পল্লৱী শইকীয়া
বৰ্দ্ধিত জনসংখ্যাই দান কৰা অন্যান্য সমস্যাসমুহৰ লগতে আবৰ্জনাবোৰেও ক্ৰমে গভীৰ সংকটৰ সৃষ্টি কৰা দেখা গৈছে। এই আবৰ্জনাৰ ইতিহাস পুৰণি। অতি প্ৰাচীন কালত মানুহে আবৰ্জনাবোৰ অতে ততে পেলাই আঁতৰি গৈছিল। যেতিয়া তেওঁলোকে গাওঁ পাতি বাস কৰিবলৈ ল’লে আবৰ্জনা নিষ্কাশন কৰা সমস্যাই দেখা দিয়ে আৰু মাটিৰ তলত পুতি আবৰ্জনাসমুহ দুৰ কৰিবলৈ ধৰিলে। প্ৰথম গ্ৰীচৰ এথেন্স চহৰত আবৰ্জনা দ’ম প্ৰতিৰোধী আইন প্ৰণয়ন কৰিছিল যাৰ বাবে তাৰ নাগৰিকসকলে আবৰ্জনাবোৰ গাঁত খান্দি পুতি থ’বলৈ বাধ্য হৈছিল । মধ্যযুগত দুৰ্গন্ধযুক্ত আবৰ্জনাবোৰ মানুহে ৰাজপথলৈ দলিয়াই পেলোৱাৰ ফলত নিগৰি, এন্দুৰৰ লগতে বেমাৰৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিলে। মুক্ত বিচৰণ কৰি ফুৰা গাহৰিয়ে ইয়াৰে কিছু খায় আৰু কিছু খায় কাউৰীৰ দৰে চৰাইবিলাকে। ১৯ শতিকাৰ এক উল্লেখযোগ্য পদক্ষেপ হ’ল ৰেগ-এণ্ড-ব’ন। ইয়াৰ জৰিয়তে ঘোৰাগাড়ী লৈ প্ৰতিঘৰ মানুহৰ পৰা আবৰ্জনা সংগ্ৰহ কৰে আৰু পুনৰ বিক্ৰীৰ বাবে পৃথককৈ ৰাখি যায়। কিছুমান আবৰ্জনা সংগ্ৰহ কৰা লোকে ঘৰৰ আধাপোৰা সামগ্ৰী লৈ গৈ ইটা বনোৱা কামত ব্যৱহাৰ কৰে। জন্তুৰ মল-মূত্ৰৰপৰা পৰা কৃষিৰ বাবে উপযোগী সাৰ প্ৰস্তুত কৰে আৰু কুকুৰৰ বিষ্ঠা চামৰাৰ চৰ্মসংস্কাৰ ব্যৱসায়ত ব্যৱহাৰ কৰে। এনেদৰে ক্ৰমে জাবৰ জোথৰ নিষ্কাশন পদ্ধতি মানুহৰ জীৱন ধাৰণৰ কৌশলসমুহত অন্তৰ্ভুক্ত হৈ পৰিল। মন কৰিবলগীয়া যে প্ৰথমটো ডাষ্টবিন দেখা গৈছিল ১৮৮৩ চনত ফ্ৰান্সৰ পেৰিছত আৰু প্ৰচলন কৰা ব্যক্তিজন আছিল ইউজিন পৌবেলি। তেতিয়াৰ পৰা ডাষ্টবিনক ফ্ৰান্সৰ লোকসকলে পৌবেলি হিচাপে নামকৰণ কৰিছিল।
বিংশ শতিকাত বহু হাজাৰ নিষ্কাশনীয় সামগ্ৰীৰ উদ্ভাৱন হ’ল আৰু মানুহে নভবা নিচিন্তাকৈ মুকলি আকাশৰ তলত জুই জ্বলাই তাৰে কিছুমান নিষ্কাশন কৰি গোটেই পৃথিৱীখনক দূষিত কৰাৰ দিশত আৰু এখোজ আগুৱাই গ’ল। পৰিৱৰ্তনৰ কোবাল সোঁতে আবৰ্জনাৰ দ’মত অব্যৱহৃত ইলেক্ট্ৰনিকৰ সামগ্ৰীসমুহকো অন্তৰ্ভুক্ত কৰাত যেন পৃথিৱীখনে কিছুমান ব’ব নোৱাৰা বোজা লৈ চটফটাই থাকিল নিতৌ নতুন নতুন আবৰ্জনাৰ ভৰত।
