প্ৰণতি দেৱী শৰ্মা
প্ৰেমৰ বাবে লাগে জানো এটা আছুতীয়া দিন? ইযে সৰ্বকালে সৰ্বব্যাপি বৈ থকা এটি মিথাঅনুভৱৰ অনুভূতি৷ ই যে স্বৰ্গীয়, শ্বাশ্বত৷ প্ৰেমে জীয়াই থকাৰ প্ৰেৰণা দিয়ে ,জী থকাৰ ইন্ধন হিচাপে কাম কৰে৷ প্ৰেমৰ অনুভৱ হেনো পৃথিৱীৰ কোনো অনুভৱৰ লগতেই তুলনা নহয়৷ইযে সুন্দৰ,বৰ্ণিল৷ হৃদয়ৰ নিভৃত কোণত উৎপন্ন হোৱা এক অনাবিল অনুভৱৰ অফুৰন্ত প্ৰকাশ৷ হৃদয়ত অনুৰণিত হৈ থকা সুমধুৰ সংগীত তৰংগ৷ গোপন কথাৰ পৰা নিৰ্গত হোৱা সুৰৰ মূৰ্চনা৷এক অবুজ শিহৰণ৷৷আত্মাৰ আজন্ম সহযাত্ৰী৷ কি নাই প্ৰেমত? প্ৰেমসন্মোহিত, স্বয়ংসম্পূৰ্ণ৷ জীৱনৰ সঞ্জীৱনী সুধা৷নিসংগতা জয়ৰ শক্তি৷ প্ৰেমৰ অনুভৱেই জীপাল কৰে সময়৷সজায় তোলে মনৰ মাজৰ প্ৰতিটো কোঠা৷আত্মাই কথা পাতে আত্মাৰ সতে৷
এই প্ৰেমতে ঘূৰিছে শতদল,প্ৰেমতে ঘূৰিছে ভূমণ্ডল৷ প্ৰেমৰ বাবেকতজনে অজস্ৰ ত্যাগ কৰিছে আৰু কেওজনে কৰিছে জীৱন উচৰ্গা৷ আনকি বহুজনে প্ৰেমৰ বাবে প্ৰাণ ত্যাগো কৰিছে৷ কি নাই প্ৰেমত?কিন্তু এই প্ৰেমৰ বাবে কিয় লাগে এটা বিশেষ দিন? বহুজনৰ মনত উদ্ৰেককাৰী প্ৰশ্ন সেয়া ৷ প্ৰেম চিৰকাল চিৰ প্ৰৱহমান৷ই যে জোনাক ৰাতিৰ স্নিগ্ধ জোনাকী৷ মনৰ এজাক পছোৱা বতাহ৷ এই বতাহজাকে যাক কুবাই যোৱা নাই তাৰ জীৱন অসম্পূৰ্ণ ৷আৰু যাক চুই গৈছে তেওঁৰ জীৱন ধন্য৷প্ৰেম পবিত্ৰ,নিৰ্মল বৰষুণ ৷দুভৰিত জুনুকা পিন্ধি প্ৰেম আহে হৃদয় কোঠালে৷প্ৰেমৰ ৰাগীৰ সেই ৰাগ আছে জানো অন্য কৰবাত? নাই নাই৷ই যে যুগমীয়া, অনাবিল সুখৰ ভঁৰাল৷ এই সন্দৰ্ভত বহুজনে বিভিন্ন সময়ত বিভিন্ন মত আগবঢ়াইছে৷ কাৰোবাৰ বাবে যদি প্ৰেম উৎযাপনৰ উৎস কেওজনৰ মতে জীৱনৰ প্ৰাচুৰ্য্য যাক অহৰ্নিশে বুকুত কঢ়িয়াই লৈ ফুৰা এক অবুজ উত্তাপ ৷ইয়াৰ আবেশে সিক্ত কৰি তোলে হৃদয় ৷আনহাতে এক বিষাদৰ পিয়লা৷যিটো পিয়লা পি পি খায়ো মানুহ কেতিয়াও ভাগৰি নপৰে৷এই বিষাদৰো আছে সুকীয়া আমেজ৷ যি এই আমেজৰ উম পোৱা নাই ,যি এই আমেজক বুকুৰ গহ্বৰত ধাৰণ কৰা নাই তেওঁ জীৱনত একোৱেই পোৱা নাই৷প্ৰেম যে হৃদয়ৰ নিভৃত কোণত অনুৰণিত হোৱা স্বতঃস্ফূৰ্ত অনুৰণন৷ চৰ্তহীন এক স্বৰ্গীয় অনুভূতি৷
