বৰ্তমানৰ নৱ প্ৰজন্ম কোন দিশে

26

ডাঃকৰুণা হাজৰিকা

আমি সকলোৱে লক্ষ্য় কৰি আহিছো আজিৰ নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালীসকল প্ৰায়ে নিজক লৈয়ে ব্য়স্ত থাকে আৰু প্ৰত্যেকেই এই বিষয়ে বিভিন্ন প্ৰকাৰৰ মত পোষণ কৰি আহিছে ।  ২০১০ চনৰ পাছত জন্ম লাভ কৰা সকলো ল’ৰা-ছোৱালীয়েই জেড প্ৰজন্মৰ  পাছৰ আৰু তেওঁলোকক আলফা প্ৰজন্ম  বোলা হয়।  তেওঁলোক সকলো , ডিজিটেল পৰিৱেশত ডাঙৰ-দীঘল হোৱাৰ কাৰণেই আজি  সকলো জ্ঞান মাত্ৰ এটা ক্লিকৰ দূৰত্বত । ই  কেৱল তেওঁলোকৰ অভিজ্ঞতাক প্ৰভাৱিত কৰাই নহয়, তেওঁলোকৰ সমনীয়াৰ সৈতে যোগাযোগৰ ধৰণ, ধাৰণাকো অন্য় প্ৰজন্মৰ পৰা পৃথক হিচাবে প্ৰকাশ পাইছে । আজিৰ যুৱ প্ৰজন্মৰ বৈশিষ্ট্য হৈছে তেওঁলোকৰ অভিযোজন ক্ষমতা, প্ৰযুক্তিগত দক্ষতা, আৰু লগতে  সামাজিক পৰিৱৰ্তনৰ ইচ্ছা ।  তেওঁলোক টেক-চেভি আৰু বিশ্বব্যাপী সমস্যাসমূহৰ সমাধানৰ বাবে সৃষ্টিশীল পদ্ধতিত বিশ্বাসী হোৱাৰ বাবেও পৰিচিত ।  সেয়ে  আমি এই পৰিস্থিতি আগত ৰাখিয়েই এই প্ৰজন্মৰ  বৈশিষ্ট্য,আৰু তেওঁলোকৰ বিকাশত ডিজিটেল প্ৰযুক্তিৰ প্ৰভাৱ আৰু  প্ৰযুক্তিয়ে তেওঁলোকক কোন দিশে লৈ যাব পাৰে  তাৰ চমু আভাষ দিবলৈ প্ৰয়াস কৰিম ।