এইবোৰ বাৰু কম বেছি পৰিমাণে আমাৰ পৰিচিত কথা। কিন্তু প্ৰয়োজনীয় কথাটো হ’ল এই আবৰ্জনাবোৰক লৈ নতুন কিবা চিন্তা কৰিব লগা আছে নেকি? যিমান পাৰি আমি বাৰু পেলনীয়া সামগ্ৰী কম সৃষ্টি কৰিবলৈ চেষ্টা কৰিলো সেইটো এটা সহজ পদ্ধতিৰ ভিতৰত অন্যতম। কিন্তু এই পদ্ধতিটো বৰ্তমান সময়ৰ লগত খাপ খোৱাকৈ এটা স্থায়ী সমাধানৰ সুত্ৰ হয়টো নহয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰে সমৃদ্ধ এই সময়খিনিত আমি কিছুমান বিশেষত্বপুৰ্ণ নতুন চিন্তাৰ জন্ম দিব লাগিব আৰু তাক সম্পুৰ্ণ ফলভাগী কৰিব লাগিব । সেইখিনি দায়িত্ব আমাৰ হোৱাটো বাঞ্চনীয় কাৰণ এই আবৰ্জনাৰ সৃষ্টিকাৰকো আমি নিজেই আৰু এইসমূহৰ লগত সহচৰ হৈ জীৱন যাপন কৰিব লাগিব আমিয়েই, নহয় নে?
এতিয়া আমি চাওঁ আবৰ্জনাবোৰক কিবা ব্যবহাৰিক কামত জড়িত কৰিব পাৰি নেকি? এটা কথা নুই কৰিব নোৱাৰি যে আৱৰ্জনাবোৰ একপ্ৰকাৰৰ শক্তি। এই সম্পৰ্কে দুই ধৰণৰ তাপ গতিৰ তত্ত্ব পোৱা যায়। তাপ গতিৰ প্ৰথম তত্ত্ব অনুসৰি শক্তিৰ সৃষ্টি বা বিনাশ কোনোটোৱেই কৰিব নোৱাৰি, ইয়াক ৰূপান্তৰহে কৰিব পৰা সম্ভৱ । বৈষয়িক সন্তুলন আৰ্হিয়ে (Material Balance Approach) দীৰ্ঘকালত এই সুত্ৰৰ কাৰ্যকাৰিতা প্ৰতিপন্ন কৰিছে। কাৰণ, বৈষয়িক সন্তুলন আৰ্হি ভোগ আৰু উৎপাদনৰ জৰিয়তে প্ৰকৃতিৰ পৰা আন্ত:প্ৰবাহ হোৱা সম্পদ (শক্তিৰ ৰূপত) আৰু ইয়াৰ পৰা প্ৰকৃতিলৈ ঘুৰি যোৱা সম্পদ (আৱৰ্জনাৰ ৰূপত) সমান হ’ব লাগিব অৰ্থাৎ আগমন কৰা আৰু প্ৰত্যাগমন কৰা শক্তিৰ মাজত কোনো ধৰণৰ হেৰফেৰ নাথাকে। এই তত্ত্বৰ পৰা ল’বলগীয়া শিক্ষা এয়ে যে যিমানে সম্পদবোৰৰ ব্যৱহাৰ কৰা হয়, আৱৰ্জনাৰ পৰিমানো বৃদ্ধি পায়। আৱৰ্জনাবোৰে শক্তিৰ ৰূপান্তৰ ঘটি প্ৰকৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। তাপৰ গতিৰ দ্বিতীয় তত্ত্ব অনুসৰি এটা আৱদ্ধ অৱস্থাত, সম্পদৰ শক্তি সলনি কৰাত প্ৰকৃতিৰ সামৰ্থ্য সীমিত। উদাহৰণস্বৰূপে শক্তি ৰূপান্তৰ ঘটোৱা কালতে ইয়াৰ কিছু অংশ ব্যৱহাৰ বৰ্জিত (unusable) হৈ পৰে। ব্যৱহাৰ বৰ্জিত হ’লেও ইয়াৰ অস্তিত্ব শূন্য হৈ নপৰে। খৰি জ্বলালে ই ধংস হৈ নাযায়। বৰঞ্চ ইয়াত নিহিত হৈ থকা