শ্ৰীমদ্ভাগৱত গীতাত কোৱা হৈছে,প্ৰেম সকলোতকৈ শ্ৰেষ্ঠ ৷অন্তৰৰ আৰাধনা৷যান্ত্ৰিকতাৰ যুগত অত্যন্ত স্বাৰ্থপৰতা আৰু দুৰাকাঙ্খাৰ বাবে প্ৰকৃত প্ৰেমৰ সংজ্ঞা সলনি হৈছে৷প্ৰেম কেৱল ভোগ-বিলাসৰসামগ্ৰী হিচাপে বিবেচিত হৈছে৷ আজিকালিৰ প্ৰেম আত্মাৰ প্ৰেমতকৈ ,মনৰ চাহিদাতকৈ শৰীৰ সৰ্বস্বহে হৈ পৰিছে৷ যি প্ৰেমত বিশ্বাস,আবেগ,ভালপোৱা,শ্ৰদ্ধা,ভক্তি নাই৷আছে মাথোঁ আকাংক্ষা৷পোৱা নোপোৱাৰ হিচাপ৷ আমি যেনেদৰে ভগৱানক আৰাধনা কৰোঁ,উপসনা কৰোঁ ঠিক তেনেদৰেই অন্তৰৰ পৰাই আৰাধনা কৰা হয় প্ৰেমক৷
এতিয়া আহোঁ প্ৰেমৰ উদযাপিত দিন ‘ভেলেণ্টাইন দিৱস’ৰ কথালৈ৷ কিয় উৎযাপন হয় ভেলেণ্টাইন দে?কোন হয় এই ভেলেণ্টাইন?ইয়াৰ উৎস কি ? এই প্ৰশ্নবোৰৰ উত্তৰ পাবলৈ আমি ইতিহাসৰ পাত লুটিয়াব লাগিব৷য’ত ৰিক্ত হৃদয়ৰ কেঁচা তেজেৰে লিখা আছে বুকুভৰি ভালপোৱাৰ এক ৰোমাণ্টিক কাহিনী৷
খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ কথা৷ ৰোম সাম্ৰাজ্যৰ দ্বিতীয় ক্লডিয়াচৰ শাসন চলি আছিল তেতিয়া ৷ক্লডিয়াচ আছিল মহাপ্ৰতাপী আৰু অতি কঠোৰ শাসনকৰ্তা৷প্ৰতি মুহূৰ্ততে তেওঁ এটা অতি সষ্টম আৰু শক্তিশালি সৈন্যদল সাজু কৰি ৰাখিছিল যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে৷তেওঁৰ সাম্ৰাজ্যত এটা অতি কঠোৰ নীতিও বলবৎ কৰিছিল৷এই নীতিৰ মতে কোনো সৈন্যই বিবাহ পাশত আৱদ্ধ হ’ব নোৱাৰিব৷ সংসাৰৰ মায়াই সৈন্যসকলক বিচলিত কৰিব পাৰে বুলি তেওঁ বিশ্বাস কৰিছিল৷একপ্ৰকাৰ তেওঁৰ সাম্ৰাজ্যত সৈন্যসকলৰ বিবাহ নিষিদ্ধ আছিল৷আনহাতে সেইসময়ত ৰোমত বহুপত্নী প্ৰথাও প্ৰচলিত আছিল৷ক্লডিয়াচৰ সৈন্যসকল খ্ৰীষ্টান ধৰ্মৰ প্ৰতি