মীনাক্ষি বেজবৰুৱা
ওঁ জবাকুসুম শংকাশং৷
কাশ্যপেয়ং মহাদুত্যিম৷৷
ধবনতাৰিং সবর্বপাপঘ্ণ৷
প্রাণত্যেহস্মি দিবাকৰম্৷৷
প্রত্যুষতে আমি স্নান–আহ্ণিক আদি নিত্য কর্মৰাজি কৰি আমাৰ প্রাণস্বৰূপ সূর্যদেৱতাক এইদৰে স্তৱ প্রার্থনা কৰি প্রণাম জনাই নতুন দিন এটাৰ স্বাগতম জনাওঁ৷ এয়ে আমাৰ হিন্দু ধর্মৰ চিৰাচৰিত প্রথা৷ পৃথিৱীৰ গছ–গছনি, জীৱ–জন্তু, কীট–পত্যংগ, নদ–নদীৰ পৰা জীৱশ্রেষ্ঠ মানুহলৈকে সকলো প্রাণীৰে প্রাণস্বৰূপ সূর্যদেৱতা সাক্ষাৎ ভগৱান শ্রীবিষ্ণু শ্রীকৃষ্ণস্বৰূপ৷ আনহাতে জ্যোতিষ শাস্ত্রৰ নটা গ্রহৰ ভিতৰত সূর্যদেৱতা সর্বশ্রেষ্ঠ৷ কিন্তু হিন্দু শাস্ত্র পঞ্চ দেৱতাৰ ভিতৰত শ্রেষ্ঠ স্থান লাভ কৰা সূর্যদেৱতাক সূর্যনাৰায়ণ হিচাপেও বহতো প্রজ্ঞান ব্যক্তিয়ে সম্বোধন কৰি আহিছে৷ নাৰায়ণ স্বৰূপা এই সূর্যদেৱতাৰ নক্ষত্র চাৰিওফালে গ্রহবোৰে অহর্নিশে প্রদক্ষিণ কৰি থাকে, সৌৰজগতৰ মধ্যমণি স্বৰূপ সূর্যদেৱতাক আদিত্য, অর্ক, ভানু, সবিত্র, পুষান, ৰবি, মার্কণ্ড, মিত্র, ভাস্ক্ৰ, প্রভাকৰ, কাথিৰাৱন আৰু বিৱসন নামেৰে জনা যায়৷ সংসৃক্ত ভাষাত সূর্য শব্দৰ অর্থ হৈছে বেলি, হিন্দু ধর্মৰ স্মার্ত পৰম্পৰা অনুসৰি ব্রহ্মত্বপ্রাপ্তিৰ বাবে সূর্য এক অন্যতম আৰু অপৰিহার্য দেৱতা৷ সমগ্র ভাৰতবর্ষৰ কেইবাখনো গুৰুত্বপূর্ণ দেশত সূর্যক প্রধান দেৱতা হিচাপে সৌৰপন্থীসকলে পূজা কৰি আহিছে৷ সূর্যক প্রায়েই সাতোটা ঘোঁৰাই টনা এখন ৰথত উপৱিষ্ট দেৱতা হিচাপে চিত্রিত কৰা হৈছে৷ অনেকে ইয়াক সাতোটা বাৰৰ ৰূপক হিচাপে পৰিগণিত কৰে৷
ঘৰৰ ভিতৰত সূর্যৰ তাপ বা পোহৰ সদায় পর্যাপ্ত পৰিমাণে থাকিলে, ঘৰখন ৰোগমুক্ত আৰু বীজাণুমুক্ত হব পাৰে, এজন মানুহৰ শৰীৰত যথাযথভাৱে সূর্যৰ তাপ আৰু কিৰণ পৰিলে মানুহজনৰ মাংসপেশীসমূহ সুস্থ আৰু সবল হোৱাৰ লগতে শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতাও বৃদ্ধি হয়৷ পাষ্চাত্যৰ বৈজ্ঞানিকসকলে সূর্যৰ ৰশ্মিৰ ওপৰত বিভিন্ন ধৰণৰ গৱেষণা কৰি পাইছে যে সূর্য এক মহা শক্তিৰ আকৰ আৰু ইয়াৰ প্রভাৱ অবর্ণনীয়৷ সূর্যৰ ৰশ্মিৰ দ্বাৰা মানুহৰ দৈহিক শক্তি বৃদ্ধি কৰি, ৰোগ নিৰাময় কৰিব পৰা পদ্ধতিক তেওঁলোকে ক্রমপেথা নামেৰে আখ্যা দিছে৷