প্ৰজন্মৰ সংজ্ঞাসমূহত অতি উপযোগীকৈ  এটা নিৰ্দিষ্ট বয়সৰ পৰিসৰক সামৰি লোৱা হয় আৰু সেয়েহে এইদৰে প্ৰজন্মৰ মাজত অৰ্থপূৰ্ণ তুলনাৰ বাবে বিবেচনা কৰিব পাৰি । জেনেৰেচন জেড আহিছিল জেনেৰেচন আলফাৰ আগত। পি উ ৰিচাৰ্চ চেণ্টাৰৰ মতে ১৯৯৭ চনৰ পৰা ২০১২ চনৰ ভিতৰত জেনেৰেচন জেডৰ সদস্যসকলৰ জন্ম হৈছিল। জেনেৰেচন জেডে ১৯৮১ চনৰ পৰা ১৯৯৬ চনৰ ভিতৰত জন্মগ্ৰহণ কৰা জেনেৰেচন ৱাইৰ সদস্যসকলক অনুসৰণ কৰে, যিসকলক  সাধাৰণতে মিলেনিয়াম বুলি জনা যায়। জেনেৰেচন আলফাৰ সদস্যসকল প্ৰায়ে মিলেনিয়ামৰ সন্তান আৰু জেনেৰেচন জেডৰ সৰু ভাই-ভনী । সেইবাবেই আজিৰ প্ৰজন্মবোৰ ১৯৮০ চনৰ পৰা ১৯৯৪ চনলৈকে জন্মগ্ৰহণ কৰা জেনেৰেচন ৱাই (মিলেনিয়াম)ৰ সৈতে ১৫ বছৰ ধৰি চলি আছে; ১৯৯৫ চনৰ পৰা ২০০৯ চনলৈকে জেনেৰেচন জেড আৰু ২০১০ চনৰ পৰা ২০২৪ চনলৈকে জেনেৰেচন আলফা বুলি কোৱা হয় । আৰু সেয়েহে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ২০২৫ চনৰ পৰা ২০৩৯ চনলৈকে জেনেৰেচন বিটাৰ জন্ম হব আৰু এইদৰেই ভবিষ্য়তৰ প্ৰজন্মৰ নামাকৰণ হৈ থাকিব আৰু  সমাজ ব্য়ৱস্থাৰ লগত বা এওঁলোকৰ দ্ৱাৰা  সমাজ প্ৰভাৱিত হৈ থাকিব  ।  যুৱক-যুৱতীসকলৰ সংজ্ঞা সাংস্কৃতিক আৰু ঐতিহাসিকভাৱে নিৰ্দিষ্ট সময়ৰ লগে লগে আৰু বিভিন্ন সমাজৰ মাজত ই ভিন্ন। একেধৰণৰ শব্দৰ ভিতৰত যুৱ প্ৰাপ্তবয়স্ক, যুৱক,  আৰু কিশোৰ-কিশোৰী আদি অন্তৰ্ভুক্ত। বয়স হৈছে জীৱনৰ অভিজ্ঞতাৰ প্ৰতীক, য’ত বিভিন্ন জীৱনৰ পছন্দ আৰু দৈনন্দিন কাম-কাজৰ ওপৰত বিভিন্ন প্ৰভাৱ আৰু অৰ্থ থাকে।

জেনেৰেচন আলফা, ২০১০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত জন্ম হোৱা  লোকৰ প্ৰজন্মক বুজাবলৈ ব্যৱহাৰ  হৈছে  আৰু  এই সকলৰ ওপৰতে ইয়াত কিছু আলোচনা আগবঢ়াম । কিছুমান গৱেষকে অৱশ্যে এই বিষয়ে অলপ বেলেগ পৰিসৰৰ কথাও  বিবেচনা কৰে। অষ্ট্ৰেলিয়াৰ সমাজ গৱেষক মাৰ্ক মেকক্ৰিণ্ডলে ২০০৮ চনত এই বিষয়ত প্ৰকাশ কৰা প্ৰতিবেদনত এই শব্দটো প্ৰৱৰ্তন কৰিছিল।  এক্স, ৱাই আৰু জেড প্ৰজন্মৰ পিছত লেটিন বৰ্ণমালাৰ আখৰৰ পৰিৱৰ্তে গ্ৰীক বৰ্ণমালাৰ আখৰেৰে নামকৰণ কৰা প্ৰথম প্ৰজন্ম হৈছে জেনেৰেচন আলফা।  সহজ ভাষাত ক’বলৈ গ’লে জেনেৰেচন আলফাক ২০১০-২০২৪ চনৰ ভিতৰত জন্ম হোৱা বুলি সংজ্ঞায়িত কৰা হৈছে। বিশ্বজুৰি প্ৰতি সপ্তাহত ২৮ লাখতকৈ অধিক শিশুৰ জন্ম হয়।  ২০২৫ৰ ভিতৰত  তেওঁলোকৰ সংখ্যা হ’বগৈ  প্ৰায় ২ বিলিয়ন – আৰু ই বিশ্বৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰজন্ম বুলি গণ্য় হ’ব ।

