ভেনিলা

16

ড° শান্তনা বৰদলৈ

বিশেষ খাদ্যসম্ভাৰ যেনে আইচক্ৰীম, চকলেট , নানাতৰহৰ পুডিং , কেক, ব্ৰাউনি, বিস্কুট বা কুকিজ, বেকাৰীজাত খাদ্যসামগ্ৰী ইত্যাদিৰ প্ৰস্তুতকৰণত ব্যৱহৃত সকলোৰে পৰিচিত অতিকে জনপ্ৰিয় সুগন্ধীকাৰক উপাদানবিধেই হৈছে “ভেনিলা”। আধুনিক খাদ্যব্যৱস্থাপনাত পৰিবেশিত ডিজাৰ্ট (Dessert)ৰ ই অন্যতম উপকৰণ যি খাদ্যবস্তু কৰি তোলে বিশেষ সুস্বাদুময়। এই ” ভেনিলা ” শব্দটো স্পেনিছ ভাষাৰ পৰা আহিছে যাৰ অৰ্থ হৈছে ছেঁই বা পড (pod)। এইবিধ বিশেষ সুগন্ধীকাৰক ” ভেনিলা ” নামৰ এবিধ অৰ্কিডৰ ফলৰ পৰা প্ৰস্তুত কৰা হয় আৰু ইয়েই হৈছে একমাত্ৰ অৰ্কিড উদ্ভিদ যাক খাদ্য হিচাবে ব্যৱহৃত হয়। আজিৰ পৰা প্ৰায় ২০০০ বছৰৰ পূৰ্ৱেই  ভেনিলাৰ পৰা আহৰণ কৰা “ভেনিলা সুগন্ধ” মেক্সিকোত বসবাস কৰা মায়ান আৰু আজটেক সকলে পানীয়ৰ সুগন্ধীকৰণত ব্যৱহাৰ কৰাৰ তথ্য পোৱা গৈছে। মেক্সিকোই হৈছে ভেনিলাৰ জন্মস্থান আৰু ইয়াৰ পৰাই  বিশ্বৰ বিভিন্ন দেশলৈ ভেনিলা বিস্তাৰিত হৈ পৰে।

ভেনিলা এবিধ চিৰসেউজ বহুবৰ্ষীয় মনোমোহা লতাজাতীয় অৰ্কিড। একক কাণ্ডযুক্ত আৰু  ঠাৰিবিহীন পৰস্পৰ বিপৰীত মুখী পত্ৰসজ্জা লগতে পাতৰ গুৰিত থকা গুচ্ছমুলৰ কাৰণেই ই অৰ্কিড জগতৰ এক অনন্য উদ্ভিদ। উদ্ভিদ জগতৰ অৰকিডেচি( Orchidaceae ) পৰিয়ালৰ এই বিধ উদ্ভিদৰ বৰ্তমানলৈকে ৩০ টা প্ৰজাতি চিনাক্তকৰণ কৰা হৈছে যদিও গৱেষণামুলক বিশ্লেষণাত্মক তথ্যৰ পৰা এইটো প্ৰতিস্থিত হৈছে যে ইয়াৰ মাত্ৰ তিনিটা প্ৰজাতি—- প্লেণ্টিফলিয়া  (Plantifolia), পেমপৰা (Pampora) আৰু টাহিটেনচিছ (Tahitensis)ৰ পৰাহে উপযুক্ত গুণবিশিষ্ট ভেনিলা ক্কাথ (Vanilla extract) উৎপন্ন হয়। পৰীক্ষামুলক তথ্যৰ পৰা প্ৰমানিত হৈছে যে প্ৰধানত অতি উচ্চ মানবিশিষ্ট “ভেনিলা ” ভেনিলা প্লাণ্টিফলিয়া (Vanilla plantifolia)ৰ পৰাই উৎপন্ন হয়।  এইবিধ ভেনিলাক মেক্সিকান( Maxican) তথা বাৰব’ন (Bourbon) ভেনিলা নামেৰেও জনা যায়।

