পিঠিৰ বিষ : কাৰণ আৰু নিৰাময়ৰ উপায়

4

ৰাজীৱ কাশ্যপ

 ‘পিঠিৰ বিষ’ সঘনাই দেখা পোৱা সমস্যা।ছাত্ৰ- ছাত্ৰী পৰা বয়োজেষ্ঠলৈ প্ৰায় সকলো বয়সৰ লোকে এই বিষত ভুগিব পাৰে। এই বিষৰ বহুতো কাৰণ থাকে।প্ৰথমতে এই কাৰণখিনি জানোঁ আহক।

 প্ৰথম কাৰণ হৈছে দৈনন্দিন জীৱনত কৰা কিছুমান কাম যেনে গধুৰ বস্তু দঙা, হঠাতে ডিঙি বা ৰাজহাড়ৰ বিশেষ সঞ্চালন আদি  বাবে পিঠিৰ ৰাজহাড়ৰ আশে-পাশে থকা মাংসপেশী আৰু ইয়াৰ লিগামেন্ট সমুহত বেছিকৈ জোৰ পৰে আৰু ইয়াৰ কাৰণে বিষ হব পাৰে।

 দৈনন্দিন জীৱনৰ  কিছুমান ভুল  ভঙ্গিমা (Posture)ৰ বাবেও পিঠিৰ বিষ দেখা যায়।উদাহৰণ স্বৰূপে পঢ়াৰ সময়ত ৰাজহাড় ভাজ কৰি বা কুজা হৈ বহিলে, টি ভি ,মোবাইল বা কম্পিউটাৰ চলাওতে ভাজ হৈ বহিলে বা বেয়া ভঙ্গিমা ত শুলে পিঠিৰ পেশীসমুহত চাপ পৰে। ইয়াৰ ফলত মাংসপেশীখিনি সংকুচিত( Spasms) হয় আৰু বিষ হয়। কিছুমান লোকৰ ৰাতিপুৱা শুই উঠাৰ পিছত বেছিকৈ পিঠিৰ বিষ হয় পিছত চলা-ফুৰা কৰিলে লাহে লাহে বিষটো কমি যায়।শোৱা তুলিখন টান হ’লে বা শোৱা ভঙ্গিমা টো বেয়া হলে এনে বিষ হয়।

বিভিন্ন কাৰণত যেনে পৰিলে বা দুৰ্ঘটনা হ’লে নাইবা খেলৰ সময়ত ডিঙি বা পিঠিত আঘাট পালেও পিছলৈ পিঠিৰ বিষ হব পাৰে।

আমাৰ ৰাজহাড়ৰ কশেৰুকাৰ মাজত থকা ডিক্সসমূহ বিভিন্ন কাৰণত ক্ষতিগ্ৰস্থ হৈ নিৰ্দিষ্ট স্থান ৰ পৰা ওলাই আহিলে ই স্নায়ুৰ ওপৰত চাপ দিয়ে যাৰ বাবে ডিঙি আৰু পিঠিৰ পেশীসমুহত বিষ হয়।

ৰাজহাড়ৰ কশেৰুকাৰ মাজত থকা গাঠিৰ অপজননৰ বাবে অষ্টিঅ’আৰ্থৰাইটিচৰ দৰে সমস্যা হব পাৰে।

দৈনন্দিন জীৱনৰ বিভিন্ন কাম বা জীবিকা বাবে ডিঙি বা পিঠিৰ পেশীবোৰত বেছিকৈ জোৰ পৰিলেও পিঠিৰ বিষ হব পাৰে। উদাহৰণ স্বৰূপে শিপিনী সকলৰ, দৰ্জীসকলৰ ,কম্পিউটাৰত বেছিকৈ কাম কৰা লোকসকলৰ প্ৰায়ে ডিঙি আৰু পিঠিৰ বিষ হয়।

মেদবহুল লোকসকলৰ ৰাজহাড় আৰু ইয়াৰ আশে-পাশে থকা পেশীসমুহৰ ওপৰত চাপ বেছিকৈ পৰে বাবে পিঠি,ককাল আদিত বিষ হব পাৰে।