যিহেতু জেনেৰেচন আলফাৰ সদস্যসকল এতিয়াও শিশু আৰু অতি কম বয়সীয়া, সেয়েহে তেওঁলোক এতিয়াও মিলেনিয়াম পিতৃ-মাতৃৰ প্ৰভাৱত আছে ।  এই সকল সৰুৰে পৰাই দূৰৱৰ্তী শ্ৰেণীকোঠা, টেবলেট কম্পিউটাৰ, আৰু সৰ্বব্যাপী ষ্ট্ৰীমিং সেৱাৰ অভিজ্ঞতা লাভ কৰা প্ৰথম প্ৰজন্ম । ছিৰি বা এলেক্সাৰ দৰে ভয়েচ এচিষ্টেণ্ট আৰু চেটজিপিটিৰ দৰে প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ সঁজুলিৰ জৰিয়তেও কৃত্ৰিম বুদ্ধিমত্তাৰ (এ আই) উদীয়মান ব্যৱহাৰৰ দ্বাৰাও তেওঁলোক বহুল ভাৱে প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে।  তেওঁলোক আটাইতকৈ কম বয়সীয়া প্ৰজন্ম হ’লেও তেওঁলোকৰ ব্ৰেণ্ডৰ প্ৰভাৱ আৰু ক্ৰয় ক্ষমতা তেওঁলোকৰ বয়সৰ সীমাৰ বাহিৰত। তেওঁলোকেই আজি ছ’চিয়েল মিডিয়াৰ পৰিৱেশ গঢ় দিয়ে, আৰু লগতে জনপ্ৰিয় সংস্কৃতিৰ প্ৰভাৱশালী, উদীয়মান গ্ৰাহক আৰু ২০২০ চনৰ শেষৰ পৰা  তেওঁলোক  ক্ৰমান্ৱয়ে প্ৰাপ্তবয়স্কতালৈ আগবাঢ়ি আছে । জেন আলফা এতিয়ালৈকে আটাইতকৈ বস্তুগতভাৱে সমৃদ্ধ প্ৰজন্ম, প্ৰযুক্তিগতভাৱে  অতিকৈ সচেতন প্ৰজন্ম আৰু তেওঁলোকে পূৰ্বৰ যিকোনো প্ৰজন্মতকৈ অধিক আয়ুস উপভোগ কৰিব বুলি ধাৰণা কৰা হৈছে।

বৃহৎ সংখ্য়ক জেনেৰেচন আলফাৰ আচৰণ, মনোভাৱ, অভ্যাসত ক’ভিড-১৯ মহামাৰীৰ ফলত আন যিকোনো প্ৰজন্মৰ তুলনাত অধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা  দেখা গৈছে । একাংশ গৱেষকে জেনেৰেচন আলফাক “জেন চি” বা “জেনেৰেচন ক’ভিড” বুলি অভিহিত কৰিছে,  কিয়নো ক’ভিড-১৯ মহামাৰী আৰু ইয়াৰ প্ৰতি সঁহাৰিয়ে স্পৰ্শ কৰা পৃথিৱীৰ চুকে কোনে থকা  বৃহৎ পৰিমাণে বা সম্পূৰ্ণৰূপে ডাঙৰ-দীঘল হোৱা প্ৰথম প্ৰজন্ম  । মহামাৰীয়ে জেনেৰেচন আলফাক প্ৰভাৱিত কৰা প্ৰযুক্তিৰ বৰ্তমানৰ ধাৰাসমূহক ত্বৰান্বিত কৰি তুলিছিল, বিশেষকৈ ঔদ্যোগিক দেশসমূহত ভিডিঅ’কল, সভা আৰু দূৰৱৰ্তী শ্ৰেণীকোঠাৰ ব্যৱহাৰৰ জৰিয়তে অধিক ডিজিটেল যোগাযোগক উৎসাহিত কৰিছিল। ক’ভিড-১৯ মহামাৰীৰ পৰিণতিৰ ফলত জেনেৰেচন আলফাই সাধাৰণ অৱস্থাত পিতৃ-মাতৃৰ সৈতে যিমান সময় কটাব পাৰিলেহেঁতেন তাতকৈ অধিক সময় ঘৰত  তেওঁলোকৰ সৈতে কটালে।