প্ৰায় ৩০- ৪০ ফুট উচ্চতালৈকে বৃদ্ধি হোৱা ভেনিলা অৰ্কিড আন এদাল ওখ গছৰ অৱলম্বনত কৰা হয়। বিশ্বৰ বিভিন্ন দেশৰ পৰিৱেশ উপলদ্ধ ওখ গছ ইয়াৰ বাবে বাচনি কৰা হয়। আমাৰ দেশত চজিনা, শিৰিষ , মদাৰ , পলাশ , তামোল আদি গছক অৱলম্বন হিচাবে লোৱা হয়। ভেনিলাৰ ফুল সেউজীয়া হালধীয়া বৰণৰ হয় । ফল অৰ্থাৎ ছেঁই বা পড সেউজীয়া আৰু পুৰঠ হ’লে গাঢ় মুগা বৰণৰ হয়। ভেনিলা ক্কাথ উৎপাদন প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া আৰু ইয়াত যথেষ্ট  সাৱধানতা ও ধৈৰ্যৰ  আৱশ্যক।গছ লগোৱাৰ পৰা প্ৰথম ফল উৎপন্ন হোৱালৈকে ৩-৪ বছৰ সময় লাগে।  ভেনিলা গছত পৰাগযোগৰ ক্ষেত্ৰত যথেষ্ট সতৰ্কতা অৱলম্বন কৰিব লাগে। উপযুক্ত পোক পতংগৰ অভাৱত পৰাগযোগত বিসংগতি আহে । সেয়েহে ভেনিলাৰ স্ব-পৰাগযোগ ঘটাই একে সময়তে ফুলৰ উৎপাদন কৰিলেহে গুণবিশিষ্ট ভেনিলা ক্কাথ উৎপাদন কৰিব পাৰি। সেয়েহে এই ভেনিলা উৎপাদন যথেষ্ট খৰছী হয়। চেফ্ৰো’নৰ পিছতেই ই দ্বিতীয় বিধ খৰছী সুগন্ধ । ১৮৪১ চনত ইয়ং শ্লেভ এলমাণ্ড এলবিয়াছে ভেনিলাৰ স্বপৰাগযোগৰ সফল কৌশল উদ্ভাৱন কৰাৰ পিছত ইয়াৰ কৃষি সুচল হ’ল আৰু বিশ্বৰ বিভিন্ন দেশলৈ প্ৰসাৰিত হয়।

ভেনিলাৰ ফল অৰ্থাৎ ছেঁই বোৰ প্ৰায় ২০ ছেণ্টিমিটাৰ মান দীঘল হয় আৰু পুৰঠ হ’বলৈ ৮–৯ মাহ মান সময় লাগে। পুৰঠ ভেনিলা ছেঁই সমুহ উপযুক্ত সময়ত চপাই ইয়াক কেইবাটাও পৰ্যায়ত ভালদৰে শুকুৱাই, শুকান ছেঁইসমুহ পানী আৰু ইথানল ( এলক’হল ) ৰ মিশ্ৰণত তিয়াই , কোমলাই , ছেকি ভেনিলা ক্কাথ উৎপাদন কৰা হয়। ভেনিলা ক্কাথত নিহিত হৈ থকা ভেনিলিন ( Vanillin) আৰু ভেনিলিক এচিদ (Vanillic acid)ৰ কাৰণেই ইয়াৰ একক সুগন্ধ উৎপন্ন হয়।

সমগ্ৰ বিশ্বৰ ভিতৰত ইণ্ডোনেচিয়াই সৰ্বাধিক ভেনিলা উৎপন্ন কৰে। বৰ্তমান সময়ত ইণ্ডোনেচিয়া , মাদাগাস্কাৰ, মেক্সিকো , কমৰ্ছ , চিচিলি , ৰিইউনিঅন আৰু  ভাৰতত ভেনিলা উৎপাদন হয়।ভাৰতবৰ্ষত ভেনিলা খেতি ১৮৩৫ চনৰ পৰাই আৰম্ভ হয়। ভাৰতৰ কৰ্ণাটক , কেৰেলা , তামিল নাডু , উত্তৰ পূৰ্বাঞ্চল, আন্দামান নিকোবৰ দ্বীপপুঞ্জত ইয়াৰ ব্যৱসায় ভিত্তিত  খেতি কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ গাৰো পাহাৰ, তিনিচুকীয়া-শদিয়া অঞ্চলত ভেনিলাৰ খেতি সফলতাৰে কৰা দেখা গৈছে।

