ভাৰতীয় সংস্কৃতিত মিঠাইৰ বিচিত্ৰতা

0

পিংকি বৰুৱা

“মিঠাই কেৱল খাদ্য নহয় বৰং ই এক ভাষাহীন অনুভূতি”

ভাৰতীয় ব্যঞ্জনৰ কথা মনলৈ আহিলে প্ৰথমতে সকলোৰে মনলৈ অহা সুমিষ্ট ব্যঞ্জনবিধেই হৈছে ”মিঠাই”৷ মিঠাই ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ বুলি ক’ব পাৰি৷ যিয়ে নেকি আমাৰ পৰম্পৰা, উৎসৱ আৰু জীৱন পদ্ধতিক গভীৰভাৱে প্ৰতিনিধিত্ব কৰে। মিঠাই কেৱল খাদ্য নহয় বৰং ই এক “ভাষাহীন অনুভূতি”। পশ্চিমীয়া দেশবোৰৰ তুলনাত ভাৰতত মিঠাইৰ ভূমিকা বহুত বেছি। ভাৰতৰ দৰে আন কোনো দেশতে মিঠাইৰ ইমান বৈচিত্ৰ্য, প্ৰকাৰ আৰু গুৰুত্ব নাই। ভাৰতত উৎসৱ-পাৰ্বন, মাংগলিক অনুষ্ঠান তথা পূজা-অৰ্চনাত মিঠাইৰ এক বিশেষ স্থান আছে৷ ভাৰতত মিঠাইৰ উৎপত্তি ক্ষেত্ৰত কোনো নিৰ্দিষ্ট সময় বা বিশেষ স্থানত হোৱা বুলি বিতং তথ্য নাই।  ঐতিহাসিক তথ্য অনুসৰি ভাৰতত মিঠাইৰ ব্যৱহাৰ প্ৰায় খ্ৰীষ্টপূৰ্ব ১৫০০ শতিকাৰ আগৰ পৰাই আৰম্ভ হৈছিল বুলি কোবা হয়। সেই সময়ত গাখীৰ, মৌ, ফল-মূল আদি ব্যৱহাৰ কৰি মিঠা  ব্যঞ্জন তৈয়াৰ কৰা হৈছিল। আৰম্ভণিতে এই মিঠাই ধৰ্মীয় উৎসৰ্গাৰ অংশ হিচাপে ব্যৱহৃত হৈছিল৷

খ্ৰীষ্টপূৰ্ব ৫০০ শতিকাৰ আশে-পাশে ভাৰতত গুড় আৰু পৰিশোধিত চেনি দুয়োটাৰে উৎপাদন হৈছিল বুলি কোৱা হয়। খ্ৰীষ্টপূৰ্ব ৩০০ শতিকাৰ চাণক্যৰ অৰ্থশাস্ত্ৰত পাঁচবিধ চেনিৰ নাম (গুড়, সিত্ত, শাৰ্কৰ, চিন্নি, খাণ্ডা) উল্লেখ পোৱা গৈছিল। গুপ্ত যুগত (৩০০ – ৫০০ খ্ৰীষ্টাব্দত) কুঁহিয়াৰৰ উপৰিও খেজুৰ, মহুৱা ফুল, যৱ আৰু মৌৰ পৰাও চেনি তৈয়াৰ কৰা হৈছিল৷ ঋকবেদত ‘অপুপ’ নামৰ এবিধ মিঠাইৰ উল্লেখ আছে৷ এই মিঠাইবিধ আটাৰে প্ৰস্তুত কৰা হৈছিল আৰু ইয়াক ঘিউত ভাজি বা পানীত উতলাই মৌত ডুবাই ৰখা হৈছিল৷ এই মিঠাইবিধৰ আধুনিক ৰূপ হৈছে মালপোৱা৷ ৰজা সোমেশ্বৰ তৃতীয়ৰ দ্বাৰা ৰচিত সংস্কৃত গ্ৰন্থ মানসোল্লাসত গাখীৰৰ চানা আৰু চাউলৰ পৰা প্ৰস্তুত কৰা ‘পায়সম’ অৰ্থাৎ ‘ক্ষীৰ’ নামৰ মিঠাই, বেচন আৰু চেনিৰে প্ৰস্তুত কৰা ‘ঘৰিকাস’ নামৰ মিঠাই, ইলাচিৰ সুগন্ধি থকা ‘গোলামু’ নামৰ ড’নাট জাতীয় মিঠাইৰ বৰ্ণনা দিয়া আছে৷

