নাৰীৰ বৰদিন : ব্যতিক্ৰম বৰদিন 

42
স্বপ্না দাস

“লা বেফানা ভিয়েন ডি ন’ট্টে
ক’ন ডে স্কাৰ্প টুট্টে ৰ’ট্টে
য়্যি ভেষ্টিট’ অ’ল্লা ৰোমানা
ভিভা ভিভা লা বেফানা…।”

শিশুটোৱে গুণগুণাই গাই আছে। ষ্টকিংছ এটা খালী কৰি কৰি শিশুটোৱে গাই আছে। তাৰ দুচকুত আশাৰ পানচৈ। কণ্ঠস্বৰতো একেই ৰেঙণি। সকলোৱে খ্ৰীষ্টমাছ বুলি যেতিয়া ‘জিংগল বেলছ’ গোৱাত ব্যস্ত, ঠিক সেই সময়ত শিশুটোৱে বুকুত এবুকু আশা কঢ়িয়াই ‘লা বেফানা ভিয়েন ডি ন’ট্টে’ গাই আছে। ষ্টকিংছ এটা খালী কৰি কৰি সি মনতে আশা কৰিছে— লা বেফানা আহি উপহাৰেৰে ভৰাই থ’ব ষ্টকিংটো।

কোন এই লা বেফানা? কিয় শিশুটোৱে বৰদিনত গাইছে লা বেফানাৰ আমন্ত্ৰণী গীত? বৰদিনত ছাণ্টাক্লজৰ পৰিৱৰ্তে শিশুটোৱে লাভ বেফানাৰ পৰা উপহাৰ কামনা কৰিছে। লা বেফানা হ’ল বৰদিনৰ ছাণ্টাক্লজৰ‌ দৰেই এটা চৰিত্ৰ, যিয়ে শিশুক হৃদয়ৰ পৰা ভাল পায়। ছাণ্টাৰ‌ ৰূপত পুৰুষৰ কল্পনা কৰা হয় যদিও বৰদিনৰ সময়ত শিশুক উপহাৰ বা উপদেশেৰে ভৰাই তোলা লাখ বেফানাক লোকবিশ্বাসৰে জড়িত পৰম্পৰাৰে এগৰাকী নাৰীৰ ৰূপত কল্পনা কৰা হৈ আহিছে। বিশ্বৰ ভিতৰতে একমাত্ৰ ইটালীত ছাণ্টাক্লজৰ দৰেই বৰদিন আৰু এই উৎসৱৰ সমসাময়িকভাৱে লা বেফানাক লৈ শিশুসকল উল্লসিত হোৱা পৰিলক্ষিত হয়।

কেৱল ইটালীৰ পৰম্পৰাগত লা বেফানা একধৰণৰ ছাণ্টাক্লজৰ দৰেই এক নাৰী চৰিত্ৰ। কিয় বিশ্বৰ একমাত্ৰ ইটালীত লা বেফানা নামৰ নাৰীৰ চৰিত্ৰ এটি পৰম্পৰাগতভাৱে বৰদিনৰ সৈতে জড়িত হৈ আছে? লা বেফানা কোন? বৰদিনৰ সময়ৰ পৰা আৱিৰ্ভাৱ হৈ ৬ জানুৱাৰীত উদ্‌যাপিত ‘এপিফেনি’ উৎসৱৰ আগৰ নিশা পৰ্যন্ত থাকি শিশুসকলক উপহাৰ দিয়া বুলি পৰম্পৰাগতভাৱে ইটালীত বিশ্বাস প্ৰচলিত লা বেফানা নামৰ মনোমোহা চৰিত্ৰটো ইটালীৰ লোককথাৰ সৈতে সম্পৃক্ত এক ব্যক্তিত্ব। লোকবিশ্বাস অনুসৰি বৰদিনৰ পৰা এপিফেনিৰ আগনিশাৰ ভিতৰত— বিশেষকৈ এপিফেনিৰ পূৰ্বৰটো ৰাতি আকাশৰ মাজেৰে ঝাড়ুত উঠি উৰি উৰি যাত্ৰা কৰা লা বেফানা নামৰ লোককথাৰ বৃদ্ধাগৰাকীয়ে এই সময়ত সমগ্ৰ ইটালীৰ শিশুসকলক লগ কৰে। এনেদৰে শিশুসকলক লগ কৰি বিগত বছৰটোৰ ভিতৰত ভাল কাম কৰাসকলক উপহাৰ আৰু দুষ্টামি কৰাসকলক উপদেশ দিয়ে বুলি বিশ্বাস প্ৰচলিত।