ৰাজহাড়ৰ কিছুমান সংক্ৰামক ৰোগ ,কৰ্কট ৰোগ, অষ্টিঅ’পৰ’চিচ আদিৰ বাবেও ডিঙি আৰু পিঠিৰ বিষ হব পাৰে।

স্কলিঅ’চিছ হৈছে ৰাড়হাড়ৰ বিসংগতি যত ৰাজহাড়ডাল কাষলৈ  খাই যায়। এক্সৰে কৰিলে এইটো স্পষ্ট কৈ ধৰিব পাৰি।ইয়াৰ বাবেও পিঠিৰ বিষ হোৱা দেখা যায়। ঠিক তেনেদৰে কাইফ’চিছো ৰাজহাড়ৰ এটা বিসংগতি। সাধাৰণতে ৰাজহাড়ডাল পিঠিত পিচলৈ কিছু পৰিমাণে ভাজখোৱা থাকে। তাক কাইফ’চিচ বোলে। যেতিয়া এই ভাজখোৱা টো বেছি হৈ যায় তেতিয়া মানুহ জন কুজা ৰ দৰে হয় আৰু পিঠিত বিষ হয়।

পিঠিৰ বিষৰ প্ৰধান লক্ষণ সমুহ হৈছে ডিঙি আৰু পিঠিত বিষ হয়। বিষৰ প্ৰবল্য কম, মধ্যমীয়া বা অত্যাধিক হব পাৰে।বিষটো ডিঙি, পিঠিৰ পৰা বাহু,হাত তথা ভৰিলৈ যাব পাৰে।পিঠি আৰু ডিঙিৰ মাংসপেশী সংকোচিত হব পাৰে ।খোজ কঢ়াত অসুবিধা হব পাৰে।

পিঠৰ বিষৰ প্ৰকৃত কাৰণ জানিবলৈ এক্সৰে, এম-আৰ-আই ,চিটি স্কেন ,তেজৰ পৰীক্ষা আদি কৰিব লগীয়া হয়।

চিকিৎসা: যিহেতু পিঠিৰ বিষৰ বহুতো কাৰণ থাকে,সকলো বিষৰ চিকিৎসা বেলেগ হব পাৰে। প্ৰথমতে বিষৰ কাৰণটো চিনাক্ত কৰিব লাগিব আৰু সেই অনুসৰি চিকিৎসা কৰিব লাগিব। কেইটামান বিশেষ অবস্থাত অতি সোনকালে ডাক্তৰৰ পৰামৰ্শ লব লাগে। সেইকেইটা হৈছে

* হঠাতে অতি বেছি বিষ হ’লে।

* পৰিলে বা আঘাট পোৱাৰ পিছত নাইবা কিবা দুৰ্ঘটনাৰ পিছত বহুত বিষ অনুভৱ হ’লে,

*পিঠিৰ বিষৰ লগতে জ্বৰ উঠিলে।

* পিঠিৰ বিষটো পেট বা বুকুৰ ফাললৈ গ’লে।

* পিঠিৰ বিষৰ লগতে হাত -ভৰি জিন জিন কৰিলে বা আসাৰ যেন লাগিলে।

* পঞ্চাশ ৰ উৰ্ধৰ লোকৰ বিশেষ কাৰণ নোহোৱাকৈ বেছিকৈ পিঠিৰ বিষ হলে।

  পিঠিৰ বিষ নিৰাময়ৰ বাবে আমি ঘৰত কৰিব পৰা উপায় সমুহ:

