টেনিছ্ এল্বো

প্রাঞ্জল প্রতীম বৰা

বহুতো মানুহৰ এনেকুৱা এটা হাতৰ বিষ হোৱা দেখা যায়, যত হাতৰ কিলাকুটি বা এল্বো জইণ্টৰ ঠিক ওপৰত টিঙিচকৈ মৰা বিষ এটা লাগি থকাৰ দৰে লাগে ৷ প্রথমে লাহে লাহে লাগি থকা বিষটোৱেই পিছত বাঢ়ি যায় আৰু লাহে লাহে হাতখন ঘূৰাবলৈ অসুবিধা হৈ পৰে ৷ হাতখন দুর্বল হৈ পৰে ৷ আগতে এনে ধৰণৰ সমস্যা খেলুৱৈবোৰৰ মাজত বেছিকৈ দেখা গৈছিল বা Gymnastic কৰা লোকসকলৰ মাজত ৷ বিশেষকৈ টেনিছ্ খেলুৱৈসকলৰ মাজত অতি কমন এনে কিলাকুটিৰ বিষ ৷ সেইবাবেই এই সমস্যাৰ নাম ৰখা হয় টেনিছ্  এল্বো (Tennis Elbow)৷ চিকিৎসা শাস্ত্র অনুসৰি এনে বিষৰ সমস্যাক কোৱা হয় Lateral Epicondylitis৷ সাধাৰণ ভাষাত জনা যায় টেনিছ্ এল্বো বুলি৷ প্রথমে টেনিছ্ খেলুৱৈসকলৰ মাজতে বেছিকৈ দেখা গৈছিল এনে সমস্যা ৷ কাৰণ তেওঁলোকে হাতেৰে জোৰকৈ বাৰে বাৰে হাতখন ছুইং কৰি বল মাৰি পঠিওৱাৰ বাবে ৷ কিন্তু বর্তমান সময়ত প্রায় বহুতো পুৰুষ আৰু মহিলাৰ মাজত এনেকুৱা কিলাকুটিৰ বিষ দেখা যায় ৷ বিশেষকৈ ঘৰুৱা কাম কৰা যিসকল মহিলাই কাপোৰ ধোৱা, হাতেৰে তিতা কাপোৰ চেপা, সদায় হাতেৰে জোকাৰি বা কোনো ওখ ঠাইত মেলি দি কাপোৰ শুকোৱা, সদায় বাচ্টি দঙা বা প্রেছাৰ কুকাৰ দঙা আদি কামবোৰ কৰে আৰু শ্রম কৰা পুৰুষসকল যেনে মিস্ত্রী, শ্রমিক কাম কৰা, শিল ভঙা, মাটি কটা আদি কাম কৰা লোকসকলৰ মাজত দেখা যায় টেনিছ্ এল্বোৰ সমস্যা ৷

টেনিছ্ এল্বোৰ সমস্যা হলে আমাৰ কি কি কাম কৰাত অসুবিধা হয় বা কেনেকুৱা লক্ষণে দেখা দিয়ে এই বিষয়ে জানিলে আমাৰ কিলাকুটি বা এল্বোত হোৱা বিষ টেনিছ্ এল্বোৰ বাবেই হৈছে নেকি তাক জানিবলৈ সুবিধা হয়৷ হয়াৰ কেহটামান অতি সহজে দেখা পোৱা লক্ষণ হল

  • প্রথমেই হল বিষ ৷ হাতৰ কিলাকুটিৰ বাহিৰওপৰ ফালে বিষ ৷
  • তীব্র বিষৰ বাবে হাতখনে কাম নকৰাৰ দৰে, জাম হোৱাৰ দৰে হৈ পৰে ৷
  • সৰু ওজন এটাও যেন হাতেৰে উঠাব নোৱাৰাৰ দৰে লাগে ৷
  • হাতেৰে মুঠি মাৰিব নোৱাৰা ৷
  • বিষ থকা হাতখনেৰে ঘৰৰ দুৱাৰখিৰিকী খুলিব নোৱাৰা ৷
  • হাতখন ওপৰলৈ আৰু চিধাকৈ মেলিব নোৱাৰা ৷
  • কোনো বস্তু হাতত লৈ জোকাৰিব নোৱাৰা ৷
  • কিবা লিখোতে বা টাইপ কৰোঁতে অসুবিধা ৷ 
  • আনকি হাতেৰে চাহৰ কাপটো ললেও বিষ আৰু হাতখন দুর্বল যেন অনুভৱ হয়৷
  • হাতেৰে কৰা চিলাইৰ কাম, ৰং কৰা আদিত অসুবিধা ৷
  • কিলাকুটিৰ ওচৰত Lump বা টেমুনাৰ দৰে ফুলি উঠা ৷

