গ্লুটেনযুক্ত–মুক্ত খাদ্যৰ ব্যৱহাৰ

গ্লুটেন হৈছে বহুতো ঘেঁহুৰ শস্য, ঘেঁহু  ডালিয়া, ডুৰাম, বার্লি, ৰাই, ট্ৰাইটিকেল আৰু ওটছতো পোৱা প্রাকৃতিক প্রটিন ৷  গ্লুটেন মূলতঃ গ্লিয়াডিন আৰু গ্লুটেনিন নামৰ দুবিধ প্রটিনেৰে গঠিত৷ উচ্চ গ্লুটেনযুক্ত আটাত প্রটিন বেছি থাকে আৰু ইয়াক প্রায়ে খাদ্যত ঘনকৰণকাৰী হিচাপে বা টেক্সচাৰ আৰু সোৱাদ প্রদান কৰিবলৈ যোগ কৰা হয় ৷ গ্লুটেনৰ পানীৰ লগত মিহলি কৰিলে ষ্ট্রেচি গুণ থাকে, যিয়ে ৰুটী আৰু বেকড খাদ্যসমূহক আঠা টেক্সচাৰ দিয়ে৷ ই খাদ্যৰ আকৃতি বজাই ৰখাত সহায় কৰে, খাদ্যক একেলগে ধৰি ৰখা আঠাৰ দৰে কাম কৰে ৷ তলত কিছুমান বস্তু দিয়া হল যিবোৰত গ্লুটেনযুক্ত উপাদান যোগ কৰা হব পাৰে

ৰুটীঃ   সকলো ঘেঁহু ভিত্তিক ৰুটী

পাস্তাঃ  সকলো ঘেঁহু ভিত্তিক পাস্তা

ঘেঁহুৰ শস্যঃ  বেছিভাগ ধৰণৰ শস্য, যদিহে ইয়াক গ্লুটেনমুক্ত বুলি লেবেল লগোৱা নহয়

বেকড গুডছঃ  কেক, কুকিজ, মাফিন, ব্রেড ক্রাম, পেষ্ট্রি

স্নেক ফুডঃ  কেণ্ডি, মছলি বাৰ, ক্রেকাৰ, প্রিপেকেজড সুবিধাজনক খাদ্য, ৰোষ্ট কৰা বাদাম, ফ্লেভাৰযুক্ত চিপছ, প্রেটজেল

চচঃ  সৰিয়হ চচ, টেৰিয়াকি চচ, হইচিন চচ, মেৰিনেড, চালাড ট্ৰেছিং

পানীয়ঃ  বীয়েৰ আৰু কিছুমান সোৱাদযুক্ত মদ্যপান

অন্যান্য বস্তুঃ  পিজ্জা, কাস্কাছ, জোল যদিহে ইয়াত গ্লুটেনমুক্ত বুলি লেবেল লগোৱা হোৱা নাই

