ৰাজীৱ কাশ্যপ
পাচনতন্ত্রৰ অন্যতম প্রধান সমস্যা হৈছে শৌচ কচা হোৱা বা কোষ্ঠকাঠিন্য ৷ আমি খোৱা খাদ্যসমূহৰ পাচন হোৱাৰ পিছত অৱশিষ্টখিনি পাচন নলীৰ বৃহদান্ত্র আৰু কলনৰ মাজেদি স্বাভাৱিক গতিৰে পাৰ হৈ ওলাই নগলে আমি কোষ্ঠকাঠিন্য হোৱা বুলি কওঁ ৷ মাজে–সময়ে শৌচ খোলোচা নোহোৱা সমস্যাটো প্রায় সকলো মানুহৰে হোৱা দেখা যায় ৷ কিন্তু দীঘলীয়া সময়ৰ এই সমস্যাটো হলে হ বৰ অশান্তিদায়ক হয় আৰু চিকিৎসাৰ প্রয়োজন হয়৷ চিকিৎসা বিজ্ঞানীসকলৰ মতে সপ্তাহত তিনিবাৰতকৈ কম শৌচ হলে তাক কোষ্ঠকাঠিন্য( Constipation) বুলি ধৰা হয়৷ এক সমীক্ষা মতে বিশ্বৰ ১২% শতাংশ লোকে এই সমস্যাত ভোগে ৷ পৰিৱর্তিত খাদ্যাভ্যাসৰ বাবে এই সমস্যাটো দিনকদিনে বাঢ়ি আহিছে ৷
কোষ্ঠকাঠিন্যৰ লক্ষণঃ
- সপ্তাহত তিনিবাৰ বা তাতোকৈ কমকৈ শৌচ হোৱা ৷
- শৌচ কঠিন হয়, টুকুৰা–টুকুৰকৈ ওলায় ৷
- পায়খানা কৰোঁতে বহুত জোৰ দিবলগীয়া হয়, শৌচ ভালদৰে নহয় ৷
- শৌচৰ লগত তেজ পৰে, কেতিয়াবা শৌচৰ দ্বাৰ ফাটি ঘা হব পাৰে ৷
- তলপেটত বিষ অনুভৱ হয়, পায়খানাৰ পৰা অহাৰ পিছতো শৌচ কৰিব লগা যেন অনুভৱ হৈ থাকে ৷
- মুখ গোন্ধাব পাৰে আৰু ভোক নালাগে, পেটত গেছ হয় ৷
- বমি হব পাৰে বা বমিৰ ভাব হব পাৰে ৷
- কোষ্ঠকাঠিন্যৰ কাৰণ
এই সমস্যাৰ প্রথম আৰু প্রধান কাৰণ হৈছে কমকৈ পানী আৰু আঁহজাতীয় খাদ্য খোৱা ৷ ইয়াৰ পৰিৱর্তে মাংস, কণী, গাখীৰৰ পৰা প্রস্তুত কৰা খাদ্য যেনে– চীজ, পনীৰ আদি বেছিকৈ খালেও এই সমস্যা হব পাৰে ৷ শৰীৰত পানীৰ পৰিমাণ কমি গলেও Dehydration এহ সমস্যা বেছি হয় ৷
- একেবাৰে শাৰীৰিক কার্যকলাপ নকৰা বা শুহ–বহি থকা মানুহৰো এহ সমস্যা হয় ৷ শৌচ কৰিব লগাৰ লগে লগেহ যদি পায়খানালৈ নগৈ বেলেগ কিবা কামত ব্যস্ত হৈ থাকে, তেতিয়াও এই সমস্যা হব পাৰে ৷ সঘনাহ যাত্রা কৰি থাকিব লগা লোকৰ বা সঘনাই দৈনন্দিন কাম–কাজৰ তালিকা সলনি হৈ থকা লোকসকলৰো কোষ্ঠকাঠিন্য হোৱা দেখা যায় ৷
- কিছুমান দৰব যেনে আহৰনৰ দৰব, এণ্টাচিড, বিষৰ দৰব, ড্ৰাই ইউৰেটিকচ, পাৰকিনচন ৰোগৰ দৰব সেৱন কৰিলেও কোষ্ঠকাঠিন্য হয় ৷
- বয়োজ্যেষ্ঠসকলে প্রায়ে এই সমস্যাত ভোগে ৷ ৬০ বছৰ ঊধর্বৰ প্রায় এক তৃতীয়াংশ লোকে এই সমস্যাত ভোগে ৷
- গর্ভৱতী মহিলাৰ হৰমনৰ পৰিৱর্তন হোৱা বাবে প্রায়ে কোষ্ঠকাঠিন্যত ভোগা দেখা যায়৷ থাইৰয়ড গ্রন্থিৰ সমস্যা হলেও এহ সমস্যা হয় ৷
- কিছুমান অন্য শাৰীৰিক সমস্যা হলে তাৰ আনুষংগিক সমস্যা হিচাপে কোষ্ঠকাঠিন্য হব পাৰে ৷ সেইবোৰ হৈছে ষ্ট্রোক, মাচ্টিপল স্কেলৰছিছ, পাৰকিনচন ৰোগ, স্পাহনেল কর্ড ইনজিউৰী, কলনত হোৱা কর্কট ৰোগ, মধুমেহ ৰোগ, থাইৰয়ডৰ সমস্যা আদি ৷
