এংকাইলোজিং স্পণ্ডাইলিটিচ : কাৰণ আৰু চিকিৎসা

50

ৰাজীৱ কাশ্যপ

ফিজিঅ’থেৰাপিষ্ট

এঙ্কাইলোজিং স্পন্দাইলিটিচ হৈছে এক প্ৰকাৰৰ ‘ইনফ্লামেটৰী গাঠিৰ বিষ ,যিটো প্ৰধানকৈ ৰাজহাড়ঁৰ কশেৰুকাসমুহৰ মাজত থকা গাঠিবোৰ আৰু শৰীৰৰ ডাঙৰ গাঠিবোৰ ক্ষতিগ্ৰস্থ হয়।আমাৰ মেৰুদণ্ডডাল ৩৩ টুকুৰা কশেৰুকাৰে গঠিত।এই কশেৰুকাসমুহৰ মাজৰ গাঠিবোৰ লগ হৈ যায় যাৰফলত এই মেৰদণ্ডডালৰ ভাজখাব পৰা ক্ষমতা(Flexibility) কমি যায়।ইয়াৰ শৰীৰৰ ভঙ্গিমা( Posture)ৰ সলনি হয় লগতে বিষো হয়। বহুদিন ধৰি এই ইনফ্লামেচন প্ৰক্ৰিয়া টো চলি থাকিলে কশেৰুকাসমুহৰ মাজন নতুন হাড়ৰ সৃষ্টি হয়। ইয়াৰ ফলত ৰাজহাড়ঁৰ জঠৰতা আৰু বিষ বেছি হয়। এঙ্কাইলোজিং স্পন্দাইলিটিচ ৰ দ্বাৰা আঠুৰ গাঠি, সাৰ-গাঠি বা এঙ্কল জইন্ত ,নিতন্বৰ গাঠি আৰু কান্ধৰ গাঠিও ক্ষতিগ্ৰস্থ হয়।

এঙ্কাইলোজিং স্পন্দাইলিটিচ ৰোগৰ নিৰ্দিষ্ট কাৰণ এতিয়ালৈকে উদ্ভাৱন হোৱা নাই। তথাপিও কিছুমান ব্যক্তিৰ শৰীৰত HLAB27 নামৰ একপ্ৰকাৰৰ বিশেষ জিন থাকে আৰু সেই সকল লোকৰ এই বেমাৰৰ বিধ হোৱা দেখা যায়। বৰ্তমান গবেষণাত এঙ্কাইলোজিং স্পন্দাইলিটিচৰ কাৰক হিচাপে আৰু দুবিধ জিন ক্ৰমে IL23 R আৰু ARTS1 জিনৰ সন্ধান পোৱা গৈছে । ইয়াৰ ওপৰত গবেষণা চলি আছে।

লক্ষণ সমূহ: এঙ্কাইলোজিং স্পন্দাইলিটিচৰ লক্ষণসমূহ ব্যক্তি অনুসৰি বেলেগ বেলেগ হব পাৰে।তথাপিও ইয়াৰ মুখ্য সমস্যা হৈছে ককাঁলৰ বিষ।নিশা আৰু ৰাতিপুৱা সময়ত এই বিষ আৰু জঠৰতা বেছিকৈ হয়। ককালৰ বিষৰ লগতে ডিঙিৰ, কান্ধৰ আৰু,নিতন্বৰ গাঠিটো বিষ হব পাৰে।ৰাতিপুৱা সময়ত গাঠিবোৰ জঠৰ হৈ থাকে আৰু দিনৰ মাজভাগলৈ জঠৰতা কমি যায়।লাহে লাহে ৰাজহাড়ডাল ভাজকৰিব নোৱাৰা হয় আৰু বুকুখন ফুলাব পৰা ক্ষমতা কমি যায়।বেমাৰটো পুৰণি হোৱাৰ লগে শৰীৰটো আগলৈ হালি যোৱাৰ নিচিনা ভঙ্গিমা (Posture) হয়।ইয়াৰ উপৰিও  কিছুমান সাধাৰণ লক্ষণ যেনে অলপ অলপ শৰীৰৰ উষ্ণতা বৃদ্ধি হোৱা, ভোক নলগা, শৰীৰৰ ওজন কমি যোৱা, ৰক্তহীনতা, হাওঁফাওঁৰ ক্ষমতা হ্ৰাস পোৱা আদি দেখা পোৱা যায়।

এঙ্কাইলোজিং স্পন্দাইলিটিচৰ কিছুমান কাৰক চিকিৎসা বিজ্ঞানী সকলে চিনাক্ত কৰি উলিয়াইছে।সেইবোৰ হৈছে

বংশগত কাৰক : এঙ্কাইলোজিং স্পন্দাইলিটিচৰ মুখ্য কাৰক হৈছে বংশগত । পূৰ্বপুৰুষ ৰ পৰা বংশগতভাবে পোৱা HLA27 জিনৰ বাবে এই বিধ সমস্যা হয়।সেয়েহে মাক-দেউতাকৰ এঙ্কাইলোজিং স্পন্দাইলিটিচ  হলে লৰা-ছোৱালীৰ শৰীৰলৈ বংশগতভাবে এইবিধ ৰোগ আহিব পাৰে।

বয়স: প্ৰধানকৈ ২০-৪০ বছৰ বয়সৰ লোকৰ এইটো সমস্যা হোৱা দেখা যায়।

লিংগ: গবেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে যে মহিলাৰ তুলনাত পুৰুষৰ এই সমস্যা হোৱাৰ সম্ভাৱনা দুগুণ হয়।