ভাৰতৰ বিভিন্ন ভাষাত মিঠাইৰ বিভিন্ন নাম আছে যদিও আমাৰ সকলোৰে পৰিচিত ‘মিঠাই’ নামটোৱেই সবাতোকৈ অধিক জনপ্ৰিয়৷ মিঠাই প্ৰস্তুত কৰিবলৈ সাধাৰণতে আটা/ময়দা/চুজি/চাউল/বেচন, চেনি, গাখীৰ, গাখীৰৰ পৰা প্ৰস্তুত কৰা মাৱা, ঘিউ, মৌ, শুকান ফল, ফলৰ বীজ, ফলৰ ৰস আদি লাগে৷ ভাৰতৰ  প্ৰাচীন সংস্কৃত গ্ৰন্থসমূহত গুৰ, চাউল আৰু গাখীৰেৰে প্ৰস্তুত কৰা মিঠাইৰ কথা উল্লেখ আছে৷ এই মিঠাই মন্দিৰ সমূহত ভগৱানৰ ভোগ হিচাপে অৰ্পণ কৰা হৈছিল৷ সময়ৰ লগে লগে মিঠাইৰ বিকাশ হোৱাৰ পিছত অলপ জটিল ধৰণৰ মিঠাই ভগৱানৰ ভোগ হিচাপে প্ৰচলিত হ’বলৈ ধৰে৷ ভাৰতলৈ মোগল সকলৰ আগমনৰ পিছত ভাৰতীয় মিঠাইৰ লগত বাদাম, বিভিন্ন সুগন্ধি মছলা আদিৰ যোগ হৈ মিঠাইৰ পূৰ্ণ বিকাশ ঘটিছিল৷ আনহাতে ফৰাচী, ব্ৰিটিছ আৰু পতুৰ্গীজসকলে মিঠাই প্ৰস্তুত কৰাৰ নতুন ৰন্ধন কৌশল আৰু উপাদান আনিছিল৷ ইয়াৰ ফলত ভাৰতীয় মিঠাইত বৈচিত্ৰ্য আৰু বঢ়াই তুলিলে। আধুনিক সময়ত মিঠাইত চেনিৰ পৰিবৰ্তে খেজুৰ আৰু বিভিন্ন ধৰণৰ শুকান ফল ব্যৱহাৰ কৰাৰ ফলত স্বাস্থ্যসন্মত মিঠাইৰ প্ৰচলন বাঢ়িছে৷ আধুনিক চেফ সকলেও পুৰণি পৰম্পৰাগত মিঠাইৰ ৰেচিপিসমূহত আধুনিক স্বাদ আৰু প্ৰযুক্তিৰ সংমিশ্ৰণ কৰি নতুন ধৰণৰ ফিউজন মিঠাই প্ৰস্তুত কৰি  উলিয়াইছে।

সময়ৰ বিবৰ্তনৰ লগে লগে মিঠাইৰ প্ৰস্তুত প্ৰণালী উন্নত হৈছে আৰু ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ সুস্বাদু মিঠাইৰ সৃষ্টি হৈছে। এই মিঠাইসমূহত ভাৰতৰ বিভিন্ন অঞ্চলৰ নিজস্ব স্বাদ আৰু পৰম্পৰা দেখা পোৱা যায়।  আনহাতে, প্ৰতিবিধ মিঠাই অঞ্চলভেদে স্বাদ, ৰন্ধন কৌশল আৰু উপাদানৰ দিশৰ পৰা একো একোটা সুকীয়া পৰিচিতি হৈ উঠিছে। এই মিঠাই কেৱল খাদ্যই নহয় বৰং ই আনন্দ, সমৃদ্ধি, শুভ কামনাৰো প্ৰতীক হিচাপে ধৰা হয়৷ সেয়ে ইয়াক বিভিন্ন উৎসৱ, ধৰ্মীয় অনুষ্ঠান, মাংগলিক তথা সামাজিক অনুষ্ঠান আদি প্ৰসংগত সদায় উপস্থাপন কৰা হয়।

ভাৰতীয় মিঠাইৰ বিবিধতা আৰু পৰিসংখ্যা আশ্বৰ্যকৰ৷ বৰ্তমান সময়ত ভাৰতীয় মিঠাই পূজা-পাতল, উৎসৱ-পাৰ্বনৰে অংশ হৈ থকা নাই বৰং ই দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ পশ্চিমীয়া দেশত ভোজনৰ শেষত মিঠাই নতুবা ডেজাৰ্ট পৰিবেশন কৰা হয় যদিও ভাৰতীয় সকলে ভগৱানৰ প্ৰসাদ হিচাপে, চাহৰ লগত, ভোজনৰ লগত, ভোজনৰ শেষত, বিভিন্ন অনুষ্ঠানত মিঠাই পৰিবেশন কৰা দেখা যায়৷ ভাৰতীয় মিঠাই অন্য দেশৰ মিঠাই আৰু ডেজার্টতকৈ অধিক মিঠা আৰু গাঢ় স্বাদযুক্ত হয়৷ ভাৰতীয় মিঠাইত প্ৰধানকৈ প্ৰচুৰ পৰিমাণে ঘিউ, গাখীৰ, চেনি আদিৰ ব্যৱহাৰ কৰা হয়৷

উৎসৱ পাৰ্বন, ধৰ্মীয় পৰম্পৰা আৰু আঞ্চলিক বৈচিত্ৰ্য অনুসৰি ভাৰতৰ কেইখনমান ৰাজ্যৰ বিশেষভাৱে প্ৰসিদ্ধ কেইবিধমান মিঠাইৰ বিষয়ে তলত উল্লেখ কৰা হ’লঃ——

