ডাঃ দুলুমণি কলিতা
আপুনি বাৰু সঘনাহ চর্দি–বৰ, পানীলগা, অলপ ধোঁৱা–ধূলিৰ সংস্পর্শত আহিলেই উশাহৰ কষ্ট অনুভৱ কৰা, সঘনাই ছাল ৰঙা পৰি খজুৱতি উঠা, চকু ৰঙা পৰা আদি সমস্যাত ভুগি আছে নেকি যদি তেনে হৈছে তেন্তে আপুনি বাৰু কেতিয়াবা আপোনৰ IgE ৰ পৰীক্ষা কৰি চাইছেনে ।
হয়, এই ধৰণৰ সমস্যাৰ প্রধান কাৰণ হব পাৰে আপোনাৰ এলার্জী আমাৰ ৰোগ প্রতিৰোধ ক্ষমতাৰ এক বিকৃত স্বৰূপ ৷
ঈশ্বৰৰ অনন্য উপহাৰস্বৰূপ আমাৰ এই শৰীৰটো সুচাৰুৰূপে চলি থাকিবলৈ আমাৰ শৰীৰত অহৰহ কিছুমান প্রক্রিয়া চলি থাকে ৷ তেনে এক প্রক্রিয়া হল আমাৰ ৰোগ প্রতিৰোধ ক্ষমতা ৷ শৰীৰৰ বহিৰৰ পৰা অহা অলাগতিয়াল পদার্থই যাতে আমাৰ শৰীৰৰ ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে আমাৰ শৰীৰত আমাক ৰক্ষা কৰিবলৈ কিছুমান সৈনিক থাকে, যাক এণ্ঢিবডী বুলি জনা যায় ৷ বিপৰীতে বাহিৰৰ পৰা অহা অলাগতিয়াল পদার্থবোৰক এণ্টিজেণ্ট বুলি কোৱা হয় ৷ এণ্টিজেন শৰীৰত প্রৱেশ কৰিলে এণ্টিবডীবোৰে আক্রমণ কৰে, ই ৰোগ প্রতিৰোধ কৰাৰ বাবে শৰীৰৰ নিজৰ প্রথম প্রয়াস আৰু ই অতি প্রয়োজনীয় ৷ কিন্তু এষাৰ কথা আছে যে কোনো বস্তুৰে অতিমাত্রা ভাল নহয় ৷ ঠিক তেনেদৰেই আমাৰ শৰীৰৰ প্রতিৰোধ ক্ষমতাৰ বিকৃতিৰ ফলত আমাৰ শৰীৰৰ বাবে নির্মিত প্রতিৰোধ ক্ষমতাই অত্যধিক মাত্রাত এণ্টিবডী–এণ্ঢিজেন বিক্রিয়া কৰি ওলোটাই শৰীৰৰ ওপৰত পার্শ্বক্রিয়া কৰে ৷ ৰোগ প্রতিৰোধ ক্ষমতাৰ এই অলাগতিয়াল উত্তেজনাক চিকিৎসা বিজ্ঞানৰ ভাষাত হাইপাৰ ছেনচিটিভ ৰিয়েকচন বা অতি–সংবেদনশীলতা বুলি কোৱা হয় ৷ আধুনিক চিকিৎসাত এই ৰিয়েকচন নাশ কৰিবলৈ এণ্টি–এলার্জিক অর্থাৎ এণ্টি–হিষ্টামিনিক ঔষধ সেৱন কৰি সাময়িকভাৱে এলার্জিৰ সমস্যাক সাময়িকভাৱে কমাই ৰাখিব পাৰি যদিও ইয়াৰ জৰিয়তে সম্পূর্ণৰূপে চিৰস্থায়ীভাৱে আৰোগ্য লাভ নহয় ৷ বহু দিনলৈ এই ঔষধৰ সেৱনে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা সমূলি নাশ কৰিবও পাৰে ৷ সেয়েহে বহু দিনলৈ ইয়াৰ ব্যৱহাৰ গ্রহণযোগ্য নহয় ৷ তাৰ বিপৰীতে আয়ুর্বেদিক বিজ্ঞানৰ কিছুমান ঔষধি দ্রব্যৰ ব্যৱহাৰৰ দ্বাৰা ৰোগ প্রতিৰোধ ক্ষমতা নাশ নকৰি ইয়াৰ প্রকৃত অৱস্থালৈ ঘূৰাই আনি এই এলার্জীৰ সমস্যাৰ চিৰস্থায়ী সমাধান পাব পাৰি ৷
