মিলেট আৰু মিলেট ৰাণী ৰাইমতি ঘিউৰিয়াৰ সফলতাৰ কাহিনী

গায়ত্ৰী দেৱী বৰঠাকুৰ

“The best way to find yourself is to lose yourself in the service of others.”

M. K. Gandhi.

ওড়িশাৰ এখন ভিতৰুৱা গাঁৱৰ এগৰাকী সাধাৰণ মহিলাই যেতিয়া চুলিত বগা ফুল গুজি, সাধাৰণ এখন জনজাতীয় শাৰী পৰিধাৰণ কৰি অংশগ্ৰহণ কৰেহি বিশ্বৰ শীৰ্ষ জি–20 সন্মিলনত তথা নিজৰ চানেকিৰে ভৰা কামৰে লাভ কৰে বিশ্বনেতাসকলৰ পৰা অবিশ্বাস্য ধৰণে সন্মান তথা স্বীকৃতি তেতিয়া বিশ্বৰ মানচিত্ৰত জিলিকি উঠে আমাৰ দেশৰ নাৰীৰ প্ৰকৃত প্ৰতিচ্ছবি।

আমাৰ দেশত অতীজৰে পৰা ব্যৱহৃত হৈ অহা পুষ্টিকৰ খাদ্য মিলেটক পুনঃ আমাৰ সন্মুখত ন- ৰূপত জনপ্ৰিয় কৰাৰ মানসেৰে আন্তঃজাৰ্তিক মিলেট বৰ্ষত জি-২০ সন্মিলনত গ্ৰহণ কৰা হয় এক বিশেষ পদক্ষেপৰ।ওড়িশাৰ জনজাতীয় জিলা কোৰাপুটৰ এখন অখ্যাত গাঁৱৰ পৰা এক খ্যাতি ভৰা যাত্ৰা আৰম্ভ কৰা , ৰাইমতি ঘিউৰিয়াই ২০২৩ চনত ৯ চেপ্তেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনত চীন, ইটালী, অষ্ট্ৰেলিয়া আদি বিশ্বৰ ঊনৈশখন দেশৰ প্ৰতিনিধিসকলৰ সতে অংশ গ্ৰহণ কৰি পৰম্পৰাগত মিলেট তথা ধানৰ পুনৰুদ্ধাৰৰ বাবে কৰা অহোপুৰুষাৰ্থৰে জিলিকি উঠে সকলোৰে নয়নমণি হৈ।বিশ্বৰ শীৰ্ষ নেতাসকলৰ লগতে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ দ্বাৰাও ভূৰি অভিনন্দিত হোৱা ৰাইমতিয়ে নিজৰ মনৰ ভাব প্ৰকাশ কৰে এনেদৰে,”ওড়িশাৰ এখন ভিতৰুৱা গাঁৱৰ পৰা অহা মোক বিশ্বৰ নেতাসকলে ইমান সন্মান দিছিল।” সঁচাই প্ৰশংসনীয় ৰাইমতিৰ এই কৰ্মময় যাত্ৰা।আৰু এই প্ৰসংগতেই প্ৰাসংগিক হৈ পৰে উলিয়াম জেমছৰ নিম্নোক্ত উক্তিও-“If you can change your mind, you can change your life.” জাতিৰ পিতায়ো কৈছিলে, “The future depends on what you do today. ” আৰু কথাষাৰ আকৌ প্ৰমান কৰিলে মিলেট ৰাণী ৰাইমতিয়ে।

