ড° শান্তনা বৰদলৈ
বন্ধুত্ব বুলি ক’লেই মনত পৰে হেলেন কিলাৰৰ সেই বিখ্যাত উক্তিলৈ – ” The best and the most beautiful things in the world cannot be seen or even touched, they must be felt with the heart .”
বন্ধুত্বও ঠিক এনেকুৱাই যাক চকুৰে দেখা নাযায় আৰু স্পৰ্শও কৰিব নোৱাৰি। কেৱল পৰস্পৰ বুজাবুজি , বিশ্বাস , দৃঢ়তা , মৰম- প্ৰীতি আৰু সততাৰ ভেঁটিত দুজন মানুহৰ মাজত অজানিতে গঢ় লৈ উঠা অমল সম্পৰ্ক , এক স্বৰ্গীয় অনুভৱৰ নামেই বন্ধুত্ব। বন্ধুত্বই নামানে কোনো জাতি , ধৰ্ম , লিংগ অথবা বয়সৰ সীমাৰেখা। দুজন মানুহৰ মাজত এক আকৰ্ষণভৰা, বুজাব নোৱাৰা অনুভুতিৰ সমাহাৰে স্বৃষ্টি কৰে বন্ধুত্বৰ নিষ্কলুষ বান্ধোন আৰু ই আজীৱন সুবাসিত কৰি তোলে জীৱনৰ বাগিছা। জ’ন হেয়ৰ ভাষাত — ” Friends are the sunshine of life .” বন্ধুত্বৰ আৱেশত সংপৃক্ত হৈ থকা মৰম- চেনেহ , খং- অভিমান, অনুৰাগ- বিষাদ , সুখ – দুখ , সহযোগিতা- সহমৰ্মিতাই ৰচনা কৰে এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ এক অদেখা সাঁকো। জীৱনৰ ক্লান্তিবিহীন যাত্ৰাপথত বন্ধুত্বৰ আলিংগণৰ অদেখা প্ৰীতিৰ সুষমাই বিশ্বস্ত সহযাত্ৰী হৈ ধৰা দিয়ে আৰু জীৱন উজ্জ্বলাই তোলে। জীৱন পৰিক্ৰমাত বন্ধুত্বই সহযোগী ,পৰামৰ্শদাতা তথা নিৰ্দেশক ৰূপে অংশীদাৰ হৈ পৰে।
বন্ধু আৰু বন্ধুত্ব—– একেটা মুদ্ৰাৰ দুয়োটা পিঠি। নিজৰ একান্ত ব্যক্তিগত অনুভৱবোৰ ভগাই লোৱাৰ সম্বল ৰূপে বন্ধুত্বই নিয়ন্ত্ৰন কৰিব পাৰে জীৱনৰ দিশ। ইয়াৰ আৱেশত কেতিয়াবা কোনো এজন বন্ধুৰ বিশৃংখল জীৱনকো শৃংখলিত কৰিবলৈ প্ৰেৰণাৰ উৎস হৈ উজ্জ্বলি উঠে বন্ধুত্ব।
সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যদেৱেও আকোঁৱালি লৈছে বন্ধুত্বক —–
” বন্ধু , মেলি দে তোৰ দুখৰ দুখন হাত, এবাৰ জিৰাওঁ তোৰ বুকুৰ শীতল ছাঁত।”
বন্ধুৰ সান্নিধ্যই “বন্ধুত্ব ” নামৰ এই অমল সম্পৰ্কটিৰ উপলদ্ধি কৰিবলৈ মানুহক অৱসাদ দিয়ে। বন্ধুত্বৰ আলিংগণে জীৱনৰ খলাবমা যাত্ৰাপথত সুখৰ জোৱাৰ অনাৰ বিপৰীতে দুখৰ সাগৰত ককবকাই থকা সময়তো বন্ধুৰ ক্ষত – বিক্ষত আতুৰ পৰাণে সপ্ৰতিভ উশাহ ল’ব পাৰে। বন্ধু অবিহনে জীৱন যাত্ৰা সংগীবিহীন, ৰসহীন ; পূৰ্ণ আনন্দৰ বন্যা বোৱাই জীৱন জীপাল কৰিব পৰা বন্ধুত্বৰ এই পৱিত্ৰ সম্পৰ্কক আজীৱন হৃদয়ত কঢ়িয়াই লৈ ফুৰে বন্ধুৱে বন্ধুৱে। দাৰ্শনিক এৰিষ্ট’টলেও কৈছে —” Friendship is the single soul dwelling in two bodies. “