এই নতুন প্ৰজন্মটো হৈছে এক অনাকাংক্ষিত বিশ্বব্যাপী পৰীক্ষাৰ অংশ  বুলি ক’ব পাৰি য’ত কম বয়সৰ পৰাই তেওঁলোকৰ সন্মুখত পৰ্দা (Screen) ব্য়ৱহাৰ কৰা হৈছে পেচিফায়াৰ, মনোৰঞ্জনকাৰী আৰু শিক্ষামূলক সহায়কৰ অংশ  হিচাপে। আমি সকলোৱে বাস কৰা এই মহান পৰ্দাৰ যুগে এনে পৰ্দাৰ সংপৃক্ততাৰ সন্মুখীন হোৱা প্ৰজন্মটোৰ ওপৰত তেওঁলোকৰ বাবে  অতি মহত্ৱপূৰ্ণ গঠনমূলক বছৰবোৰত অধিক প্ৰভাৱ পেলোৱা দেখা গৈছে । কম মনোযোগৰ সময়সীমাৰ পৰা শিক্ষাৰ গেমিফিকেশনলৈকে, ডিজিটেল সাক্ষৰতা বৃদ্ধিৰ পৰা আৰম্ভ কৰি সামাজিক গঠনৰ বিকলতালৈকে, এই সময়বোৰে আমাৰ সকলোকে প্ৰভাৱিত কৰে তথাপিও কিন্তু গঠনমূলক বছৰ (Developing age)বোৰত থকাসকলক  বহুলাংশে প্ৰভাবান্বিত কৰে। জেনেৰেচন আলফাৰ জন্ম হৈছিল ২০১০ চনত, যি বছৰত আইপেড মুকলি কৰা হৈছিল, ইনষ্টাগ্ৰাম সৃষ্টি হৈছিল, আৰু এপ আছিল বছৰৰ এটা শব্দ- আৰু সেয়েহে তেওঁলোকৰ প্ৰথম বছৰৰ পৰাই তেওঁলোক স্ক্ৰীনেজাৰ হৈ আহিছে । জন্মলগ্নৰ পৰাই পাই অহা  প্ৰযুক্তিৰ সঁজুলিসমূহকে তেওঁলোকে  সৰ্বব্যাপী বুলি ভাবে । লগ অন আৰু লিংক আপ কৰি ডাঙৰ হোৱাটোৱে — চিৰি আৰু এলেক্সাৰ দৰে প্ৰযুক্তিৰ সহায়ত আৰু ভিডিঅ’ আৰু সকলো দৃশ্যগত বস্তুত নিমগ্ন হৈ — ইয়াৰ সুবিধাসমূহ পাব পাৰে, য’ত অধিক ডিজিটেল সাক্ষৰতা আৰু অভিযোজন ক্ষমতাও অন্তৰ্ভুক্ত থাকে আৰু বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত তেওঁলোক শ্ৰেণীকোঠাতকৈ ডিজিটেল মাধ্য়ম অৰ্থাৎ ইউ-টিউৱ, অনলাইন ক্লাচ বা তেনে ধৰণৰ প্ৰযুক্তিগ’ত ব্য়ৱস্থাৰ প্ৰতি বেছি আগ্ৰহী । ইয়াৰ বাদেও গুগু’ল জেমিনি, মাইক্ৰস’ফ্ট কপিল’ট  চেটজিপিটিৰ দৰে প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ সঁজুলিৰ জৰিয়তেও কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) সকলো ক্ষেত্ৰততে আগৰণুৱা হোৱাৰ স্থল নুই কৰিব নোৱাৰি, বৰঞ্চ তেওঁলোকৰ পৰা আগৰ প্ৰজন্মক প্ৰযুক্তিগত দিশত নতুন ধ্য়ান-ধাৰণা ও ব্যৱহাৰ আদিত প্ৰভাৱিত কৰিব বুলি আশা কৰা যায় ।