যিসকলে এটা ধৰণে অধিক গোটা শস্য গ্রহণ কৰে তেওঁলোকে অধিক গ্লুটেন গ্রহণ কৰে, যত প্রাকৃতিক শস্যৰ আঁহ আৰু ফাইটনিউড্রিয়েণ্ট আৰু জটিল কার্বহাইড্রেটৰ দৰে প্রয়োজনীয় পুষ্টিকৰ উপাদান বেছি থাকে, যিয়ে কলেষ্টৰেল, ডায়েবেটিছ আৰু কেঞ্চাৰৰ সম্ভাৱনা কমোৱাত সহায় কৰিব পাৰে ৷  প্রতিটো গোলাপৰ কাঁইট থাকে বুলি কোৱাৰ দৰেই একেদৰেই  প্রতিটো ভাল বস্তুৰ এটা নেতিবাচক দিশ থাকে ৷ গ্লুটেনযুক্ত খাদ্য খোৱাৰ ফলত গেষ্ট্রাইটিছৰ অস্বস্তি বা এলার্জীৰ লক্ষণ দেখা দিব পাৰে ৷  কিছুমান লোকে গ্লুটেনযুক্ত খাদ্য খালে বিৰূপ প্রতিক্রিয়া আৰু স্বাস্থ্যজনিত বিপদৰ সন্মুখীন হয় ৷ গ্লুটেনত পোৱা প্রটিনৰ বিল্ডিং ব্লক গঠন কৰা পেপটাইড–এমিনো এচিডবোৰ পেটৰ এচিডৰ প্রতিৰোধী, যাৰ ফলত কিছুমান মানুহৰ বাবে সেহবোৰ হজম কৰাত অসুবিধা হব পাৰে ৷ এই পেপটাইডবোৰে মৃদু বদহজমৰ পৰা আৰম্ভ কৰি অধিক গুৰুতৰ স্বাস্থ্যজনিত অৱস্থালৈকে বিভিন্ন লক্ষণৰ সৃষ্টি কৰিব পাৰে ৷ সামান্য পৰিমাণেও ৰোগ প্রতিৰোধ ক্ষমতাৰ প্রতিক্রিয়াৰ সূচনা কৰিব, যিয়ে ক্ষুদ্রান্ত্রৰ ক্ষতি কৰিব পাৰে৷ গ্লুটেনমুক্ত শস্যৰ বাবে কিছুমান বিকল্প হল বাকৱেট, কুইনোয়া, বাজৰা আৰু প্রমাণিত গ্লুটেনমুক্ত অটছ, যিবোৰৰ গ্লাইচেমিক সূচকাংক কম ৷ পুষ্টিকৰ ঘন খাদ্য যেনে– গ্রীক দৈ, ফর্টিফাহড সৰিয়হ, গাখীৰ আৰু এক শতাংশ চর্বিযুক্ত গাখীৰ অন্তর্ভুক্ত হব পাৰে ৷ লগতে গ্লুটেনভর্তি খাদ্যৰ ঠাইত কম কার্বযুক্ত গ্লুটেনমুক্ত খাদ্য ব্যৱহাৰ কৰিব পাৰি কচু, ব্রকলি, পিঁয়াজ আৰু বিলাহীৰ দৰে শাক–পাচলি খাই, যিয়ে তেজৰ গ্লুকজৰ মাত্রা স্থিৰ কৰি ৰাখে ৷  স্বাস্থ্যকৰ চর্বিৰ ভিতৰত বাদাম ভিত্তিক আটা, বীন, গুটি আদি অন্তর্ভুক্ত, আনহাতে আপেলৰ টুকুৰা আৰু আলমণ্ড বাটাৰত ভাল পৰিমাণৰ খাদ্য আঁহ থাকে ৷ হূদৰোগৰ সম্ভাৱনা কম কৰা মচুৰ দাহল, কলা বীন আৰু বৃক্কৰ বীনৰ উপৰি কণী, কুকুৰা, মাংস, মাছ প্রটিনৰ এক উত্তম উৎসৰ উদাহৰণ হব পাৰে ৷

আহ বি এছ হৰিটেবল বৱেল ছিনড্রম, চিলিয়াক ডিজিজ চিডি আৰু নন–চিলিয়াক গ্লুটেন চেনচিটিভিটি গ্লুটেন এলার্জী শব্দ তিনিটাৰ মাজত বহুত বিভ্রান্তিৰ সৃষ্টি হৈছে, কিয়নো এই তিনিটাৰ মাজত পেটৰ ক্রেম্পিং, গেছ/পেট ফুলা আৰু ডায়েৰীয়াৰ দৰে কিছুমান সাধাৰণ লক্ষণ আছে ৷