ক্ষীৰঃ
ক্ষীৰ বা পায়স প্ৰাচীন ভাৰতত উৎপত্তি হোৱা এবিধ পবিত্ৰ আৰু ঐতিহাসিক মিঠাই বুলি বিশ্বাস কৰা হয়। ক্ষীৰ বা পায়সক ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন নামত জনা যায়৷ দক্ষিণ ভাৰতত “পায়সম” বুলি কোৱা হয় আৰু পশ্চিমবংগত “পায়েস”৷ ক্ষীৰ বা পায়স ধৰ্মীয় তথা উৎসৱৰ লগত গভীৰভাৱে জড়িত মিঠাই আৰু ইয়াক দেৱতাৰ প্ৰসাদ হিচাপে বহু শতিকাৰ আগতেই ইয়াক আগবঢ়োৱা হৈছিল। খ্ৰীষ্টপূৰ্ব ৬০০০ শতিকাৰ আগৰে পৰা ভাৰতত ক্ষীৰ অৰ্থাৎ চাউলৰ পায়স পৰম্পৰাগত ব্যঞ্জন হিচাপে প্ৰচলিত হৈ আহিছে৷ ক্ষীৰ আয়ুৰ্বেদত বৰ্ণিত প্ৰাচীন ভাৰতীয় আহাৰ পদ্ধতিৰ অংশ আছিল যাক বিকল্প চিকিৎসা প্ৰণালী হিচাপে জনা যায়। প্ৰাৰম্ভিক যুগৰ চাউলৰ ক্ষীৰ আৰু আজিৰ ক্ষীৰৰ মাজত বহুত পাৰ্থক্য আছিল৷ সেই সময়ত এই ক্ষীৰ কম মিঠা বিভিন্ন উপাদানেৰে প্ৰস্তুত কৰা হৈছিল৷ এই ক্ষীৰৰ ঔষধি গুণৰ বাবে খোৱা খাদ্য হিচাপেই বেছি প্ৰচলিত আছিল। প্ৰাচীন ৰীতি অনুসৰি শৰত পূৰ্ণিমাত বিশেষ পৰম্পৰা মতে ক্ষীৰ প্ৰস্তুত কৰি ধূপ-চাকি জ্বলাই জোনাকত প্ৰায় চাৰি-পাঁচ ঘন্টামান সময় ৰখাৰ পিছত এই ক্ষীৰ পৰিয়াল তথা ভক্তসকলে একেলগে খাব লাগে৷ এইদৰে পূৰ্ণিমাৰ জোনাকত ক্ষীৰ থৈ খোৱাৰ ফলত দেৱত্ব শক্তি লাভ, হজম শক্তি বৃদ্ধি, শাৰীৰিক শক্তি বৃদ্ধি, মন শান্ত হয় আৰু আৰোগ্য প্ৰদান কৰা গুণ সংযোগ হয় বুলি বিশ্বাস কৰা হয়। ক্ষীৰ হাজাৰ হাজাৰ বছৰৰ পূৰ্বে দক্ষিণ ভাৰতত উৎপত্তি হৈছিল বুলি কোৱা হয়। কেৰালাৰ “চতুৰঙ্গৰ কিংবদন্তী” (The Legend of Chessboard) নামেৰে পৰিচিত এক কাহিনীত এই ক্ষীৰ বা পায়সমৰ উৎপত্তিৰ কথা পোৱা যায়। আনহাতে, কিছুমানে কয় যে ক্ষীৰ বা পায়সৰ উৎপত্তি পুৰীৰ জগন্নাথ মন্দিৰ৷ জগন্নাথ মন্দিৰত ইয়াক প্ৰসাদ হিচাপে আগবঢ়োৱা হয়৷ দক্ষিণ ভাৰতৰ বিশেষকৈ গুৰুভায়ূৰ মন্দিৰ আৰু আম্বলাপুঝা মন্দিৰত ইয়াক পৰম্পৰাগত ভাবে আগবঢ়োৱা হয়। খাদ্য ইতিহাসবিদ কে. টি. আছায়াৰ মতে, ক্ষীৰ বা পায়সম প্ৰাচীন ভাৰতত বহুল জনপ্ৰিয় আছিল। এই ক্ষীৰ প্ৰাচীন ভাৰতীয় সাহিত্যত উল্লেখ পোৱা এক খাদ্য৷ চাউল, গাখীৰ আৰু চেনিৰ সংমিশ্ৰণৰ এই ৰন্ধন প্রণালী ২০০ হাজাৰ বছৰ ধৰি অবিৰত ভাৱে চলি আহিছে। পায়সম বিশেষকৈ হিন্দু মন্দিৰসমূহৰ প্ৰসাদ হিচাপে প্ৰচলিত খাদ্য আছিল আৰু আজি পৰ্যন্ত বহু মন্দিৰত ভক্তসকলক প্ৰসাদ হিচাপে দিয়া হয়। ক্ষীৰ বা পায়েস পশ্চিমবংগত বৰ জনপ্ৰিয় ডেজাৰ্ট হিচাপে পৰিচিত৷  ক্ষীৰ বা পায়স মুলতঃ চাউল, গাখীৰ, চেনি, ইলাচি গুৰি, কাজু-কিচ্‌মিচ্‌ আদি দি প্ৰস্তুত কৰা হয় যদিও আজিকালি বহু ধৰণেৰে ক্ষীৰ বা পায়স প্ৰস্তুত কৰা হয়৷ বাদাম ক্ষীৰ, দাইলৰ ক্ষীৰ, গাজৰ ক্ষীৰ, লাও ক্ষীৰ, নাৰিকলৰ ক্ষীৰ, ফলমূলৰ ক্ষীৰ, চাগু ক্ষীৰ, চৈৱৈ ক্ষীৰ আদি৷ আনহাতে, যিকোনো শুভ অনুষ্ঠান,জন্মদিন, অন্নপ্ৰাসন্ন, উৎসৱ-পাৰ্বন, পূজা-পাতল, মন্দিৰ বা পূজাৰ ভোগ আদিৰ বাবে ক্ষীৰ প্ৰস্তুত কৰা হয়৷ সেয়ে ক্ষীৰ বা পায়সম সমগ্ৰ ভাৰততে জনপ্ৰিয় এবিধ মিঠা ব্যঞ্জন বুলি ক’ব পাৰি৷ বিশেষকৈ অসমত বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা, লক্ষ্মী পূজা আদিত ক্ষীৰ বা পায়স পূজাৰ ভোগ হিচাপে আগবঢ়োৱা হয়৷