শক্তি, তাপশক্তিলৈ ৰূপান্তৰ হয়। খৰি জ্বলনৰ পৰা নি:সৰিত শক্তিৰ আটাইবোৰকে শক্তি হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি। কিছু অংশ প্ৰকৃতিৰ বুকুত বিলীন হৈ যায় আৰু কিছু অংশ ছাই হিচাপে থাকি যায়। ইয়াৰ অৰ্থ হ’ল ৰূপান্তৰ প্ৰক্ৰিয়াত এটা অৱস্থাৰ পৰা শক্তি আন এটা অৱস্থালৈ ৰূপান্তৰ হ’লে ইয়াৰ বিনাশ হয় সঁচা, কিন্তু এই শক্তিক ইয়াৰ পূৰ্বৰ উৎসৰ অৱস্থাত গুণগতভাবে অক্ষত ৰূপত ঘুৰাই পাব নোৱাৰি। অৰ্থাৎ, ৰূপান্তৰৰ প্ৰতিটো স্তৰত শক্তিৰ কৰ্ম-সামৰ্থ্য (work Efficiency) লোপ পায়। গতিকে, সম্পদবোৰ ব্যৱহাৰ কৰাৰ আগতে এটা কথা চিন্তা কৰা প্ৰয়োজনীয় যে যি কামত সম্পদবোৰ ব্যৱহাৰ কৰা হয়, সেইবোৰৰ পৰা কিছু হ’লেও আৱৰ্জনা ওলাবই, লগতে ব্যৱহৃত সম্পদবোৰ ইতিমধ্যে শেষ হৈ যায়। অৰ্থাৎ, সেইবোৰ আৰু আমি আগৰ অৱস্থালৈ ঘুৰাই নাপাও। গতিকে শক্তিৰ ৰূপান্তৰৰ জৰিয়তে আমি এটা নতুন চিন্তাক নতুন মাত্ৰা প্ৰদান কৰিব পাৰোঁ । যিহেতু গোটা আৱৰ্জনাসমূহো এক প্ৰকাৰ শক্তি, গতিকে এইবোৰৰ পৰা উৎপন্ন হোৱা শক্তিয়ে প্ৰকৃতিৰ বাবে বিপদ সৃষ্টি কৰাৰ পৰিবৰ্তে সমাজৰ বাবে প্ৰয়োজনীয় শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি । এই পদ্ধতি প্ৰয়োগ কৰিলে গোটা আৱৰ্জনাসমূহক আৱৰ্জনাৰ পৰিবৰ্তে সম্পদ হিচাপে গণ্য কৰা হ’ব , যিহেতু এইবোৰৰক শক্তি উৎপাদনৰ কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হ’ব।
এই ক্ষেত্ৰত আমি চিংগাপুৰৰ ৱেষ্ট টু এনাৰ্জী প্লান্ট( Waste to Energy WTE plant) ৰ কথা উল্লেখ কৰিব পাৰোঁ । চিংগাপুৰত আবৰ্জনা নিষ্কাশন প্ৰক্ৰিয়াত গোটা আবৰ্জনা আৰু ক্ষতিকাৰক আবৰ্জনাবোৰ একত্ৰিকৰণ, শোধন আৰু নিষ্পত্তিকৰণ কৰা হয়। আবৰ্জনা একত্ৰিকৰণ প্ৰক্ৰিয়া আৰম্ভ হয় ঘৰ আৰু ব্যৱসায়িক প্ৰতিস্থানসমুহৰপৰা। ৰাষ্ট্ৰীয় পৰিবেশ প্ৰাধিকৰণে এই ক্ষেত্ৰত নীতি নিৰ্ধাৰণ কৰে। যিবোৰ আবৰ্জনা পৃথকীকৰণ সম্ভৱ নহয় সেইখিনি পোনে পোনে ৱেষ্ট টু এনাৰ্জী প্লান্টলৈ প্ৰেৰণ কৰা হয়, য’ত সেইসমূহ জ্বলনৰ জৰিয়তে শক্তি উৎপাদন কৰা হয় আৰু ইয়াৰ আয়তন কম কৰা হয়, এনে কৰাৰ ফলত ইয়াৰ আয়তন