হৰিটেবল বাৱেল ছিনড্রম হৈছে পেট আৰু বৃহদান্ত্রত আক্রান্ত হোৱা এক সাধাৰণ বিকাৰ, যাক কলন বুলিও কোৱা হয় ৷ লক্ষণসমূহ হল ক্রেম্পিং, পেটৰ বিষ, পেট ফুলা, গেছ আৰু ডায়েৰীয়া বা কোষ্ঠকাঠিন্য বা দুয়োটা ৷   আই বি এছ হৈছে এটা দীর্ঘদিনীয়া অৱস্থা, যিয়ে মলত্যাগত অধিক প্রভাৱ পেলায় ৷ ইয়াত আই বি এছত এটা বা ততোধিক খাদ্য যেনে অদ্রৱণীয় আঁহ, দুগ্ধজাত সামগ্রী, প্রচেছড খাদ্য, কেফেইন বা গ্লুটেন হব পাৰে ৷ বাদ দিলে লক্ষণসমূহৰ পৰা উপশম পাব পাৰি ৷ আই বি এছ ৰোগীৰ বাবে লক্ষণসমূহৰ সূচনা কৰা খাদ্যসমূহ প্রায়ে ভিন্ন হয়,  ই সদায় গ্লুটেন নহয় ৷ মগজু আৰু আন্ত্রিক অংশৰ মাজৰ সম্পর্ক শক্তিশালী, আৰু প্রায় আন্ত্রিক অংশৰ প্রতিটো কার্যই মানসিক চাপৰ প্রতি সংবেদনশীল৷ আমাৰ বেছিভাগেই বিভিন্ন আৱেগিক আৰু মানসিক অভিজ্ঞতাৰ প্রতি আন্ত্রিক প্রতিক্রিয়াৰ সৈতে পৰিচিত ৷ ইয়াৰ কাৰণ হল আন্ত্রিক মগজুৰ অক্ষ, কাৰণ আন্ত্রিক মগজুৰ অক্ষৰ আৱেগে আন্ত্রিক অংশত প্রভাৱ পেলাব পাৰে, যিটো আই বি এছলৈ পৰিণত হব পাৰে ৷ বিৰক্তিৰ সঠিক কাৰণ নাজানিলে গোটেই পৰিসৰৰ খাদ্য গোট বন্ধ কৰাটো এজনৰ স্বাস্থ্যৰ ওপৰত এক গুৰুতৰ সমস্যা হব পাৰে ৷ যাৰ ফলত অবাঞ্ছিত ওজন হ্রাস, ৰক্তহীনতা, পানীলগা আৰু অধিক পুষ্টিৰ অভাৱ হব পাৰে ৷

চিলিয়াক ৰোগ হৈছে এক অটোহম্যুন ডিছর্ডাৰ, যিয়ে গ্লুটেনযুক্ত খাদ্য খোৱাৰ পিছত ক্ষুদ্রান্ত্রত প্রভাৱ পেলায়, তেওঁলোকৰ ৰোগ প্রতিৰোধ ক্ষমতাই আন্ত্রিক অংশৰ আৱৰণক আক্রমণ কৰি প্রতিক্রিয়া প্রকাশ কৰে, যিয়ে অন্ত্রৰ ক্ষতি কৰিব পাৰে ৷ যদি কাৰোবাৰ চিলিয়াক ৰোগ ধৰা পৰে, তেন্তে গ্লুটেনমুক্ত খাদ্যই একমাত্র চিকিৎসা ৷ চিলিয়াক ৰোগত আক্রান্ত লোকসকলে ভিটামিন আৰু খনিজ পদার্থ ভালদৰে শোষণ কৰিব নোৱাৰিলে অধিক গুৰুতৰ বিকাৰ হোৱাৰ আশংকা থাকে ৷ গ্লুটেন অসহিষুতাত ভুগি থকা লোকসকলৰ গুৰুতৰ লক্ষণ দেখা যায় ৷ যেনে– ক্রেম্পিং, গেছ আৰু পেট ফুলা ৷  গ্লুটেনমুক্ত খাদ্য খোৱাৰ বাবে খাদ্যৰ ক্ষেত্রত নতুন পদ্ধতিৰ প্রয়োজন ৷ গ্লুটেনমুক্ত খাদ্যৰ অর্থ সাধাৰণতে ঘেঁহুৰ শস্য, অটছ, বার্লি, চেমোলিনা, ৰাই, ট্ৰিটিকেল ঘেঁহু আৰু ৰাহৰ মিশ্রণ আৰু প্রচেছড গ্লুটেনত এনে খাদ্য আদি নাখাব ৷ গ্লুটেন নথকা খাদ্য বাছি লওক ৷ মাংস, মাছ, চাউল, বাজৰা, কুইনোয়া, সতেজ কুঁহিয়াৰ, বাকৱেট, বাদাম, ফলমূল আৰু শাক–পাচলিকে ধৰি বহুতো ভিন্ন খাদ্যৰ সৈতে সুষম খাদ্য খাওক, লগতে গ্লুটেনমুক্ত অটছ আৰু গ্লুটেনৰ দৰে গ্লুটেনমুক্ত বুলি চিহ্ণিত প্রস্তুত কৰা খাদ্যও খাওক ৷

