দৃষ্টিসদৃশ দৃষ্টিকোণ ভিন্ন

223

জোনাকী দেৱী কাশ্যপ

Everyone has two eyes but no one has the same view.

দৃষ্টিকোণ বুলিলে কোনো বস্তু, বিষয় অথবা ব্যক্তিৰ বিষয়ে চিন্তা কৰাৰ পদ্ধতি বা ধৰণকে বুজোৱা হয়।

আমাৰ দৃষ্টিকোণ ভিন্ন হোৱা বাবে একেটা বিষয়তে আমাৰ মত ভিন্ন ভিন্ন হয়। দৃষ্টিকোণ এনে এক শক্তি আছে যাৰ দ্বাৰা আমি সুখ আৰু দুখৰ অনুভৱ কৰিব পাৰোঁ।

এবাৰ এটা মন্দিৰ নিৰ্মাণৰ কাম চলি আছিল। বহুত শ্ৰমিক তাত কৰ্মত নিয়োজিত হৈ আছিল। এদিন এজন সাংবাদিক তালৈ গ’ল বাতৰি সংগ্ৰহৰ কৰিবলৈ।তাত প্ৰথম এজন শ্ৰমিকক সাংবাদিকজনে সুধিলে, ‘কাম কিমান আগবাঢ়িছে তোমাৰ ইয়াত কাম কৰি কেনেকুৱা লাগিছে..

শ্ৰমিকজনে ক’লে,শিল কঢ়িয়াই বৰ বেয়া অৱস্থা হৈছে মোৰ, ক’তো‌ কাম নাপাইহে ইয়ালৈ আহিলো।

এইবাৰ সাংবাদিকজনে আন এজন শ্ৰমিকৰ ওচৰলৈ গৈ খবৰ ল’লে। সেই জনে ক’লে, মই বহুত ভাগ্যৱান যে মই ইয়াত কাম কৰিবলৈ সুবিধা পাইছোঁ।ইয়াৰ পৰা মোৰ ঘৰ খৰছ ওলোৱাৰ লগতে ঈশ্বৰৰ সেৱাও কৰা হৈছে।এইয়াই দৃষ্টিকোণ।কাম একেটাই, কিন্তু দুখী হৈছে আৰু এজন সুখী হৈছে।

যিয়ে জীৱনত নকৰাত্মক দৃষ্টিকোণ গ্ৰহণ কৰে তেওঁলোকৰ জীৱনত সমস্যা বাঢ়িবলৈ ধৰে। জীৱনত কেতিয়াবা কোনোবা আপোনজনক নিজৰ ভুল দৃষ্টিকোণৰ বাবে হেৰুৱাব লগা হয়। এখন পুৰণি চিনেমাত দেখিছিলো কেনেকৈ স্বামীজনে নিজৰ ভুল চিন্তাধাৰাৰ বাবে সন্দেহৰ বশৱৰ্তী হৈ পত্নীৰ লগত বিচ্ছেদ হৈছিল।

আমাৰ সমাজত এনে কিছু সংখক মানুহ আছে যিয়ে আনৰ কৰ্মটোৰ সহজ নিজৰ কৰ্মটোহে টান এনেধৰণৰ চিন্তাধাৰা পোষণ কৰে।ছবি আঁকিব নজনা মানুহৰ বাবে ছৱি অকাটো সহজ কাম হ’ব পাৰে কিন্তু ছৱি অকাজনৰ বাবে সেইটো আটাইতকৈ টান কাম। আমাৰ দৃষ্টিকোণ কেনেকৈ সঠিক দিশত আগুৱাই নিব পাৰোঁ আহক আলোচনা কৰোঁ –

*সকৰাত্মক চিন্তা কৰাটো প্ৰয়োজনীয় লগতে তেনে সংগ লোৱাটো উচিত।

*অইনক সৎ কৰ্মত উৎসাহিত কৰিব লাগে।

*ৰাজহুৱা কাৰ্য্য কলাপত অংশগ্ৰহণ কৰিব পাৰে।

*নিজৰ দেহ-মনৰ যত্ন লোৱা উচিত।

*নিৰুৎসাহ কৰা মানুহৰ সংগ এৰাই চলাই উত্তম।

*অনুপ্ৰেৰণামূলক কাহিনী তথা বক্তব্য অধ্যয়ন কৰিব পাৰে।

*জীৱনত সদায় আশাবাদী হৈ থাকিব লাগে।

*এজন ভাল বন্ধুয়ে উচিত দিহা-পৰামৰ্শ আৰু সহযোগিতাৰে শুদ্ধ চিন্তাধাৰা অটুট ৰাখিব পাৰি।

*মানুহ মাত্ৰেই আৱেগ থাকিবই।কিন্তু মানুহে আৱেগক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰাটো উচিত।

*নিজকে বিশ্লেষণ কৰি ভুলবোৰ শুধৰণি কৰাৰ চেষ্টা কৰিব লাগে।

*নিজৰ কথা আৰু কৰ্মৰ মাজত সামঞ্জস্য ৰাখিব লাগে।

*আশাভংগ হ’লেও ভাগি নপৰা আৰু আশা পূৰ্ণ হ’লেও আনন্দত আত্মহাৰা নোহোৱাকৈ থাকিব পৰা মানসিক শক্তি থকাটো প্ৰয়োজন।

*জীৱনত নিজৰ থকাখিনিক লৈ মানসিকভাবে সন্তুষ্ট হৈ থাকিবৰ যত্ন কৰিব লাগে।

*আমি কোনেও সৰ্বগুণসম্পন্ন নহয় সেয়ে অলপ এৰা -ধৰা কৰাটো উচিত।

কোনো এটা সমস্যা সমাধান কৰিবলৈ দৃষ্টিকোণ সঠিক হোৱাটো প্ৰয়োজনীয়।

“Every problem has a solution; it may sometimes just need another perspective.” – Katherine Russell

যিকোনো বস্তু এটা আমি যি দৃষ্টিকোণেৰে লক্ষ্য কৰোঁ ঠিক তেনে যেনে দেখো।আকাশৰ শুকুলা মেঘবোৰত যদি দৃষ্টি নিক্ষেপ কৰোঁ আমি সকলোৰে তাৰ আকৃতি ভিন ভিন দেখিম।নিজৰ নিজৰ দৃষ্টিত আমি সকলো শুদ্ধ হ’ম নহয় জানো! দৃষ্টিকোণ ভিন্ন হ’লেও সেই ভিন্নতাই যাতে কাৰো মনত আঘাত নিদিয়ে তাৰ প্ৰতি মনোযোগ দিয়াটো উচিত।সকলোৰে দৃষ্টিকোণ সঠিক দিশত আগুৱাই যাওক। সকলো কুশলে থাকক..

ফোন – ৮৭২৪৯-৮৬৬৩০

You might also like

Comments are closed, but trackbacks and pingbacks are open.