নমী মোহন
যিহেতু গৰমৰ দিন আৰম্ভ হৈ গৈছে, এই গৰমৰ দিনতে ৰ, পানীলগা, পেটফুলা, এচিডিটি, হিটষ্ট্রোক আৰু ডি–হাইড্রেচন অর্থাৎ দেহত পানীৰ পৰিমাণ কমি যোৱা আদিবোৰ সমস্যাই দেখা দিয়ে ৷ ইয়াৰ উপৰি অতিমাত্রা গৰমত দেহৰ পৰা পর্যাপ্ত পৰিমাণৰ ঘাম বাহিৰলৈ ওলাই আহিব নোৱাৰাৰ বাবদ দেহৰ পৰা ঘামচি ওলোৱা দেখা যায় ৷ প্রখৰ ৰদ সূর্যৰ ৰশ্মিৰ ফলত ছালৰ ক্ষতি হয় ৷ অতিমাত্রা গৰমৰ ফলত দেহৰ পৰা ঘাম ওলায় ৷ ঘামৰ লগতে ভালেমান খনিজ পদার্থও দেহৰ পৰা নির্গত হয়, যাৰ ফলত শৰীৰ দুর্বল হৈ পৰে ৷ গতিকে গৰমৰ দিনকেইটাত পুষ্টি আৰু স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়াটো অতিশয় প্রয়োজনীয় হৈ পৰিছে ৷
গৰমৰ দিনত বেছিকৈ পানী খাব লাগে ৷ গৰমৰ দিনত শৰীৰটো শীতল কৰি ৰাখিবলৈ লগতে হাইড্রেট হৈ থাকিবলৈ নিতৌ দুইৰ পৰা তিনি লিটাৰ পানী খোৱাটো প্রয়োজনীয় ৷ ইয়াৰ উপৰি ফলমূলৰ ৰস, জুচ আদিবোৰ খাব লাগে ৷
অধিক পৰিমাণৰ পানী থকা খাদ্যবস্তু খাব লাগে ৷ যিহেতু গৰমৰ দিনত পানী কম খালে ডি–হাইড্রেচন হোৱাৰ আশংকা বহুত থাকে, গতিকে এনেবোৰ শাক–পাচলি নাইবা ফলমূল খাব লাগে, যত পানীৰ পৰিমাণ অধিক থাকে লগতে দেহটো সতেজ আৰু ডি–হাইড্রেট হৈ থাকে ৷ উদাহৰণস্বৰূপে তিয়ঁহ, তৰমুজ, সেউজীয়া শাক–পাচলি, ফুলকবি, মৌচুমী টেঙা আদিবোৰ খাব লাগে ৷
জুন–জুলাই–আগষ্ট মাহত বিশেষকৈ প্রচুৰ গৰম পৰে ৷ এই সময়খিনিত অতিমাত্রা গৰম পৰে ৷ এই সময়খিনিত অতিমাত্রা গৰম সহ্য কৰিব নোৱাৰি খুব শীতল পানীয় খোৱাৰ মন যায় ৷ সেয়েহে বটলত থকা শীতল পানীয় যেনে– কোকাকোলা, পেপচি, মিৰিণ্ডা ইত্যাদিবোৰ খুব বেছিকৈ খোৱা হয় ৷ এনেবোৰ শীতল পানীয়ই অলপ সময়ৰ বাবে দেহটো শীতল কৰে যদিও কোনোধৰণৰ পুষ্টি যোগান নধৰে ৷ সেয়েহে প্রাকৃতিকভাৱে উপলব্ধ শীতল পানীয় যেনে– কুঁহিয়াৰ, ডাব নাৰিকলৰ পানী, নেমু চৰবত আদিবোৰ সেৱন কৰিব লাগে ৷ এনেবোৰ শীতল পানীয়ই কেৱল দেহটো শীতল কৰাই নহয়, বৰঞ্চ যথেষ্ট পৰিমাণৰ পুষ্টিৰ উপাদান যোগান ধৰে ৷
মচলাযুক্ত খাদ্য পৰিহাৰ কৰক৷ গৰমৰ দিনত পৰাপক্ষত মচলাযুক্ত খাদ্য নোখোৱাটোৱেই ভাল ৷ অতিমাত্রা মচলাযুক্ত খাদ্যই দেহত তাপমাত্রা বৃদ্ধি কৰে৷ ইয়াৰ উপৰি মচলাযুক্ত খাদ্যই হজম কৰাত বহুত সময় লয় ৷ এনেবোৰ খাদ্যই দেহত এচিডিটি হোৱাৰ সম্ভাৱনা বেছি কৰে ৷ সেয়েহে গৰমৰ দিনত অতিমাত্রা তেলত ভজা বস্তু, ৰেষ্টুৰেণ্টৰ খাদ্য, জলা, অতিমাত্রা মচলা আদিবোৰ পৰাপক্ষত কমাই খাব লাগে ৷