লা বেফানা শীৰ্ষক লোকবিশ্বাসৰ অন্তৰালত লোকগাঁথা জড়িত হৈ আছে। এপিফেনি— খ্ৰীষ্টান ধৰ্মাৱলম্বী তিনিগৰাকী জ্ঞানী ব্যক্তিয়ে কেঁচুৱা অৱস্থাত যীশুৰ ওচৰলৈ যোৱাৰ স্মৃতিত অনুষ্ঠিত এটি উৎসৱ। ব্যক্তি তিনিগৰাকীয়ে কেঁচুৱা যীশুক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত হেনো বাটত লা বেফানাক লগ পাই তেওঁকো যাবলৈ অনুৰোধ জনাইছিল। কিন্তু মহিলাগৰাকীয়ে নিজৰ ঘৰুৱা কামৰ ব্যস্ততাৰ বাবে সেই অনুৰোধ উপেক্ষা কৰিছিল। কিন্তু পিছত তেওঁ নিজৰ ভুল বুজি জ্ঞানী ব্যক্তি তিনিগৰাকীৰ সৈতে যাব বিছাৰিছিল। তেওঁলোকক লগ কৰিবলৈ লা বেফানাই যথেষ্ট বেগেৰে আগবাঢ়িছিল যদিও তেওঁ তেওঁলোকক লগো পোৱা নাছিল, কেঁচুৱা যীশুৰ সান্নিধ্যও পোৱা নাছিল। সেই দুখ বুকুত কঢ়িয়ায়েই বহু বছৰৰ পিছত প্ৰাণ এৰা লা বেফানাৰ শেষ ইচ্ছা আছিল— তেওঁ বৰদিনৰ সময়ত আৱিৰ্ভাৱ হৈ শিশুক উপহাৰ দিব এটা আশাৰে; কিজানি তাৰে কোনোবাটো শিশুৱেই যীশুৰ নৱজন্ম হ’বও পাৰে। এই লোকগাঁথা ইটালীৰ লা বেফানা শীৰ্ষক লোকবিশ্বাস সম্পৃক্ত চৰিত্ৰটোৰ সৈতে জড়িত। লা বেফানাক সাধাৰণতে এগৰাকী ক্ষীণ চেহেৰাৰ বৃদ্ধা হিচাপে চিত্ৰিত কৰা হয়, যিয়ে ছিন্নভিন্ন কাপোৰ, চাদৰ আৰু মূৰত ৰুমাল পিন্ধি ঝাড়ু এডালক বাহন কৰি আকাশত উৰি ফুৰে। বৰদিনৰ পৰা এপিফেনিৰ আগনিশাৰ ভিতৰত তেওঁ ঘৰে ঘৰে উৰি গৈ শিশুসকলক উপহাৰ বা উপদেশ দিয়ে বুলি বিশ্বাস প্ৰচলিত। দুষ্টালি কৰাক ভাল আচৰণ কৰিবলৈ উপদেশ দিয়ে বুলি বিশ্বাস প্ৰচলিত লা বেফানাই ভাল কাম কৰা শিশুসকলক ষ্টকিংছ ভৰাই মিঠাই, ফল-মূল, বাদাম, সৰু সৰু খেলনা উপহাৰ দিয়ে বুলি ইটালীত লোকবিশ্বাস প্ৰচলিত। ভৰাই দিয়ে। দুষ্টালি কৰাসকলৰ ষ্টকিংছত লা বেফানাই উপদেশ বাণীৰ লগতে ‘কয়লা’ থৈ যায় হেনো। অৱশ্যে চেনী আৰু ডাৰ্ক চকলেটৰ সেই ‘কয়লা’ৰো আছে অনন্য সোৱাদ। লা বেফানাক দয়া আৰু মৰমৰ সংমিশ্ৰিত চৰিত্ৰ হিচাপে গণ্য কৰা হয়।

