এৰবিক ব্যায়াম আৰু উপকাৰিতা

ৰাজীৱ কাশ্যপ

এৰবিক ব্যায়াম হল একপ্রকাৰৰ শাৰীৰিক ব্যায়াম, যত কম প্রাবল্যৰ পৰা অধিক প্রাবল্যৰ কিছুমান শাৰীৰিক ক্রিয়াকলাপ অন্তর্ভুক্ত কৰা হয় ৷ এৰবিক ব্যায়াম কৰোঁতে শৰীৰৰ অধিকাংশ মাংসপেশী অংশগ্রহণ কৰে আৰু এই ব্যায়ামৰ যোগেদি শৰীৰে অধিক অক্সিজেন গ্রহণ কৰে ৷ এৰবিক ব্যায়ামৰ ফলত হূদস্পন্দন বৃদ্ধি হয়, উশাহ–নিশাহ ঘন হয় আৰু শৰীৰত অক্সিজেনযুক্ত তেজৰ সঞ্চালন বৃদ্ধি পায় ৷ সেয়েহে এই ব্যায়ামৰ অন্য এটা নাম হৈছে কার্ডি ৷ পর্যাপ্ত পৰিমাণৰ অক্সিজেনৰ যোগানৰ ফলত দেহৰ কোষসমূহৰ মেটাবলিজম বা বিপাক প্রক্রিয়া বৃদ্ধি পায় আৰু যথেষ্ট পৰিমাণৰ শক্তি উৎপাদন হয় ৷ বিপাক ক্রিয়া বৃদ্ধি হোৱাৰ লগে লগে কার্বন–ডাই–ক্সাইড্ আৰু বর্জিত পদার্থৰ উৎপাদন বেছি হয় ৷ কার্বন–ডাই–ক্সাইড্ নিশাহত ওলাই যায় আৰু বাকী বর্জিত পদার্থ ঘাম আৰু প্রস্রাৱৰ দ্বাৰা ওলাই যায় ৷ এৰবিক ব্যায়ামৰ প্রভাৱ গোটেই শৰীৰত পৰা দেখা যায় ৷ এৰবিক ব্যায়ামৰ প্রভাৱ পোনপটীয়াকৈ শ্বাসতন্ত্র আৰু ৰক্ত পৰিবহণ তন্ত্রত পাৰে৷ এই ব্যায়ামে দৈহিক শক্তিৰ লগতে মানসিক শক্তিও বৃদ্ধি কৰে ৷ এৰবিক ব্যায়াম বিভিন্ন প্রকাৰৰ আছে ৷ সেইবোৰ হল– খোজ কা, জগিং কৰা, দৌৰা, স্কিপিং কৰা, চিৰি বগোৱা, এৰবিক নৃত্য কৰা, সাঁতোৰা, চাইকেল চলোৱা আদি ৷ এৰবিক ব্যায়ামক সকলো ব্যায়ামৰ ৰজা বুলি কোৱা হয় ৷ ইয়াৰ কাৰণ হল যিকোনো ব্যায়াম কৰাৰ আগতে এৰবিক ব্যায়াম কৰাটো অতি প্রয়োজনীয় ৷ এৰবিক ব্যায়াম প্রায় সকলো ধৰণৰ মানুহে কৰিব পাৰে ৷ তদুপৰি মাংসপেশীৰ বৃদ্ধিৰ বাবে কৰা ওজন দঙা ব্যায়াম বা ফ্লেক্সিবিলিটিৰ বাবে কৰা ব্যায়ামসমূহে নির্দিষ্ট একোটা পেশীৰ সমষ্টিত প্রভাৱ পেলায় ৷ কিন্তু এৰবিক ব্যায়ামে কম–বেছি পৰিমাণে দেহৰ সকলো মাংসপেশী, অংগ–প্রত্যংগ আৰু মগজুৰ ওপৰত প্রভাৱ পেলায় ৷ শাৰীৰিক আৰু মানসিক দুয়ো ধৰণৰ স্বাস্থ্যৰ উন্নতিৰ বাবে এৰবিক ব্যায়াম অতি প্রয়োজনীয় ৷

