মহাৰাষ্ট্ৰৰ ৰত্নগিৰিত নিৰ্বাসিত বাৰ্মাৰ অন্তিমজন ৰজা

52

পংকজ কুমাৰ নেওগ

১৯০৫ চনৰ ডিচেম্বৰ মাহত বম্বেৰ গৱৰ্ণৰ চাৰ্লছ কোচৰান-বেইলী বা লৰ্ড লেমিংটনে প্ৰেছিডেন্সিৰ আটাইতকৈ উচ্চপদস্থৰ নিৰ্বাসিত ব্যক্তিগৰাকীৰ পৰা বাৰ্মিজ ভাষাত লিখা এখন চিঠি লাভ কৰে। ‘মই ৰত্নগিৰিত থকা কেইবাবছৰো হ’ল। পূৰ্বতে মোৰ অভিযোগ কৰিবলগীয়া একো নাছিল কিন্তু এতিয়া মোৰ ছোৱালীকেইগৰাকী ডাঙৰ হৈছে আৰু তেওঁলোকৰ বাবে অধিক ঠাইৰ আৱশ্যক হৈছে। বৰ্তমান মই বসবাস কৰা ঘৰটো মোৰ পৰিয়ালৰ বাবে অপৰ্যাপ্ত বুলি বিবেচনা কৰোঁ।’-বাৰ্মাৰ শেষৰজন ৰজা থিবাউ মিনে চৰকাৰক তেওঁৰ বাবে মূল চহৰৰ পৰা আঁতৰত এটা ঘৰ নিৰ্মাণাৰ্থে এইদৰে পত্ৰখন প্ৰেৰণ কৰিছিল। থিবাউৱে আবেদনখনত তেওঁৰ মাহিলী ভাট্টা বৃদ্ধিৰ বাবেও অনুৰোধ জনাইছিল। তেওঁ দাবী কৰিছিল যে তেওঁ লাভ কৰা ৪১৫০ টকা “সাৱধানে” খৰচ কৰাৰ পিছতো তেওঁৰ পৰিয়ালৰ বাবে “অপৰ্যাপ্ত” হৈ পৰিছে। থিবাউৱে লিখিছিল – ‘টকা-পইচাৰ ক্ষেত্ৰত মই যি অসুবিধা আৰু উদ্বেগ ভুগিছো সেই কথা কালেক্টৰ, ভাৰপ্ৰাপ্ত বিষয়া আৰু চিভিল চাৰ্জন সকলোৱে সাক্ষ্য দিব পাৰে।’ ভাৰতীয় ৰাষ্ট্ৰীয় আর্কাইভছৰ এটা ডকেটত সংৰক্ষিত এই চিঠিখনে এনে এজন ব্যক্তিৰ পৰিস্থিতি তুলি ধৰিছে যিজনে নিৰ্বাসিত হোৱাৰ দুই দশকৰ পূৰ্বে তেওঁৰ নিজ ৰাজ্যত সম্পূর্ণ বিলাসিতা আৰু সামান্য আর্থিক জবাবদিহিতাৰ জীৱন যাপন কৰিছিল।

