গ্রীষ্মকালত সেৱন কৰক স্বাস্থ্যকৰ–সতেজ পানীয়

বর্ণালী এছ ডেকা

মানুহৰ শৰীৰ ৭০ শতাংশতকৈও অধিক পানীৰে গঠিত ৷ কিয় পানী খাব লাগে আমাৰ স্বাস্থ্যৰ বাবে পানী অতি প্রয়োজনীয় ৷ কোষলৈ পুষ্টিকৰ পদার্থ অনা, শৰীৰৰ লেতেৰা আঁতৰোৱা, গাঁঠি আৰু অংগক সুৰক্ষা দিয়া, শৰীৰৰ উষতা বজাই ৰখা আদি আমাৰ শৰীৰৰ বহু কামত ই মূল ভূমিকা পালন কৰে ৷

এতিয়া গ্রীষ্মৰ বতৰ ৷ এই বতৰত আমি অধিক ভাগৰুৱা অনুভৱ কৰোঁ ৷   আমৰ শৰীৰৰ পৰা ঘাম নির্গত হয় ৷ গতিকে শৰীৰত পানীৰ পৰিমাণ যাতে স্থিৰ হৈ থাকে, তাৰ বাবে আমি যথেষ্ট পানী খাব লাগে ৷ গ্রীষ্মকালত  হাইড্রেটেড হৈ থকাটো অত্যন্ত গুৰুত্বপূর্ণ ৷ গৰম আৰু আর্দ্রতাৰ বাবে শৰীৰৰ পানী হেৰুৱাই পানী নোহোৱা হব পাৰে ৷

নাতিশীতোষ জলবায়ুত বাস কৰা এজন সুস্থ প্রাপ্তবয়স্ক্ক কিমান তৰল পদার্থৰ প্রয়োজন ইউ এছ নেচনেল একাডেমী অৱ ছায়েঞ্চ, ইঞ্জিনীয়াৰিং আৰু মেডিচিনে নির্ধাৰণ কৰিছিল যে দৈনিক পুৰুষৰ বাবে  প্রায় ১৫.৫ কাপ (৩.৭ লিটাৰ তৰল পদার্থ আৰু মহিলাৰ বাবে দিনটোত প্রায় ১১.৫ কাপ   লিটাৰ তৰল পদার্থ ৷

গৰমৰ দিনকেহটত আমি প্লেইন পানীৰ উপৰি  চৰবত, মক টেইলছ, জুইচ, ভিন্ন শীতল পানীয় ইত্যাদি অধিক সেৱন কৰোঁ ৷ প্রচুৰ পৰিমাণে সতেজ ৰস খোৱাটো গৰমক পৰাস্ত কৰাৰ অন্যতম স্বাস্থ্যকৰ উপায় ৷ ই সতেজ কৰি তোলে আৰু শৰীৰক খনিজ আৰু ভিটামিনেৰে পুনৰ ভৰাহ তোলে ৷ কিন্তু এই ফলৰ ৰস সেৱন কৰাৰ সময়ত আপুনি এটা কথা মিনিট ৰাখিব যাতে ইয়াত কোনো কৃত্রিমতা যোগ কৰা নহয় ৷

প্রতিদিনে অত্যধিক ফালৰ ৰস খোৱাও স্বাস্থ্যৰ বাবে উপকাৰী নহয় ৷ প্রতিদিনে ৰস সেৱনে তেজৰ চেনিৰ মাত্রা বৃদ্ধি কৰিব পাৰে, দিনটোত খোৱা মুঠ কেলৰি বৃদ্ধি কৰিব পাৰে, ওজন বৃদ্ধিত অৰিহণা যোগাব পাৰে আৰু দাঁতৰ পোকে খোৱাৰ দৰে সমস্যা বৃদ্ধি কৰিব পাৰে ৷ গতিকে এহ ফলৰ ৰস সেৱন কৰিলে চেনি মিহলি কৰাৰ পৰা বিৰত থাকক ৷

