাধাৰণৰ ৯-১১ শতাংশ লোক এই ৰোগত আক্রান্ত৷ এই কথাটোৰ গুৰুত্ব আৰু বািিছে কিয়নো দেখা গৈছে যে বহুসংখ্যক কম বয়সীয়া লোক এই ৰোগৰ চিকাৰ হৈছে৷ ভাৰতীয় মানুহৰ মাজত মধুমেহ ৰোগীৰ সংখ্যা সর্বাধিক হোৱাৰ এক প্রধান কাৰণ হিচাপে বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে আমাৰ শৰীৰৰ গঠন, যাক South Asian Phenotype বুলি কোৱা হয়৷ এনে গঠনত শৰীৰৰ মধ্যভাগত চর্বিৰ মাত্রা বেছি থাকে, ফলত অগ্নাশয়ৰ পৰা হনচুলিনখিনি ভালদৰে নিঃসৰণ হব নোৱাৰে৷ এই কাৰণত খীন অথচ শৰীৰৰ মধ্যভাগত চর্বিৰ পৰিমাণ বেছি, কম বয়সীয়া লোকসকল উচ্চ মাত্রাত মধুমেহ ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা বাঢ়িছে৷

ডায়েবেটিছ থকা মানুহে কিয় আহাৰৰ প্রতি অধিক ধ্যান দিয়া উচিত
আমি খোৱা আহাৰত থকা কার্বহাহড্রেটভাগ হজম প্রক্রিয়াৰ শেষত গ্লকজলৈ পৰিণত হয়৷ শৰীৰে এহ গ্লকজভাগ শোষণ কৰি তেজত এৰি দিয়ে৷ অগ্নাশয়(Pancreas)ৰ পৰা নিঃসৰিত হোৱা ইনচুলিন নামৰ হৰমনে এই গ্লকজ দেহৰ কোষসমূহলৈ প্রবাহিত কৰাত সহায় কৰে৷ কোষসমূহত এই গ্লকজ শক্তিলৈ পৰিৱর্তিত হয়, যাৰ দ্বাৰা আমি বিভিন্ন কাম–কাজ কৰিবলৈ সক্ষম হওঁ৷

কিন্তু ডায়েবেটিছ থকা মানুহৰ ক্ষেত্রত এই ইনচুলিন হয় কমকৈ উৎপন্ন হয় অথবা ইয়াৰ কর্মক্ষমতা কম হয়৷ ফলস্বৰূপে, খাদ্যৰ দ্বাৰা উৎপন্ন হোৱা গ্লকজভাগৰ ৰূপান্তৰৰ স্বাভাৱিক প্রক্রিয়াত ব্যাঘাত জন্মে আৰু তেজত গ্লকজভাগ অতিৰিক্তভাৱে থাকি যায়৷ গতিকে তেনে লোকৰ শৰীৰত গ্লকজৰ মাত্রা স্বাভাৱিক জোখতকৈ বেছি হয় আৰু তেওঁক ডায়েবেটিছ বা মধুমেহ ৰোগত ভোগা বুলি কোৱা হয়৷

সেইবাবে এই লোকসকলে এনে ধৰণৰ আহাৰ খোৱা উচিত যি তেজত অযথা গ্লকজৰ মাত্রা নববায় অথচ মানুহজনৰ চলা–ফিৰা কৰা, অন্যান্য কাম–কাজ কৰাৰ বাবে প্রয়োজনীয় কেলৰিৰ যোগান ধবে৷ প্রধানকৈ তলৰ কথাকেহটাৰ বাবে ডায়েবেটিছ ৰোগীয়ে সঠিক খাদ্যৰ ওপৰত গুৰুত্ব দিব লাগে–

যিদৰে আৱশ্যকতকৈ বেছি কেলৰিযুক্ত আহাৰ খালে শৰীৰত গ্লকজৰ মাত্রা অধিক হয়, ঠিক সেইদৰে জোখতকৈ কম কেলৰিৰ আহাৰ খালেও গ্লকজৰ মাত্রা অধিক কমি মূৰ ঘূৰোৱা, দুর্বল লগা আনকি মৃত্যুমুখতো পৰিব লগা হব পাৰে৷