দ্বিতীয় এংলো-বাৰ্মিজ যুদ্ধত ব্ৰিটিছৰ হাতত পৰাস্ত হৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত নামনি বাৰ্মা হেৰুৱাই পেলোৱাৰ ছবছৰৰ পাছত ১৮৫৯ চনত কনবাউং বংশত থিবাউৱে জন্মগ্ৰহণ কৰিছিল। ১৮৭৮ চনত শাহুৱেকে আয়োজন কৰা ৰাজকীয় হত্যাকাণ্ডৰ সহায়ত মৃত ৰজা মিণ্ডনৰ আন সকলো সম্ভাৱ্য উত্তৰাধিকাৰীক নিৰ্মূল কৰাৰ পিছত থিবাউ ৰজা হয়। অৱশ্যে তেওঁৰ শাসন বেছি দিন নিটিকিল। তেওঁৰ আৰোহণৰ পিছতেই বাৰ্মাৰ আকাশত যুদ্ধৰ ডাৱৰ গোট খাবলৈ ধৰিলে। তেওঁৰ প্ৰথম কাৰ্য্যসমূহৰ ভিতৰত এটা আছিল ব্ৰিটিছ ৰেচিডেণ্ট কৰ্ণেল এডৱাৰ্ড বস্ক স্লেডেনৰ সৈতে কূটনৈতিক সম্পৰ্ক বিচ্ছিন্ন কৰা। ব্ৰিটিছৰ পৰা অহা ভাবুকি দূৰ কৰিবলৈ তেওঁৰ উপদেষ্টাই বাৰ্মাক ফ্ৰান্সৰ সাহায্য ল’বলৈ পৰামৰ্শ দিয়ে কিন্তু যেতিয়া লণ্ডনে এই সম্ভাৱ্য ৰাজনৈতিক মিত্ৰতাৰ উমান পায়, যুদ্ধ অনিবাৰ্য হৈ পৰিল। ১৮৮৫ চনৰ নৱেম্বৰ মাহত আৰম্ভ হোৱা তৃতীয় আৰু অন্তিমখন এংলো-বাৰ্মিজ যুদ্ধ তিনি সপ্তাহতকৈ অলপ বেছি সময়ৰ বাবে চলিছিল আৰু মেজৰ জেনেৰেল হেৰী প্ৰেণ্ডাৰগাষ্টৰ ব্ৰিটিছ আৰু ভাৰতীয় সৈন্যই বাৰ্মিজ প্ৰতিৰোধৰ কাম সহজ কৰি তুলিছিল।

১৮৮৫ চনৰ ৩০ নৱেম্বৰত লণ্ডনৰ ভাৰতস্থ কাৰ্যালয়ে ৰেংগুনত থকা মুখ্য আয়ুক্তৰ পৰা এখন টেলিগ্ৰাম লাভ কৰে – ‘২৬ তাৰিখে যুদ্ধবিৰতিৰ পতাকা থকা ৰজাঘৰীয়া জাহাজ যুদ্ধবিৰতিৰ প্ৰস্তাৱ লৈ মান্দালয়ৰ পৰা ত্ৰিশ মাইল দক্ষিণে নৌবাহিনীৰ মুখা-মুখি হয়। প্ৰেণ্ডাৰগাষ্টে ৰজাৰ সৈন্য আৰু মান্দালয়ৰ আত্মসমৰ্পণৰ দাবী জনায়। পিছদিনা ৰাতিপুৱা দূত ৰজাৰ পৰা দাবী মানি ল’বলৈ আদেশ লৈ উভতি আহে। সেনাই আভা দুৰ্গ, আঠাইশটা বন্দুক আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ সমৰ্পণ কৰে। জেনেৰেল কাইলৈ ​​মান্দালয়লৈ যাত্ৰা কৰিব।’ আত্মসমৰ্পণৰ দুদিন পিছত ব্ৰিটিছ আৰু ভাৰতীয় সৈন্যই মান্দালয়ত উপস্থিত হৈ ৰাজপ্ৰসাদ ঘেৰাও কৰে। বিজয়ী সৈন্যই চহৰখনত প্ৰৱেশ কৰাৰ লগে লগে থিবাউৰ সকলো মন্ত্ৰী পলায়ন কৰে আৰু ৰাণী সুপালয়াতৰ যত্নৰ বাবে ৰখা ৩০০ গৰাকী দাসীৰ ২৮৪ গৰাকীয়ে ৰাজপ্ৰসাদ ত্যাগ কৰে। বাৰ্মিজ ভাষাত সাৱলীল আৰু ৰাজকুমাৰ অৱস্থাৰ পৰা থিবাউক চিনি পোৱা কৰ্ণেল স্লেডেনে ৰজাৰ আত্মসমৰ্পণ আৰু ষ্টীমাৰত তেওঁক ৰেংগুনলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে। কৰ্ণেলে ৰজাৰ আত্মসমৰ্পণ আৰু পদত্যাগ কৰাৰ আলোচনাত মিলিত হোৱাৰ সময়ত লণ্ডনৰ ‘দ্য টাইমছ’ৰ এজন সাংবাদিক স্লেডেনৰ সৈতে ৰাজপ্ৰসাদলৈ গৈছিল। সাংবাদিকগৰাকীক থিবাউৱে কয় – ‘মই সকলো ইংৰাজৰ হাতত তুলি দিছোঁ। মই বিচাৰো যে স্লেডেনে এতিয়া আৰু ভৱিষ্যতেও দেশখন শাসন কৰক। যদি স্লেডেন ইয়াৰ পৰা গুচি নগৈ বাসিন্দা (ৰেচিডেন্ট) হিচাপে থাকিলেহেঁতেন এইখন যুদ্ধ কেতিয়াও নহয়। মোক ভুল উপদেশ দিয়া হৈছিল।’ স্লেডেন এতিয়াও ম্যানমাৰত এজন নিন্দিত ব্যক্তি। তেওঁ জোতা পিন্ধি মান্দালয় ৰাজপ্ৰসাদত প্ৰৱেশ কৰা কাৰ্য্যক দেশবাসীয়ে কোনোদিনে ক্ষমা নকৰে আৰু পাহৰি যোৱা নাই।

