দুৱাৰমুখত জিভাৰ জুতি অনলাইন ফুড

ফার্ণাজ নার্গিছ কৰিম

আখলত খাদ্যৰ গোন্ধ৷ কেতিয়াবা যদি মাংস, কেতিয়াবা মাছ, কেতিয়াবা শাক–পাচলি, কেতিয়াবা আলুপিটিকা, কেতিয়াবা কণীৰ আলুৰ বিবিধ ব্যঞ্জন৷ মাৰ হাতৰ পোলাও, বিৰিয়ানি, কোর্মা অথবা পচলা, মাছৰ টেঙাৰ জোল৷ খাদ্যৰ তালিকা আৰু জিভাৰ সোৱাদ দুয়োটাই অপূর্ব৷ এই পৰিচিত ছবিখনৰ কথাই সুকীয়া৷ সময়ৰ লগে লগে লাহে লাহে জিভাৰ জুতি বাঢ়িল৷ বাঢ়িল তাগিদা৷ ঠাই বিশেষে খানা–খাজানাত অনেক খাদ্য অন্তর্ভুক্ত হল৷ মানুহবোৰৰ ব্যস্ততা বাঢ়িল৷ মুখৰ আগত, সোৱাদৰ সালসলনিৰ উত্থানত থলুৱা খাদ্যক যদিওবা সেই খাদ্যৰ প্রতি মৰম–ভালপোৱা চিৰযুগমীয়া কিছুপৰ একাষৰীয়াকৈ থৈ, ১৯৯৪ চনত বিদেশত ভুমুকি মাৰিলে পিজ্জাই, একেবাৰে অনলাইন অর্ডাৰত, পিজ্জাহাটত৷ সেয়াই আৰম্ভণি৷ পিজ্জাৰ জুতি বিদেশত বাৰুকৈয়ে লাগিল৷ লাহে লাহে অনলাইন বজাৰখনৰ চাহিদা বািিল৷ বিদেশৰ অতিকমেও চল্লিশ শতাংশ মানুহে অনলাইনযোগে অর্ডাৰ কৰি খোৱা হল৷ উত্তৰ কেলিফর্নিয়াত প্রথমটো অনলাইন খাদ্যৰ ছাইট খোলা হৈছিল৷ লাহে লাহে ই হৈ পৰিল এক সুদূৰপ্রসাৰী পৰিক্রমা৷ পিজ্জাৰ সোৱাদৰ অনুৰাগীৰ সংখ্যাও ক্রমান্বয়ে বৃদ্ধি পাব ধৰিছে৷ পিজ্জা হৈ পৰিল বহুতৰ বাবে সোৱাদৰ এৰাব নোৱাৰা অংশ৷ দেখনিয়াৰ পিজ্জাই মইবৰ ভাবেৰে ধুনীয়াকৈ অনলাইন বজাৰত চাওঁতে চাওঁতে ভৰি থলে৷ একেদৰেই কান্ধত কান্ধ মিলাই গদ গদ খোজেৰে বজাৰলৈ আহিল স্মার্টফোন৷ ফোনৰ কাম ইনকামিং,  আউটগোয়িঙত সীমাবদ্ধ নাথাকি স্মার্টৱর্ক কৰাত লাগিল৷ ২০০০ চনৰ পিছৰ ফালে পিজ্জাৰ বজাৰে চেইন ছিষ্টেমত লাহে লাহে ব্যৱসায় ববাব ধৰিলে৷ অনলাইন অর্ডাৰ অতি সোনকালেই বিদেশৰ পিছে পিছে স্বদেশতো আহি পালেহি৷ এইখিনিতে এটা দৰকাৰী কথা নকলে নহব৷ অনলাইন ফুডৰ আচল কল্পকাহিনীবোৰ৷ সেয়া আছিল ১৮৯০ চন, ভাৰতত ফুড ডেলিভাৰী প্রথাটোক কোৱা হৈছিল ডাববাৱালা যিয়ে খাদ্য কিিয়াই ফুৰে অফিচত কাম কৰা মানুহখিনিৰ বাবে হাতৰ কাষতে, জুতি লগা ধৰণে খাব পৰা খানাবোৰ কিিয়াই আনিছিল ডাববাৱালাই৷ আকৌ উভতিছোঁ ১৯২২লৈ৷ চাইনাসকলৰ ভৱিষ্যৎ পৰিকল্পনা সদায় লেখত লবলগীয়া৷ ভাবি অথবা পিি আচৰিত হব যে ১৯২২ চনত আমেৰিকাত লছ এঞ্জেলছ কেফে কি চ্যু–এ নিজক একমাত্র চাইনীজ খাদ্য বিতৰণৰ একমাত্র প্রতিষ্ঠান বুলি সকলোকে জ্ঞাত কৰাইছিল৷ তেওঁলোকে খাদ্যৰ অর্ডাৰ পাবলৈ ৰাখিছিল বিশেষ টেলিফোন৷ ক্রেতাই দুপৰনিশা এক বজালৈ এই ফোনযোগে অর্ডাৰ কৰিব পাৰিছিল চাইনীজ ফুড৷ এনেদৰেই খাদ্যৰসিক মানুহৰ মাজত খুব কম সময়ৰ ভিতৰতেই বিখ্যাত হৈ পৰিছিল ফোনযোগে অর্ডাৰ কৰিব পৰা চাইনীজ খাদ্য৷