এৰবিক ব্যায়ামৰ উপকাৰিতা

  • এৰবিক ব্যায়ামৰ দ্বাৰা দেহৰ মাংসপেশীসমূহৰ শক্তি বৃদ্ধি হয় আৰু হাড়বোৰ মজবুত হয় ৷ আগতে উল্লেখ কৰি আহিছোঁ যে এই ব্যায়ামসমূহে কোষসমূহৰ বিপাক ক্রিয়া বৃদ্ধি কৰে আৰু ইয়াৰ ফলত শক্তি উৎপন্ন হয় ৷ এই শক্তি কোষসমূহে সঞ্চিত কৰি ৰাখিব পাৰে ৷ ইয়াৰ ফলত দৈহিক শক্তি বৃদ্ধি হয় আৰু কাম কৰিব পৰা সামর্থ্য অধিক হয় ৷ তদুপৰি ব্যায়ামৰ ফলত খাদ্যত থকা কেলচিয়াম, ফচফৰাচ আদি খনিজ পদার্থ ভালদৰে অৱশোষিত হয় আৰু সেইবোৰ হাড়ত জমা হৈ হাড় মজবুত কৰে ৷ নিয়মীয়াকৈ এই ব্যায়াম কৰাসকলৰ হাড়ৰ ঘনত্ব কমি যোৱা যাক অষ্টিপৰছিছ বুলি কোৱা হয় বেমাৰ নহয় ৷
  • হূদযন্ত্র তথা ৰক্ত পৰিবহণ তন্ত্রৰ কার্যক্ষমতা বৃদ্ধি কৰাটো এৰবিক ব্যায়ামৰ অন্যতম প্রধান সুফল৷ নিয়মিত এই ব্যায়াম কৰাসকলৰ হূদযন্ত্রৰ পেশীসমূহৰ শক্তি বৃদ্ধি হয় ৷ ইয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্রিত হয় ৷ দেহৰ বর্ধিত কলেষ্টৰেলৰ পৰিমাণ হ্রাস পায় ৷ যাৰ বাবে আৰটেৰী ব্লকেজ, হার্ট ফেইলুৰ, ষ্ট্রোক আদি ৰোগৰ সম্ভাৱনা হ্রাস পায় ৷ ইয়াৰ উপৰি এৰবিক ব্যায়ামে হাঁওফাঁওৰ কার্যক্ষমতা বৃদ্ধি কৰে ৷ হাঁওফাঁওৰ অক্সিজেন ধাৰণ ক্ষমতা বৃদ্ধি পায় আৰু গোটেই শৰীৰত অক্সিজেনযুক্ত তেজৰ সঞ্চালন বৃদ্ধি পায় ৷ সেয়েহে নিয়মিতভাৱে এই ব্যায়াম কৰাসকলৰ জীৱনৰেখাডাল দীঘলীয়া হয় ৷
  • এৰবিক ব্যায়ামে মগজুৰ কার্যক্ষমতা বৃদ্ধি কৰে ৷ এই ব্যায়াম কৰিলে মগজুলৈ অক্সিজেনযুক্ত তেজৰ সঞ্চালন বৃদ্ধি পায় ৷ মগজুৰ কোষসমূহে অধিক পুষ্টি লাভ কৰে ৷ নিয়মিত ব্যায়াম কৰা ব্যক্তিসকলৰ এলঝাইমাৰ, ডিমেনচিয়া, ভার্টিগ আদি ৰোগ নহয়, স্মৃতিশক্তি অটুট থাকে ৷ তদুপৰি এই ধৰণৰ ব্যায়ামে মগজুত কিছুমান স্নায়ুবার্তা প্রেৰক (Neurotransmitters) যেনে– ডপামিন, চেৰোটনিন, এনডৰফিন আদিৰ ক্ষৰণ বৃদ্ধি কৰে ৷ এহ স্নায়ু বার্তা প্রেৰকসমূহে শাৰীৰিক তথা মানসিক কর্মোদ্যম বৃদ্ধি কৰে আৰু হতাশা, বিশাদগ্রস্ততা আদি মানসিক সমস্যাসমূহ দূৰ কৰে ৷