আজি বিশ্বায়নৰ যুগতো “বন্ধুত্ব” নামৰ অমূল্য সম্পৰ্কক সন্মান জনাই সমগ্ৰ বিশ্বতে প্ৰতিবছৰে পালন কৰি অহা হৈছে ” বন্ধুত্ব দিৱস ” । এই বন্ধুত্ব দিৱসৰ ইতিহাস কেবা দশকৰ পুৰণি। প্ৰথম অৱস্থাত বিশ্বৰ কাৰ্ড ব্যৱসায়ী সকলে ব্যৱসায়বৰ্ধনৰ কাৰণে বন্ধুত্ব দিৱসৰ শুভেচ্ছা পত্ৰৰ আৰম্ভনি কৰিছিল। সৰ্বপ্ৰথমে ১৯৩৫ চনতে আমেৰিকা যুক্তৰাষ্ট্ৰত বন্ধুত্ব দিৱসৰ সুচনা হৈছিল। পিছত বিশ্বৰ অন্যান্য দেশতো ইয়াৰ তাৎপৰ্যৰ বিষয়ে উপলদ্ধি কৰি বন্ধুত্ব দিৱস উদযাপন আৰম্ভ হৈছিল। ইয়াৰ পিছত ডিজিটেল প্ৰযুক্তিৰ অগ্ৰগতিৰ সময়ত ” বন্ধুত্ব দিৱস” ৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পাবলৈ ধৰে। পিছত ২০১১ চনত ৰাষ্ট্ৰসংঘইও এই দিৱস পালনৰ অনুমোদন জনায় আৰু ৩০ জুলাই দিনটোকে ” বন্ধুত্ব দিৱস ” হিচাবে উদযাপন কৰে । ভাৰতবৰ্ষৰ দৰে বিশ্বৰ কিছুমান দেশত আগষ্ট মাহৰ প্ৰথম ৰবিবাৰে ” বন্ধুত্ব দিৱস ” পালন কৰা হয়।
ইমিলী থাৰ্ছটনে বন্ধুত্বৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰিছে- “— Best friends stick together till the end, They are like straight line that will not bend”
মানুহৰ জীৱনত এগৰাকী ভাল বন্ধু পোৱাটো সঁচাকৈয়ে ভগৱানৰ এক আশীৰ্বাদ। এক গভীৰ বিশ্বাসভৰা নিৰাপত্তা তথা পৰস্পৰ আৱেগ , অনুভুতি আৰু চিন্তা- চেতনাৰ আবদাৰত বন্ধুত্বই আজীৱন প্ৰোথিত কৰি ৰাখে জীৱন জীয়াৰ শক্তি , প্ৰেৰণা ও মাদকতা। সময় আৰু পৰিৱেশ পৰিস্থিতিৰ পৰিবৰ্তন হ’লেও প্ৰকৃত বন্ধু আৰু বন্ধুত্বৰ কেতিয়াও পৰিবৰ্তন নহয়। জীৱনৰ ব্যস্ততাত আমি পৃথিৱীৰ য’তেই অৱগাহন নকৰো কিয় বন্ধুত্বৰ সদিচ্ছাই সেয়া কাষ চপাই আনে। পৰস্পৰৰ হৃদয়ত সংপৃক্ত হৈ থকা শ্ৰদ্ধা-ভক্তি, মৰম-ভালপোৱা , বুজাবুজি, আৱেগ – আনন্দ, বিশ্বাস-প্ৰেৰণা ই বন্ধুত্বৰ এনাজৰী সবল কৰি ৰাখে আজীৱন। ইতিহাসৰ পাততো বন্ধুত্বৰ অমলীন সম্পৰ্কৰ গাঢ় এনাজৰীৰ প্ৰগাঢ় বান্ধোনে একত্ৰিত কৰি ৰখা বহু উদাহৰণ আছে । যেনে- শ্ৰীকৃষ্ণ আৰু অৰ্জুন, কৰ্ণ আৰু দুৰ্যোধন, শ্ৰী কৃষ্ণ আৰু সুদামা ইত্যাদি অনেক নিস্বাৰ্থ বন্ধুত্বৰ কথা।