শেষৰজন মোগল সম্ৰাট বাহাদুৰ শ্বাহ জফৰক বলপূৰ্বকভাৱে ৰেংগুনলৈ পঠিওৱা ইংৰাজে থিবাউক ৰত্নগিৰিলৈ নিৰ্বাসিত কৰে। মান্দালয়ত বাৰ্মাৰ শেষৰজন ৰজাই এটা বিলাসী ৰাজপ্ৰসাদৰ সৈতে অজস্ৰ ধন-সম্পত্তিও এৰি থৈ যাবলগীয়া হয়। ব্ৰিটিছ লাইব্ৰেৰীৰ ইণ্ডিয়া অফিচ ৰেকৰ্ডছৰ কিউৰেটৰিয়েল চাপৰ্ট বিষয়া ক্ৰেগ কেম্পবেলে এটা ব্লগত লিখিছে – ‘অনেক ৰাজকীয় সামগ্ৰী ব্ৰিটেইনলৈ প্ৰেৰণ কৰা হৈছিল কিন্তু কিছুমান ৰাজকীয় সম্পদ আচৰিতভাৱে নোহোৱা হৈ পৰিছিল।’ কেম্পবেলে কয় যে কিছু উৰা বাতৰিৰ মতে অসৎ প্ৰকৃতিৰ ব্ৰিটিছ সৈন্য কিছুমানে মূল্যৱান ধন-সম্পত্তি চুৰি কৰিছিল কিন্তু গেটত থকা প্ৰহৰীৰ বাবে লুকাই চুৰকৈ বাহিৰলৈ নিব নোৱাৰি ৰাজপ্ৰসাদৰ চৌহদতে লুটপাতৰ কিছু অংশ পুতি থৈছিল। ‘নিৰুদ্দেশ হোৱা সম্পদৰ ভিতৰত আছিল কেইবাশ পাউণ্ড ওজনৰ এটা সোণৰ দমৰা পোৱালি, ময়ুৰ পক্ষীয়ে ঢাকি থোৱা ৰুবি আৰু হীৰা খচিত মুকুট, বহুমূলীয়া পাত্থৰ আৰু পূৰ্বতে গৌতম বুদ্ধৰ এটা বিশাল সোণৰ মূৰ্তিৰ কপালত থকা এটা বিশাল আৰু মূল্যৱান ৰুবি।’- কেম্পবেলে কয়।