আমাৰ ভাৰতবর্ষ প্রাচীন ঋষি–মুনিৰ দেশ, বেদেই আমাৰ হিন্দু সভ্যতাৰ আদিমূল৷ আর্য ঋষি–মুনিসকলে সূর্যৰ পৰা ৰোগ নিৰাময় পদ্ধতি আৱিষ্কাৰ কৰিছিল৷ তেওঁলোকৰ মতে মানুহৰ শৰীৰৰ যি যি অংশসমূহত সূর্যৰ কিৰণ পৰে, সেই সেই স্থান ৰোগগ্রস্ত হব নোৱাৰে৷ ৰোগীসকলে প্রয়োজন অনুসৰি শৰীৰত সূর্যৰ উত্তাপ ললে, সোনকালে ৰোগৰ পৰা উপশম হোৱাটো বর্তমান চিকিৎসা বিজ্ঞানেও প্রমাণ কৰিছে৷ সূর্য প্রাণীসকলৰ প্রাণৰ আধাৰ, অর্থাৎ প্রাণীৰ আত্মা৷
আকাশৰ পুহৰিপুৱাতে নিজস্বপূর্ণ তেজেৰে সকলো ৰোগ নাশ কৰিবৰ বাবে যেন সূর্যদেৱতাৰ উদয় হয়৷ ঋকবেদৰ ভিন্ন শ্লোকত সূর্য কিৰণৰ দ্বাৰা ভাল আৰু প্রশমিত কৰিব পৰা বিভিন্ন ৰোগৰ কথা উল্লেখ আছেষ বিশেষকৈ মানৱ শৰীৰত বিভিন্ন কাৰণত হোৱা বিষৰাশিৰ, পাণ্ডুৰোগ জণ্ডিচ, হূদৰোগ আদিৰ পৰা অন্যান্য দুৰাৰোগ্য ৰোগসমূহো সূর্য ৰশ্মিৰ দ্বাৰা আৰোগ্য কৰিব পাৰি৷ মহাভাৰত মহাকাব্যত সূর্য ৰশ্মিৰ দ্বাৰা ৰোগ আৰোগ্যকৰণৰ কথা বর্ণিত পোৱা যায়, যেতিয়া শ্রীকৃষ্ণৰ পুত্র শাম্ব কঠিন ৰোগাক্রান্ত হৈ দুর্বল হৈ পৰিছিল, সেই সময়ত তেওঁক সূর্য ৰশ্মিৰ দ্বাৰা আৰোগ্য কৰা হৈছিল বুলি প্রবাদ আছে৷
বৈজ্ঞানিকসকলেও সূর্যক একপ্রকাৰ প্রাকৃতিক ভেষজৰূপে একমুখে স্বীকাৰ কৰিছে৷ কফ, চর্দি, ব্রংকাইটিছ, নিউমোনিয়া, যক্ষ্মা, কুষ্ঠ, চর্মৰোগ, বাতৰোগ আদি দুৰাৰোগ্য বুলি ভবা ৰোগসমূহ সূর্য ৰশ্মিৰ সহায়ত সহজতে নিৰাময় হয়৷
সূর্য চিকিৎসাৰ পুনঃপ্রৱর্তক ডাঃ হেসৰ মতে, খাদ্যৰ সকলো পদার্থ মূল সূর্যৰ পৰাহে উৎপন্ন হৈছে৷ ই ৰোগৰ মহৌষধ৷ মানুহৰ স্বাস্থ্য, ভালে ৰাখিবলৈ হলে প্রত্যেক মানুহে সূর্যৰ কিৰণৰ মহত্ত্ব বুজি পাবই লাগিব৷
আধ্যাত্ম বিজ্ঞানে সূর্যক জীৱদেহৰ প্রাণস্বৰূপে স্বীকাৰ কৰি লৈছে৷ ইয়াৰ অবিহনে মানুহৰ শৰীৰ চলি থাকিব নোৱাৰে৷ ফ্রান্সৰ প্রসিদ্ধ হৃদৰোগ বিশেষজ্ঞ ডাঃ মার্শ্বেল পোমোলেক্রছে কৈছে, গোটেই সৌৰমণ্ডলত যেতিয়া ধুমুহা–বতাহ আহে, তেতিয়া হৃদৰোগৰ বেগ বেছি বাঢ়ে৷
মানুহৰ শৰীৰত পর্যাপ্ত পৰিমাণে সূর্যৰ কিৰণ লব পাৰিলে, বিশেষকৈ পুৱাৰ সময়ত, তেতিয়া শৰীৰত কেতিয়াও ভিটামিন–ডিৰ অভাৱ নহয়৷ আৰু শৰীৰ নিৰোগী হয়৷ সেইবাবে পৃথিৱীৰ বিভিন্ন স্থানত নগ্ন অৱস্থাৰে ৰৌদ্রস্নান কৰাৰ ব্যৱস্থা আছে, সূর্যৰ কিৰণৰ দ্বাৰা মানুহৰ ছালৰ বাহ্যভাগত থকা ৰাসায়নিক পদার্থৰ সহায়ত স্বৰূপার্থত এই ভিটামিনসমূহৰ সৃষ্টি হয়৷ ইয়াৰ বাহিৰে আলট্ৰাভায়লেটেও দেহত প্রৱেশ কৰে৷ ইয়াৰ বাহিৰে মানৱদেহৰ বাবে প্রয়োজনীয় গাখীৰ, কণী, ঘি, মাখন, ক্রীম, ডাঙৰ মাছ, কডলিভাৰ অইল আদিত এই ভিটামিনসমূহ যথেষ্ট পৰিমাণে পোৱা যায়৷