দৈ মিঠা অথবা সাধাৰণ দৈ গৰমৰ দিনত অতিশয় উত্তম খাদ্য ৷ দৈয়ে শৰীৰত প্রবায়টিক হিচাপে কাম কৰে অর্থাৎ দৈয়ে শৰীৰত ভাল বেক্টেৰিয়াৰবৃদ্ধি কৰে, লগতে খাদ্যবস্তু হজম হোৱাতো সহায় কৰে ৷ দৈয়ে আমাৰ শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি হোৱাত সহায় কৰে ৷ দৈয়ে শৰীৰক বহু সময়লৈকে শীতল কৰি ৰাখে ৷ গৰমৰ দিনৰ বাবে লাচিচ, দৈ ভাত খালে আমাৰ শৰীৰটো শীতল হৈ থাকে ৷ সেয়েহে দৈ আমাৰ দৈনন্দিন খাদ্যৰ তালিকাত অন্তর্ভুক্ত কৰিব লাগে ৷
যিমান পাৰে বতৰৰ ফলমূল খাব ৷ গৰমৰ দিনত আম অতিকৈ সহজলভ্য ৷ সেয়েহে কেঁচা আমাৰ চৰবত এই সময়ছোৱাত খাব পাৰে ৷ ই দেহত ইলেকড্রলাইট নিয়ন্ত্রণ কৰাত সহায় কৰে ৷ আমৰ বাহিৰেও গৰমৰ দিনত ওলোৱা ফলমূলবোৰ বেছিকৈ খাব লাগে, যাতে আমাৰ শৰীৰটো সতেজ হৈ থাকে ৷ ইয়াৰ উপৰি এনেবোৰৰ ফলত যথেষ্ট পৰিমাণৰ পুষ্টিৰ উপাদান পোৱা যায় ৷ বহিঃৰাজ্যৰ পৰা অহা ফলমূলতকৈ আমাৰ থলুৱা ফলমূলবোৰ বেছিকৈ খাব লাগে ৷ কিয়নো বহিঃৰাজ্যৰ পৰা অহা ফলমূলবোৰ আমাৰ ৰাজ্য পোৱালৈ তাৰ পৰিপুষ্টিৰ মান কমি যায়, সেয়েহে আমি থলুৱা ফলমূলবোৰ বেছিকৈ খাব লাগে, যত পুষ্টিৰ উপাদানবোৰ এক নির্দিষ্ট অনুপাতত থাকে ৷
ৰঙা মাংস আৰু অন্যান্য মাংস কমাই খাব ৷ গৰমৰ দিনত যিমান পাৰে মাংস কমাই খাব ৷ মাংসই দেহত প্রচুৰ পৰিমাণে তাপমাত্রা বৃদ্ধি কৰে ৷ সেয়েহে গৰমৰ দিনত মাংসৰ সলনি মাছ খাব লাগে ৷
কম কমকৈ সঘনাই খাব ৷ গৰমৰ দিনত প্রায়ে ভোক নলগা, এচিডিটি হোৱা নাইবা পেটফুলা আদি সমস্যা শুনিবলৈ পোৱা যায়৷ এনে সমস্যাবোৰৰ পৰা সমাধান পাবলৈ হলে একেবাৰে সৰহকৈ নাখায় কম কমকৈ দিনটোত তিনি ঘণ্টাৰ মূৰে মূৰে খাদ্য খোৱাৰ অভ্যাস কৰাব লাগে ৷ ই দেহত খাদ্য হজম হোৱাত সহায় কৰে আৰু লগতে দেহাটো পাতল পাতল লাগে ৷
অতিশয় গৰমৰ ফলত আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ যিমান পাৰি সিমান স্বাস্থ্যৱান খাদ্যবস্তু খাব লাগে ৷ পৰাপক্ষত আমিষ খাদ্য কমকৈ খাব লাগে আৰু লগতে মচলাযুক্ত খাদ্যবোৰো পাৰিলে খাব নালাগে ৷ সেয়েহে শৰীৰটো সতেজ আৰু শীতল কৰি ৰাখিবলৈ নাৰিকলৰ পানী প্রচুৰ পৰিমাণে খাব লাগে ৷ গৰমৰ দিনত এনেবোৰ খাদ্যৰ নীতি–নিয়ম মানি চলিলে বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ পৰা ৰক্ষা পাব পাৰি ৷
Comments are closed, but trackbacks and pingbacks are open.