  • কিছুমান এৰবিক ব্যায়ামে মেদবহুলতা সমস্যা দূৰ কৰাত সহায় কৰে৷ জগিং কৰা আৰু দৌৰা এই দুটা ব্যায়ামে পেট আৰু কঁকালৰ চর্বি হ্রাস কৰাত সহায় কৰে ৷ ইয়াৰ বাহিৰেও খোজ কা, সাঁতোৰা, চাইকেল চলোৱা আদি ব্যায়াম কৰিলে দেহৰ অতিৰিক্ত কেলৰি খৰচ হয় আৰু হয়াৰ ফলত দেহত চর্বি জমা নহয় ৷ বয়স বৃদ্ধিৰ লগে লগে শৰীৰৰ কোষসমূহৰ মেটাবলিজম প্রক্রিয়া হ্রাস পায় আৰু দেহত চর্বি জমা হবলৈ ধৰে ৷ মেদবহুলতা সমস্যাৰ লগত আনুষংগিক অন্য কিছুমান সমস্যা যেনে– আৰটেৰী ব্লক, উচ্চ ৰক্তচাপ, হূদৰোগ,  মধুমেহ ৰোগ ,অষ্টিআর্থৰাহটিছ আদি হব পাৰে ৷ নিয়মিত এৰবিক ব্যায়াম কৰা ব্যক্তিৰ বয়স বাঢ়ি গলেও দেহৰ মেটাবলিজম প্রক্রিয়া ভালে থাকে ৷ ইয়াৰ ফলত দেহত চর্বি জমা হব নোৱাৰে আৰু দৈহিক শক্তি অটুট থাকে ৷
  • নিদ্রাহীনতাৰ সমস্যা দূৰ কৰাতো এৰবিক ব্যায়ামে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ৷ প্রায়ভাগ ব্যক্তিয়ে দৈনন্দিন জীৱনত শাৰীৰিক পৰিশ্রম নকৰা বাবে নিদ্রাহীনতাত ভোগে ৷ দৈনিক মাত্র ত্রিশ মিনিট সময় এৰবিক ব্যায়াম কৰিলে এহ সমস্যাৰ পৰা হাত সাৰিব পাৰি ৷  হতাশা, মানসিক চাপ আদি মানসিক সমস্যাৰ বাবেও টোপনি নহা সমস্যা হয় ৷ মানসিক সমস্যাত ভোগা লোকসকলৰ দেহত চেৰোটনিন আৰু এনডৰফিন নামৰ ৰাসায়নিক দ্রব্য দুটাৰ পৰিমাণ কমি যায় ৷ এৰবিক ব্যায়ামে আমাৰ দেহত এই দ্রব্য দুটাৰ পৰিমাণ বঢ়ায় আৰু ইয়াৰ ফলত হতাশা, বিষাদগ্রস্ততা আদি সমস্যা দূৰ হয় ৷ মানসিক চাপ নথকা ব্যক্তিৰ টোপনিও ভাল হয় ৷ অৱশ্যে নিদ্রাহীনতাত ভোগাসকলে কমৰ পৰা মধ্যমীয়া প্রাবল্যৰ এৰবিক ব্যায়াম কৰা উচিত ৷ এনে ব্যক্তিয়ে উচ্চ প্রাবল্যৰ এৰবিক ব্যায়াম বা ওজন দঙা আদি ব্যায়াম কৰিলে নিদ্রাহীনতা সমস্যা বেছি হয় ৷