এলার্জীৰ বাবে মুখ্য উত্তেজক এলার্জেন (allergen) সমূহ হল
- ধূলি, বালি
- এলান্ধু
- ঠাণ্ডা, গৰম
- ঋতু পৰিৱর্তন
- খাদ্যবস্তু, যেনে– বেঙেনা, কচু, উৰহী, শামুক, মাছ, সাগৰীয়া খাদ্য, আহচক্রীম, ফাষ্টফুড, কল্ড ডিংক
- ফুলৰ ৰেণু(pollen)
- কিছুমান গছৰ শুং
- কীট–পতংগৰ শুং বা কামোৰণি যেনে– পৰুৱা–মহৰ কামোৰণি, মৌ বা বৰলৰ শুং
- পোহনীয়া জীৱ–জন্তুৰ নোম
- ঔষধ যেনে–ibuprofen, sulfa drug, penicillin) হত্যাদি প্রধান৷
এই allergic reaction নির্ভৰ কৰে মানুহজনৰ শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতাৰ ওপৰত আৰু বেছিভাগ ক্ষেত্রতে এইটো অনুমান কৰিব পৰা নাযায় ৷
যেতিয়া আমাৰ তেজত থকা এণ্টিবডীয়ে কোনো এটা এণ্টিজেন বা এলার্জেন চিনাক্ত কৰে আৰু তাক আক্রমণ কৰে সেই এণ্টিবডীবিলাকে কিছুমান chemical বা ৰাসায়নিক পদার্থ ক্ষৰণ কৰে, যাক mediator বুলি কোৱা হয় ৷ সাধাৰণতে allergic reaction ৰ সময়ত আমাৰ শৰীৰৰ mast cell-বিলাক উত্তেজিত হয় আৰু এই mast cell-বিলাকৰ পৰাই এণ্টিবডী নির্গত হয় ৷ এই mast cell-বিলাক সাধাৰণতে ছাল, খাদ্যনলী আৰু শ্বাস–প্রশ্বাসতন্ত্র বেছিকৈ থাকে ৷ সেয়েহে এলার্জীৰ লক্ষণসমূহ এই অংগসমূহত বেছিকৈ দেখা যায় allergic reaction-ৰ সময়ত mast cell-ত থকা এণ্টিবডীবিলাকে বিভিন্ন ৰাসায়নিক পদার্থ নির্গত কৰে ৷ তাৰ ভিতৰত হিষ্টামিন প্রধান ৷ অত্যধিক হিষ্টামিন নির্গত হোৱাৰ হোৱাৰ ফলত শৰীৰত এলার্জী উৎপন্ন হয় আৰু কেতিয়াবা অতি বেছি এলার্জী হৈ মানুহৰ শ্বাসতন্ত্র আৰু হূদক্রিয়া বন্ধ হৈ মৃত্যু পর্যন্ত হব পাৰে যাক anaphylaxis বুলি কোৱা হয় ৷
এলার্জীৰ প্রভাৱ কম বা বেছি হোৱাটো নির্ভৰ কৰে মানুহজনৰ ৰোগ প্রতিৰোধ ক্ষমতাৰ ওপৰত আৰু বহু ক্ষেত্রত বংশগত হিচাপে ইয়াক দেখা যায় ৷ আজিকালি আধুনিক খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱর্তনে এই ৰোগ বৃদ্ধিত বিশেষভাৱে অৰিহণা যোগাইছে ৷