- মানসিক চাপ, হতাশা, বিশাদগ্রস্ততা আদি সমস্যাত ভুগিলেও কোষ্ঠকাঠিন্য হয় ৷
দীর্ঘদিন ধৰি কোষ্ঠকাঠিন্যত ভোগা লোকসকলৰ অর্শ, এনেল ফিচাৰ আদি আনুষংগিক সমস্যা হব পাৰে ৷ সেয়েহে ইয়াক অৱহেলা নকৰি সোনকালে চিকিৎসা গ্রহণ কৰিব লাগে ৷ বহুতো ক্ষেত্রত দৰব ব্যৱহাৰৰ নকৰাকৈ কিছুমান সাধাৰণ নিয়ম পালন কৰি লগতে কিছুমান অভ্যাস জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ পৰিৱর্তন কৰি কোষ্ঠকাঠিন্যৰ পৰা মুক্তি পাব পাৰোঁ ৷ সেহবোৰ হৈছে
¨অধিক পৰিমাণে পানী আৰু আঁহজাতীয় খাব লাগে ৷ আঁহজাতীয় খাদ্য হৈছে শাক–পাচলি, ফলমূল আদি ৷ উদ্ভিদৰ পৰা পোৱা এনে আঁহজাতীয় খাদ্যসমূহ সম্পূর্ণৰূপে পাচন নহয় আৰু এহ অৱশিষ্টখিনিয়ে যথেষ্ট পৰিমাণে পানী ধৰি ৰাখিব পাৰে ৷ সেয়েহে শৌচ খোলোচা হোৱাত ই সহায়ক হয় ৷ তদুপৰি পানীও যথেষ্ট পৰিমাণে খোৱা উচিত ৷ এজন প্রাপ্তবয়স্ক্ লোকে দৈনিক ২.৫-৩ লিটাৰ মান পানী খাব লাগে ৷ একেবাৰে বেছিকৈ পানী খোৱা অনুচিত ৷ কম কমকৈ সঘনাই পানী খাব লাগে ৷ ভাত বা খাদ্য খোৱাৰ আগত বেছিকৈ পানী খাব নালাগে, খোৱাৰ মাজতো অধিক পানী খাব নালাগে, খাদ্য খোৱাৰ ৩০-৪৫ মিনিট পিছত পানী খাব লাগে ৷ তদুপৰি মাংসজাতীয় খাদ্যই কোষ্ঠকাঠিন্য বঢ়ায় ৷ চর্বিজাতীয় খাদ্য, কেক, পেষ্টী, চাহ–কফী, অধিক মচলাযুক্ত খাদ্য আদি খালেও এহ সমস্যা বেছি হয় ৷ এনেবোৰ খাদ্য কমকৈ খাব লাগে ৷ এলকহল, কেফেইনযুক্ত পানীয়, চাহ, কফী আদি কমকৈ খাব লাগে ৷ এহবোৰেও কোষ্ঠকাঠিন্য কৰে ৷ কেঁচা অমিতাৰ তৰকাৰী খোৱা ভাল ৷ পপকর্ণে শৌচ খোলোচা কৰাত সহায় কৰে ৷ পালেং শাক আৰু কমলা খোৱাটো এইক্ষেত্রত যথেষ্ট সুফলদায়ক হয় ৷
- সদায় পাতলীয়া ধৰণৰ ব্যায়াম কৰিব লাগে ৷ একেবাৰে শাৰীৰিক কার্যকলাপ নকৰা লোকৰ এই সমস্যা বেছি হয় ৷
- সদায় পুৱা এক নির্দিষ্ট সময়ত পায়খানালৈ যোৱা অভ্যাস কৰিব লাগে ৷ আমি যেনেকৈ সময়মতে খাদ্য গ্রহণ কৰিব লাগে তেনেকৈ সময় মতে শৌচ কৰিবও যাব লাগে ৷ শৌচ কৰিব লগাৰ অনুভৱ হোৱাৰ লগে লগেই পায়খানালৈ যাব লাগে ৷
- মানসিক চাপ পৰিহাৰ কৰিব লাগে ৷ ৰাতি ৭-৮ ঘণ্টা ভালদৰে টোপনি মাৰিব লাগে ৷
- ৰাতি শোৱাৰ আগত আৰু পুৱা খালী পেটত এগিলাচ কুহুমীয়া গৰম পানীত কেইচামুচমান নেমুৰ ৰস মিহলাই খালে ভাল ফল পোৱা যায় ৷
- ৰাতি এগিলাচ পানীত ১৫ গ্রামমান ত্রিফলা চূর্ণ মিহলি কৰি পুৱা খালী পেটত খালেও কোষ্ঠকাঠিন্য দূৰ হয় ৷
- তিল খালেও কোষ্ঠকাঠিন্য দূৰ হয় ৷ তিলৰ গুড়ি গুড় মিঠাইৰ লগত খালেও সুফল পোৱা যায় ৷
এহদৰে খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱর্তনৰ দ্বাৰা আমি সহজতে কোষ্ঠকাঠিন্যৰ পৰা মুক্তি পাব পাৰোঁ ৷
ফোনঃ ৮৬৩৮২-৭২৮৬৩