গোলাব জামুনঃ
ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, শ্ৰীলংকা আদি দেশৰ অতিকে জনপ্ৰিয় মিঠাইবিধেই হৈছে গোলাব জামুন৷ প্ৰাচীন পাৰ্ছিয়াত (বৰ্তমানৰ ইৰান) এবিধ বৰ ৰসাল মিঠাইৰ উদ্ভৱ হৈছিল আৰু তাত খুউব জনপ্ৰিয় হৈছিল৷ মোগলসকলে ইয়াক ভাৰতলৈ আনিছিল। মোগলসকলে এই মিঠাইবিধত ‘মাৱা’ ব্যৱহাৰ কৰি নতুনত্ব প্ৰদান কৰিছিল৷ বৰ্তমান ভাৰতৰ আটাইকৈ জনপ্ৰিয় আৰু বিখ্যাত মিঠাইবিধেই হৈছে গোলাব জামুন৷ ইয়াক মিঠাইৰ ৰজা বুলিও কোৱা হয়৷ উত্তৰ প্ৰদেশৰ মৈগলগঞ্জ নামৰ চহৰখন গোলাব জামুনৰ বাবে বিশেষভাবে বিখ্যাত৷ দিল্লী-লক্ষ্ণৌ ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত এই চহৰখনত গোলাব জামুন বিক্ৰী কৰা প্ৰায় এশৰো অধিক দোকানৰ শাৰী আছে। সেয়ে এই অঞ্চলটোক “গোলাব জামুনৰ গাঁও” বুলি কোৱা হয়। উত্তৰ প্ৰদেশৰ লগতে সমগ্ৰ ভাৰততে  গোলাব জামুনে বিশেষভাবে সমাদৰ লাভ কৰিছে৷ গোলাব জামুন প্ৰস্তুত কৰিবলৈ মাৱা, ময়দা, ঘিউ বা ৰিফাইন তেল, চেনি, পানী আদিৰ প্ৰয়োজন৷ সুগন্ধিৰ বাবে ইয়াত ইলাচি, চেফ্ৰ’ণ বা কেৱৰা জল আদি ব্যৱহাৰ কৰা হয়৷

ৰসগোল্লাঃ
দক্ষিণ এছিয়াৰ পূব অংশৰ এবিধ জনপ্ৰিয় মিঠাই হৈছে ৰসগোল্লা৷ ৰসগোল্লাৰ মূল উৎপত্তি ভাৰতৰ উড়িষ্যা ৰাজ্যত হোৱা বুলি কোৱা হয় যদিও ৰসগোল্লাৰ উৎপত্তি স্থল উৰিষ্যা নে পশ্চিম বংগ, তাকে লৈ অলপ বিতৰ্ক আছে। ২০১৭ চনত পশ্চিমবংগই নিজৰ ৰসগোল্লাৰ ভৌগোলিক সূচকৰ (GI) মৰ্যাদা লাভ কৰিছিল৷ আনহাতে, ২০১৯ চনত উৰিষ্যাক “ওড়িয়া ৰসগোল্লা”ৰ বাবে ভৌগোলিক সূচকৰ (GI) মৰ্যাদা প্ৰদান কৰা হয়। পুৰীৰ জগন্নাথ মন্দিৰত ভোগ হিচাপে ৰসগোল্লাও আগবঢ়োৱা হয়।আনহাতে, পশ্চিমবংগবাসীৰ দাবী অনুসৰি ভাৰতৰ পশ্চিমবংগতেই প্ৰথম ৰসগোল্লা প্রস্তুত কৰা হৈছিল। পশ্চিমবংগৰ নদীয়া জিলাৰ ফুলিয়া গাঁৱৰ হাৰাধন মৈৰাক ৰসগোল্লাৰ সৃষ্টিকর্তা বুলি গণ্য কৰা হয়। আনহাতে, কলকাতাৰ নবীনচন্দ্ৰ দাস আছিল আধুনিক স্পঞ্জ ৰসগোল্লাৰ আৱিষ্কাৰক। যদিও ৰসগোল্লাক পশ্চিমবংগ বা উৰিষ্যাৰ মিঠাই বুলি কোৱা হয় ইয়াৰ নিজস্ব ৰসাল সোৱাদৰ বাবে সমগ্ৰ ভাৰততে ই অতি জনপ্ৰিয়৷ পশ্চিমবংগৰ ৰসগোল্লাৰ সমগ্ৰ দেশতে পৰিচিত৷ পশ্চিমবংগৰ দৰে অসমতো ৰসগোল্লা সকলোৰে প্ৰথম পচন্দৰ মিঠাই৷  ভাৰতীয়সকলৰ লগতে বাংলাদেশ, পাকিস্তান, নেপালৰ দৰে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ কেইখনটো ৰসগোল্লা বিশেষভাবে জনপ্ৰিয়৷ ৰসগোল্লা প্ৰস্তুত কৰিবলৈ মূলতঃ গাখীৰৰ চানা, চেনি, ইলাচি, পানী আদিৰ প্ৰয়োজন৷ যিকোনো শুভ অনুষ্ঠান, বিবাহ অনুষ্ঠান, জন্মদিন, অন্নপ্ৰাসন্ন, উৎসৱ-পাৰ্বন,  আদিত ৰসগোল্লাৰ গুৰুত্ব অপৰিহাৰ্য৷

জেলেপীঃ
দক্ষিণ, পশ্চিম এছিয়াৰ অন্য এবিধ জনপ্ৰিয় মিঠাই হৈছে জেলেপী৷ জেলেপীক জিলাপি, জেলেবি আদি নামেৰেও জনা যায়৷ মিচৰৰ ইহুদীসকলে জেলেপীৰ আৱিষ্কাৰ কৰিছিল বুলি কোৱা হয় যদিও মুহাম্মদ বিন হাসান আল-বাগদাদী দ্বাৰা লিখিত ১৩০০ শতিকাৰ ৰন্ধন গ্ৰন্থখনৰ দ্বাৰা জেলেপী মূলতঃ প্ৰাচীন পাৰ্ছিয়া অৰ্থাৎ বৰ্তমানৰ ইৰাণৰ মিঠাই বুলি গম পোৱা যায়৷ ইৰাণত এই মিঠাইবিধ ‘জেলেবিয়া’ নামেৰে পৰিচিত৷ মধ্যযুগত মোগলসকলেই  জেলেপীক ভাৰতলৈ আনিছিল। খ্ৰীষ্টপূৰ্ব ১৬০০  শতিকাত লিখা সংস্কৃত গ্ৰন্থ “গুণ্যগুণবধিনী”ত জেলেপী প্ৰস্তুত কৰাৰ উপাদানৰ  তালিকা দিয়া আছে৷ সেই তালিকাৰ লগত আধুনিক জেলেপী ৰন্ধন প্ৰক্ৰিয়াৰ যথেষ্ট মিল পোৱা যায়। ভাৰতৰ সমগ্ৰ দেশতে জেলেপীৰ  জনপ্ৰিয়তা দেখি জেলেপীক ৰাষ্ট্ৰীয় মিঠাই বুলি ক’ব পাৰি৷ অসমত আকৌ দুৰ্গা পূজাৰ বিশেষ মিঠাই কি বুলিলে সকলোৰে মনলৈ জেলেপীৰ কথাকে আহে৷ এই মিঠাইবিধ মূলতঃ ময়দাৰ পৰা তৈয়াৰ কৰা হয় আৰু ইয়াক ঘিউ বা ৰিফাইন তেলত ভাজি চেনিৰ ৰসত অলপ সময় ডুবাই লৈ উঠাই থোৱা হয়৷