 গৰম সেক আৰু বৰফৰ সেক দুয়োটা বিষ নিৰাময়ৰ ক্ষেত্ৰত অতি উপযোগী হয়।  যদি কিবা কাৰণবসত মাংসপেশীটো আঘাট প্ৰাপ্ত হয় আৰু বিষ হয় বৰফ টাৱেলেৰে মেৰিয়াই ১০-১৫ মিনিট মান বিষোৱা ঠাইত লগাব পাৰে। বিষটো আৰম্ভ হোৱাৰ ৭২ঘন্টা লৈ বৰফৰ সেক অতি উপকাৰী হয়।মাংসপেশী উখহা, ফুলা বা সংকোচিত হোৱা আদি ক্ষেত্ৰত বৰফৰ সেকে বৰভাল কাম দিয়ে। পুৰণি বিষ নিৰাময়ৰ ক্ষেত্ৰত গৰম সেক বেছি ফলপ্ৰসূ হয়। ১০-১৫ মিনিট কৈ দিনত দুই-তিনিবাৰ বিষোৱা ঠাইত গৰম পানীৰ সেক দিব পাৰি।

অধিকাংশ পিঠিৰ বিষৰ কাৰণ দৈনন্দিন জীৱনত কৰা কামৰ চাপ । আমি কোনটো কামৰ বাবে এই বিষটো হৈছে সেইটো চিনাক্ত কৰিব লাগিব আৰু সেই কামটোৰ পৰা কিছুদিন বিৰত থাকিব লাগিব। ইয়াৰ পিছত পিঠি তথা ৰাজহাড় ৰ আশে-পাশে থকা পেশীবোৰৰ শক্তি বঢ়াবলৈ কিছুমান ব্যয়াম (Spinal strengthening Exercises) কৰিব লাগে। অবশ্য ব্যয়াম খিনি অভিজ্ঞ ফিজিঅ’থেৰাপিষ্টৰ পৰা ভালদৰে আৰু শুদ্ধভাবে শিকি লৈ তাৰ পিছত কৰিব লাগে। ইয়াৰ লগতে কাম কৰাৰ শুদ্ধ ভঙ্গিমা বোৰ (Posture)।শিকি লব লাগে। ভঙ্গিমাৰ সুধৰনি কৰিও বহুক্ষেত্ৰত পিঠিৰ বিষ উপশম কৰিব পৰা যায়।

শুবলৈ অতি ওখ গাৰু ব্যৱহাৰ কৰিব নালাগে। শোৱা বিছনাখন অতি কোমল বা বহুত কঠিন হব নালাগে। টিভি, কম্পিউটাৰ সদায় সন্মুখৰ পৰা চাব লাগে।পঢ়া টেবুলখন অলপ এধলীয়া হব লাগে আৰু উচ্চতা এনধৰনৰ হব লাগে যাতে বেছিকৈ হালি লিখা পঢ়া কৰিবলগিয়া নহয়। উঠা-বহা সকলো বা কাম -কাজ শুদ্ধ  ভঙ্গিমা ত কৰিব লাগে।

শৰীৰৰ ওজন বৃদ্ধি ৰ প্ৰভাৱ পোনপটীয়াকৈ ৰাজহাড় তথা ইয়াৰ পেশীসমুহত পৰে। ওজন বৃদ্ধি পিঠি আৰু ককালৰ বিষৰ  অন্যতম কাৰক।সেয়েহে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি ৰখাটো অতি প্ৰয়োজনীয়। ৬-৮ ঘন্টা ভালদৰে টোপনি মাৰিব লাগে।মানসিক চাপ,চিন্তা আদি পৰিহাৰ কৰিব লাগে।পানী যথেষ্ট পৰিমাণে খাব লাগে। নিজকে শাৰীৰিক ভাবে সক্ৰিয় কৰি ৰাখিব লাগে। খোজ কঢ়া ৰাজহাড় ৰ বাবে অতি লাভদায়ক ব্যয়াম। খোজ কাঢ়িলে ৰাজহাড় তথা কশেৰুকাৰ মাজত থকা ডিক্স সমূহলৈ ৰক্ত সঞ্চালন বৃদ্ধি হয় । কামৰ সময়ত ডিঙি বা ৰাজহাড় ডাল বেছিকৈ ঘুৰাব বা ভাজ কৰিবলগিয়া হৈছে মাজে মাজে সেইখিনি পেশীক জিৰণি দিব লাগে।

ফোন : ৮৬৩৮২৭২৮৬৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.