এলার্জীৰ প্রধান লক্ষণ
- ছালত হোৱা লক্ষণ
- ছাল বিজবিজোৱা বা খজুৱতি
- ৰঙা পৰা
- ফুলি উঠা
- পানী–জোলা
- ছাল উখহি উঠা
- মুখমণ্ডল, ডিঙি, চকুৰ পতা, ওঁঠ, জিভা ফুলি বা উখহি উঠা, মূৰৰ বিষ হত্যাদি৷
নাকত হোৱা লক্ষণঃ
- সঘনাহ চর্দি লগা
- নাকৰ ফুটা বন্ধ হৈ যোৱা
- নাকৰ পৰা পানী ওলোৱা(Allergic rhinitis)
- বাৰে বাৰে হাঁচিওৱা
- ডিঙিৰ খিচখিচনি
- নাক আৰু ডিঙিৰ পৰা ডাঠ বিজলুৱা পদার্থ ওলোৱা হত্যাদি৷
চকুত হোৱা লক্ষণ ঃ
- চকু ৰঙা পৰা
- খজুৱতি
- চকুৰ পতা ফুলি যোৱা হত্যাদি৷
পাকস্থলীত হোৱা লক্ষণ ঃ
- পেটৰ বিষ
- বমি ভাব বা বমি
- পাতল পায়খানা
- তেজযুক্ত পায়খানা হত্যাদি৷
হাওফাঁওত হোৱা লক্ষণ ঃ
- হাঁওফাঁওৰ পৰা সোঁ সোঁ শব্দ হোৱা
- দীঘল দীঘলকৈ উশাহ লোৱা
- শ্বাস কষ্ট
- চিকিৎসাৰ অভাৱত মৃত্যু পর্যন্ত হব পাৰে৷
অন্য লক্ষণ ঃ
- ভাগৰুৱা বা অৱশতা
- মূৰ ঘূৰোৱা
- অজ্ঞাত হৈ যোৱা
- গোটেহ শৰীৰত ৰঙা চকলা–চকল দাগ লগতে খজুৱতি(urticaria) হত্যাদি৷
এলার্জেনৰ প্রকাৰ আৰু মানুহজনৰ ৰোগ প্রতিৰোধী ক্ষমতা অনুযায়ী লক্ষণসমূহো ভিন ভিন হয় ৷ উপৰিউক্ত লক্ষণসমূহৰ যিকোনো লক্ষণ দেখা দিলেই চিকিৎসকৰ ওচৰ চপা উচিত ৷ কাৰণ Allergic reaction খুব কম সময়ৰ ভিতৰতে ভয়ানক ৰূপ লব পাৰে ৷
এলার্জীৰ বাবে পৰীক্ষাগাৰত কৰিবলগীয়া পৰীক্ষাঃ
তেজৰ সম্পূর্ণ কোষৰ সংখ্যা নির্ণয় (Complete blood count)৷ এইটো পৰীক্ষাত তেজৰ ইউচিনোফিল নামৰ কোষৰ সংখ্যা বেছিকৈ ওলাব পাৰে ৷
IgE বা Immunoglobulin এণ্টিবডীৰ পৰীক্ষাৰ সহায়ত মানুহজনৰ কি কি পদার্থৰ প্রতি এলার্জী আছে তাক পৰীক্ষা কৰা হয়৷
চিকিৎসাঃ
আধুনিক চিকিৎসা ব্যৱস্থাত এণ্ঢি–হিষ্টামিনিক, ষ্টেৰইড ইত্যাদি ব্যৱহাৰ কৰা হয় আৰু অতি ভয়াৱহ Allergic reaction–ৰ ক্ষেত্রত এপিনেফ্রিন নামৰ ঔষধ(injection) ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ উপৰি এলার্জীৰ ফলত হোৱা বিভিন্ন লক্ষণ বা জটিলতাৰ বাবে সেহ লক্ষণ বা জটিলতা অনুযায়ী চিকিৎসা কৰা হয় ৷