# উৰন্ত হিল
চেক গণৰাজ্যত বৰদিনৰ সৈতে সংগতি ৰাখি ‘উৰন্ত হিল’ শীৰ্ষক এক ব্যতিক্ৰম পৰম্পৰা প্ৰচলিত হৈ আহিছে। সেইমৰ্মে বৰদিনৰ দিনা বিবাহৰ বাবে উপযুক্ত বয়স হোৱা বুলি ভবা ছোৱালীবোৰে ঘৰৰ মূল দৰ্জাত বাহিৰৰ ফালে মুখ কৰি থিয় হৈ পিন্ধি থকা হাই হিলৰ এপাত ভিতৰলৈ দলিয়াই দিয়ে। কান্ধৰ ওপৰেৰে হিল চেণ্ডেলপাত দলিওৱাৰ নিয়ম প্ৰচলিত। লোকবিশ্বাস প্ৰচলিত যে চেক গণৰাজ্যত বাস কৰা অবিবাহিত মহিলাসকলৰ বৰদিনৰ এই অনন্য পৰম্পৰাৰ জড়িয়তে অনাগত বছৰত তেওঁলোকৰ বিয়া হ’ব নে নহয় সেই বিষয়ে যীশুই ভৱিষ্যদ্বাণী কৰে। বৰদিনৰ ৰাতিপুৱা এনেদৰে ঘৰৰ দুৱাৰৰ ফালে পিঠি দি থিয় হৈ চেণ্ডেলপাত কান্ধৰ ওপৰেৰে পেলাই দিয়ে আৰু তাৰ পিছত সেইপাতৰ অৱস্থিতি লক্ষ্য কৰে। যদি দলিয়াই দিয়া চেণ্ডেলপাতৰ গোৰোহাটো দুৱাৰৰ ফালে থাকে, সেই ছোৱালীগৰাকী আৰু এবছৰ অবিবাহিত হৈ থাকিব বুলি বিশ্বাস কৰাৰ বিপৰীতে চেণ্ডেলৰ সন্মুখভাগ দুৱাৰৰ ফালে থাকিলে এবছৰত বিয়া নিশ্চিত বুলি চেক গণৰাজ্যত লোকবিশ্বাস প্ৰচলিত।

# ন’ল্লিগ ন’ম্বান
বৰদিন। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ এই বর্ণিল উৎসৱটি ডিচেম্বৰ মাহৰ ২৫ তাৰিখে বিশ্বব্যাপি পালন কৰা হয়। কিন্তু আমাৰ বহুতৰে অজ্ঞাত যে অন্য এটা মাহৰ আন এটা দিনতো অন্যধৰণে আন একধৰণৰ খ্ৰীষ্টমাছো পালন কৰাৰ পৰম্পৰা বিৰাজমান বিশ্বৰ কেইখনমান দেশত। ইউৰোপ, উত্তৰ আমেৰিকা, আয়াৰলেণ্ড আদিত পালন হৈ অহা এই খ্ৰীষ্টমাছৰ পৰম্পৰাক বিভিন্ন নামেৰে জনা যায়। এইবিধ উৎসৱৰ জনপ্রিয় নামটো লিটিল খ্রীষ্টমাছ। কিন্তু অ’ল্ড খ্রীষ্টমাছ, গ্রীণ খ্রীষ্টমাছ, টুৱেলভ্থ নাইট আদি নামৰেওে ঠায়ে ঠায়ে ইয়াক জনা যায়। আইৰিছ খ্ৰীষ্টান আৰু আমিছ খ্ৰীষ্টানসকলৰ প্ৰচলিত লিটিল খ্ৰীষ্টমাছ সাধাৰণতে ৬ জানুৱাৰীত পালন কৰি অহা হৈছে পৰম্পৰাগতভাৱে, যাক খ্ৰীষ্টমাছৰ বাৰ দিন শেষ হোৱাৰ পিছত উদযাপন কৰা ‘এপিফেনি উৎসৱ’ বুলিও জনা যায়।