  • এৰবিক ব্যায়ামে কৰিলে মধুমেহ ৰোগ নিয়ন্ত্রিত হয় ৷ এই ধৰণৰ ব্যায়ামে দেহত হনছুলিন হৰমনৰ নিঃসৰণ বৃদ্ধি কৰে ৷ ইনছুলিনে গ্লুকজৰ বিপাক ঘটায় আৰু তেজত ইয়াৰ পৰিমাণ হ্রাস কৰে ৷ তদুপৰি এৰবিক ব্যায়াম কৰিলে থাইৰয়ড হৰমনৰ ক্ষৰণ স্বাভাৱিক হয়৷ থাইৰয়ড হৰমনৰ ক্ষৰণ কমি গলে থাইৰয়ড ষ্টিমুলেটিং হৰমন (Thyroid Stimulating Hormone) পৰিমাণ তেজত বাঢ়ি যায় আৰু ইয়াৰ ফলত কিছুমান শাৰীৰিক সমস্যা হয় ৷ এৰবিক ব্যায়ামৰ দ্বাৰা থাইৰয়ড হৰমনজনিত সমস্যাবোৰ প্রতিৰোধ কৰিব পাৰি ৷
  • এৰবিক ব্যায়ামে দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ এহ ধৰণৰ ব্যায়াম কৰিলে উশাহ–নিশাহ ঘন হয় আৰু হাওফাঁওত থকা ভাহৰাছ, বেক্টেৰিয়া আদি নাকেৰে উলিয়াই দিয়ে৷ সেয়েহে নিয়মিত ব্যায়াম কৰা মানুহৰ  চর্দি ফ্লু আদি কমকৈ হয় ৷ তদুপৰি এৰবিক ব্যায়ামৰ দ্বাৰা হাড়ৰ মজ্জা লৈ অক্সিজেন আৰু পুষ্টি অধিক পৰিবহণ হয় ৷ ইয়াৰ দ্বাৰা ৰোগ প্রতিৰোধ কার্যৰ প্রধান সৈনিক শ্বেত ৰক্তকণিকাসমূহ সৃষ্টি হোৱাত সহায়ক হয় ৷
  • নিয়মিতভাৱে এই ব্যায়াম কৰা লোকসকলৰ খাদ্য ভালদৰে হজম হয়, ভোক বাঢ়ে ৷ এৰবিক ব্যায়ামৰ দ্বাৰা যকৃতত জমা হোৱা চর্বি আঁতৰ হয় ৷ যকৃতৰ কার্যক্ষমতা বাঢ়ে ৷
  • নিয়মিত এৰবিক ব্যায়াম কৰা ব্যক্তিৰ কর্কট ৰোগৰ সম্ভাৱনা কম হয় ৷ আমেৰিকাৰ কেঞ্চাৰ ছচাইটীৰ মতে নিয়মিত এৰবিক ব্যায়াম কৰা লোকৰ প্রষ্টেট, স্তন, হঁাওফাঁওৰ আৰু কলনৰ কর্কট ৰোগ কমকৈ হোৱা দেখা যায় ৷
  • এৰবিক ব্যায়ামৰ ফলস্বৰূপে ছাল আৰু চুলিৰ গুৰিলৈ অক্সিজেনযুক্ত তেজৰ সঞ্চালন বৃদ্ধি পায়৷ ইয়াৰ ফলত ছাল উজ্জ্বল হয় আৰু বয়সৰ চাপ কমকৈ পৰে লগতে চুলি সৰাও বন্ধ হয় ৷ এই ব্যায়ামৰ দ্বাৰা পুৰুষ, মহিলা উভয়ৰে যৌন জীৱন উন্নত হয়৷ মুঠতে এই ব্যায়ামৰ দ্বাৰা দীর্ঘ যৌৱন পাবলৈ সক্ষম হয় ৷