আয়ুর্বেদিক চিকিৎসাঃ
- নিদান পৰিবর্জনঃ এলার্জেন বা উত্তেজকৰ পৰা আঁতৰি থকা, যি কাৰকৰ পৰা এলার্জীৰ সৃষ্টি হয় সেই কাৰকৰ পৰা আঁতৰি থকাই একমাত্র প্রতিৰোধ আৰু আটাহতকৈ ফলপ্রসূ চিকিৎসা ৷ ব্যক্তি বিশেষে এই এলার্জেন সমূহ বেলেগ বেলেগ হব পাৰে ৷
- শোধনঃ এনে বেমাৰত বিশেষভাৱে বিৰেচন কর্মৰ দ্বাৰা কোষ্ঠ শোধন কৰি, শৰীৰৰ পৰা অলাগতিয়াল পদার্থসমূহ নির্গত কৰি পেলোৱাৰ কথা আয়ুর্বেদত প্রথমে উল্লেখ আছে ৷ আয়ুর্বেদ চিকিৎসাৰ প্রথম খোজেই হল শৰীৰৰ শোধন ৷
- আয়ুর্বেদিক ঔষধিঃ ৰোগ প্রতিৰোধ ক্ষমতা অনুকূল কৰিবলৈ বিভিন্ন ঔষধি ব্যৱহাৰ হয় ৷ ইয়াৰ প্রধান কিছুমান তলত উল্লেখ কৰা হল
- হালধি – গিলয়- তুলসী- নিম
- আমলখি- ডালচেনি – মুলেথি
- আদা- পিপ্পলি- বাসক তিতা- জালুক আদি
প্রাণায়ামঃ এলার্জী বিশেষভাৱে শ্বাসতন্ত্রৰ লগত জডিত এটি ৰোগ, শ্বাসকষ্ট ইয়াৰ এটা প্রধান সমস্যা ৷ তেনে ক্ষেত্রত নিতৌ প্রাণায়ামে এই সমস্যা দূৰ কৰাত আৰু ৰোগীক সুস্থ কৰাত বহু সহায় কৰে ৷
আয়ুর্বেদ চিকিৎসাত এই সমস্যাটোৰ প্রতিৰোধ তথা ইয়াৰ লক্ষণ আৰু জটিলতা অনুযায়ী বিভিন্ন চমকপ্রদ ঔষধিৰ ব্যৱহাৰৰ উল্লেখ আছে ৷ ইয়াৰ বিষয়ে আৰু জানিবলৈ অর্হতাসম্পন্ন আয়ুর্বেদিক চিকিৎসকৰ ওচৰ চাপক ৷
এলার্জীৰ পৰা আঁতৰি থাকিবলৈ কিছু ঘৰুৱা দিহাঃ
- খোৱাৰ বাবে কুহুমীয়া গৰম পানীৰ ব্যৱহাৰ ৷
- পুৱাৰ ভাগত নিতৌ ৬-৭টা তুলসী পাত মোহাৰি সেৱন কৰিব ৷
- নিতৌ হালধি মিশ্রিত গাখীৰৰ সেৱন, গাখীৰ পৰা এলার্জী থাকিলে কুহুমীয়া গৰম পানীৰেও সেৱন কৰি পাৰিব ৷
- হালধি চূর্ণ- ত্রিকতু চূর্ণ- পিপ্পলী চূর্ণ- খাতি মৌ মিহলাহ খালে এলার্জীৰ পৰা উপশম পোৱা যায় ৷
- গিলয়ৰ গা–গছৰ এটা টুকুৰা অলপ পিহি আধা গিলাচ পানীত ৰাতি ডুবাই ৰাখি পুৱালৈ সেইখিনি মোহাৰি পানীখিনি চেকি লৈ সেৱন কৰিব লাগে ৷ গিলয়ে আমাৰ ৰোগ প্রতিৰোধ ক্ষমতা সন্তুলিত কৰি ৰখাত সহায় কৰে ৷
ফোনঃ ৮৬৩৮৭-৪৯৪৯৪