এঙ্কাইলোজিং স্পন্দাইলিটিচৰ পৰা হব পৰা জটিলতা সমূহ:

* এই সমস্যাটো পুৰণি হলে ৰাজহাড়ৰ ৰ কশেৰুকাবোৰ এটুকুৰা লগত আনটুকুৰা সম্পূৰ্ণ কৈ লগ লাগি যাব পাৰে। ইয়াৰ ফলত ৰাজহাড়ডাল ভাজ কৰিব নোৱাৰা হয়। কশেৰুকাৰ কম্প্ৰেচন ফ্ৰেকচাৰ হোৱাও দেখা যায়।

*কিছুমান ক্ষেত্ৰত এইৰোগটো কান্ধৰ গাঠি, নিতন্বৰ গাঠি ৰ লগতে লিগামেন্ট আৰু মাংসপেশীৰ টৈন্ডনলৈ বিয়পিব পাৰে।এই ক্ষেত্ৰত গাঠি সমূহৰ সঞ্চালন ক্ষমতা হ্ৰাস পায়।

* এই সমস্যাটো  পুৰণি হলে কিছুমানৰ উশাহ-নিশাহৰ লগতে হাওঁফাওঁৰ কিছুমান সমস্যা হয়, কিছুমানৰ শৌচ কৰোঁতে সমস্যা হয়। কোনো কোনো লোকৰ চকুৰ খজুৱতি হোৱাও দেখা যায়।

* কিছুমান লোকৰ হৃদযন্ত্ৰ এই ৰোগৰ দ্বাৰা ক্ষতিগ্ৰস্থ হব পাৰে।হৃদযন্ত্ৰ ৰ ভালভৰ ওপৰত কিছুমান বিশেষ কলা বা টিচুৰ সৃষ্টি হয় যাৰবাবে ভালভ ৰ  কাৰ্য্যক্ষমতা নোহোৱা হয়।

এঙ্কাইলোজিং স্পন্দাইলিটিচ চিনাক্ত কৰণ: ৰাজহাড়ৰৰ এক্স ৰে ,এম আৰ আই এইবিধ বেমাৰ চিনাক্ত কৰিব পাৰি। ইয়াৰ উপৰিও তেজৰ নমুনা ত  HLAB27 জিনৰ উপস্থিতি ও পৰীক্ষা কৰি চোৱা হয়। অবশ্য কিছুমান ক্ষেত্ৰত HLAB 27 জিন নাথাকিলেও এইবিধ বেমাৰ হোৱা দেখা যায়।

চিকিৎসা: চিকিৎসাৰ ক্ষেত্ৰত প্ৰথমতে NSAIDs( Nonsteroidal anti- inflammatory drugs) ব্যবহাৰ কৰা হয়। এই দৰবে কাম নিদিলে Tumor Necrosis Factors বা Interleukin 17 Inhibitor গ্ৰুপ ৰ দৰৱ ব্যবহাৰ কৰে।

এঙ্কাইলোজিং স্পন্দাইলিটিচৰ হোৱা জটিলতা সমূহ দূৰ কৰাৰ ক্ষমতা ফিজিঅ’থেৰাপিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ৰাজহাড় তথা অন্য গাঠিসমুহৰ লগতে পেশীৰ বিষ কমিবলৈ বিভিন্ন ইলেকট্ৰনিক থেৰাপি আৰু হাইড্ৰ’থেৰাপি ব্যৱহাৰ কৰা হয়। হাইড্ৰ’থেৰাপি ত এটা কুহুমীয়া গৰম পানীৰ পুলত নমাই ৰোগীজনক বিভিন্ন ব্যয়াম কৰোৱা হয়।ইয়াৰ ফলত বিষ আৰু জঠৰতা কমে আৰু ৰাজহাড় তথা অন্য গাঠিবোৰৰ সঞ্চালন ক্ষমতা বৃদ্ধি হয়।ইয়াৰ উপৰিও কিছুমান মাংসপেশীৰ জোৰ বঢ়োৱা ব্যয়াম বা (Strengthening Exercises)ৰ দ্বাৰা ৰাজহাড়ৰ পেশীবোৰ শক্তিশালী কৰা হয় যাতে এই পেশীবোৰে ৰাজহাড়ডালক সম্পূৰ্ণ সহযোগ কৰিব পাৰে। ইয়াৰ লগতে ফিজিঅ’থেৰাপিৰ দ্বাৰা ৰোগীজনৰ ভঙ্গিমা সঠিক কৰা হয়(Postural Correction)।হাওঁফাওঁ তথা শ্বাস-প্ৰশ্বাস জনীত সমস্যা দুৰ কৰিবলৈ শ্বাস-প্ৰশ্বাস সন্তুলিত কৰা ব্যয়াম (Breathing Exercises) এনে ৰোগীৰ বাবে অতি প্ৰয়োজনীয়। নিয়মিতভাবে যোগাসন কৰিলেও যথেষ্ট সুফল পোৱা যায়।

এঙ্কাইলোজিং স্পন্দাইলিটিচ ৰ ওপৰত বিভিন্ন ধৰণৰ গবেষণা চলি আছে। বৰ্তমানলৈ ইয়াক সম্পূৰ্ণ ৰূপ নিৰাময় কৰা চিকিৎসা উদ্ভাৱন হোৱা নাই। দৰব আৰু ফিজিঅ’থেৰাপিৰ দ্বাৰা ইয়াৰ জটিলতা সমূহ দুৰ কৰি লোকজনক কাৰ্যক্ষম কৰি ৰাখিব পৰা যায়।

ফোন : ৮৬৩৮২৭২৮৬৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.