বৰ্ফিঃ
ভাৰত আৰু পাকিস্তানৰ অতিকে জনপ্ৰিয় অন্য এবিধ সুমিষ্ট মিঠাই হৈছে বৰ্ফি৷ বৰ্ফিৰ উৎপত্তি প্ৰাচীন পাৰ্ছিয়াত (বৰ্তমানৰ ইৰাণ) বুলি জনা যায় আৰু মোগলসকলেই এই মিঠাইবিধ ভাৰতলৈ আনিছিল৷ ভাৰতত উৎসৱ-পাৰ্বন, মাংগলিক অনুষ্ঠান, বিয়া-বাৰু, পূজা-পাঠ আৰু যিকোনো শুভ কাৰ্যত এই মিঠাইবিধৰ ব্যৱহাৰ হয়৷ বৰ্ফি প্ৰস্তুত কৰিবলৈ মাৱা, চেনি, ইলাচি, চেফ্ৰ’ণ, গোলাপজল, পেষ্টা, কাজু, বাদাম আদিৰ প্ৰয়োজন৷ পুৰণি মূল ৰেচিপিটোৰ লগত কিছুমান স্থানীয় উপাদান মিলাই ভাৰতীয়সকলে বৰ্ফি বিভিন্ন ধৰণেৰে প্ৰস্তুত কৰি উলিয়াইছিল৷ চকলেট বৰ্ফি, পেষ্টা বৰ্ফি, কাজু বৰ্ফি, নাৰিকল বৰ্ফি, কেশৰ বৰ্ফি, বাদাম বৰ্ফি, বেচন বৰ্ফি, গাজৰ বৰ্ফি আদি৷ বৰ্তমান সময়ত বৰ্ফি এবিধ মিঠাই হৈয়ে থকা নাই বৰঞ্চ ই এক সাংস্কৃতিক প্ৰতীকৰ দৰে হৈছে৷ সেয়ে এই মিঠাইবিধ গণেশ চতুৰ্থী, বিশ্বকৰ্মা পূজা, দুৰ্গা পূজা, দীপাৱলী, হোলি, দশেৰা, ৰক্ষা বন্ধন আদিৰ দৰে ভাৰতীয় উৎসৱসমূহ তথা যিকোনো মাংগলিক কামত প্ৰসাদ বা মিঠাই হিচাপে পৰিবেশন কৰা হয়।

মোদকঃ
মোদক নামৰ মিঠাইবিধ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত আটাইতকৈ জনপ্ৰিয়। মহাৰাষ্ট্ৰত এই মিঠাইবিধ বিশেষকৈ গণেশ পূজা বা গণেশ চতুৰ্থী উপলক্ষে ব্যাপকভাৱে প্ৰস্তুত কৰা হয় আৰু প্ৰসাদ হিচাপে আগবঢ়োৱা হয়৷ গণেশ চতুৰ্থী উৎসৱত গণেশ ভগৱানক সাধাৰণতে ২১টা মোদক অৰ্পণ হয়। হিন্দু আৰু বৌদ্ধ ধৰ্মৰ বিশ্বাস অনুসৰি মোদক গণেশ ভগৱান আৰু বুদ্ধদেৱৰ অন্যতম প্ৰিয় খাদ্য। মোদকক কেৱল মিঠাই বুলি ক’ব নোৱাৰি বৰং ই ভাৰতীয় ধৰ্ম, সংস্কৃতি আৰু পৰম্পৰাৰ সৈতে গভীৰভাৱে সংযুক্ত এক খাদ্য৷ ইতিহাসবিদ তথা ভোজন-বৈজ্ঞানিক ডাৰা গোল্ডষ্টেইনৰ মতে, মোদক নামৰ মিঠাইবিধ অতি প্ৰাচীন মিঠাই আৰু প্ৰায় খ্ৰীষ্টপূৰ্ব ২০০ শতিকাৰ সময়তে ইয়াৰ উদ্ভৱ হৈছিল বুলি ধৰা হয়। আয়ুৰ্বেদ, ৰামায়ণ আৰু মহাভাৰতত মোদকৰ উল্লেখ পোৱা যায়৷ ভাৰতৰ মাদুৰাই চহৰৰ পদ পথত মোদক নামৰ মিঠাইবিধ বিক্ৰী হৈছিল বুলি সঙ্গম সাহিত্যত পোৱা যায়৷ মোদক শব্দটো মোদা আৰু প্ৰমোদা (আনন্দ আৰু সুখ) শব্দৰ পৰা আহিছে। বাহ্যিক ৰূপত মোদক ডাম্পলিংৰ দৰে দেখা যায়, কিন্তু ইয়াৰ ভিতৰত থাকে মিঠাৰ পূৰ। মোদকৰ বাহ্যিক আৱৰণৰ বাবে চাউলৰ গুৰি, ঘেঁহুৰ গুৰি  আদি লোৱা হয়৷ আনহাতে, ভিতৰৰ পূৰৰ বাবে নাৰিকলৰ গুৰি, গুড়, ইলাচি আদিৰ মিশ্ৰণ লোৱা হয়৷ সময়ৰ পৰিবৰ্তনৰ লগে লগে মোদকৰ ভিতৰৰ পূৰত বিভিন্নতা দেখিবলৈ পোৱা যায় আৰু ঘৰুৱা ব্যৱহাৰ তথা দীৰ্ঘদিনৰ সংৰক্ষণৰ বাবে ফ্ৰাই কৰা মোদকো প্ৰস্তুত কৰা হয়৷ বৰ্তমান সময়ত মহাৰাষ্ট্ৰৰ লগতে সমগ্ৰ ভাৰততে মোদক নামৰ মিঠাইবিধ বিশেষভাবে জনপ্ৰিয়৷