পৰিৱেশ প্রদূষণৰ ফলত সমগ্র বিশ্বতে উষতা বৃদ্ধি পাইছে ৷ বিশেষকৈ গ্রীষ্মকালত বতৰৰ পৰিস্থিতি অধিক বেয়া হৈ পৰে ৷ ৰোগ প্রতিৰোধ ক্ষমতা দুর্বল শিশু আৰু বয়সস্থ লোকৰ ক্ষেত্রত হ্রাস পায় ৷ পানীলগা আৰু হিট ষ্ট্রকৰ দৰে সমস্যা সাধাৰণতে দেখা যায় ৷ বহু সময়ত আকৌ দেহৰ পৰা ওলোৱা অত্যধিক ঘামৰ লগত দেহৰ পানীভাগ আৰু নিমখ ওলায় ৷ ইয়াৰ ফলত মাংসপেশীৰ সংকোচন হয় আৰু ৰক্তচাপো কমি যায় ৷ ইয়াক হিট ক্রাম্প বুলি কোৱা হয় ৷

ইনষ্টেণ্ট শীতল পানীয়হ সকাহ দিব পাৰে ৷ তথাপি ই সর্বোত্তম সমাধান নহয় ৷ বিশুদ্ধ পানী আৰু সতেজ ৰসৰ স্বাস্থ্য উপকাৰিত্বক একোৱেহ চেৰ পেলাব নোৱাৰে ৷ সতেজ শাক–পাচলি আৰু ফলৰ ৰসত ভিটামিন, খনিজ পদার্থ আৰু পুষ্টিকৰ উপাদান থাকে , যিয়ে আপোনাৰ শৰীৰৰ সুষম আৰু সঠিক কার্যকলাপত সহায় কৰিব ৷

  • সতেজ ৰসত ঘনীভূত পুষ্টিকৰ উপাদান থাকে আৰু ই তৎক্ষণাৎ শক্তিৰ এক উৎস হিচাপে কাম কৰে ৷
  • ইয়াৰ উপৰি ইয়াত এণ্টিক্সিডেণ্ট থাকে আৰু ই আপোনাৰ শৰীৰ পৰিষ্কাৰ কৰে ৷
  • ই আপোনাৰ পেট, বৃক্ক আৰু অন্ত্র পৰিষ্কাৰ কৰি হজম শক্তি বৃদ্ধি কৰে ৷
  • আপোনাৰ ছালখন হাইড্রেটেড অনুভৱ কৰিব ৷ যাৰ ফলত আপোনাৰ ত্বক উজ্জ্বল হব ৷
  • বিভিন্ন পুষ্টিকৰ উপাদানে ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু আপোনাৰ ৰক্তচাপ নিয়ন্ত্রণ কৰে ৷
  • আপোনাৰ কলেষ্টৰেলৰ মাত্রা বজাই ৰাখক আৰু হার্ট এটেকৰ সম্ভাৱনা কমি যায় ৷
  • প্রতিদিনে পুৱা এগিলাচ সতেজ ৰস খালে ওজন কমাবলৈ আৰু শাৰীৰিক স্বাস্থ্য বজাই ৰখাত সহায়ক হব ৷

গ্রীষ্মকালত পৰিষ্কাৰ বিশুদ্ধ পানী আৰু স্বাস্থ্যকৰ ৰস খোৱাটো সুস্থ  হৈ থকাৰ এক উত্তম উপায় ৷

এখন স্বাস্থ্যসন্মত ৰুটিন ফল কৰক

গৰমৰ এই দিনকেইটাত আমি এ চি, কুলাৰ আদিৰ মাজতে থাকোঁ আৰু আমাৰ ছালখনেও শুকান আৰু ৰুক্ষ পিনে গতি কৰে ৷ এই অৱস্থাৰ পৰা পৰিত্রাণ পাবলৈ আমি পূৰামাত্রা পানী অথবা জুলীয়া বস্তু খাব লাগিব ৷ যিহেতু আজিকালি ব্যস্ততাপূর্ণ জীৱনত সঠিক ডায়েট পৰিচালনা কৰিবলৈ অসুবিধা হয় ৷ ইয়াৰ মাজতে আমিকেইটামান কাম কৰি শৰীৰটো হাইড্রেট কৰি ৰাখিব পাৰোঁ ৷