এইবাৰ আপোনালোকক লৈ যাওঁ মিলছ অন হুইলছলৈ৷ ১৯৫৪ চনতে মিলছ অন হুইলছ–এ দ্বিতীয় বিশ্বযুদ্ধত গৃহবন্দী মানুহক খাদ্য যোগানৰ দৰে অতি সুন্দৰ পদক্ষেপেৰে মানুহৰ মনত ঠাই লৈছিল৷ আদৰ–যত্নৰে সুন্দৰকৈ খানা বনাই তেওঁলোকৰ মানৱতাৰ যি জয়গান গাইছিল, খুব কম সময়তে হৈ পৰিছিল বিখ্যাত৷ আজিও নিজৰ ধাৰা অক্ষুণ্ণ ৰাখি মিলছ অন হুইলছ–এ নিজক আৰু মানৱতাক জীয়াই ৰাখিছে৷

আগবােোঁ ১৯৬০ চনলৈ৷ গাডীবোৰ বেগী হল৷ লাহে লাহে ৰাস্তাত গাডীৰ ভিৰ বািিল৷ খোজত খোজ দি বজাৰত আহিল ডমিনজ পিজ্জা৷ ত্রিশ মিনিটত পিজ্জা ৰেডী হৈ পাবহি আপোনাৰ দুৱাৰমুখত৷ মানুহৰ ইচ্ছা, আকাংক্ষা আৰু জিভাৰ জুতি বািিল৷ ১৯৯৪ চনত পিজ্জাহাটে ৱেবছাইটৰ যোগেদি পিজ্জানেট আৰম্ভ কৰিলে৷ আৰম্ভণি থমকি নৰল৷ ১৯৯৫ প্রথম অনলাইন ডেলিভাৰী ছার্ভিচ আৰম্ভ হল, যাক কোৱা হৈছিল ৱর্ল্ড ৱাইড ৱেটাৰ৷