‘ন’ল্লিগ ন’ম্বান’ নামেৰে স্থানীয়ভাৱে আয়াৰলেণ্ডত প্রচলিত লিটিল খ্ৰীষ্টমাছ আক’ মহিলাৰ বৰদিন হিচাপেও আইৰিছসকলৰ মাজত প্রচলিত। লিটিল খ্রীষ্টমাছ বা ‘Nollaig na m-Ban’ক আয়াৰলেণ্ডত কিয় মহিলাৰ বৰদিন হিচাপে জ্ঞান কৰা হয়? প্রাচীন পৰম্পৰাই স্পষ্ট কৰিব খোজে যে কৰ্ক আৰু কেৰীত মহিলাৰ বৰদিনৰ দিনা নাৰীসকলক সম্পূর্ণ স্বাধীনতা প্রদান কৰা হয়। তেওঁলোকৰ কোনা কামতে সিদিনা পুৰুষে কোনোধৰণে হকা-বধা নকৰে। আনকি সাধাৰণতে নাৰীয়ে কৰা সকলো ঘৰুৱা কামৰ দায়িত্ব সিদিনা দিনটোৰ বাবে আইৰিছ পুৰুষসকলে লয়। সন্ধিয়াৰ ভাগত মহিলাসকলে জুম বান্ধি এৰি অহা পুৰণি দিনৰ কথা পাতে আৰু ভৱিষ্যতৰ পৰিকল্পনা, স্বপ্ন আদিৰ বিষয়েও আলোচনা কৰে। নিজৰ মতেই সৃষ্টিশীল কিবা কৰ্মৰে দিনটো তেওঁলোক জড়িত হয়। আনহাতে, এন্ধাৰ নমাৰ পিছতে প্রতিটো পৰিয়ালত মমবাতি জ্বলোৱা হয়। সাধাৰণতে পুত্র, পতি বা পৰিয়ালৰ অন্য পুৰুষে এনেদৰে মমবাতি জ্বলোৱাৰ অঘোষিত নিয়ম। মহিলাক সন্মান প্ৰদৰ্শনৰ কাৰণে এনেদৰে ন’ল্লিগ ন’ম্বানৰ দিনা মমবাতি জ্বলোৱা হয় বুলি আয়াৰলেণ্ডত উদ্‌যাপিত মহিলাৰ বৰদিনৰ সৈতে জড়িত বিশ্বাসে উনুকিয়ায়। ৰাতিৰ ভাগত ঘৰৰ পৰা ওলাই গৈ মহিলাসকলে ৰেষ্ট’ৰা, বাৰ ইত্যাদিত বান্ধৱী, আত্মীয় মহিলা আদিৰে একত্ৰিত হৈ মহিলাৰ পার্টিত ব্যস্ত হয়। সিদিনা পৰিৱেশন কৰা ব্যঞ্জনত হাঁহৰ মাংসৰ ৰেচিপি থকাটোও এক অঘোষিত পৰম্পৰা। মহিলাৰ খ্ৰীষ্টমাছৰ আন এটা গুৰুত্বপূর্ণ অংগ হ’ল চ্যেট ডান্সিং। পৰম্পৰাগতভাৱে চাৰিগৰাকীৰে আধা চ্যেট পিঠিৰ তলৰ অংশৰ পিছফালে হাত সংযুক্ত কৰি নৃত্যত যোগদান কৰে আৰু আটায়ে ঘড়ীৰ কাঁটাৰ দিশত ঘূৰি ঘূৰি নাচত মচণ্ডল হয়।

# কিমান যে পৰম্পৰা!
২৫ ডিচেম্বৰত বিশ্বব্যাপি বৰদিন পালন কৰাৰ হয় যদিও কিছুসংখ্যকৰ মতে ‘লিটাৰ্জিকেল কেলেণ্ডাৰ’ৰ পাৰ্থক্যৰ বাবে চতুর্থ শতিকাৰ পৰাই পূব ৰোমান সাম্রাজ্যৰ গীর্জাসমূহত পূর্বে হেনো ৬ জানুৱাৰীতহে বৰদিন উদ্‌যাপন কৰা হৈছিল। সেই পৰম্পৰা পিছলৈ সলনি হ’লেও লিটিল খ্ৰীষ্টমাছৰ পৰম্পৰা ঠায়ে ঠায়ে ৰৈ গ’ল। ইতিহাস অনুসৰি ১৫৮২ চনৰ অক্টোবৰ মাহত পোপ ত্রয়োদশ গ্রেগৰীয়ে জুলিয়ান কেলেণ্ডাৰৰ সংশোধন হিচাপে গ্রেগৰী কেলেণ্ডাৰ প্ৰৱৰ্তন কৰে। তাৰ পূৰ্বলৈকে ৬ জানুৱাৰীৰ লিটিল খ্রীষ্টমাছ পালন কৰা দেশৰ সংখ্যা হেনো বর্তমানতকৈ অধিক আছিল। কিন্তু এতিয়াও বিশ্বৰ কিছুমান ঠাইত পৰম্পৰাগতভাৱে ৬ জানুৱাৰীত পালন কৰা ‘এপিফেনি উৎসৱ’ হিচাপে অ’ল্ড খ্রীষ্টমাছ, গ্রীণ খ্রীষ্টমাছ, টুৱেলভ্থ নাইট বা লিটিল খ্রীষ্টমাছ হিচাপে পালন কৰাৰ উপৰি বিশ্বৰ একমাত্র আয়াৰলেণ্ডত ন’ল্লিগ ন’ম্ভান নামেৰে মহিলাৰ বৰদিন হিচাপে পালন কৰা হয় দিৱসটি, যিদিনা মহিলাসকলে নিজৰ ইচ্ছানুযায়ী সকলো কৰিব পৰাৰ উপৰি নাৰীক লৈ বিভিন্ন পৰম্পৰাগত নিয়ম উৎসৱবিধেৰে জড়িত। এনেদৰে বিভিন্ন লোকবিশ্বাসৰ আধাৰত পৰম্পৰাগতভাৱে মহিলাৰ বৰদিনো বিশ্বৰ‌ বিভিন্ন প্ৰান্তত উদ্‌যাপন কৰা হৈ আহিছে।

ফোন : ৭০০২০২৫০৪৩

You might also like

Comments are closed, but trackbacks and pingbacks are open.