  • পুৱা উঠি নেমু আৰু মৌ মিহলি এগিলাচ পানী খাওক ৷
  • মেদবহুলতা দূৰ কৰিবলৈ ৰাতি এচামুচ জিৰা এগিলাচ পানীত তিয়াহ থৈ পুৱা সেই পানী খাওক ৷ এনে কৰিলে আপুনি হাইড্রেটেড আৰু মেদবহুলতা সমস্যাৰ পৰাও মুক্ত হব ৷
  •  পুৱা কিছু সময় নিজৰ বাবে উলিয়াওক ৷
  • অলপ খোজ কাাক  বা অন্য ধৰণে ব্যায়াম কৰক ৷ দিনটোৰ ব্যস্ততাৰ মাজত মাত্রা আধা ঘণ্টা  সময় নিজৰ বাবে ৰাখক ৷
  • প্রতিদিনে ব্রেকফাষ্টত তৰল পদার্থ সংযুক্ত কৰক ৷ জুইচ বা ফ্রুইট চালাদ খাদ্যৰ তালিকাত অন্তর্ভুক্ত কৰক ৷ ই আপোনাক দিনটোৰ বাবে সতেজ কৰি ৰাখিব ৷
  • দৈনিক সতেজ পানীয়ৰ তালিকাত ডাবৰ পানী, কুঁহিয়াৰ ৰস, লচিচ, বাটাৰ, মিল্ক্, তৰমুজৰ ৰস, নেমু চৰবত, চাটুগুড়া পানী, বেলৰ চৰবত আদি সন্নিৱিষ্ট কৰিব ৷
  • আজিকালি এটা জুইচ বুলি কলে বহুতে স্মুডী প্রেফৰ কৰে ৷

কিন্তু এই স্মুডীনো কি

স্মুডী হৈছে ব্লেণ্ডাৰত উপাদান পিউৰি কৰি তৈয়াৰ কৰা পানীয়৷  স্মুডীৰ সাধাৰণতে তৰল ভিত্তি থাকে, যেনে– ফলৰ ৰস বা গাখীৰ বা দৈ ৷ আন উপাদান যোগ কৰিব পাৰি, যেনে– ফলমূল, শাক–পাচলি, অদুগ্ধজাতীয় গাখীৰ,  বৰফ, ৱেই পাউডাৰ বা পুষ্টিকৰ পৰিপূৰক ৷ সাধাৰণ স্মুডী হৈছে মিশ্রিত ফল বা শাক–পাচলিৰ পৰা তৈয়াৰী পানীয় আৰু ইয়াক বনোৱাৰ বহু উপায় আছে ৷  ইহঁতে কেহবাটাও স্বাস্থ্য উপকাৰিতা প্রদান কৰিলেও অত্যধিক স্মুডী খালে আপোনাৰ স্বাস্থ্যত নেতিবাচক প্রভাৱ পৰিব পাৰে ৷

বতৰৰ ফলৰ পৰা তৈয়াৰ কৰা ৰস, বিশেষকৈ বতৰৰ ফলৰ পৰা তৈয়াৰ কৰা স্মুডী আৰু শ্বেক অত্যন্ত পুষ্টিকৰ (Summer drink ideas) ৷

ভিটামিন, খনিজ, এণ্ঢিক্সিডেণ্ট ভৰপূৰ সতেজ ফলসমূহৰ ৰসবোৰে অত্যাৱশ্যকীয় পুষ্টি প্রদান কৰে ৷ এইবোৰে শৰীৰক হাইড্রেট কৰাৰ লগতে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা আৰু বৃদ্ধি কৰে ৷ মূল কথাটো হল পুষ্টি আৰু ভোগৰ মাজত ভাৰসাম্য বর্তাই ৰখাটো ৷ গৰমৰ দিনত সহজতে বজাৰত উপলব্ধ ৰঙা, কলা কল্ডড্রিংকছসমূহে আপোনাক যথেষ্ট ক্ষতি কৰিব পাৰে ৷