মাইশূৰ পাকঃ
মাইশূৰ পাক ভাৰতৰ লগতে পাকিস্তান আৰু বাংলাদেশৰ অতিকে প্ৰিয় মিঠাই৷ মাইশূৰ পাক নামৰ মিঠাইবিধ হৈছে কৰ্ণাটকৰ মাইশূৰ অঞ্চলৰ পৰম্পৰাগত আৰু বিখ্যাত মিঠাই। এই মিঠাইবিধ মাইশূৰৰ লগতে কৰ্ণাটক, মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আদি ৰাজ্যটো বিশেষভাবে জনপ্ৰিয়৷ দক্ষিণ ভাৰতত এই মিঠাইবিধ বিবাহ অভ্যৰ্থনা, উৎসৱ-পাৰ্বন আৰু ঘৰুৱা বিশেষ অনুষ্ঠানত প্ৰস্তুত কৰা হয়। এই মিঠাইবিধৰ উৎপত্তি হৈছিল মাইশূৰৰ ৰাজমহলৰ ৰন্ধন গৃহত৷ মাইশূৰৰ মহাৰাজ কৃষ্ণ ৰাজ ৱাদিয়াৰ চতুৰ্থৰ শাসনৰ সময়ত ৰাজপ্ৰসাদৰ এজন প্ৰতিভাবান মিঠাই ৰান্ধনী কাকাসুৰা মাডাপ্পাই ভোজনৰসিক মহাৰাজৰ বাবে এবিধ বিশেষ মিঠাই প্ৰস্তুত কৰি উলিয়ালে৷ বেচন, চেনি আৰু ঘিউৰে প্ৰস্তত কৰি উলিওৱা এই বিশেষ মিঠাইবিধৰ সোৱাদ তাৰ আগতে কোনেও পোৱা নাছিল৷ মহাৰাজে সেই বিশেষ মিঠাইবিধ খাই ভাল পোৱাত মিঠাইবিধৰ নাম কি সুধিলে৷ কাকাসুৰ মাডাপ্পাই ইয়াক ‘মাইশূৰ পাক’ নাম দিলে৷ তেতিয়াৰ পৰাই এই মিঠাইবিধ মাইশূৰ পাক নামেৰে জনজাত হয়৷ বৰ্তমান সময়ত মাইশূৰ পাক সমগ্ৰ ভাৰততে জনপ্ৰিয় মিঠাই হৈ পৰিছে৷ মাইশূৰ পাক মূলতঃ বেচন, ঘিউ, চেনি, পানী আৰু ইলাচি আদিৰে প্ৰস্তুত কৰা হয়৷