চৰ্তহীন চৰ্তৰ বৃত্তত আৱৰ্তিত বন্ধুত্বই অৱকাশ দিয়ে জীৱনৰ মূল্যবোধ নিৰ্ধাৰণত। বন্ধুত্বৰ সবল উদাহৰণ হিচাবে পুনৰ আমি উল্লেখ কৰিব পাৰো টেলিফোনৰ আৱিষ্কাৰক বৈজ্ঞানিক গ্ৰাহম বেল আৰু দৃষ্টি আৰু শ্ৰৱন শক্তিহীন লেখিকা হেলেন কিলাৰ; ন’বেল বটা বিজয়ী কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু বিখ্যাত বিজ্ঞানী আইনষ্টাইন; বিখ্যাত সাহিত্যিক ডেভিদ হিউম আৰু আদম স্মিথ ; কাৰ্ল গুষ্টাভ জুং আৰু দিগমণ্ড ফ্ৰয়েড আদি বহুতো ব্যক্তিৰ কথা। বন্ধুত্বৰ প্ৰেৰণাত তেওঁলোকৰ জীৱন প্ৰস্ফুটিত হৈছিল। বন্ধুত্বৰ আদ্দাত বহু সাহিত্য যেনে গল্প, গীত , কবিতা, চিনেমা ইত্যাদিৰ স্বৃষ্টি হৈছে । এইবোৰৰ আছে এখনি দীঘলীয়া তালিকা আৰু ই মানুহক জীৱন দায়িনী ৰূপে উদ্বুগ্ধ কৰি আহিছে প্ৰজন্মই প্ৰজন্মই।
বন্ধুত্বৰ অন্তৰংগতাৰ সৈতে এষাৰ কথা আছে —- ” বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু — ” A friend in need is a friend in deed ” কথাষাৰ আন্তৰিকতাৰে উপলদ্ধি কৰি বন্ধুত্বৰ মূল্য প্ৰদান কৰিলেহে এই সম্পৰ্কক সন্মান জনাব পাৰি। সঁচাকৈ বিপদৰ সময়তহে বন্ধুক চিনিব পাৰি। প্ৰকৃত বন্ধুৱে বন্ধুৰ বিপদৰ সময়ত নিজৰ সমস্ত ব্যস্ততা একাষৰীয়া কৰি বন্ধুৰ কাষত ঠিয় থৈ সেই দুসময়ত সহযোগী হৈ জীৱন জীয়াবলৈ অনুপ্ৰেৰণা আগবঢ়ায়। বেদনাসিক্ত হৃদয়ৰ আঘাতবোৰো বন্ধুৰ সান্নিধ্যত নিস্প্ৰভ হৈ পৰে। অৱশ্যে কেতিয়াবা ” বন্ধুত্ব” নামৰ পৱিত্ৰ সম্পৰ্কটোকো অপমৃত্যু প্ৰদান কৰে বন্ধুৰ নেতিবাচক ব্যৱহাৰত। কেতিয়াবা ভুল বুজাবুজিৰো সুত্ৰপাত হয়। সেয়েহে সঠিক বন্ধুৰ উপস্থিতিয়ে এই বন্ধুত্বৰ এনাজৰী শিথিল হোৱাৰ বিপৰীতে সবল কৰি তোলে।
গৱেষণাত্মক অধ্যয়নতো এইটো প্ৰকাশ হৈছে যে বন্ধুত্ব সংক্ৰামক ৰোগৰ দৰে । হতাশগ্ৰস্ত মানুহক ই সুস্থ হোৱাৰ সম্ভাৱনা দুগুণে বৃদ্ধি কৰে। নিৰাপত্তাহীনতাত আক্ৰান্ত ব্যক্তিয়ে বন্ধুত্বৰ আৱেশত প্ৰশংসা, প্ৰবোধ আৰু প্ৰেৰণাৰে জীৱন আত্মবিশ্বাসী আৰু অৰ্থপ্ৰসু কৰি তুলিব পাৰে। সামাজিক নিসংগতা, মানসিক সমস্যা, স্বাস্থ্যজনিত সমস্যা সমাধানত ” বন্ধুত্ব” মহৌষধ ৰূপে প্ৰমানিত হৈছে। আন এটা গৱেষণাত্মক তথ্যত প্ৰকাশ কৰিছে যে সুস্থ জীৱন যাপনৰ বাবে খাদ্য আৰু ব্যায়ামৰ দৰে ” বন্ধুত্ব” ৰ সম্পৰ্কও সমানেই গুৰুত্বপূৰ্ণ আৰু বন্ধুত্বৰ আচ্ছাদনত শাৰীৰিক সমস্যা যেনে মধুমেহ বা ডায়েবেটিছ , হাৰ্ট এটেক , ষ্ট্ৰ’ক ৰ দৰে সমস্যাৰ সম্ভাৱনা হ্ৰাস পোৱাৰ সমান্তৰাল ভাৱে মানুহৰ দীৰ্ঘায়ু লাভ হয় , অকাল মৃত্যুৰ আশংকাও হ্ৰাস