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে টেড্রা পেক, কেন বা বটলত বিক্রী কৰা শীতল পানীয়বোৰ প্রকৃত ৰস নহয় ৷ ইয়াৰ পৰিৱর্তে হয়াক কার্বনেটেড শীতল পানীয় বুলি কব পাৰি ৷ ইফালে কেনত বিক্রী কৰা ৰসবোৰো প্রকৃত ফলৰ ৰস নহয় আৰু ইয়াৰ কোনো পুষ্টিকৰ মূল্য নাই ৷ এইবোৰ মাথোঁ এনেকুৱা পানীয় , যত কৃত্রিমভাৱে ফলৰ গোন্ধ আৰু সোৱাদ যোগ কৰা হয় ৷ বহুতো ছফট ড্রিংকছতে লঘু ফচফেৰিক এচিড থাকে, যিবোৰে আপোনাৰ পাচন নলীৰ ক্ষতি কৰে আৰু পাচন বা বিপাক ক্রিয়াত বিঘিনি জন্মায় ৷ দেহত  ফচফৰাচৰ পৰিমাণ বৃদ্ধি পায় আৰু ই মানুহৰ হাড়ৰ পৰা কেলচিয়ামক পৃথক কৰি তেজৰ সোঁতত বিলীন কৰিবলৈ ধৰে ৷

এইদৰে কেলচিয়াম হাড়ৰ পৰা নিঃসৰণ হৈ তেজৰ সতে ওলাহ গলে হাড়বোৰ থুনুকা আৰু সোপোকা হৈ পৰে বুলি চিকিৎসকসকলে কয় ৷ এইবোৰেই ক্রমাগতভাৱে দাঁতৰ ক্ষয়ৰোগ, কিডনী ষ্টোন, আর্থাৰাহটিছ আদি অস্থিজনিত ৰোগৰ সৃষ্টি কৰে ৷

ডায়েট ড্রিংকছ

চেনিমুক্ত বা ডায়েট ড্রিংক টেগ থকা শীতল পানীয়বোৰো স্বাস্থ্যৰ বাবে বৰ উপকাৰী নহয় ৷ আপোনাৰ স্বাস্থ্যৰ পুষ্টি বা শৰীৰৰ ওজন হ্রাস কৰাৰ প্রতিশ্রুতি দি হয়তো তেওঁলোকে বজাৰ দখল কৰিছে ৷ ইফালে বিশেষজ্ঞসকলে আঙুলিয়াই দিয়ে যে এই ডায়েট ড্রিংকছবোৰে চেনিযুক্ত শীতল পানীয়ৰ দৰেই শৰীৰ ক্ষতি কৰিব পাৰে ৷

প্রাকৃতিক ৰস

এই শীতল পানীয় আৰু প্রাকৃতিক পানীয়সমূহৰ মাজত সদায় এক শীতল যুদ্ধ অব্যাহত আছে ৷ প্রাকৃতিক ৰস যিবোৰ অত্যন্ত সতেজ আৰু সহজে উপলব্ধ ৷ কিন্তু কিডনী ৰোগী আৰু হূদৰোগত আক্রান্তসকলে চিকিৎসকৰ পৰামর্শ লোৱাৰ পিছতহে এইবোৰ পান কৰিব লাগে ৷

মূলতঃ শীতল পানীয়ই আজিৰ শিশু আৰু যুৱক–যুৱতীসকলৰ্ জীৱনত বহু সমস্যাৰ সৃষ্টি কৰিছে ৷ যেনে– মধুমেহ, বৃক্ক বিকল হোৱা, মেটাবলিজমৰ মাত্রা কমি যোৱা, মেদবহুলতা, হাড়ৰ ক্ষতি, প্রজনন সমস্যাৰ দৰে গভীৰ সমস্যা ৷

শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে এহ শীতল পানীয়বোৰে আমাৰ মগজুৰ কাম–কাজত প্রভাৱ পেলায় ৷ গতিকে গৰমৰ দিনকেইটাত আমি বজাৰত বটলত উপলব্ধ শীতল পানীয়ৰ সলনি সতেজ ফলৰ ৰস সেৱন কৰি আমি স্বাস্থ্যৱান আৰু নিৰোগী হোৱাৰ দিশে এখোজ আগুৱাই যাওঁ ৷

ফোনঃ  ৯৮৬৪৪-২২৪২৮

You might also like

Comments are closed, but trackbacks and pingbacks are open.