✅আহাৰ গ্রহণৰ দ্বাৰা শৰীৰটোক যাতে সুস্থ–সবল কৰি ৰাখিব পাৰে৷
✅বহু বছৰ ডায়েবেটিছত ভোগা মানুহে খোৱা–বোৱাত বাধা নিষেধ ভালদৰে মানি নচলিলে আৰু ডায়েবেটিছৰ পৰীক্ষাসমূহ নিয়মিতভাৱে যদি নকৰাহ অথবা চিকিৎসকৰ পৰামর্শ মানি নচলে তেন্তে শৰীৰৰ আন আন অংগৰো ক্ষতি হোৱাৰ আশংকা থাকে৷
✅শৰীৰৰ বাবে অপকাৰী চর্বিজাতীয় আহাৰ বেছিকৈ খালে শৰীৰত অনিষ্টকাৰী কলেষ্টৰেলৰ মাত্রা সাধাৰণতে বাঢ়ে, যিটো হূদপিণ্ডৰ অসুখ হোৱাৰ এক কাৰক৷
✅উচ্চ ৰক্তচাপ এনে ৰোগীৰ ক্ষেত্রত সাধাৰণতে দেখা যায়, গতিকে খাদ্যৰ ক্ষেত্রত সাৱধান হোৱা উচিত৷
✅ডায়েবেটিছ এনে এবিধ ৰোগ যিকোনো জাননী নিদিয়াকৈ ক্রমান্বয়ে দেহৰ আন অংগৰ ক্ষতি কৰে৷ গতিকে সহজে যাতে এহ ক্ষতি নহয় তাৰ প্রতি সদা সতর্ক হৈ থকা উচিত৷ তাৰে এটা প্রতিৰোধক–নিয়ন্ত্র উপায় হৈছে সঠিক খাদ্য গ্রহণ৷

ডায়েবেটিছ ৰোগীৰ খাদ্যৰ পৰামর্শ দিওঁতে কি কথাকেহটাৰ প্রতি লক্ষ্য ৰখা হয়
✅শাৰীৰিক ওজন, উচ্চতা, লিংগ, শাৰীৰিক শ্রমৰ প্রকাৰ, খাদ্যাভ্যাস অনুযায়ী প্রয়োজনীয় খাদ্যৰ দ্বাৰা শৰীৰৰ ওজন নিয়ন্ত্রণ বাখা৷
✅অত্যধিক ওজনৰ মানুহৰ ওজন কমাই স্বাভাৱিক জোখলৈ আনা৷
✅আনহাতে, বেছি কম ওজনৰ লোকৰ ওজন বঢ়া স্বাভাৱিক কৰা৷
✅নিয়মিত কাম–কাজ কৰিবৰ বাবে আৱশ্যকীয় কেলৰিৰ যোগান ধৰা৷
✅যথোপযুক্ত কেলৰিৰ যোগান ধৰাৰ উপৰি প্রয়োজনীয় প্রটিন, ভিটামিন আৰু মিনাৰেলৰ যোগান ধৰি শৰীৰটোক সুস্থ–সবল কৰি ৰাখা৷
✅যি মানুহৰ পূর্বৰ পৰা উচ্চ ৰক্তচাপ, হার্টৰ অসুখ, বৃক্কৰোগ আদি আছে খাদ্য তালিকা প্রস্তুত কৰোঁতে এই দিশটোও লক্ষ্য ৰখা৷

ডায়েবেটিছ ৰোগীৰ আহাৰ কেনে হোৱা উচিত
✅যি খাদ্যসমূহে কম কেলৰি যোগান ধৰে অথচ পেট ভৰাই ৰাখে তেনে খাদ্যই প্রাধান্য পোৱা উচিত৷
✅ইয়াৰ ভিতৰত পৰে বিভিন্ন গোটা শস্য আৰু হয়াৰ পৰা তৈয়াৰী খাদ্য, শাক–পাচলি, কম কেলৰিযুক্ত পাচলি, শুকান বিন, গোটা মাহ, কম কেলৰিযুক্ত ফল৷
✅ইয়াৰ উপৰি দৈনন্দিন কাম–কাজ, চলা–ফিৰা কৰিবৰ বাবে কার্বহাহড্রেট বা শ্বেতসাৰৰ প্রয়োজন৷ বহু মানুহৰ ধাৰণা যে এই ৰোগ হলে কার্বহাহড্রেট অতি সীমিত পৰিমাণত খাব লাগে বা একেবাৰে খোৱা মানা৷ ইয়াৰ পৰিৱর্তে কার্বহাহড্রেটৰ প্রকাৰৰ ওপৰতহে গুৰুত্ব দিয়া আৱশ্যক৷ চেনি, মৌ, গুৰ, কম আঁহযুক্ত শ্বেতসাৰ যেনে– ময়দা, বেকাৰীৰ খাদ্য আদিয়ে তেজত গ্লকজৰ মাত্রা অতি সোনকালে বঢ়ায়৷ সেইবাবে অধিক আঁহযুক্ত শ্বেতসাৰ খোৱা প্রয়োজন৷ এটা কথা মনত ৰখা উচিত যে এদিনৰ বাবে প্রয়োজনীয় কেলৰিখিনি দিনটোৰ আহাৰৰ মাজত ভগাই লব লাগে৷

শক্তিৰ আন এক গাঢ় উৎস হল চর্বি৷ পৰিমিত মাত্রাত উপকাৰী চর্বি যেনে– শুকান ফল, তেলৰ ত্রুটি, ফ্লেক্সছিড, উদ্ভিদ তেল খাদ্য তালিকাত ৰাখিব লাগে, যাতে শৰীৰত উপকাৰী কলেষ্টৰেল আৰু অন্যান্য বীৰ মাত্রা আয়ত্তত থাকে৷