লাড্ডুঃ
ভাৰতৰ আটাইতকৈ পুৰণি মিঠাই সমূহৰ ভিতৰত অন্যতম বলৰ দৰে গোল আকাৰৰ সুস্বাদু মিঠাই বিধেই হৈছে লাড্ডু অসমীয়াত ‘লাড়ু’৷ লাড্ডু শব্দটো সংস্কৃতৰ ‘লট্টিকা’ৰ পৰা অহা, যাৰ অৰ্থ সৰু গুটি। খ্ৰীষ্টপূৰ্ব ৩-৪ শতিকাৰ সুশ্ৰুত সংহিতাত ‘লাড্ডুকা’ নামৰ গুড়, তিল আৰু চিনাবাদামেৰে গোলাকাৰ বল প্ৰস্তুত কৰি মৌত লগাই ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল বুলি উল্লেখ আছে। লাড্ডুক মিঠাই হিচাপে স্বীকৃতি ১১ শতিকাৰ পশ্চিম ভাৰতীয় ৰন্ধন গ্ৰন্থ ‘লোকোপাকাৰ’ত  দিয়া হৈছিল আৰু সেই গ্ৰন্থখনত লাড্ডু প্ৰস্তুত কৰাৰ প্ৰণালীও ধুনীয়াকে দিয়া আছিল। ১৫ শতিকাৰ নিমাতনামা-ই-নাচিৰুদ্দিন-শাহীৰ ৰন্ধন গ্ৰন্থত লাড্ডুৰ বিভিন্ন ৰেচিপি পোৱা যায়। লাড্ডু বিশেষকৈ গণেশ পূজা, বিশ্বকৰ্মা পূজা, দীপাৱালি, হোলি, কৃষ্ণ জন্মাষ্টমী, ৰক্ষা বন্ধন আদি হিন্দু ধৰ্মীয় উৎসৱ, বিবাহ, অন্নপ্ৰাশন, জন্মদিন আৰু যিকোনো মাংগলিক কামত প্ৰসাদ বা মিঠাই হিচাপে পৰিবেশন কৰা হয়। ভাৰতীয় সমাজত লাড্ডুৱে আনন্দ আৰু শুভ মুহূৰ্তৰ প্ৰতীক হিচাপে বিশেষ স্থান অধিকাৰ কৰিছে। লাড্ডু বিভিন্ন ধৰণেৰে প্ৰস্তুত কৰিব পাৰি৷ গম লাড্ডু, বেচন লাড্ডু, শ্বাহী লাড্ডু, মতিচোৰ লাড্ডু, নাৰিকলৰ লাড্ডু, চুজিৰ লাড্ডু, বুন্দিয়া লাড্ডু, পিঠাগুৰিৰ লাড্ডু আদি৷ ভাৰতৰ বহুতো হিন্দু ধৰ্মীয় মন্দিৰত নিজস্বভাবে বিশেষ লাড্ডু প্ৰস্তুত কৰি দেৱতাৰ ভোগ হিচাপে অৰ্পণ কৰা হয় আৰু তাৰপাছত প্ৰসাদ ৰূপে ভক্তসকলক বিতৰণ কৰা হয়। প্ৰতিটো মন্দিৰৰ লাড্ডুৰ নিজৰ এক সুকীয়া পৰিচয় আছে। উদাহৰণস্বৰূপে — তিৰুপতি মন্দিৰৰ বেচন, ঘিউ আৰু অন্য উপাদানেৰে প্ৰস্তুত কৰা লাড্ডুবিধ ভাৰতৰ আটাইতকৈ বিখ্যাত  ‘তিৰুপতি মন্দিৰৰ লাড্ডু’ হিচাপে পৰিচিত আৰু ইয়াৰ GI টেগো আছে। আনহাতে, ঘাটগাঁওৰ (উড়িষ্যা) ‘মা তাৰিণী মন্দিৰ’ৰ লাড্ডু নাৰিকল আৰু মাৱাৰে প্ৰস্তত কৰা হয় আৰু এই লাড্ডুবিধে পৰম্পৰাগত ৰন্ধন ৰীতিক প্ৰতিফলিত কৰে। আকৌ তিৰুচেন্দুৰ (তামিলনাডু) সুব্ৰমনিয়াম স্বামী মন্দিৰৰ লাড্ডুবিধ মিলেট (foxtail millet) নামৰ এবিধ পুষ্টিকৰ শস্যৰে প্ৰস্তুত কৰা হয়। এই ধৰণৰ লাড্ডু অতি স্বাস্থ্যসন্মত আৰু দক্ষিণ ভাৰতৰ পুৰণি খাদ্য-সংস্কৃতিৰ অংশ। আনহাতে, অসমৰ বিহু উৎসৱৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা তিলৰ লাৰু, মিঠৈ লাৰু, নাৰিকলৰ লাৰু, চিৰা লাৰু, মুৰি লাৰু আদিয়েও লাড্ডু বিভিন্নতাত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷

পেৰাঃ
পেৰা শব্দটো সংস্কৃত শব্দ ‘পিণ্ড’ বা ‘পিণ্ডক’ৰ পৰা আহিছে৷ প্ৰাচীন ভাৰতীয় আয়ুৰ্বেদ আৰু ৰন্ধন গ্ৰন্থসমূহত এই মিঠাইৰ উল্লেখ “পিণ্ডক” হিচাপে পোৱা যায়। চৰক সংহিতাত খ্ৰীষ্টপূৰ্ব ৪০০ শতিকাত পিণ্ডক নামৰ মিঠাইৰ উল্লেখ আছে৷ আধুনিক পেৰাৰ উৎপত্তি উত্তৰ প্ৰদেশৰ মথুৰা চহৰত হৈছিল বুলি কোৱা হয়৷ মথুৰাৰ বহু ধৰণৰ মিঠাইৰ ভিতৰত ‘মথুৰা পেৰা’ এবিধ বিশেষ স্বত্বাধিকাৰ থকা মিঠাই হিচাপে পৰিগণিত। লক্ষ্ণৌৰ  ঠাকুৰ ৰাম ৰতন সিঙে ১৮৫০ চনত কৰ্ণাটকৰ ধাৰৱাড চহৰলৈ গৈ  তাত পেৰা প্ৰস্তুত কৰিবলৈ ধৰে৷ সেই ধাৰৱাড পেড়া আজি GI টেগ থকা বিখ্যাত মিঠাই ৰূপে পৰিচিত। মহাৰাষ্ট্ৰত সাধাৰণতে পেৰা বিভিন্ন উৎসৱ আৰু ধৰ্মীয় অনুষ্ঠানৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা মিঠাই। ‘কাণ্ডী পেৰা’ সাতাৰা অঞ্চলত অতি জনপ্ৰিয় মিঠাই। বৰ্তমান সময়ত পেৰা নামৰ মিঠাইবিধ সমগ্ৰ ভাৰতৰ বিভিন্ন অংশলৈ বিস্তাৰ লাভ কৰিছে। ভাৰতৰ বিভিন্ন মঠ-মন্দিৰ অথবা ধাৰ্মিক অনুষ্ঠানত প্ৰসাদ হিচাপে পেৰা আগ বঢ়োৱা হয়৷ লোকবিশ্বাসমতে পেৰা ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয় মিঠাই৷ শ্ৰীকৃষ্ণৰ মাতৃ যশোদাই গাখীৰ গৰম কৰি পাহৰি যায়৷ পিছত সেই গাখীৰত চেনি মিহলাই পেৰা প্ৰস্তুত কৰি শ্ৰীকৃষ্ণক খুৱাইছিল৷ কৃষ্ণই পেৰা খাই বৰ ভাল পালে৷ সেইবাবেই শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাত পেৰাক প্ৰসাদ হিচাপে আগবঢ়োৱা হয়৷ পৰম্পৰাগত ভাবে পেৰা নামৰ এই মিঠাইবিধ প্ৰস্তুত কৰিবলৈ মাৱা আৰু চেনিৰ প্ৰয়োজন হয়৷ বৰ্তমান সময়ত পেৰা বিভিন্ন সোৱাদত পোৱা যায়৷ কেশৰী পেৰা, আখৰোট পেৰা, হেজলনাট পেৰা, চকলেট পেৰা আদি তাৰে উদাহৰণ৷ ভাৰতত দিপাৱলী, ৰক্ষা বন্ধন, গণেশ চতুৰ্থী, কৃষ্ণ জন্মাষ্টমী আদি উৎসৱত পেৰাৰ ব্যৱহাৰ হয়৷ এসময়ত অসমৰ বোকাখাটৰ পেৰাৰ যথেষ্ট সুনাম আছিল৷