১৮৮৬ চনত থিবাউক মাহিলী ৩৯০০ টকা ভাট্টা দিয়া হৈছিল আৰু এই পৰিমাণ ২০ বছৰৰ ভিতৰত দুবাৰকৈ সংশোধন কৰা হয়। দুগৰাকী পত্নী আৰু দুগৰাকী কন্যাৰ সৈতে ৰত্নগিৰিত নিৰ্বাসিত (৩য় আৰু ৪ৰ্থ কন্যাৰ জন্ম উপকূলীয় চহৰখনত) থিবাওৱে এটি ভৃত্যবাহিনী ৰাখিছিল (১৯০৬ চনত ১৩০ গৰাকী) আৰু বৌদ্ধ উৎসৱসমূহত আড়ম্বৰপূৰ্ণৰূপে খৰচ কৰাৰ উপৰিও আত্মীয়, দাতব্য সংস্থা আৰু স্বদেশৰ মন্দিৰলৈ বৰঙণি দিছিল। বছৰ বাগৰাৰ লগে লগে তেওঁৰ বাবে এই খৰচবোৰ পূৰণ কৰা ক্ৰমান্বয়ে কঠিন হৈ পৰিল। ‘বৰ্তমানৰ ৪,১৫০ টকাৰ ভাট্টা কেতিয়াও মহামহিমৰ প্ৰয়োজনীয়তাৰ বাবে যথেষ্ট হোৱা নাই। বছৰ বছৰ ধৰি তেওঁ নিজৰ আয়ৰ পৰিপূৰক হিচাপে কিছু গহনা বিক্ৰী কৰাৰ লগতে বাৰ্মাৰ বিশেষ তেল কূপত নিজৰ অংশ বিক্ৰীৰ পৰা পোৱা ধনো ব্যৱহাৰ কৰিছে।’ – ৰত্নগিৰিৰ ভাৰপ্ৰাপ্ত সংগ্ৰাহক এন বি দিৱতিয়াই ১৯০৬ চনৰ ফেব্ৰুৱাৰী মাহত বম্বে চৰকাৰৰ মুখ্য সচিবলৈ পঠিওৱা এখন পত্ৰত লিখিছিল। ‘তেওঁৰ হাতত যিবোৰ গহনা-গাঁঠৰি আছিল সেইবোৰ সকলো বিক্ৰয় কৰা হৈছে আৰু বাৰ্মাৰ সম্পত্তিৰ পৰা তেওঁৰ বেছি একো পাবলগীয়া নাই। সেয়েহে এতিয়া তেওঁ কেৱল চৰকাৰৰ পৰা লাভ কৰা ভাট্টাৰ ওপৰতনিৰ্ভৰশীল।’ দিৱতিয়াই উল্লেখ কৰিছিল যে থিবাউ আৰু তেওঁৰ পত্নী সুপালয়াত “দুখীয়াৰ প্ৰতি অতি উদাৰ আৰু দয়ালু আছিল” আৰু উৎসৱ-পাৰ্বণত মুক্তহস্তে খৰচ কৰিছিল। ৰত্নগিৰিৰ স্থানীয় একাউণ্টৰ পৰা অনুমান কৰা হয় যে থিবাউৱে চহৰখনত দীপাৱলী উদযাপনৰ বাবে ধন বিতৰণ কৰিছিল। বৌদ্ধ আৰু বাৰ্মিজ উৎসৱো পৰিয়ালটোৱে পালন কৰিছিল। ‘তেওঁৰ বৰ্তমানৰ ভাট্টাৰ সিংহভাগ বৌদ্ধ ধৰ্মৰ সৈতে জড়িত সাধাৰণ উৎসৱ-পাৰ্বণত ব্যয় কৰা হয়। এই উৎসৱবোৰ হ’ল – (১) বৌদ্ধ নৱবৰ্ষ, (২) লেণ্টৰ আৰম্ভণি, (৩) লেণ্টৰ সামৰণি আৰু (৪) নৱেম্বৰৰ পূৰ্ণিমা (বাৰ্মিজ ভাষাত তাজাউংদায়িং)’ –দিৱতিয়াই উল্লেখ কৰে। ‘এই উৎসৱবোৰৰ উপৰিও (১) প্ৰাক্তন ৰজাৰ জন্মদিন, (২) প্ৰাক্তন ৰাণীৰ জন্মদিন, (৩) দ্বিতীয় ৰাণী আৰু প্ৰতিগৰাকী ৰাজকুমাৰীৰ জন্মদিনত একাটা অনুষ্ঠান পালন কৰা হয়।’