কিন্তু মনত ৰখা উচিত প্ৰযুক্তিৰ দ্বাৰা সংজ্ঞায়িত শৈশৱে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে, যেনে সামাজিক বিকাশৰ ব্যাঘাত জন্মা, জ্ঞানমূলক কাৰ্য্যকলাপ হ্ৰাস, মেদবহুলতা আৰু মানসিক স্বাস্থ্যজনিত সমস্যা বুলি বিশেষজ্ঞসকলে সকীয়াই দিছে। শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত ছ’চিয়েল মিডিয়াৰ অতিমাত্ৰা ব্যৱহাৰৰ ফলত কেইবাটাও সমস্যাৰ সৈতে জড়িত হয়, য’ত হতাশা, উদ্বেগ, অপৰ্যাপ্ত টোপনি (যিটোৱে স্নায়ুজনিত বিকাশত ব্যাঘাত জন্মাব পাৰে), কম আত্মসন্মান, শৰীৰৰ বেয়া প্ৰতিচ্ছবি, খাদ্যাভ্যাসৰ বিকাৰকে আদি কৰি বহুতো সমস্য়াৰ উৎপতিৰ স্থল। আজিৰ ল’ৰা-ছোৱালীৰ বাবে চাইবাৰ বুলিং ক্ৰমান্বয়ে এটা সাধাৰণ সমস্যা হৈ পৰিছে আৰু ইয়াৰ লগত শিশুৰ মানসিক বিকাশ ও পৰিপক্কতাৰ ওপৰতো প্ৰভাৱ পৰে ।  ছ’চিয়েল মিডিয়াৰ সম্ভাৱ্য নেতিবাচক প্ৰভাৱৰ উদ্বেগ আদি প্ৰযুক্তিৰ লগে লগে বৃদ্ধি পাইছে ।  এই সৰু পৰ্দাৰ জৰিয়তে যোগাযোগ কৰাৰ সময়ত হোৱা অমানৱীয়কৰণৰ ফলত বা  ছ’চিয়েল মিডিয়াৰ অনিয়ন্ত্ৰীত ব্যৱহাৰ আৰু বৃদ্ধি পোৱা হতাশা, উদ্বেগ, নিসংগতা, আত্মহত্যাৰ প্ৰৱণতা, আৰু অপৰ্যাপ্ততাৰ অনুভৱৰ মাজত এক শক্তিশালী সম্পৰ্ক আছে।

পৰ্দা আৰু প্ৰযুক্তিৰ বৃদ্ধিৰ লগে লগে জেনেৰেচন আলফাই যে তেওঁলোকৰ স্কুলীয়া শিক্ষাত এই প্ৰভাৱ বাৰুকৈয়ে অনুভৱ কৰিব তাত কোনো সন্দেহ নাই। বহুতৰে বাবে তেওঁলোকৰ শৈশৱত সম্ভৱতঃ নতুন অভিজ্ঞতা হোৱা কামবোৰ কৰা, যেনে  বাহিৰৰ সমাজখনৰ লগত মিলা-মিছা হোৱাৰ সুযোগ আদি  বা গান শিকা, বন্ধু-বান্ধৱীৰ সৈতে খেলা-ধূলা কৰা বা কিতাপ পঢ়া বা অন্য়ান্য সুবিধাবোৰৰ পৰা পৰা বঞ্চিত হোৱা পৰিলক্ষিত হয় । এই অভিজ্ঞতাবোৰে সাধাৰণতে  তেওঁলোকক গঢ় দিয়াত সহায় কৰিছিল কাৰণ এইবোৰ আকৰ্ষণীয় আছিল আৰু সামাজিক ভাৱে শিকিবলৈকো  বহু সুযোগ দিছিল। যদিও এতিয়াও এনেকুৱা হোৱাৰ সম্ভাৱনা আছে, তথাপিতো  জেন আলফাই বৰ্তমান  শিকাৰ ধৰণত  আজিৰ প্ৰযুক্তি জড়িত হৈ আছে আৰু  স্মাৰ্টফোন আৰু টেবলেটৰ দৰে ডিভাইচ বোৰৰ জৰিয়তে  এই ব্য়ৱস্থা বৰ্তমানে অধিক উন্নত আৰু সুলভ হৈ পৰিছে । ইণ্টাৰনেটৰ উত্থানৰ লগে লগে পূৰ্বতকৈ অধিক লোকে বিশেষকৈ উদীয়মান প্ৰজন্মই যিকোনো বিষয়ৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। কোৱা হৈছে যে ২০২৯ চনৰ ভিতৰত যেতিয়া এই প্ৰজন্মৰ আৰম্ভনীৰ আলফাসকলে প্ৰাপ্তবয়স্কতাত প্ৰৱেশ কৰিব আৰু আটাইতকৈ কম বয়সীয়া প্ৰজন্মৰ আলফাসকলে পাঁচ বছৰ বয়সত উপনীত হ’ব, তেতিয়া তেওঁলোকৰ অৰ্থনৈতিক স্থান ৫.৪৬ ট্ৰিলিয়ন মাৰ্কিন ডলাৰতকৈও অধিক হ’ব। অৰ্থাৎ আজিৰ ব্য়ৱসায়ী সংস্থাসমূহে জেনেৰেচন আলফা অৰ্থাৎ ভৱিষ্যতৰ গ্ৰাহকৰ কথা চিন্তা কৰি তেওঁলোকৰ ভৱিষ্য়তৰ বজাৰ আৰু প্ৰযুক্তিৰ বাবে চিন্তা কৰা উচিত।