কোৱা হয় প্ৰত্যেক গৰাকী ব্যক্তিৰ ভিতৰত বাস কৰে আন এজন ব্যক্তিয়ে , যিজনে সেই বিশেষ ব্যক্তিজনক অহৰহ অনুপ্ৰাণিত কৰে জীৱন- যাত্ৰাত বিশেষ কিবা এটা কৰি ভৱিষ্যত প্ৰজন্মলৈ নিজৰ নামৰ খ্যাতি ৰাখি যাবলৈ। ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বি শ্ব বিখ্যাত বিজ্ঞানী এ.পি.জে.কালামেও কৈছিলে, “Small aim is a crime, Have a great aim.” বাজৰাৰ খেতিৰে নিজৰ নামৰ চানেকি বিশ্বত ৰাখিবলৈ সক্ষম হোৱা ৰাইমতিয়ে প্ৰাৰম্ভিক অৱস্থাত পৰম্পৰাগত খেতিৰ কৌশলসমূহ আয়ত্ব কৰিছিলে শ- শ জাতৰ ধানৰ গুটি সংৰক্ষণ কৰি পদ্মশ্ৰী বঁটা লাভ কমলা পূজাৰীৰ পৰা।পদ্মশ্ৰী বঁটা প্ৰাপক কমলা পূজাৰীৰ আদৰ্শেৰে পাছলৈ ৰাইমতি অনুপ্ৰাণিত হয় তথা আৰম্ভ কৰে থলুৱা শস্য সংৰক্ষণৰ বাবে এক অভিনৱ যাত্ৰাৰ।কমলা পূজাৰীৰ জৰিয়তেই ৰাইমতি জড়িত হৈ পৰে এম.এছ.স্বামীনাথন ৰিচাৰ্জ ফাউণ্ডেশ্যনৰ সতে।এই ফাউণ্ডেশ্যনে গ্ৰাম্য অঞ্চলত দুখীয়া মহিলাসকলৰ সংস্থাপনৰ বাবে সুসংগঠিত কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰি আগুৱাই লৈ যায় সাৱলম্বীতাৰ অনন্য পথত।এই ফাউণ্ডেশ্যনৰ যোগেদিয়েই ৰাইমতিয়ে গ্ৰহণ কৰি আহিছে চিষ্টেম অৱ ৰাইচ ইনটেনচিফিকেচন ( SSRI) ৰ প্ৰশিক্ষণো। জি-২০ সন্মিলনত ‘মিলেট ৰাণী ‘ উপাধি লাভ কৰা তথা উপৰোক্ত ফাউণ্ডেশ্যনত প্ৰশিক্ষণপ্ৰাপ্ত ঘিউৰিয়াই বৰ্তমানলৈকে সংৰক্ষণ কৰিছে প্ৰায় ত্ৰিশ বিধ মান মিলেটৰ লগতে বাসত্তৰ বিধ মান পৰম্পৰাগত ধানৰো ।’ মিলেট ৰাণী’ ৰাইমতিয়ে সংৰক্ষণ কৰা ‘ কুন্দ্ৰা ৱাটি মাণ্ডিয়া’ নামৰ বাজৰাৰ জাতটো অহা বছৰ আনুষ্ঠানিক ভাৱে মুকলি কৰিব ওড়িশা চৰকাৰে।অধ্যৱসায়েই যে সফলতাৰ মূলমন্ত্ৰ সেই কথাকেই আমাৰ সন্মুখত পুনৰাই প্ৰতিষ্ঠা কৰে ৰাইমতিৰ এই প্ৰাপ্তি তথা স্বীকৃতিয়ে।নহয়নে?