টেনিছ্ এল্বোৰ সমস্যা কিয় হয় বা কেনেকৈ হয়

টেনিছ্ এল্বোৰ ক্ষেত্রত এটা মন কৰিবলগীয়া কথা যে যদিও হয়াত বিষ কিলাকুটিৰ ওপৰ ফালে বাহিৰ ভাগত থাকে ৷ কিন্তু ইয়াৰ কাৰণটো থাকে হাতৰ ৰিষ্ট্ জইণ্ট (Wrist joint) বা মণিবন্ধ গাঁঠিটোতহে, অর্থাৎ হাতৰ ঘড়ী পিন্ধা গাঁঠিটোত ৷ হাতৰ কিলাকুটি বা Elbow joint ৰ বাহিৰ ফালৰ অংশটোক কোৱা হয় Lateral Epicondyle বুলি ৷ আৰু সেই অংশৰ পৰা সেই মাংসপেশীবোৰ ওলাই হাতৰ ৰিষ্ট্ বা মণিবন্ধন গাঁঠিলৈ যায় যিবোৰে ৰিষ্ট্ জইণ্ট বিভিন্ন ধৰণে লৰচৰ কৰে ৷ তদুপৰি কিলাকুটিৰLateral Epicondyleৰ পৰা ওলোৱা Extensor Tendon বোৰে ৰিষ্ট্ জইণ্টৰ বিভিন্ন মুভ্মেণ্টৰ লগত জড়িত ৷ ৰিষ্ট্ জহণ্ট বা মণিবন্ধ গাঁঠিটো যিমানেই লৰচৰ কৰিব, সিমানেই কিলাকুটিৰLateral Epicondyleৰ পৰা ওলোৱা মাংসপেশী আৰূ টেণ্ডনবোৰ টান খাব ৷ যেনে ধৰক, আপুনি যদি সুক্টী চলাই আছে আৰু ৰেচ্টো হাতেৰে পকাই আছে, তেনেহলে এই কিলাকুটিৰ মাংসপেশী আৰু টেণ্ডনবোৰতো জোৰ পৰি থাকিব ৷ গতিকে যদি বাৰে বাৰে বহুত জোৰেৰে হাতৰ ৰিষ্ট্ জইণ্টত জোৰ দি কাম কৰি থাকে, তেনেহলে এটা সময়ত সেই মাংসপেশীবোৰ ফেটিগ্ হৈ পৰিব পাৰে ৷ ফলত Lateral Epicondyleৰ ওচৰত বিষ হব আৰু ফুলি উঠিব ৷ বিভিন্ন বস্তু আনকি সৰু কিতাপ এখনো হাতেৰে দাঙিব নোৱাৰা হৈ পৰাৰ দৰে লাগে ৷ এইখিনিৰ পৰাই আৰম্ভ হয় টেনিছ্ এল্বোৰ  সমস্যা ৷

টেনিছ্ এল্বোৰ চিকিৎসা

  • প্রথম দৰকাৰী টেনিছ্ এল্বোত ভোগা লোক এজনে হাতখন জিৰণি দিয়াটো বৰ প্রয়োজনীয়৷ কাৰণ এই অৱস্থাত যিকোনো wrist movement-এ কিলাকুটিৰ বিষ বেছি কৰিব পাৰে ৷
  • Anti inflammatory ঔষধ ৷
  • টেনিছ্ এল্বোত ভোগা লোক এজনৰ আটাহতকৈ সমস্যা হয় হাতেৰে কোনো বস্তু গ্রিপ কৰাত৷ গতিকে হাতৰ কিলাকুটিৰ ওপৰৰ অংশত আইচিং কৰা প্রয়োজন ৷
  • হাতত টেনিছ্ এল্বোৰ বাবে পিন্ধা বিশেষ বেণ্ড লগোৱাটো জৰুৰী ৷ মন কৰিবলগীয়া বহুতো লোকে এই বেণ্ড একেবাৰে এল্বো বা কিলাকুটিৰ ওপৰতে লগায়৷ কিন্তু প্রকৃততে এহ বেণ্ড কিলাকুটিৰ পৰা পথালিকৈ দুই আঙুল তলতহে পিন্ধিব লাগে ৷ কাৰণ এনেকৈ বেণ্ড পিন্ধিলেহে হাতৰ movement restricted  নহব আৰু ৰিষ্ট্ জইণ্টৰ পৰা জোৰ কিলাকুটিৰ Tendonত নপৰাকৈ পাৰ হৈ যাব ৷
  • কিছুমান ব্যায়াম কৰাটোও টেনিছ্ এল্বোৰ বাবে দৰকাৰী ৷ যেনেহাতেৰে টাৱেল এখন পকাই লাহে লাহে Towel twist activity কৰিব পাৰে ৷ টাৱেল এখন হাতত লৈ হাতেৰে গ্রিপ কৰিবলৈ চেষ্টা কৰিব পাৰে ৷ ইয়াৰ উপৰি Wrist extension, Wrist flexion, Suppination movement আদিও টেনিছ্ এল্বোত ভোগা লোক এজনক কৰিবলৈ দিয়া হয়৷

অৱশ্যে টেনিছ্ এল্বোৰ বাবে কৰা বিভিন্ন ব্যায়ামসমূহ খুব বেছি বিষ থকা অৱস্থাত নকৰি প্রথমে হাতখন জিৰণি দি লাহে লাহে আৰম্ভ কৰা উচিত ৷

ফোনঃ  ৮৬৩৮৩-৮৮০৭৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.