পূৰ্বৰ প্ৰজন্মৰ সৈতে বিশেষকৈ জেড প্ৰজন্মৰ তুলনাত  আলফা প্ৰজন্মৰ কিছুমান বৈশিষ্ট্য  বহুত বেলেগ। এই আলফা প্ৰজন্মৰ সদস্যসকল স্থায়ীভাৱে প্ৰযুক্তিৰ লগত প্ৰায় সংযুক্ত হৈ থাকে। নতুন প্ৰযুক্তিৰ প্ৰতি তেওঁলোকৰ মনোযোগ ইমানেই যে ই এক  প্ৰকাৰ তেওঁলোকৰ জীৱনশৈলীত পৰিণত হয়। নিজৰ সিদ্ধান্ত লোৱা আৰু ডিজিটেল পৰিচয় পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁলোক অধিক  স্বাধীন, আৰু তেওঁলোকে সদায় আশা ৰাখে যে তেওঁলোকৰ ব্যক্তিগত প্ৰয়োজন আৰু পছন্দৰ প্ৰতি  অভিভাৱকে লক্ষ্য ৰাখিব।  ভিডিঅ’ বা অন্য় ডিজিটেল ব্য়ৱস্থা তেওঁলোকৰ একমাত্ৰ পছন্দৰ ফৰ্মেট হ’ব। ইয়াৰ উপৰিও ভিডিঅ’গেমে তেওঁলোকৰ  মষ্টিষ্কৰ দৃষ্টিশক্তি বৃদ্ধি কৰিব, চকু আৰু হাতৰ সমন্বয় আৰু সহজে কাম সলনি কৰাৰ ক্ষমতা বৃদ্ধি কৰিব।  তেওঁলোক ক্ৰমাগত ভাৱে প্ৰযুক্তিৰ প্ৰতি সংযোজিত হোৱাৰ বাবে তেওঁলোক নতুন প্ৰযুক্তিৰ ব্যৱহাৰৰ বিশেষজ্ঞ হৈ পৰে, যিয়ে তেওঁলোকৰ ডিজিটেল শিক্ষণৰ সুবিধা প্ৰদান কৰে আৰু ফলত  বহুতো নতুন সম্ভাৱনা মুকলি কৰে। আনহাতে বিচিত্ৰতা তেওঁলোকৰ আন এটা প্ৰধান চৰিত্ৰ। এই ক্ষেত্ৰত বৈচিত্ৰ্যই কেৱল জনগাঁথনি, যেনে জাতি আৰু লিংগক নুবুজাই । ই প্ৰকৃতপক্ষে ৰুচি, জীৱনশৈলী আৰু নিজৰ দৃষ্টিভংগীকো বুজায়।