লাহে লাহে আকৃষ্ট হৈছিল৷খ্ৰীষ্টানৰ যাজক চেইণ্ট ভেলেণ্টাইনে সম্ৰাট ক্লডিয়াচৰ নিশেধাজ্ঞা স্বত্বেও বিবাহৰ বাবে ইচ্ছুক যুৱক যুৱতীক গোপনে গীৰ্জাঘৰৰ ভিতৰত বিবাহ কাৰ্য সম্পন্ন কৰাই দিছিল৷ কথাটো ৰাষ্ট্ৰ হ’বলৈ বেছি পৰ নালাগিল৷সম্ৰাটৰ কাণত পৰাৰ লগে লগে ভেলেণ্টাইনক ধৰি আনি পোতাশালত থৈ নানান অকথ্য নিৰ্যাতন চলাবলৈ ধৰিলে আৰু মৃত্যুদণ্ড ঘোষণা কৰিলে৷সেই কাৰাগাৰতে এজন অতি সহৃদয়বান জেইলৰ আছিল৷নাম আছিল এৰেষ্টিয়াছ৷এৰেষ্টিয়াছে ভেলেণ্টাইন যে সাধাৰণ মানুহ নহয় ধৰিব পাৰিছিল৷আৰু সেইবাবেই তেওঁৰ জন্মান্ধ জীয়েক জুলিয়াক ভেলেণ্টাইনৰ ওচৰত দীক্ষা দিবলৈ লৈ আহিছিল৷জুলিয়া যদিও জন্মান্ধ আছিল তাই অতি প্ৰখৰ বুদ্ধিসম্পন্ন আৰু মৰমলগা আছিল৷ ভেলেণ্টাইনে তাইক দীক্ষা দিয়াৰ লগতে বুৰঞ্জী আৰু তৰ্কশাস্ত্ৰৰ জ্ঞানো দিছিল৷ দিনবোৰ পাৰহৈ গৈছিল৷ ইফালে ভেলেণ্টাইনৰ মৃত্যুৰ দিনটোও ওচৰ চাপি আহিছিল৷ জুলীয়া আৰু ভেলেণ্টাইনৰ সম্পৰ্কটোও খুব গভীৰ আৰু মধুৰ হৈ পৰিছিল৷এদিনাখন গীৰ্জাঘৰত প্ৰাৰ্থনা কৰি থকাৰ সময়তে এক অলৌকিক ঘটনা ঘটে৷হঠাৎ জুলীয়াই দৃষ্টিশক্তি ঘূৰাই পায়৷ জুলীয়াই এই অলৌকিক ঘটনা কেৱল ভগৱানৰে চমৎকাৰ বুলি বিশ্বাস কৰিছিল৷আৰু এই বিশ্বাস আহিছিল ভেলেণ্টাইনৰ পৰা৷ ভেলেণ্টাইনৰ মৃত্যুৰ আগদিনা জুলীয়ালৈ ভেলেণ্টাইনৰ পৰা এখন চিঠি আহিছিল ৷তাত জুলীয়াক ভগৱানৰ ওপৰত বিশ্বাস অটুত ৰাখিবলৈ অনুৰোধ কৰা হৈছিল আৰু শেষত ইতি তোমাৰ ভেলেণ্টাইন বুলি উল্লেখ আছিল ৷সেই দিনটো আছিল চৈধ্য ফেব্ৰুৱাৰী ৷ চিঠিখন পোৱাৰ পাছত জুলীয়া উত্ৰাৱল হৈ পৰিছিল ৷আৰু এজোপাগুলপীয়া ফুলৰ বাডাম গছ ৰুই দিছিল৷আজিও সেই গুলপীয়া ৰঙৰ ফুল ফুলা বাডাম গছ প্ৰেম আৰু বন্ধুত্বৰ প্ৰতীক বুলি বিবেচনা কৰি অহা হৈছে৷আৰু তেতিয়াৰ পৰাই ১৪ ফেব্ৰুৱাৰীৰ দিনটো ভেলেণ্টাইন দিৱস হিচাপে উৎযাপন কৰা হয়৷