এই কথা সৰ্বজন জ্ঞাত যে আমাৰ আচাৰ- ব্যৱহাৰ তদা চৰিত্ৰ গঠনত প্ৰভাৱ পেলায় আমাৰ পূৰ্বজ তথা পৰিয়ালৰ কাম- কাজে।বিজ্ঞানসন্মত ভাবে বাজৰাৰ খেতি কৰা পৰিয়ালত ডাঙৰ হোৱা ৰাইমতিৰ বাজৰাৰ সতে একাত্মতা শৈশৱৰ পৰাই।তদুপৰি যেতিয়া এজন ব্যক্তি নিজৰ লক্ষ্য তথা উদ্দেশ্যেৰ প্ৰতি হয় অতিকে সজাগ তথা সচেতন তেতিয়া জীৱনেও খুলি দিয়ে সফলতাৰ সোণালী দুৱাৰ। ষোল্ল বছৰ বয়সতে বিবাহ পাশত আৱদ্ধ হোৱা ৰাইমতিয়ে ঘৰৰ সমস্ত কাম- কাজৰ মাজে- মাজে জীয়াই ৰাখিছিলে নিজৰ মনৰ হেঁপাহক।”Man needs his difficulties because they are necessary to enjoy success. ” আৰু সেয়ে সুবিধা পালেই সংগ্ৰহ তথা সংৰক্ষণ কৰিছিলে বাজৰাৰ বিভিন্ন জাতৰ। “You cannot change your future, but you can change your habits and surely your habits will change your future. ” শৈশৱৰ পৰাই বাজৰাৰ প্ৰতি আকৰ্ষিত ৰাইমতিৰ মনৰ কথা এষাৰত প্ৰকাশ পায় তেওঁৰ সৰল মনৰ সুন্দৰ প্ৰতিচ্ছবি,” এতিয়া স্কুলত পঢ়া কোনো শিক্ষাৰ কথা মনত নাই, মই কেৱল পথাৰত শিকি অহা বাজৰাৰ সংৰক্ষণ আৰু খেতি কৰিব জানোঁ।” ৰাইমতিৰ মনৰ এই কথাষাৰে লগতে প্ৰমাণো কৰে যে আমি জীৱনত আগুৱাই যাবলৈ হ’লে উচ্চ শিক্ষা তথা ডিগ্ৰীত কৈয়ো কেতিয়াবা- কেতিয়াবা অধিক গুৰুত্ব তথা মহত্বপূৰ্ণ হৈ পৰে জীৱনৰ অভিজ্ঞতাৰ পৰা লাভ কৰা উচ্চ শিক্ষা তথা বাস্তৱ ক্ষেত্ৰত তাৰ উচিত প্ৰয়োগহে । নিজৰ আদৰ্শ ব্যক্তি, পৰিয়াল তথা সহযোগীসকল দ্বাৰা অনুপ্ৰাণিত ৰাইমতি তথা তেওঁৰ সহযোগীসকলৰ একান্ত প্ৰচেষ্টাৰ ফলতেই ICAR- NMR আৰু FAQ ৰ দ্বাৰা ওড়িশা সন্মানিত হয় পুষ্টিকৰ শস্য উৎপাদনৰ শিতানত ‘ শ্ৰেষ্ঠ মিলেট প্ৰচাৰক ৰাজ্য ‘ৰ সন্মানেৰে।স্মতৰ্ৱ যে ওড়িশাৰ ষাঠিখন জিলাৰ ২৬৮১১খন গাঁৱৰ প্ৰায় ৪৭৯৭৫১জন কৃষকক অন্তৰ্ভুক্ত কৰি প্ৰাৰম্ভ কৰা ‘ মিলেট মিচন’ ৰ আন এক উদ্দেশ্য হৈছে মহিলা তথা শিশুসকলৰ বাবে পুষ্টিকৰ মিলেট সহজলভ্য কৰি তোলা। স্মতৰ্ৱ যে এই মিলেটৰ কৃষি কৃষকৰো মিত্ৰ স্বৰূপ । কিয়নো মিলেটৰ কৃষিৰ আন এক গুৰুত্বপূৰ্ণ দিশ হৈছে মিলেটৰ খেতিৰ বাবে অতি কম পানীৰ প্ৰয়োজন হোৱাৰ দিশতো।অৰ্থাৎ এই দিশৰ পৰাও মিলেট কৃষকৰ পৰম মিত্ৰ।তদুপৰি পুষ্টিকৰ মিলেট জলবায়ুৰ প্ৰতি অধিক স্থিতিস্থাপকো।সঁচাই সকলো দিশৰ পৰা ভাৰতীয়সকলৰ বন্ধু এই বাজৰা বা মিলেট।