তদুপৰি নিয়মিতভাৱে সূর্য ৰশ্মি শৰীৰত পৰিলে ৰক্তসঞ্চালন নিয়মীয়া হয় আৰু ফুচফুচ স্বাভাৱিকভাৱে ক্রিয়াশীল হয়৷ নিম্ন ৰক্তচাপৰ ব্যক্তিৰ বাবে সূর্যৰ কিৰণ অতি ফলপ্রসূ৷ উদাহৰণস্বৰূপে বতৰ ডাৱৰীয়া হলে বহুতো ব্যক্তিৰ হজম শক্তিৰ দুর্বলতা বাঢ়ে৷ সূর্য ৰশ্মিৰ তাৰতম্যৰ বাবে এনে হোৱা দেখা যায়৷ কেঞ্চাৰ, ভগন্দৰ, ক্ষয়ৰোগ প্রভৃতি দুৰাৰোগ্য ৰোগসমূহো সূর্যৰ ৰশ্মিৰ সুপ্রয়োগৰ দ্বাৰা নিৰাময় কৰিব পাৰি৷
শৰীৰমাদ্যং খলু ধর্ম্মসাধনম্ শৰীৰ ভালে থাকিলেহে মানুহে ধর্ম সাধন কৰিব পাৰে৷ জগতৰ আত্মা স্বৰূপ মহাশক্তিমান সূর্যক প্রণাম, ধ্যান, ধাৰণা বা বিশ্বাস, প্রাণায়াম, উপাসনা আদিৰ দ্বাৰা জ্ঞানীসকলে নিজৰ দেহ–মন সুস্থ–সবল কৰি ৰখাৰ লগতে জগতৰ কল্যাণ সাধন কৰিব পাৰে৷ যোগশাস্ত্রত সূর্যৰ নিয়ম লোৱাৰ বাবে বিভিন্ন ছয় প্রকাৰৰ নিয়ম আছে৷ ই সকলোৰে কৰিব পাৰে৷
শীতকালত পুৱা আঠ বজাৰ পৰা এঘাৰ বজাৰ ভিতৰত আৰু গ্রীষ্মকালত সাত বজাৰ পৰা দহ বজালৈ মানৱ দেহত সূর্য ৰশ্মি আহৰণ কৰা অতি প্রয়োজনীয়৷ কিয়নো এই সময়ত সূর্যৰ কিৰণ কোমল আৰু নিয়মীয়া৷ যত যথেষ্ট পৰিমাণে আলড্রাভায়লেট ৰশ্মি নিহিত হৈ থাকে৷
প্রকৃতিৰ অংশ হিচাপে মানুহেও কেৱল ডাক্তৰী দৰৱৰ ওপৰতে নির্ভৰ কৰাতকৈ অকণো কষ্ট স্বীকাৰ নকৰাকৈ প্রকৃতিৰ পৰাই কিমান ভেষজ আহৰণ কৰি নিজকে সুস্থ আৰু নিৰোগী কৰি ৰাখিব পাৰে৷
আজিৰ বিজ্ঞানৰ ন ন তথ্য–কৌশল আৰু প্রযুক্তি উদ্ভাৱনৰ সময়ত সৌৰশক্তি আহৰণৰ দ্বাৰা মানৱ কল্যাণত নিয়োজিত কিমান যে মহৎ আৰু বৃহৎ বৃহৎ কর্ম কৰিছে, তাক সকলোৱে নিজৰ চকুৰে দেখিবলৈ পাইছে৷ বর্তমান সময়ত ভাৰত চৰকাৰে পিছপৰা গাঁওসমূহৰ উন্নতিকল্পে এই সৌৰশক্তিৰ প্রয়োগৰ ভিন্ন আঁচনি গ্রহণ কৰিছে৷
আহক আমি ভাৰতবর্ষৰ অদ্বিতীয় পৰম পুৰুষ শ্রীৰামচন্দ্রৰ আদর্শৰে সূর্য উপাসনা অর্থাৎ নিজৰ শৰীৰৰ বাবে অত্যাৱশ্যকীয় সূর্য ৰশ্মি আহৰণ কৰি দেশৰ তথা জগতৰ কল্যাণ সাধন কৰোঁ৷ তাৰ বাবে আমি প্রত্যেকেই এজোপাকৈ হলেও বৃক্ষৰোপণ কৰি মানুহ আৰু জীৱজগতৰ কল্যাণ সাধন কৰি পৃথিৱীৰ সমতা ৰক্ষা কৰিব লাগিব৷ হে সূর্য তোমাক সহস্র প্রণাম৷ জয় সূর্যদেৱতাৰ জয়৷
ফোনঃ ৯৯৫৪৬-৫১৭৪৯
Comments are closed, but trackbacks and pingbacks are open.