এতিয়া কথা হ’ল এই ভেলেণ্টাইন দিৱস উৎযাপনৰ প্ৰাসংগিকতা কিমান যুক্তিসংগত? আবেগ অনুভূতি ,অভিমানেৰে প্ৰেমৰ জয়গান গাব বিচৰাজনৰ বাবে লাগে জানো এই দিৱস উৎযাপনৰ বাবে পৃথক সময়?কিন্তু পশ্চিমীয়া সংস্কৃতিৰ বোকোচাত উঠি প্ৰেমৰ বাবে আচুতীয়াকৈ এটা দিন আদৰি ল’লোঁ আমি৷ যাক ভেলেণ্টাইন দে বুলি কওঁ বা জানো৷
প্ৰাসংগিকতাঃ
সাম্প্ৰতিক পৰিস্থিতিত মানুহে মানুহৰ বাবে চিন্তা কৰিবলৈ আহৰি নোপোৱা সময়খিনিত প্ৰেমৰ বাবে উৎসৰ্গিত এটা দিন বা উৎযাপিত এটা দিনৰ প্ৰাসংগিকতাও নুই কৰিব নোৱাৰি৷ কাৰণ প্ৰেম নহ’লে যে জীৱনো অসাৰ আৰু নীৰস হৈ পৰিব৷প্ৰেমৰ বাবেই এখন ঘৰ আৰু এখন সমাজ সুন্দৰ হৈ থাকে৷ জীৱনটো সুন্দৰ কৈ পৰিচালিত হয় প্ৰেমত৷এই দিনটো কেৱল প্ৰেমিক প্ৰেমিকাৰ বাবে সীমাবদ্ধ নাথাকি বন্ধু,পৰিয়াল,আত্মীয়-
স্বজ্বনতথা প্ৰিয়জনৰ মাজত ভালপোৱা,শ্ৰদ্ধা আৰু মৰম প্ৰকাশৰ সুযোগ হৈ পৰিলেই ভেলেণ্টাইন দিৱসৰ তাৎপৰ্য থাকিব৷ এই দিৱসে ব্যক্তিগত সম্পৰ্কৰ মাজত সীমাবদ্ধ নাথাকি ভালপোৱা,সম্ভৱনা আৰু মানৱতাৰ বিকাশৰ পথ প্ৰশস্ত কৰাত সহায় কৰিলেই এই দিৱস উৎযাপন সাৰ্থক হ’ব৷ ঐক্য সম্প্ৰীতিৰ এটা সুবৰ্ণ সুযোগৰ দিন হিচাপেও পৰিগণিত হোৱাৰ স্থল নিশ্চয় আছে৷ যিহেতু মৰম, প্ৰেম, আন্তৰিকতাবোৰ মানৱ জীৱনৰ অপৰিহাৰ্য অংশ৷ সেয়েহে ভেলেণ্টাইন দিৱসৰ দিনটোতে প্ৰিয়জনৰ সৈতে অতিবাহিত কৰি মানসিক চাপৰ পৰা আঁতৰি থাকিব পাৰি আৰু এক পৰিতৃপ্তি পাব পাৰি৷ মৰম ভালপোৱাৰ দিন হিচাপে পৰিগণিত এই দিনটোতে সাংস্কৃতিক আৰু সামাজিক বান্ধোন দৃঢ় কৰাৰো অন্যতম মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰি৷বিভিন্নজনৰ নিজৰ সৃষ্টিশীল প্ৰতিভা বিকশিত কৰাৰো এটা সুন্দৰ সুযোগ৷ কবিতা, শ্ব্যায়ৰী, গল্প লেখি নিজৰ মনৰ ভাব অনুভূতি প্ৰকাশ কৰি উপহাৰ হিচাপে দিব পাৰে৷ তাৰ ফলস্বৰূপে সৃষ্টিশীলতা আৰু আত্মপ্ৰকাশৰো ক্ষমতা বৃদ্ধি পাব পাৰে৷প্ৰেম ভালপোৱাৰ বাণীসমূহে সহানুভূতি, সহমৰ্মিতা, সহিষ্ণুতা আৰু উদাৰতাৰ বাৰ্তা বহন বহন কৰিব পাৰে৷ এই বাৰ্তাবোৰে মানুহৰ মাজত ভাতৃত্ব আৰু একতাৰ এনাজৰীডাল কটকটীয়া কৰিব পাৰে৷
