নয়নী কলিতা
মানুহৰ মনৰ প্রকৃতি আইনাসদৃশ৷ অতি ভংগুৰ৷ জীৱনৰ গতিপ্রকৃতি সামান্য সালসলনি হলেই মনক সুস্থিৰ কৰি ৰখা বৰ কঠিন৷ দুশ্চিন্তা বা অৱসাদ বাধা দি ৰাখিব পৰা বিষয় নহয়৷ জীৱনৰ প্রত্যেকটো অভিজ্ঞতা বা ঘটনাৰ এটা ৰাসায়নিক প্রভাৱ শৰীৰ আৰু মনৰ ওপৰত পৰিবই৷ তাৰ পৰা নিস্তাৰ নাই৷ আজিও আমি জ্ঞাত নহয় যে শৰীৰ আৰু মনৰ সুস্থতা একে সময়তে কেতিয়াবা সম্ভৱ নহবও পাৰে৷ শৰীৰ অসুস্থ হৈ পৰাৰ লগে লগে ডাক্তৰ, চিকিৎসা আৰু মানুহৰ সহানুভূতি সকলো পায়৷ কিন্তু মানসিক অসুস্থতা বুলি কলেই আপুনি আনৰ ওচৰত হাঁহিৰ পাত্র হয়৷ পাৰিলে মিছা হাঁহিৰে তাক আঁৰ কৰি থবলগীয়া হয়৷ এতিয়া মানসিক চাপ তথা উদ্বিগ্নতা বেছিভাগ মানুহৰ বাবে জীৱনৰ নিয়মিত অংশ হৈ পৰিছে৷ এই পৰিস্থিতিত মনক প্রকৃতিস্থ কৰি ৰখা কঠিন৷ কাৰণ মনৰ অপ্রকৃতিস্থ আৰু প্রকৃতিস্থ অৱস্থা দুটাৰ মাজৰ সীমাৰেখা একদম সামান্য৷ প্রত্যেকদিনাই ইয়াক পিছুৱাই ঠেলি থাকিলে এদিন সীমা অতিক্রম হবই৷ এইটো কোনো কাৰণতেই অৱহেলা বা সংকোচ কৰা বিষয় নহয়৷ অলপ অসতর্ক হলেই ফল ভয়ংকৰ হৈ পৰিব পাৰে৷ যিহেতু মানুহৰ শাৰাৰিক অসুস্থতাৰ লগে লগে মানসিক অসুস্থতা বা উদ্বিগ্নতা আদি জীৱনৰ গতিৰ লগত অব্যাহত থাকেই, গতিকে কি উপায়েৰে এইবোৰৰ পৰা উপায় বা নিয়ন্ত্রণ কৰিব পাৰি তাৰ প্রতিহে সচেতন হোৱা দৰকাৰ৷
এটা কথা নিঃসন্দেহে স্বীকার্য যে নিয়মীয়া যোগাসন, প্রাণায়ামৰ অভ্যাসে শৰীৰ মনৰ ক্লান্তি বা অসুস্থতা দূৰ কৰিব পাৰে৷ মনৰ কষ্ট, হতাশা, অস্থিৰতা বা উদ্বিগ্ণতা আদি দূৰ কৰাৰ একমাত্র উপায় হল যোগাসন৷ শ্বাস–প্রশ্বাসৰ সঠিক নিয়ন্ত্রণৰ ফলত শৰীৰ তথা মনৰ উত্তেজনা দূৰ হয়, দুশ্চিন্তা কমি আহে আৰু মানুহ শান্ত আৰু সুস্থিৰ হৈ পৰে৷ তাৰ ফলতে আৱেগ–নুভূতিক নিজে নিয়ন্ত্রণ কৰিব পৰা হয়৷ নৈমিত্তিক যোগাসনে মনৰ সুস্থিৰতা আৰু আত্মসংযমবোধ নিজৰ ভিতৰত তৈয়াৰ হয়৷ কেইটামান সপ্তাহ যোগাভ্যাস আৰু প্রাণায়াম কৰাৰ পিছত নিজেই নিজৰ পার্থক্য উপলব্ধি কৰিব পৰা হয়৷ যোগাসনৰ অভ্যাসে মনৰ নেতিবাচক চিন্তা–ভাৱনাবোৰ দূৰ কৰাৰ লগতে প্রতিৰোধো কৰে৷ কাৰণ এনে অভ্যাসে দেহৰ স্নায়ুবোৰক সজাগ কৰি তোলে৷ ফলস্বৰূপে দেহত শক্তি প্রদানকাৰী হৰমন নিঃসৰণ হবলৈ ধৰে৷ এই হৰমনেই আচলতে মনৰ ভিতৰখন ইতিবাচক কৰি তোলে৷ লগে লগে নতুনকৈ কর্মপ্রেৰণা পায় আৰু জীৱনৰ প্রতি দায়িত্ব আহি পৰে৷ সেই দায়িত্ববোধেই প্রাণশক্তিক সুস্থিৰতা প্রদান কৰি দৈনন্দিন জীৱনক সহজসাধ্য আৰু যোগাত্মক কৰি তোলে৷ ফলত মন উৎফুল্লিত আৰু মেজাজ আনন্দময় হৈ পৰে৷
আৰম্ভণিতে কেনো অভিজ্ঞ ব্যক্তিৰ দ্বাৰা দুটামান আসন আৰু প্রাণায়ামৰ বিষয়ে জানি শিকি অভ্যাস কৰিলে নিষ্চয় সুফল পাব পাৰি৷ যেনে– পদ্মাসন, বৃক্ষাসন, মকৰাসন, বজ্রাসন, শৱাসন আদি৷ আনহাতে প্রাণায়াম যেনে– অনুলোম–বিলোম, ভ্রামৰী, শীতলী আদি৷ ইয়াৰ লগতে নিয়মীয়াকৈ কপালভাটি ক্রিয়া অভ্যাস কৰাৰ প্রয়োজন৷ এইকেইটা আসন প্রাণায়াম প্রাথমিকভাৱে অভ্যাস কৰিবলৈ ললে আপোনা–আপুনি যোগাভ্যাসৰ প্রতি ধাউতি বািিব৷ শৰীৰ আৰু মনৰ ভাৰসাম্য তৈয়াৰ হব৷ লাহে লাহে যোগ এক জীৱনশৈলী হৈ পৰিব৷
Comments are closed, but trackbacks and pingbacks are open.