দিৱতিয়াই বুজোৱা মতে বাৰ্মাৰ আঢ্যৱন্তসলৰ মাজত এনে ধৰণৰ উৎসৱ-পাৰ্বণ পালন এটা প্ৰথা আৰু পৰিয়ালবোৰে এই অনুষ্ঠানবোৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। তেওঁ লগতে কয় যে এই উৎসৱসমূহৰ সৈতে ব্যক্তিগতভাৱে জড়িত হৈ আয়োজন কৰা কাৰ্যই তেওঁলোকক একমাত্ৰ আনন্দখিনি দিয়ে। সময়খিনি সুন্দৰকৈ কটোৱাৰ উপৰি উৎসৱবোৰে তেওঁলোকক কিবা এটা কৰিবলৈ আৰু চিন্তাৰ সমল দিয়ে। থিবাউ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল ঘৰৰ পৰা কেতিয়াও ওলাই যোৱা নাছিল আৰু এক বিচ্ছিন্ন জীৱন কটাইছিল। ‘চৰকাৰে হয়তো জানে যে বছৰ বছৰ ধৰি পৰিয়ালৰ কোনোৱেই চৌহদ এৰি যোৱা নাই। মহামহিম ৰাজ্যপাল ৰত্নগিৰি ভ্ৰমণৰ উপলক্ষে অহাৰ সময়ত তেওঁক লগ পাবলৈ বা তেনে কোনো আৱশ্যকীয় কামতহে প্ৰাক্তন ৰজাগৰাকী বাহিৰলৈ ওলাইছিল।’ – ৰাজনৈতিক বিভাগে ১৯০৬ চনৰ ২০ মাৰ্চত এটা টোকাত লিখিছিল।

১৮৯৬ চনত বম্বেত আৰম্ভ হৈ সমগ্ৰ কোঙ্কণত বিয়পি পৰা প্লেগ মহামাৰী থিবাউৰ পৰিয়ালটোৰ বাবে আছিল এটা ডাঙৰ চিন্তাৰ বিষয়। ১৯০৫ চনৰ ডিচেম্বৰ মাহত লৰ্ড লেমিংটনলৈ কৰা এখন আবেদনত থিবাউৱে লিখিছে – ‘যোৱা চাৰি-পাঁচ বছৰৰ ভিতৰত আমাৰ বাংলোৰ ওচৰতে থকা গাঁওখনত প্লেগৰ প্ৰকোপ দেখা গৈছে আৰু ই আমাৰ বাবে উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে।’ পূৰ্বৰ বাৰ্মিজ ৰজাগৰাকীক চোৱাচিতাৰ দায়িত্বত থকা চিকিৎসা বিষয়া মেজৰ এইচ বেনেটে পৰিয়ালটোৰ চাৰিওফালে থকা অস্বাস্থ্যকৰ পৰিস্থিতিৰ বিষয়ে কৰ্তৃপক্ষক সকীয়াই দিয়ে। বেনেটে লিখা মতে থিবাউৰ বাসগৃহটোৰ চৌহদৰ সীমাত অতি অস্বাস্থ্যকৰ অৱস্থাত কিছুমান জুপুৰী ঘৰ আছিল। প্লেগ মহামাৰীৰ সময়ত এই জুপুৰিবোৰত বাস কৰা লোকসকলৰ মাজত ৰোগে দেখা দিছিল আৰু তাৰ পৰা মহামহিম প্ৰাক্তন ৰজা থিবাউৰ ভৃত্যসকলৰ মাজতো ৰোগৰ সংক্ৰমণ ঘটিছিল। ৰত্নগিৰি ভ্ৰমণৰ সময়ত লৰ্ড লেমিংটনে পূৰ্বৰ ৰাজকীয় পৰিয়ালে বাস কৰা ঘৰটো চাবলৈ যায়। ‘মই তেওঁলোকৰ আৱাসস্থান পৰিদৰ্শন কৰিবলৈ গৈছিলো; ই আছিল বেৰেকৰ দৰে নিস্তব্ধ আৰু অতি আন্ধাৰ।’ – লৰ্ড লেমিংটনে ভাৰতৰ ভাইচৰয় দ্বিতীয় লৰ্ড মিণ্টোলৈ এখন পত্ৰত লিখিছিল। লৰ্ড লেমিংটনে তেওঁলোকৰ ঘৰৰ বাহিৰৰ বাৰাণ্ডাখনো সম্পূৰ্ণ জৰাজীৰ্ণ হৈ পৰা বুলি উল্লেখ কৰিছিল। ঘৰৰ চৌহদত দুটা মহামাৰীৰ ঘটনাৰ আৱিৰ্ভাৱত থিবাউ যথেষ্ট চিন্তিত হৈ পৰিছিল।