ভেনিলাৰ একক আৰু অনন্য সুগন্ধৰ বাবেই বিশ্বৰ বজাৰত ইয়াৰ গুৰুত্ব, চাহিদা তথা জনপ্ৰিয়তা ক্ৰমাত অধিক বৃদ্ধি  পাইছে। ব্যৱসায় ভিত্তিত বহু আন্তৰ্জাতিক কোম্পানী যেনে আদমছ এক্সট্ৰাক্ট , চি এফ চ’ভাৰ, ড° অটকাৰ, পেনজিছ স্পাইছ আদি য়ে ভেনিলাৰ উৎপাদন কৰি আছে। বহুকেইটা ভাৰতীয় কোম্পানী যেনে মেছটিক জি এলায়েন্স প্ৰাইভেট লিমিটেড,  শ্ৰী ছাই বায়টেক, ভাইটেল হাৰ্বছ ইত্যাদিয়েও  সফলতাৰে ইয়াৰ উৎপাদন কৰি আছে। বিশ্বত বহু কেইখন সুবিশাল ভেনিলাৰ বাগিছা আছে। টাঞ্জানিয়াৰ জাঞ্জিবাৰ স্পাইছ ফাৰ্ম ভেনিলাৰ বাবে বিখ্যাত । এই ক্ষেত্ৰত কেৰেলাৰ মুন্নাৰৰ স্পাইছ গাৰ্ডেনৰ কথাও ক’ব পাৰি।

গৱেষণাত্মক তথ্যৰ পৰা জানিব পৰা গৈছে যে বিশেষ খাদ্যসম্ভাৰৰ অনন্য উপকৰণ  চৰ্বীবিহীন, কলেষ্টেৰল বিহীন “ভেনিলা” ত শৰীৰৰ অত্যাৱশ্যকীয় মৌল চডিয়াম , পটাছিয়াম , কেলচিয়াম , মেগনেচিয়ামৰ লগতে নিয়াচিন, থায়ামিন , ভিটামিন বি কমপ্লেক্স  যুক্ত হোৱাৰ বাবে ই স্বাস্থ্যৰ বাবে উপযোগী । তাৰোপৰি বৈজ্ঞানিক  অধ্যয়নৰ পৰা এইটোও জানিব পৰা গৈছে যে ই প্ৰতিজাৰক, বেক্টেৰিয়া প্ৰতিষেধক আৰু জ্বলন – পোৰণ নাশক হিচাবেও ক্ৰিয়া কৰে। ভেনিলাক সেয়ে খাদ্যপ্ৰস্তুতকৰণৰ উপৰিও ৰং, প্ৰসাধন তথা ঔষধ উদ্যোগতো  বিশেষ উপাদান ৰূপে ব্যৱহাৰ কৰা হয়।  মানৱ স্বাস্থ্যৰ  সৈতে ভেনিলাৰ সম্পৰ্কৰ বিষয়ে বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠানত বহু গৱেষণা চলি আছে।

বৰ্তমান সময়ত বিশ্বৰ অন্যান্য দেশৰ দৰে ভাৰততো এনে এবিধ সুগন্ধ “ভেনিলা”ৰ সম্ভাৱনাময় উদ্যোগিক ভৱিষ্যতৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰি ইয়াৰ কৃষিৰ সম্প্ৰসাৰণ কৰাৰ অৱকাশ আছে বুলি ভাবিব পাৰি।

You might also like

Comments are closed, but trackbacks and pingbacks are open.