ইনচালনৰ কার্যক্ষমতা ববাবৰ বাবে, ক্ষয় হোৱা শৰীৰৰ কোষসমূহ মেৰামতিৰ বাবে আৰু নতুন নতুন কাষ গঠনৰ বাবে প্রটিনৰ প্রয়োজন৷ উচ্চমানৰ প্রটিন মাছ থলৰা মুর্গী, কণী, কম চর্বিযুক্ত গাখীৰ আৰু হয়াৰ পৰা তৈয়াৰী খাদ্যৰ পৰা পাব পাৰি৷ উদ্ভিদ প্রটিনৰ ভাল উৎস হৈছে বিভিন্ন দাইল, মাহজাতীয় নানা শস্য, শুকান ফিনসমূহ৷ পাচলিৰ পৰাও কিছু প্রটিন পাব পাৰি৷ নিৰামিষভোজীসকলে উদ্ভিদ প্রটিনৰ লগত গাখীৰ আৰু ইয়াৰ পৰা তৈয়াৰী বিভিন্ন খাদ্যৰ দ্বাৰা প্রটিনৰ প্রয়োজনীয়তা পূৰাব পাৰে৷

উপৰিউক্ত খাদ্যৰ উপাদানৰ উপৰি ভিটামিন আৰু মিনাৰেলৰ বাবে যথেষ্ট পৰিমাণে কম কেলৰিযুক্ত শাক–পাচলি, মধ্যমীয়া হিচাপত কম কেলৰিযুক্ত ফল আহাৰত দৈনিক সন্নিৱিষ্ট কৰা আৱশ্যক৷ শৰীৰৰ আভ্যন্তৰিক ক্রিয়াকলাপসমূহ সুচাৰুৰূপে পৰিচালিত কৰা আৰু ৰোগ প্রতিৰোধকাৰী ক্ষমতা শক্তিশালী কৰিবৰ বাবে এহ দুবিধ পুষ্টি উপাদানৰ অতীব প্রয়োজন৷

এজন ডায়েবেটিছ থকা লোকৰ বাবে আৱশ্যকীয় আন এবিধ খাদ্যৰ উপাদান হৈছে পানী৷ বিশুদ্ধ পানী, ঘৰত তৈয়াৰী পাচলিৰ চুপ, চানা পানী(Whey water), দৈ পানী(Butter-milk), নেমু চৰবত আদিৰ জৰিয়তে শৰীৰৰ পৰা অলাগতিয়াল পদার্থসমূহ মল–মূত্রৰ জৰিয়তে নিষ্কাশন কৰি শৰীৰটোক সুস্থ–সবল আৰু সতেজ কৰি ৰাখিব পাবে৷

আহাৰৰ উপৰি শাৰীৰিক ব্যায়াম, খোজ কঢ়া আৰু সুস্থ জীৱনশৈলী অনুকৰণ কৰা অতি আৱশ্যক৷ সময়মতে খোৱা–বোৱা কৰা, সময়ত বিশ্রাম কৰা আৰু শাৰীৰিকভাৱে সক্রিয় থাকি এক স্বাস্থ্যকৰ জীৱনশৈলী অৱলম্বন কৰিব পাৰি৷

বিশেষভাৱে উল্লেখ কৰিব বিচাৰিছো যিহেতু এজন এনে ৰোগ থকা লোকে নির্দিষ্ট পৰিমাণৰ কার্বহাইড্রেটহে খাব পাৰে আৰু এয়া নির্ভৰ কৰে প্রধানকৈ তেওঁৰ শাৰীৰিক ওজন, উচ্চতা, শাৰীৰিক শ্রমৰ প্রকাৰ, বয়স, লিংগ আদিৰ ওপৰত৷ গতিকে উপযুক্ত পৰিমাণৰ আহাৰ খাবৰ বাবে মানুহজনৰ খাদ্য সম্বন্ধে কিছু জ্ঞান থকা দৰকাৰ, যিটো এগৰাকী শিক্ষাগত অর্হতা থকা অভিজ্ঞ খাদ্য বিশেষজ্ঞহ তেওঁক দিব পাৰিব৷

সামৰণিত কওঁ আহাৰ আৰু জীৱনশৈলীত এক ধনাত্মক পৰিৱর্তন আনি এজন ডায়েবেটিছ থকা লোকে এই ৰোগ আয়ত্তত ৰাখি সুস্থ জীৱন অতিবাহিত কৰিব পাৰে আৰু যিসকল লোকৰ এই ৰোগ হোৱাৰ সম্ভাৱনা আছে (Prediabetes) তেনে লোকে এই কথাসমূহ মানি চলি নিজকে ডায়েবেটিছ হোৱাৰ পৰা যথাসম্ভৱ ৰক্ষা কৰিব পাৰে৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.