নন–চিলিয়াক গ্লুটেন সংবেদনশীলতা গ্লুটেন এলার্জী হৈছে চিলিয়াক ৰোগ আৰু ঘেঁহুৰ এলার্জীৰ অনুপস্থিতিত গ্লুটেনযুক্ত খাদ্য গ্রহণৰ সৈতে জড়িত অন্ত্র আৰু অন্ত্রৰ বাহিৰৰ লক্ষণৰ বৈশিষ্ট্য ৷ এনচিজিএছ হৈছে গ্লুটেন সম্পর্কীয় বিকাৰৰ আটাহতকৈ সাধাৰণ ছিনড্রম FODMAP খাদ্যই এনচিজিএছত ভূমিকা লব পাৰে ৷ FODMAPs কিম্বনযোগ্য অলিগোচেকাৰাহড, ডিচেকাৰাইড, মনোচেকাৰাইড আৰু পলিলৰ সংক্ষিপ্ত ৰূপ হৈছে চুটি শৃংখলাযুক্ত কার্বহাইড্রেট চেনি যিবোৰ ক্ষুদ্রান্ত্র বিশেষকৈ ফ্রুকটানত বেয়াকৈ শোষিত হব পাৰে, যিবোৰ গ্লুটেনযুক্ত শস্যত কম পৰিমাণে উপস্থিত থাকে আৰু সম্ভাব্য হিচাপে চিনাক্ত কৰা হৈছে এনচিজিএছ ৰোগীৰ গেষ্ট্রাইটিছ লক্ষণৰ কাৰণ ৷ গ্লুটেন সংবেদনশীলতাক ক্লিনিকেলভাৱে চিলিয়াক ৰোগতকৈ কম গুৰুতৰ বুলি স্বীকৃতি দিয়া হৈছে কাৰণ গ্লুটেন সংবেদনশীলতা থকা লোকৰ তেজ পৰীক্ষাৰ ভিত্তিত চিলিয়াক ৰোগ পজিটিভ নহয়, আৰু চিলিয়াক ৰোগ থকা ব্যক্তিৰ ক্ষুদ্রান্ত্রৰ ক্ষতি পোৱা নাযায় ৷ যিসকল লোকৰ গ্লুটেন সম্পর্কীয় লক্ষণ আছে কিন্তু ঘেঁহুৰ এলার্জীৰ বাবে নিগেটিভ পোৱা যায় আৰু  সংবেদনশীলতাই চিলিয়াক ৰোগৰ সৈতে বহু লক্ষণ ভাগ কৰে ৷  কিন্তু নন–চিলিয়াক গ্লুটেন সংবেদনশীল ব্যক্তিৰ অন্ত্রৰ বাহিৰৰ বা নন–জি আই লক্ষণ বেছি থাকে, যেনে– মূৰৰ বিষ, মগজুৰ কুঁৱলী, গাঁঠিৰ বিষ, ভৰি, হাত বা আঙুলিত অজ্ঞানতা ৷  সাধাৰণতে গ্লুটেন খোৱাৰ ঘণ্টা  বা দিনৰ পিছত লক্ষণ দেখা দিয়ে ৷

গ্লুটেন একাক্সিয়া চিলিয়াক ৰোগৰ দৰেহ, গ্লুটেন একাক্সিয়া হৈছে এক অটোহম্যুন বিকাৰ ৷ এহ বিকাৰৰ ফলত গ্লুটেন গ্রহণৰ প্রতিক্রিয়াত শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতাই স্নায়ুতন্ত্রক আক্রমণ কৰে ৷ ইয়াৰ ফলত স্নায়ুজনিত লক্ষণৰ এক পৰিসৰ হব পাৰে ৷ বিশেষকৈ গ্লুটেন এটাক্সিয়াহ ভাৰসাম্য, সমন্বয় আৰু মটৰ নিয়ন্ত্রণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ এটা পর্যালোচনা অনুসৰি গ্লুটেন এটাক্সিয়াই সাধাৰণতে ৫০ বছৰৰ ওপৰৰ ব্যক্তিক প্রভাৱিত কৰে আৰু সকলো একাক্সিয়া নিদানৰ প্রায় ১৫ শতাংশ হিচাপ কৰে ৷ এটাক্সিয়া হৈছে ভাৰসাম্য আৰু সমন্বয়ক প্রভাৱিত কৰা বিকাৰৰ এটা গোট ৷ গ্লুটেন একাক্সিয়াৰ লক্ষণসমূহ হ্রাস কৰাত সহায়ক হোৱাকৈ আৰু স্নায়ুতন্ত্রৰ অধিক ক্ষতি ৰোধ কৰিবলৈ গ্লুটেনমুক্ত খাদ্য গ্রহণ কৰাটো বাঞ্ছনীয় ৷