লৰ্ড লেমিংটনে ভাইচৰয়ক থিবাউৰ দাবী পূৰণ কৰিবলৈ আহ্বান জনায়। ‘প্ৰাক্তন ৰজাগৰাকীক যে অতি অৱহেলাৰে ৰখা হৈছে তাত ধনিষ্ঠমানো সন্দেহ নাই। আমি মনত ৰখা উচিত যে বাৰ্মাৰ অধিগ্ৰহণ আমাৰ বাবে এটা ডাঙৰ পুৰস্কাৰ প্ৰমাণিত হৈছে। চৰকাৰে তেওঁৰ ঘৰ নিৰ্মাণ কৰা অতি প্ৰয়োজনীয়। মোৰ মতে আপোনাৰ চৰকাৰে অনতিপলমে পৰিকল্পনা আৰু হিচাপ-নকাচৰ আহ্বান জনাব লাগে।’ – লেমিংটনে লিখিছিল। অৱশেষত থিবাও আৰু তেওঁৰ পৰিয়ালৰ বাবে নতুনকৈ ঘৰ সাজিবলৈ সিদ্ধান্ত লোৱাৰ লগতে তেওঁলোকৰ ভাট্টা বছৰি এক লাখ টকালৈ বৃদ্ধি কৰা হ’ল। গৃহ নিৰ্মাণৰ বাবে হ’বলগীয়া ব্যয়ৰ বিষয়ে কিছু তৰ্ক-বিতৰ্কৰ পিছত তিনি মহলীয়া গঠনটোৰ নিৰ্মাণ আৰম্ভ হয়। ১৯১০ চনত থিবাউৰ পৰিয়ালটো নতুন ঘৰলৈ স্থানান্তৰিত হয় আৰু মৃত্যুৰ আগলৈকে বাৰ্মাৰ শেষৰজন ৰজাই সেইটো ঘৰতে ৬বছৰ বাস কৰে। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালক নিজৰ দেশলৈ ঘূৰি যাবলৈ অনুমতি দিয়া হয়। থিবাওৰ জ্যেষ্ঠা কন্যা ম্যাত ফায়া গ্যিয়ে গোপাল সাৱন্ত নামৰ মহাৰাষ্ট্ৰীয় দ্বাৰৰক্ষী এজনৰ সৈতে সম্পৰ্ক স্থাপন কৰি এগৰাকী কন্যা সন্তান জন্ম দিয়ে। ১৯১৬ চনত মাতৃ-কন্যা পৰিয়ালৰ বাকীসকলৰ সৈতে বাৰ্মালৈ গুচি যায় যদিও পুনৰ ৰত্নগিৰিলৈ তেওঁলোক উভতি অহাৰ সিদ্ধান্ত লয়। সাৱন্তে পত্নীৰ সকলো ভাট্টা আত্মসাৎ কৰে আৰু ১৯৪৭ চনত অতি দৰিদ্ৰ অৱস্থাত গ্যিৰ মৃত্যু হয়। তেওঁলোকৰ বংশধৰসকলেও এতিয়া দৰিদ্ৰতাত ৰত্নগিৰিত বাস কৰা বুলি শুনা যায়।

ফোনঃ +৯৬৮-৯৯৬৭-২৭৮১

You might also like

Comments are closed, but trackbacks and pingbacks are open.