আলফা প্ৰজন্মৰ শিশুৰ জন্ম যি সময়ত হৈছে পৰিলক্ষিত হয়  এই সময়ৰ পৰাই প্ৰযুক্তিগত যন্ত্ৰবোৰ  ক্ৰমান্ৱয়ে স্মাৰ্ট হৈ আহিছে, আৰু সকলো প্ৰযুক্তি সংযুক্ত হৈ পৰিছে, আৰু এই শিশুবোৰ ডাঙৰ হোৱাৰ লগে লগে নতুন প্ৰযুক্তি তেওঁলোকৰ জীৱনৰ এক প্ৰকাৰৰ অংশ হৈ পৰিছে । তেওঁলোকৰ অভিজ্ঞতা, তেওঁলোকৰ মনোভাৱ আৰু লগে লগে পৃথিৱীৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ এক প্ৰকাৰ আশাৰ অংশ হৈ পৰিব। কিছুমান স্নায়ুবিজ্ঞানী আৰু মনোবিজ্ঞানীয়ে আঙুলিয়াই দিয়ে যে ইয়াৰ বহুতো ইতিবাচক পৰিণতি হ’ব পাৰে, কিন্তু কিছুমান নেতিবাচক পৰিণতিও হ’ব, যিবোৰে  হয়তো সকলোকে সমানে প্ৰভাৱিত  নকৰিবওঁ পাৰে। তেওঁলোকৰ মনোযোগৰ ক্ষমতা আৰু একাগ্ৰতা হ্ৰাস পোৱাতো এক প্ৰকাৰ প্ৰায় নিশ্চিত। যিহেতু তেওঁলোকে একেলগে কেইখনো পৰ্দা ব্যৱহাৰ কৰি প্ৰযুক্তিগত তথ্য় দ্ৰুতভাৱে স্কেন কৰাত অভ্যস্ত, সেয়েহে তেওঁলোকৰ মনোযোগৰ ক্ষমতা আৰু একাগ্ৰতা ক্ষতিগ্ৰস্ত হ’ব বুলি বিশেষজ্ঞ সকলে ম’ত পোষণ কৰিছে। তেওঁলোকৰ সামাজিক যোগাযোগৰ বাবে সময় কম। দিনটোৰ বেছিভাগ সময় ঘৰৰ ভিতৰত আৰু বাহিৰত অনলাইনত কটালে অধিক পৰম্পৰাগতভাৱে আগৰ প্ৰজন্মৰ তুলনাত শিক্ষা, খেলা আৰু সামাজিকভাৱে মিলিত হোৱাৰ সময় কমি যায় ফলত যোগা-যোগৰ বহুখিনি ছ’চিয়েল নেটৱৰ্কৰ পৰাই প্ৰভাবিত হয়। অনুমান কৰা হৈছে তেওঁলোকৰ সৃষ্টিশীলতা আৰু কল্পনাশক্তিৰ বিকাশৰ ক্ষেত্ৰত কিছু শিঠিলতাই দেখা দিব । নতুন প্ৰযুক্তিৰ সহায়ত আলফা প্ৰজন্মই যি দক্ষতা আহৰণ কৰিব, সেই বিষয়ে  কোনো প্ৰশ্ন নকৰাকৈয়ে এই কথাটোত গুৰুত্ব দিয়া উচিত যে শাৰীৰিক ব্য়ায়ামৰ  হ্ৰাস পোৱাৰ লগে লগে কল্পনা আৰু সৃষ্টিশীলতাৰ বিকাশত যঠেষ্ট ক্ষতি হ’ব। মনোবিজ্ঞানী সকলৰ মতে, “স্মাৰ্টফোন আৰু ছ’চিয়েল মিডিয়াৰ উত্থান আৰু আজিৰ যুৱক-যুৱতীসকলৰ হতাশা, উদ্বেগ আৰু নিসংগতা বৃদ্ধিৰ মাজত এক সম্পৰ্ক আছে”। মুঠতে আলফাসকলক নতুন প্ৰযুক্তি আৰু সামাজিক নেটৱৰ্কৰ দ্বাৰা গভীৰভাৱে চিহ্নিত কৰা এটা প্ৰজন্ম হিচাপে উপস্থাপন কৰা হৈছে, যাৰ ভৱিষ্যত দ্ৰুত ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনৰ সন্মুখত অধিক অনিশ্চিত ।