ইমানবোৰ সুফল থাকিলেও এৰবিক ব্যায়ামৰ কিছুমান কুফল আৰু সীমাবদ্ধতা আছে ৷ সেইবোৰ হৈছে

  • এৰবিক ব্যায়াম একেবাৰে বেছি সময় কৰিলে মাংসপেশীবোৰ আঘাতপ্রাপ্ত হব পাৰে ৷
  • এই ব্যায়ামৰ দ্বাৰা মাংসপেশীৰ আকাৰ ববাব নোৱাৰি ৷
  • নিয়মিতভাৱে দৈনিক এৰবিক ব্যায়াম নকৰিলে ইয়াৰ সুফল লাভ কৰিব নোৱাৰি ৷

 এৰবিক ব্যায়ামৰ কেইটামান গুৰুত্বপূর্ণ দিশ

এজন সুস্থ ব্যক্তিয়ে নিজৰ স্বাস্থ্য ভালে ৰাখিবলৈ অতিকমেও ৩০ মিনিটকৈ সপ্তাহত মাত্র পাঁচ দিন এৰবিক ব্যায়াম কৰিলে যথেষ্ট হয় ৷ ব্যায়ামৰ আৰম্ভণিতে কিছু সময় অলপ লাহে লাহে আৰু কম প্রাবল্যৰ ব্যায়াম কৰিব লাগে, যাক Warm up Stage বুলি কোৱা হয় ৷ ব্যায়াম শেষ কৰাৰ সময়তো  ইয়াৰ প্রাবল্য কমাই লাহে লাহে ব্যায়াম শেষ কৰিব লাগে ৷ ইয়াক Cooldown Stage বুলি কোৱা হয় ৷ যদি এজন মানুহে ৩০ মিনিট খোজ কাঢ়ে তেনেহলে প্রথমতে ৫-১০ লাহে লাহে খোজ কাঢ়িব লাগে ৷ তাৰ পিছত ১০-১৫ মিনিট বেগাই কাঢ়িব লাগে আৰু শেষৰ ৫-১০ মিনিট লাহে লাহে খোজ কাঢ়ি শেষ কৰিব লাগে ৷ এৰবিক ব্যায়াম কৰিবলৈ আৰম্ভ কৰাৰ আগত অভিজ্ঞ ব্যক্তিৰ পৰামর্শ আৰু নির্দেশনা লব লাগে ৷ কোনো ব্যক্তি যদি যিকোনো দীর্ঘদিনীয়া ৰোগত ভুগি আছে, ব্যায়াম আৰম্ভ কৰাৰ আগতে ডাক্তৰৰ পৰামর্শ লব লাগে ৷ কিছুমান বেমাৰ যেনে– অনিয়ন্ত্রিত উচ্চ ৰক্তচাপ, এজমা, আৰটেৰী ব্লকেজ, অন্য কিছুমান হূদৰোগ হলে কোনো ধৰণৰ ব্যায়াম কৰিব নালাগে ৷ তদুপৰি প্রতিজন মানুহৰ শাৰীৰিক অৱস্থা একে নহয় ৷ সেইটো অনুসৰি প্রতিজন মানুহে একেটা এৰবিক ব্যায়াম কৰিব নোৱাৰিব পাৰে ৷ যেনে– এজন বয়সস্থ লোকে দৌৰা বা জগিং কৰিব নোৱাৰিব পাৰে ৷ তেওঁৰ বাবে খোজ কাটোৱে সুবিধাজনক হব ৷ ঠিক তেনেকৈ ওজন হ্রাস কৰিব বিচৰাসকলে দৌৰা বা জগিং কৰিলে সুফল পাব৷ অষ্টিআর্থৰাহটিছত ভোগাসকলে খোজ কা, দৌৰা আদি কৰিলে গাঁঠিৰ বিষ বেছি হব পাৰে ৷ তেওঁলোকৰ বাবে চাইকেল চলোৱা বা সাঁতোৰা ব্যায়াম উপকাৰী হব ৷ একেদৰে নিদ্রাহীনতা সমস্যাত ভোগাসকলৰ বাবে দৌৰাতকৈ খোজ কাটো বেছি উপকাৰী হয় ৷ ঠিক সেইদৰে ব্যায়াম কিমান সময় ধৰি কৰিব সেহটো প্রতিজন মানুহৰে বাবে বেলেগ বেলেগ হব ৷

এৰবিক ব্যায়াম কৰোঁতে আৰু এটা প্রধান দিশত গুৰুত্ব দিব লাগে ৷  সেইটো হৈছে এই ব্যায়াম প্রদূষণমুক্ত মুকলি ঠাহত বা পৰিষ্কাৰ বতাহ চলাচল কৰা কোঠাত কৰিব লাগে৷ এহ ধৰণৰ ব্যায়াম কৰিলে শৰীৰে যথেষ্ট পৰিমাণে অক্সিজেন গ্রহণ কৰে৷ প্রদূষিত বায়ু অধিক গ্রহণ কৰিলে ই দেহৰ ক্ষতিহে কৰিব পাৰে ৷ শেষত কবলৈ হলে এৰবিক ব্যায়াম সকলো বয়সৰ ব্যক্তিয়ে কৰিব পৰা ব্যায়াম, যাৰ সুফল দেহৰ প্রতিটো অংগ–প্রত্যংগহ লাভ কৰে ৷ নিয়মিতভাৱে এই ব্যায়াম চর্চা কৰি আমি বহুতো ঘাতক ৰোগৰ পৰা হাত সাৰিব পাৰোঁ আৰু আমাৰ আয়ুসৰেখাডাল দীঘলীয়া কৰিব পাৰোঁ ৷

ফোনঃ ৮৬৩৮২-৭২৮৬৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.