সীমাবদ্ধতাঃ
ভেলেণ্টাইন দিৱসৰ কিছু সীমাবদ্ধতাও অৱশ্যে নুই কৰিব নোৱাৰি৷এই দিৱস উৎযাপন কৰিবলৈ যাওঁতে অতিমাত্ৰা ব্যয় আৰু অপচয় হোৱাৰো সম্ভৱনা নথকা নহয়৷ছাত্ৰ-ছাত্ৰী বা যুৱক যুৱতীসকলৰ বাবে ই কেতিয়াবা মানসিক চাপৰ কাৰক হৈ পৰিব পাৰে৷প্ৰিয়জনক এটা ভাল উপহাৰ দিয়াৰ বাবে হাতত প্ৰয়োজনীয় অৰ্থ নাথাকিলে নিৰাস বা হতাশাত ভূগিব পাৰে৷ ভেলেণ্টাইন দিৱস যিহেতু পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱ হিচাপে পৰিগণিত হৈছে সেয়েহে আমাৰ সমাজ সংস্কৃতিলৈ যাতে কোনো কাৰণত অশনি সংকেত বহন নকৰে এজন সচেতন ব্যক্তি হিচাপে আমি সকলোৱে সচেতন হ’ব লাগিব ৷নৈতিক মূল্যবোধৰ যাতে অৱক্ষয় নহয় তাৰপ্ৰতিও সচেতন হ’ব লাগিব৷বিজতৰীয়া অপসংস্কৃতিলৈ যাতে পৰিণত নহয় তাৰবাবেও লক্ষ্য ৰাখিব লাগিব৷
উপসংহাৰঃ
আজিকালি ভেলেণ্টাইন দিৱসটো কেৱল পশ্চিমীয়া দেশসমূহতেই নহয় ইয়াক বিশ্বজুৰি উৎযাপন কৰা হয়৷ সেয়েহে এই দিনটো স্নেহ আৰু হৃদয়ৰ সংযোগ স্থাপনৰ এক বিশেষ দিন হিচাপেও গণ্য কৰা হয় ৷আন্তৰিকতা,সৌহাৰ্দ্য আৰু ইতিবাচক শক্তিৰ শুভ উদযাপনলৈ পৰিণত হওক এই দিনটো৷ তাৰলগতে এইটোও আশা কৰিম বছৰৰ প্ৰতিটো দিনেই হৈ পৰক প্ৰেমৰ দিন৷ প্ৰেমৰ নামত চলি অহা লাঞ্ছনা,প্ৰৱঞ্চনা,প্ৰতাৰণা,ধৰ্ষণ,হত্যা হিংসাৰ দৰে জঘন্য ঘটনাবোৰ মষিমূৰ হওক৷প্ৰেম আৰু অনুভৱৰ উৎযাপন হওক৷সংযত আৰু সুশৃঙ্খলভাবে উৎযাপিত দিৱস হৈ মানুহৰ বুকুত ঠাই লওক৷ উপহাৰ আৰু উৎযাপনৰ নামত উৎযাপিত নহৈ হৃদয়ৰ পৰা হৃদয়লৈ চিৰপ্ৰবহমান হৈ থাকক সেয়াই কামনা কৰিলোঁ৷
××××××××
Comments are closed, but trackbacks and pingbacks are open.