জেনেৰেচন আলফা বৰ্তমানে  ক্ৰমান্ৱয়ে প্ৰাপ্তবয়স্ক, কৰ্মশক্তি, আৰু পাৰিবাৰিক গঠনলৈ আগবাঢ়িছে। টেক-চেভি দক্ষতা আৰু উদ্ভাৱনী মানসিকতাৰ বাবে তেওঁলোকৰ বিশ্ব অৰ্থনীতি আৰু উদ্যোগসমূহত যথেষ্ট প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে। জেনেৰেচন আলফাৰ কিছুমান বৈশিষ্ট্য ইয়াত উল্লেখ কৰা হল: প্ৰযুক্তিৰ ক্ষেত্ৰত  তেওঁলোক টেক-চেভি  আৰু তেওঁলোকৰ পিতৃ-মাতৃয়ে বুজি নোপোৱা প্ৰযুক্তি আৰু প্লেটফৰ্মৰ সুবিধা গ্ৰহণ কৰিছে। আনহাতে তেওঁলোক আত্মবিশ্বাসী অনলাইন গ্ৰাহক আৰু লগতে অনলাইন  গোপনীয়তাৰ প্ৰতি সংবেদনশীল  কিয়নো তেওঁলোক অনলাইনত কেনেকৈ সুৰক্ষিত থাকিব পাৰি সেই বিষয়ে শিকিছে।  তেওঁলোকে  ছচিয়েল মেডিয়াৰ যোগেদি  নিজৰ বয়সৰ আনক প্ৰভাৱিত কৰিব পৰাৰ  সামৰ্থ  আছে। তেওঁলোকে কাম, শিক্ষা আৰু কেৰিয়াৰৰ  সংজ্ঞা নিজেই ৰূপায়িত কৰাৰ সম্ভাৱনা আছে ।

বিগত দশকত বিশ্বৰ সামাজিক, পৰিৱেশ, অৰ্থনৈতিক আৰু ৰাজনৈতিক জীৱনত যুৱ প্ৰজন্মৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা থকা প্ৰতিফলিত হৈছে। যদিও তেওঁলোকৰ বয়স অতি কম তথাপিতো তেওঁলোকৰ মতামত আজি আন দিনতকৈ বেছি গুৰুত্বপূৰ্ণ, অধিক মূল্যৱান আৰু তেওঁলোকে পৃথিৱীখন সলনি কৰিবলৈ সাজু আৰু দেখা গৈছে তেওঁলোক প্ৰত্য়েকেই এজন অভিলাষী আৰু সক্ৰিয় নাগৰিকৰ উদাহৰণ প্ৰতিনিধিত্ব কৰিবলৈ আগ্ৰহী ।  আমি নিশ্চিত যে আজিকালি সিদ্ধান্ত গ্ৰহণকাৰীসকলে উন্নত বাছনি কৰিবলৈ যুৱ সম্ভাৱনা আৰু সৃষ্টিশীলতাৰ পৰা বহুখিনি লাভৱান হ’ব পাৰে। সামৰণিত ক’ব পাৰি যে আজিৰ যুৱ প্ৰজন্ম বয়সস্থ প্ৰজন্মৰ সিদ্ধান্ত গ্ৰহণকাৰী আৰু নেতাসকলতকৈ সম্পূৰ্ণ বেলেগ । আজিৰ নৱ প্ৰজন্ম টেক-চেভি আৰু বিশ্বজনীন সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে দ্ৰুত, কাৰ্যক্ষম আৰু সৃষ্টিশীল উপায়ত বিশ্বাস কৰে। সকলো নেতা আৰু সিদ্ধান্ত গ্ৰহণকাৰীয়ে এই যুৱক-যুৱতীসকলৰ পৰা বিশ্বৰ জৰুৰী বিষয়সমূহ, যেনে পৰিৱেশ আৰু সামাজিক সমতা, আদি চম্ভালিবলৈ আধুনিক উপায় শিকিব পাৰে আৰু এনে বাছনি কৰিব পাৰে যিয়ে বিশ্বৰ বহু লোকৰ জীৱনৰ অৱস্থা উন্নত কৰিব। এইদৰেই ক’ব পাৰি যে  তেওঁলোক হৈছে এক ফলপ্ৰসূ ভৱিষ্যতৰ বীজ।

                                                                                  ****

ফোনঃ ৯৮৬৪০১৮৬৬৫

You might also like

Comments are closed, but trackbacks and pingbacks are open.