চাওঁতে চাওঁতে এনড্রয়ড ফোন আৰু অনলাইন ফুডৰ যুগলবন্দী মজবুত হল৷ এই যে অলপ আগত ২০০০ চনৰ কথাটো কলো, সেইখিনি সময়ৰ পিছত আৰু কোনো অনলাইন খানাই পিছফালে ঘূৰি চাব লগা হোৱা নাই৷ খাদ্যৰ মোহিনীবাণত খাদ্যপ্রিয় মানুহ বলীয়া৷ দিন বাগৰি মাহ যোৱাৰ লগে লগে অনলাইন এপবোৰত অন্য খাদ্যও সোমাল৷ কভিড কালত অনলাইন বজাৰৰ গুৰুত্ব আৰু দায়িত্ব দুয়োটাই বািিল৷ কভিড গল, অভ্যাস থাকি গল৷ ফাষ্টফুডৰ যি ধুনীয়া ধুনীয়া ফটো অনলাইনত৷ দেখিলেই ওজন পাহৰি জিভাৰ পানী পৰে৷ ঘৰৰ মা–মছলা মৰা, চকুৰ পানীৰে বাট নেদেখা কৰা পিঁয়াজ–আলু কটা হাতবোৰৰ সুবিধা হওক বুলি, মানুহে অনলাইন ফুড অর্ডাৰ দিয়া হল৷ এইবুলি ছাউথ ইণ্ডিয়ান, এই বোলে ইটালিয়ান, এই বোলে কেক, এই বোলে মিল্ক্ শ্বেক৷ সৰুৰ পৰা ডাঙৰলৈ অনলাইন খানা–খাজানা একপ্রকাৰ৷ অহা–যোৱাৰ সময় ৰাখি, যান–জঁটৰ ভেজাল নাই, বাচন ধোৱাৰ কাৰবাৰ নাই, আপোনাৰ দুৱাৰমুখত যি খায়ন হাজিৰ মবাইলত ছুইগী, জমেট এপ থাকিলেই হল৷ এই বজাৰে অনেকক ফুড ডেলিভাৰীৰ জৰিয়তে নতুন ৰাস্তাও দিছে নকৈ নোৱাৰোঁ৷ সেই টকাৰে ঘৰ এখন এখনো চলিছে৷ কোনোবা আর্থিকভাৱে স্বাৱলম্বী হৈছে৷ সঁচাকৈয়ে ভাল লগা কথা৷ মাথোঁ জিভাৰ কিছু লেকাম লগাব লাগিব আপুনিহে৷ হয়, এৰা এনেকৈয়ে কৈছোঁ৷ সকলোতে অতিৰিক্ত ভয়াৱহ৷ খাই ভালপোৱা মানুহ বুলিয়েই সপ্তাহটোত পাৰিলে আটাইকেইটা দিনতে যদি অনলাইন অর্ডাৰ কৰি খায়, এবাৰ বেচেৰা পাকস্থলীটোৰ কথাটোও ভাবকচোন৷ হজম বুলিওতো কথা আছে৷ আৰু মছলাসোপা জিভাখনেতো ভালেই বাপ, গোলমাল লাগিব শৰীৰত৷ জিভাৰ জুতি খাওঁতে ওজনো বািিব, আকৌ পইচা দি শৰীৰৰ চর্বি মানে জীমলৈ গৈ শৰীৰৰ চর্বি আপুনিয়েই জানো কমাব নালাগিব বেলেগ জুতিৰ খাদ্য খাবলৈ মন যাবই, তথাপি পাৰিলে কমকৈ খাওক৷ সুস্বাস্থ্যৰ গৰাকী মানেই কেইটিমান বৰকৈ বেছিকৈ উশাহ লোৱা৷ পুৱা কেতিয়াবা খোৱাবস্তু অর্ডাৰ দিলে, আগদিনাৰ খাদ্যই পঠিয়ায়৷ যিহেতু ইমান পুৱাতে ৰেষ্টুৰেণ্ট নোখোলে, খুলিলেও খাদ্য বনোৱা নহয়৷ সেয়েহে যিমান পাৰি সতেজ খাদ্য  খাওক৷ ঘৰত আছোঁ, বাহিৰৰ কিবা খাওঁ খাওঁ লাগিছে, অফিচত আছোঁ, ঘৰত গৈ কিবা খাম আৰু অর্ডাৰ দি দিম, ড্রেফিকত দেৰি হল ঘৰত নাৰান্ধো বুলি নানা অজুহাতেৰে নিজকে পতিয়ন নিয়াতকৈ জুতিৰে ঘৰুৱা এসাঁজ উদৰ পূৰাওক৷

ফোনঃ ৯৮৬৪০-৩৬৫১৪

You might also like

Comments are closed, but trackbacks and pingbacks are open.