ডাঃ মৃদুপ্লাৱন বৰা
ফলৰ ৰস, বিশেষকৈ বজাৰত উপলব্ধ পেকেটত পোৱা ফলৰ ৰস স্বাস্থ্যকৰনে এইবোৰ পনীয়ৰ প্রতি শিশুৰ আকর্ষণ থাকে৷ পিতৃ–মাতৃয়েও এইবোৰ লৰা–ছোৱালীক দিয়া প্রায়েই দেখা পাওঁ৷ অকল এয়েই নহয়, আজিকালিৰ বজাৰত এনেধৰণৰ পনীয়ৰ কথা বাদেই দিছোঁ, শিশুৰ মন আকর্ষণ কৰিব পৰাকৈ সুন্দৰ ব্যৱস্থাপনা, প্রদর্শন আৰু বিজ্ঞাপনৰ যোগেদি হোৱাই–নোহোৱাই অনেক খাদ্যবস্তু অলিয়ে–গলিয়ে ভৰি পৰিছে৷ সম্যক জ্ঞানেৰে চালে এক কথাত ফলৰ ৰস স্বাস্থ্যৰ কাৰণে উপকাৰী৷ পিছে বজাৰত পোৱা পেকেটত থকা ফলৰ ৰসবোৰ গুণাগুণ যথার্থভাৱে চালে দেখা যায় যে এইবোৰ শিশুৰ কাৰণে একেবাৰে উপকাৰী নহয়৷ অকল সোৱাদৰ বাবেই এইবোৰৰ বিক্রী হয়তো চকুত পৰা ধৰণৰ৷ ফলৰ ৰসৰ নামত ৰাসায়নিক দ্রব্য মিহলি হৈ থকা এনেবোৰ ফলৰ ৰস স্বাস্থ্যৰ অপকাৰী প্রভাৱ আমি বিশেষজ্ঞ হিচাপে প্রায়েই দেখা পাই থাকোঁ৷ বিশেষকৈ ঘনাই ঘনাই প্রস্রাৱ লাগি থকা, পেটৰ বিষ, বমি বমি ভাব আহি থকা, ভোক কমি অহা, শৌচৰ তাৰতম্য হোৱা ইত্যাদি ইত্যাদি৷
শিশুক ফলৰ ৰস দিয়াতকৈ পৰিষ্কাৰকৈ ধুই গোটা ফল দিয়াটোহে সমীচীন৷ ইয়াৰ পৰা উপকাৰ বহুতো৷ গোটা ফলৰ পৰা প্রয়োজনীয় খাদ্যপ্রাণবোৰ সঠিক ৰূপত পোৱাৰ উপৰি আঁহজাতীয় উপাদানবোৰ যথেষ্ট পৰিমাণে পোৱা যায়৷
অকল সেয়াই নহয়, ফলত থকা Phytochemicals, Micromutrient trace elementsবোৰ অপৰিৱর্তিত অৱস্থাত পোৱা যায়৷ লগতে ফলৰ ৰসত হব পৰা বীজাণুৰ আক্রমণৰ পৰাও বাচি থাকিব পাৰি৷ সতেজ ফলমূলে শৰীৰ আৰু মনৰ যি এটা স্পর্শবোধৰ সৃষ্টি কৰে, সেয়া পেকেটৰ ৰসে কেতিয়াও দিব নোৱাৰে৷
শিশুক সতেজকৈ তৈয়াৰ কৰা ফলৰ ৰস দিব পাৰি৷ কিন্তু এই ৰস তৈয়াৰ কৰোঁতে পৰিষ্কাৰ–পৰিচ্ছন্ন ভালকৈ মানি চলা উচিত৷ এইবোৰ বনাওঁতে কোনো ধৰণৰ লৱন বা চেনি দিয়াটো উচিত নহয়৷ নৰ পৰা বাৰ মাহ মানৰ পৰা সামান্য পৰিমাণৰ ঘৰুৱাভাৱে তৈয়াৰ কৰা ফলৰ ৰস এটি শিশুক দিব পাৰি৷
এটি দুইৰ পৰা পাঁচ বছৰ বয়সৰ শিশুক ১২৫ মিলিলিটাৰ পৰিমাণৰ ফলৰ ৰস দৈনিক দিব পৰা যায়৷ ৫ বছৰৰ ওপৰৰ শিশুক ২৫০ মিলিলিটাৰ পর্যন্ত ফলৰ ৰস দিব পাৰি৷ ফলৰ ৰস দিয়াত আন এটি কথা মন কৰিবলগীয়া যে ই অত্যন্ত ঠাণ্ডা হোৱা উচিত নহয়৷
শিশুক ফলৰ ৰস বা ফলমূল দিয়াৰ আন এটা ব্যৱস্থা হৈছে শ্বেক গাখীৰযুক্ত ৰস৷ ফলৰ ৰস বা ফলৰ সৰু সৰু টুকুৰা শিশুৱে গ্রহণ কৰিব পৰাকৈ গাখীৰৰ লগত মিহলাই দিব পাৰি৷ এনে পদ্ধতিও শিশুক স্বাস্থ্যকৰ খাদ্য দিয়াত সহায়ক হয়৷ এনে ধৰণৰ শ্বেক–মিল্ক্ শ্বেক বনাওঁতে আমি কেতিয়াও ফলৰ ৰাসায়নিক দ্রব্য বা পাউডাৰ ব্যৱহাৰ কৰিব নালাগে৷
পিছে আমি এটা কথা কেতিয়াও পাহৰিব নালাগে যে যিকোনো ধৰণৰ পনীয়ৰ ভিতৰত পৰিষ্কাৰ পানীয়েই আমাৰ সৰু বৰ সকলোৰেই বাবেই সকলোতকৈ দৰকাৰী৷ এজন শিশুৰ বাবেও ই অতিকৈ দৰকাৰী৷ এগিলাচ পৰিষ্কাৰ পানী এগিলাচ ফলৰ ৰসতকৈ কোনোগুণেই কম হব নোৱাৰে৷
জানেনে বাৰু এটি ৫-১০ বছৰৰ শিশুক দৈনিক অতিকমেও ১.৫ লিটাৰ পানী নিতান্তই প্রয়োজন৷
Comments are closed, but trackbacks and pingbacks are open.