২০১৬ চনত ICAR- II SWC ৰ শ্ৰেষ্ঠ কৃষকৰ বঁটা লাভ কৰা ৰাইমতিয়ে নিজা অধ্যৱসায় তথা সাধনাৰে চাউল তথা ঘেঁহুৰ আধিপত্যত ক্ৰমে অনাদৃত হৈ পৰা বাজৰাক প্ৰতিষ্ঠিত কৰে নিজৰ আসনত।ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে আমাৰ শৰীৰক পৰিপুষ্ট কৰি তোলা বাজৰাৰ পুনৰুদ্ধাৰৰ বাবে কৰা ৰাইমতিৰ এই পদক্ষেপ নিঃসন্দেহেই অতিকে প্ৰশংসনীয়।লগতে ক্ৰমে অনাদৃত হৈ পৰা মিলেটক পুনৰ খাদ্য তালিকাত সংযোজন কৰি ৰাইমতিয়ে প্ৰমাণ কৰে যে সঠিক পৰিমাণৰ সুষম খাদ্য গ্ৰহণে হে আমাৰ শৰীৰক নিৰোগী কৰি ৰাখে আৰু এক নিৰোগী দেহৰ অধিকাৰী হ’বলৈ হ’লে বৰ্তমান সময়ত আমাৰ বাবে এক উচিত খাদ্যবস্তু হৈছে মিলেট।স্মতৰ্ৱ যে আন্তঃৰাষ্ট্ৰীয় বজৰাৰ বৰ্ষটোত ৰাইমতি তথা তেওঁ একগোট কৰি প্ৰশিক্ষণ প্ৰদান কৰা মহিলাসকলৰ লগতে জনজাতীয় কৃষকসকলে বাজৰাৰ খেতিক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ হৈছিলে দৃঢ় সংকল্পবদ্ধ। ৰাইমতিৰ সফলতাত উৎফুল্লিত হৈ পৰা জনজাতীয় কৃষকসকলে ৰাইমতিৰ পৰাই লাভ কৰিছে প্ৰয়োজনীয় সাহস তথা প্ৰেৰণা তথা সমান্তৰাল ভাৱে মিলেট অৰ্থাৎ বাজৰাক সমগ্ৰ বিশ্বৰ সন্মুখত জিলিকাই তুলিবলৈ হৈ পৰিছে বদ্ধ পৰিকল্প।অৱশ্যেই তেওঁলোকৰ এই যাত্ৰা পৃথক।কাৰণ তেওঁলোকৰ নেত্ৰীৰ দৰে তেওঁলোকেও বিশ্বাস কৰে বাজৰাৰ জৈৱিক পদ্ধতিৰ কৰা কৃষিকৰ্মতহে। স্মতৰ্ৱ যে জৈৱিক পদ্ধতিৰে বাজৰাৰ কৃষিকৰ্মত মনোনিৱেশ কৰা ৰাইমতিয়ে সম্প্ৰতি প্ৰায় পছিশ শ কৃষকক পৰম্পৰাগত বাজৰাৰ কৃষিৰ কৌশলগত প্ৰশিক্ষণ হে প্ৰদান কৰিছে। ২০১৮ চনত টাটা ষ্টীলে আয়োজন কৰা পৰম্পৰাগত খাদ্য উৎসৱত শ্ৰেষ্ঠ কৃষকৰ বঁটা লাভ কৰা ৰাইমতিয়ে ২০১২ চনৰ পৰা নিজৰ পৰিয়ালৰ মাটিত প্ৰতিষ্ঠিত কৰা প্ৰশিক্ষণ বিদ্যালয়ত বিজ্ঞানসন্মত মিলেটৰ খেতিৰ পদ্ধতিৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে মিলেটৰ সঠিক মূল্য নিৰ্দ্ধাৰণ কৰি মিলেটৰ বজাৰত সাৱলম্বী হোৱাৰ দিশতোৰ ওপৰতো।