কেৱল ঘেঁহুতে নহয়, বহু খাদ্যত গ্লুটেন থাকে ৷ লগতে বহু ভাৰতীয়ই যিটো উপলব্ধি নকৰে সেয়া হল যে জিনীয়ভাৱে তেওঁলোকে ঘেঁহুৰ লগত যথেষ্ট অভ্যস্ত হৈ পৰিছিল ৷ জিনীয়ভাৱে পৰিৱর্তিত শস্যৰ বিপ্লৱৰ আগতে আমি দুটা ডি এন এৰ ঘেঁহু খাহছিলো, যত গ্লুটেনৰ পৰিমাণ কম আছিল ৷  এতিয়া আমাৰ হাতত আছে ছয় ডি এন এ ঘেঁহু, যত গ্লুটেনৰ পৰিমাণ বেছি ৷  সেইটোৱেই কাৰণ ৷ দৈনিক আল্ট্ৰা ৰিফাইনড চেনি আৱৰণযুক্ত খাদ্য গ্রহণৰ বাবে আন্ত্রিক স্বাস্থ্যৰ ওপৰত প্রভাৱ পৰিছে, যিয়ে প্রধানকৈ গুৰুত্বপূর্ণ স্বাস্থ্যকৰ খাদ্য গ্রহণৰ ওপৰত প্রভাৱ পেলায় ৷ পৰম্পৰাগত খাদ্য সামগ্রী যেনে– দৈৰ সৈতে কিম্বন কৰা চাউল, দৈ, পৰঠা, বুটমিল্ক্ আদিয়ে আন্ত্রিক স্বাস্থ্য উন্নত কৰে ৷

ডায়েবেটিছৰ দৰে জীৱনশৈলীৰ ৰোগসমূহ আত্মসংশোধন আৰু শৰীৰৰ ওজন পৰিচালনাৰ যাদুকৰী সূত্র বুলি ভাবি সকলোৱে গ্লুটেনমুক্ত খাদ্যলৈ সলনি হব বিচাৰে ৷ চেলিব্রিটী আৰু ইনষ্টাগ্রামৰ প্রভাৱৰ সৈতে গ্লুটেনমুক্ত খাদ্যক বৈধতা প্রদান কৰাটো সকলোৰে বাবে নহয় আৰু ইয়াৰ অর্থ কার্বহাইড্রেট নথকা খাদ্য নহয় ৷ গ্লুটেনমুক্ত খাদ্যই ওজন হ্রাস কৰাত সহায় কৰে বা ডায়েবেটিছৰ পৰা ৰক্ষা কৰে বুলি প্রমাণিত হোৱা নাই ৷  দ্বিতীয়তে, গ্লুটেনমুক্ত খাদ্য স্বাস্থ্যকৰ নহয় আৰু হয়াত অধিক বা উন্নত পুষ্টিকৰ উপাদান নাথাকে ৷  বহুতো গ্লুটেনমুক্ত সামগ্রীত অতিৰিক্ত যোগকৰণ থাকে, যাতে ইহঁতক ৰুচিকৰ হয় ৷ ইয়াৰ ফলত ব্যৱহূত প্রধান আটা গোটা শস্য হলেও পুষ্টিৰ পৰিমাণ পাতল হৈ পৰে ৷ যদি শস্যত পৰিশোধিত নন–গ্লুটেন আটা ব্যৱহাৰ কৰা হয় বা যদি আপুনি আপোনাৰ খাদ্যৰ পৰা শস্য সম্পূর্ণৰূপে আঁতৰাই পেলোৱাৰ সিদ্ধান্ত লয়, তেন্তে এটা গোটা খাদ্য গোট আৰু সেই গোটৰ বাবে নির্দিষ্ট পুষ্টিকৰ পদার্থ আপোনাৰ খাদ্যৰ পৰা নোহোৱা হৈ গৈছে ৷  এই বাদ পৰাটোৱে দীর্ঘম্যাদীভাৱে অসংক্রামক ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে ৷ বেছিভাগ মানুহেহ কোনো সমস্যা নোহোৱাকৈ গ্লুটেন সহ্য কৰিব পাৰে৷ কিন্তু চিলিয়াক ৰোগ, নন–চিলিয়াক গ্লুটেন সংবেদনশীলতা(NCGS), গ্লুটেন এটাক্সিয়া, ঘেঁহুৰ এলার্জী থকা লোকসকলে গ্লুটেনযুক্ত খাদ্য পৰিহাৰ কৰিব লাগিব ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.