প্ৰায় ৯০% কমি যায়। এই প্ৰক্ৰিয়াত উৎপাদন হোৱা শক্তিক তাপ, বিদ্যুৎ আৰু ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। আবৰ্জনাবোৰ বহু উষ্ণতাত গলাই ভাপ উৎপন্ন কৰা হয় যি জেনেৰেটৰ টাৰবাইনক এনে ক্ষমতা প্ৰদান কৰে য’ৰপৰা বিদ্যুৎ উৎপাদন হয়। জৈৱিক আবৰ্জনাবোৰৰ পৰা জৈৱগেছ আৰু সাৰ প্ৰস্তুত কৰা হয়। কিছুমান আবৰ্জনাক তৰল ইন্ধন হিচাপে ব্যৱহাৰৰ উপযোগী কৰি তোলা হয়। লেণ্ডফিলৰ পৰা নিঃসৰিত গেছক সংগ্ৰহ কৰি শক্তিলৈ ৰূপান্তৰ কৰা হয়।
যিবোৰ আবৰ্জনা পুনৰ ব্যৱহাৰযোগ্য হয় সেইসমূহ বস্তুগত বৈশিষ্ট্য অনুযায়ী পৃথক কৰা হয়। ইয়াৰে যিবোৰ সামগ্রী পুনৰ উদ্ধাৰ সম্ভৱ সেইবোৰক পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিবৰ বাবে প্ৰেৰণ কৰা হয়। জ্বলন প্ৰক্ৰিয়াত উৎপন্ন হোৱা ছাইবোৰ আৰু জ্বলি নোযোবা অৱশিষ্টবিলাক সেমাকু লেণ্ডফিল (Semakau Landfill) লৈ নিষ্পত্তিকৰণৰ বাবে পঠোৱা হয়। আবৰ্জনা নিষ্কাশন পদ্ধতিৰ জৰিয়তে সামগ্রীসমুহৰ জীৱনচক্র বৃদ্ধি কৰাৰ লগতে যদি সম্ভৱ হয় পুনৰ ব্যৱহাৰৰ উপযোগী কৰা হয় যাৰ ফলত সৰ্বমুঠ আবৰ্জনা লেণ্ডফিললৈ পঠিওৱা কম হয় আৰু পৰিবেশৰ বোজাও হ্রাস পায় । চিংগাপুৰ চৰকাৰে ২০৩০ চনৰ ভিতৰত পুনৰ্ব্যৱহাৰ্য্যকৰণৰ হাৰ ৭০% লৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু Zero Waste Masterplan ৰ জৰিয়তে আবৰ্জনা পেলোৱা স্থানলৈ পঠোৱা আৱৰ্জনাৰ পৰিমাণ ৩০% লৈ হ্রাসৰ চেষ্টা অব্যাহত ৰাখিছে ।
বিভিন্ন সম্ভাৱনাৰে সমৃদ্ধ জীৱনৰ প্ৰতি মনটো মুকলি কৰি ৰখাটো নিত্তান্তই প্ৰয়োজনীয়। আমাৰ চিন্তাধাৰাই জীৱনৰ প্ৰত্যেকটো উপাদান প্ৰভাৱিত কৰে। চিন্তাবিলাক গতিশীল মানে সমাজ সুন্দৰ। আমিও আমাৰ চিন্তাৰ জগতখনক প্ৰসাৰিত কৰি সমাজ তথা দেশ সুন্দৰ আৰু সুস্থিৰ কৰাৰ দিশত এখোজ আগুৱাই যোৱাৰ প্ৰয়াস কৰা নিত্তান্তই প্ৰয়োজনীয়। আবৰ্জনাৰে জৰ্জৰিত দেশখনত সমস্যাৰ পৰিৱৰ্তে সম্ভাৱনাৰ বীজ ৰোপণ কৰি আমিও উন্নয়নৰ বাটকটীয়া হৈ ইতিহাসৰ পাতত এদিন জিলিকি থকাৰ চেষ্টা কৰোঁ আহক।
ফোন : ৮৬৩৮২৩৮১২১
Comments are closed, but trackbacks and pingbacks are open.