কোৱা হয় উপদেশতকৈ আৰ্হি সদায়েই শ্ৰেষ্ঠ। মিলেটক পুনৰুদ্ধাৰ বাবে এক নিশ্চিত যাত্ৰা আৰম্ভ কৰা ৰাইমতি তথা তেওঁৰ গাঁৱবাসীয়ে প্ৰতিদিনে , প্ৰতিসাজতে মিলেট গ্ৰহণ কৰে ।অফুৰন্ত শক্তিৰ উৎস মিলেটক জনপ্ৰিয় কৰাৰ উদ্দেশ্যেই ব্যৱহাৰ কৰে ৰুটী, ডোছা , পকৰি, লাড়ু আদিতো। তদুপৰি আটা , ময়দা , বেচন আদিৰ লগতো মিলেটৰ গুৰি মিলাই তৈয়াৰ কৰিব পাৰি বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জনৰ।বৰ্তমান সময়ত ৰাইমতি তথা তেওঁৰ দৰে হাজাৰটা কৃষক পৰিয়ালৰ বাবে বাজৰা পৰমান্ন, যাৰ অবিহনে হয়তো অকল্পনীয় ভোকৰ এগৰহাও।মিলেটৰ এই স্বাস্থ্য সন্মত দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় সৈন্যবাহিনীৰ খাদ্য তালিকাতো সংযোজন কৰা হৈছে মিলেট। ২০২৩-২৪ বৰ্ষৰ পৰা ভাৰতীয় সৈনিকসকলৰ খাদ্য তালিকাত ২৫% মিলেট সংযোজন কৰাৰ পৰাও খাদ্য হিচাপে মিলেটৰ শক্তিবৰ্দ্ধক দিশটো আমাৰ দৃষ্টিগোচৰ হয়।মহেঞ্জদাৰো সভ্যতায়ে স্বাক্ষৰ বহন কৰা মিলেট এছিয়াৰ লগতে আফ্ৰিকাৰো অতিকে চিনাকি শস্য ।স্মতৰ্ৱ যে মহেঞ্জদাৰো সভ্যতাৰ খননত উপলব্ধ হৈছে বিভিন্ন প্ৰকাৰৰ মিলেটৰ চিহ্ন।আৰু এই উদ্ধাৰেও প্ৰমাণ কৰে মিলেটৰ প্ৰাচীনত্বৰ দিশটোক।

আমাৰ দেশৰ এশৰ ভিতৰত ষাঠিজন শিশু তথা মহিলা চিকাৰ পুষ্টিহীনতাৰ।পুষ্টিৰে পৰিপূৰ্ণ মিলেটক খাদ্যৰ তালিকাত সংযোজন কৰিলে সুকলমে , সহজেই নিৰাময় হ’ব আমাৰ দেশৰ পুষ্টিহীনতাৰ এই পুতৌজনক অৱস্থাৰ।স্মতৰ্ৱ যে মিলেটৰ এই গুৰুত্ব তথা মহত্ব উপলব্ধি কৰিয়েই ৰাষ্ট্ৰসংঘই ২০২৩ বৰ্ষটোক ঘোষণা কৰিছে International Year of Millet ( IYM) বুলি। তদুপৰি মিলেটৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে এই শস্যবিধৰ উৎপাদনৰ বাবে কৃষকে কৰিব নালাগে হাড় ভঙা পৰিশ্ৰম।কৃষকে অধিক শ্ৰম নকৰাকৈ অতি সহজেই , কম খৰছত উৎপাদন কৰিব পৰা মিলেট শৰীৰৰ লগে- লগে বন্ধু কৃষকৰো।তদুপৰি বতৰৰ পৰিবৰ্তন হ’লেও নষ্ট নহয় মিলেটৰ খেতি।মিলেটৰ আন এটা বিশেষ গুণ হৈছে এই শস্যবিধৰ খৰাং সহ্য কৰিব পৰা দিশটো।লগতে পূৰ্বতে উল্লেখ কৰাৰ দৰে মিলেট উৎপাদনৰ বাবে কৃষকে ভাঙিব নালাগে নিজৰ গাঁঠিৰ ধনো।যিহেতু মিলেটৰ উৎপাদনৰ বাবে প্ৰয়োজন নহয় অধিক অৰ্থৰো।

ৰাইমতি ঘিউৰিয়াই যি মিলেটক পুনঃ উদ্ধাৰ কৰি নিজৰ যি আসনত প্ৰতিষ্ঠিত কৰিবলৈ সংকল্পবদ্ধ যাত্ৰা আৰম্ভ কৰিছে সেই যাত্ৰাক সফল কৰিছে পুষ্টিকৰ মিলেট অৰ্থাৎ বাজৰাৰ হাজাৰটা সমৃদ্ধ গুণে।বিশ্বৰ দৰবাৰত জিলিকি উঠক মিলেট সহজ, সৰল, সাধাৰণ হৈয়ো অসাধাৰণ ৰাইমতিৰ ঘিউৰিয়াৰ দৰেই।

ফোনঃ ৮৮২২৯-৪৩০৬৪

You might also like

Comments are closed, but trackbacks and pingbacks are open.