হয়। ১৯৩৯ চনৰে পৰা হাভাৰ্ড ষ্টাডি অৱ এডাল্ট ডেভেলপমেণ্ট ( Havard Study of Adult Development ) ৰ গৱেষক সকলে যোৱা ৫০ বছৰে চলাই থকা গৱেষণাৰ অন্তত প্ৰতিবেদনত প্ৰকাশ কৰিছে যে এই ৫০ বছৰ বয়সত ” বন্ধুত্ব “ৰ সম্পৰ্কত আটাইতকৈ বেছি সন্তুষ্টি লাভ কৰা লোকসকলৰ অধিকাংশই ৮০ বছৰ বয়সতো আটাইতকৈ সুখী আৰু সুস্থ জীৱন নিৰ্বাহ কৰি আছিল।
বৰ্তমান সময়ত বিশ্বায়নৰ ধামধুমীয়াত মানুহৰ মাজত বন্ধুত্বৰ মৰ্যদা তথা বিশ্বাসযোগ্যতা হ্ৰাস হোৱা যেন অনুভৱ হয় যদিও তথ্য প্ৰযুক্তিৰ দ্ৰুত প্ৰগতিয়ে বন্ধুৰ সংখ্যা আৰু বন্ধুত্বৰ পৰিসৰো বৃদ্ধি কৰিছে। আমি যি দৃষ্টিকোনৰ পৰা বিশ্লেষণ নকৰো কিয় ইয়াৰ একেটাই উদ্দেশ্য , একেই ৰং । অনাবিল আন্তৰিকতাৰ ভৰপক আৱেষ্টনীত জীৱন প্ৰস্ফুটিত কৰিব পৰা এক অনন্য উপাদানেই বন্ধুত্ব। বন্ধুৱেই বন্ধুৰ নিৰপেক্ষ সমালোচক । বন্ধুত্বৰ লগত শাৰীৰিক আৰু মানসিক স্বাস্থ্য বহু পৰিমানে নিৰ্ভৰ কৰে। সেয়েহে সুস্থ মননশীল ” বন্ধুত্ব” ৰ আপোনতাক সুন্দৰ আৰু সাফল্যময় জীৱনৰ অনন্য চাবিকাঠি ৰূপে গ্ৰহন কৰি জীৱন উপভোগ্য তথা বৰ্ণময় কৰি তোলাৰ প্ৰয়াস কৰিব লাগে।
বন্ধুত্ব যেন দুখনি হৃদয়ৰ মাজত এখনি ৰামধেনু—- য’ত বিচ্ছুৰিত হয় পৱিত্ৰতা, সত্যতা, দুখ- বিষাদ , বিশ্বাস, সুখ -আনন্দ, শ্ৰদ্ধা আৰু মৰম-প্ৰীতিৰে বন্ধুত্বময় আৱেগবোৰ । বৰ্তমান সময়ত পৰিবৰ্তনৰ ঢৌত সম্পৰ্কবোৰৰ আয়ুসৰেখা ডালো হাতৰ মোবাইলৰ কী বৰ্ডত বন্দী। সেয়েহে কেতিয়াবা বন্ধুত্বৰ সম্পৰ্কবোৰো শিথিল হৈ পৰিব পাৰে অৰ্থাৎ বন্ধুত্বই ৰং সলাব পাৰে, তেতিয়া সেউজীয়া বন্ধুত্ব বিবৰ্ণ হৈ পৰিবলৈও সময়ৰ প্ৰয়োজন নহয়।
জীৱন জীৱন বৰ অনুপম। বৰণীয়া জীপাল জীৱনৰ তাগিদাত আলফুলীয়া বন্ধুত্বৰ অদেখা আকুলতাই সুবাস বিলাই যাওঁক প্ৰত্যেকৰে জীৱনত আৰু হৃদয় বীনাত অনুৰণিত হৈ থাকক নিৰ্ভেজাল বন্ধুত্বৰ নিৰ্মোহ প্ৰতিশ্ৰুতিৰ অমিয়া সুৰ। পৰিশেষত ডি বিটলছ ( The Beatles )ৰ গীতৰ সুৰেৰে সকলোলৈকে শুভেচ্ছাৰে——-
“———– Oh, I get by with a little help from my friends,
Mm, I’m gonna try with a little help from my friends,
Ooh, I get high with a little help from my friends,
Yes, I get by with a little help from my friends,
With a little help from my friends, ———-“
Comments are closed, but trackbacks and pingbacks are open.