হালোৱাঃ
প্ৰাচীন পাৰ্ছিয়াত (বৰ্তমানৰ ইৰাণ) হালোৱা নামৰ বিশেষ মিঠা ব্যঞ্জনবিধৰ উৎপত্তি হৈছিল বুলি বিশ্বাস কৰা হয়৷ বিভিন্ন ধৰণেৰে প্ৰস্তুত কৰা বহু কেইবিধ মিঠা ব্যঞ্জনে ৯০০ শতিকাতে হালোৱা নামেৰে পৰিচিত হৈছিল৷ ১৩০০ শতিকাত হালোৱাৰ পুৰণি পাক প্ৰণালীসমূহ লিখিত ৰূপত পোৱা গৈছিল। সেই সময়ৰ প্ৰসিদ্ধ আৰবী ৰন্ধন গ্ৰন্থ “কিতাব আল-তাবিখ” (The Book of Dishes)-ত এই মিঠা ব্যঞ্জনৰ বৰ্ণনা দিয়া হৈছিল৷ তদুপৰি ১৩০০ শতিকাৰ আল-আন্দালুছৰ (আজিৰ স্পেইন আৰু পৰ্টুগাল অঞ্চল) এজন অজ্ঞাত লোকৰ ৰন্ধন গ্ৰন্থত  হালোৱাৰ উল্লেখ পোৱা যায়। ইয়াৰ পিছত অটোমান তুৰ্কীসকলে হালোৱাক আদৰি লৈ হালোৱাত তিল ব্যৱহাৰ কৰি অধিক জনপ্ৰিয় কৰি তোলে৷ হালোৱা শব্দটোৰ অৰ্থ ‘মিঠা’ আৰু ই মূলতঃ দুই ধৰণৰ মিঠা ব্যঞ্জনৰ বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ ১) আটা, চুজি, বেচন আদিৰ লগত ঘিউ, চেনি, ইলাচি আদি দি প্ৰস্তুত কৰা এবিধ হালোৱা৷ ২) তিল, বাদাম, চেনি, ইলাচি আদিৰে প্ৰস্তুত কৰা আন এবিধ হালোৱা৷ হালোৱা বিভিন্ন ধৰণেৰে প্ৰস্তুত কৰিব পাৰি৷ মাৱা, দাইল, কণী, বিভিন্ন ধৰণৰ শুকান ফল, পাচলি, ফলমূল আদিৰেও বিভিন্ন হালোৱা প্ৰস্তুত কৰিব পাৰি৷ ভাৰতৰ ভিন ভিন ৰাজ্যত বিভিন্ন উৎসৱ-পাৰ্বন, বিবাহ, মাংগলিক অনুষ্ঠান আদিত হালোৱা প্ৰস্তুত কৰা হয়৷ ভাৰতীয়সকলে ধৰ্মীয় অনুষ্ঠান, ঘৰুৱা পূজা-পাতল বা বিশেষ উপলক্ষত সহজ আৰু সুলভ উপাদানেৰে  প্ৰস্তুত কৰিব পৰা বিশেষ হালোৱাবিধেই হৈছে চুজি হালোৱা৷ চুজি, চেনি, ঘিউ, ইলাচি আদিৰ লগত শুকান ফল কুটি দি প্ৰস্তুত কৰা এই হালোৱাবিধ ভাৰতত অতি জনপ্ৰিয়৷ আনহাতে, তামিলনাডুৰ তিৰুনেলভেলি অঞ্চলৰ ঘেঁহু, ঘিউ, চেনি, বাদাম, খেজুৰ, ইলাচি আদিৰে প্ৰস্তুত কৰা পৰম্পৰাগত মিঠা ব্যঞ্জনবিধ তিৰুনেলভেলি হালোৱা৷ ইয়াৰ নিজস্ব সোৱাদৰ বাবে ই বিখ্যাত৷ ভাৰতত শীতকালত বিশেষভাবে জনপ্ৰিয় আন এবিধ হালোৱা হৈছে গাজৰৰ হালোৱা৷ গাজৰ, চেনি, ঘিউ, কাজু, ইলাচি আদি দি প্ৰস্তুত কৰা এই হালোৱাবিধ ভাৰতীয়সকলৰ অতিকে প্ৰিয়৷ এই হালোৱাবিধৰ উৎপত্তি ক’ত বুলি ক’লে আফগানিস্তান আৰু পাঞ্জাব  বুলি নাম লোৱা হয়৷ আকৌ পিচি লোৱা বাদাম, গাখীৰ, ঘিউ, চেনি, ইলাচি আদিৰে প্ৰস্তুত কৰা বাদামৰ হালোৱাবিধ ইয়াৰ নিজস্ব সোৱাদ আৰু সুগন্ধিৰ বাবে বিখ্যাত৷ আনহাতে, ৰাজস্থানত  মগু দাইল, ঘিউ, চেনি, ইলাচি আদিৰে  প্ৰস্তুত কৰা পৰম্পৰাগত হালোৱাবিধ ৰাজস্থানৰ লগতে সমগ্ৰ ভাৰততে অতি জনপ্ৰিয়৷ শীতকালত এই হালোৱাবিধ সেৱনৰ ফলত শৰীৰ উষ্ণ ৰাখে বুলি কোৱা হয়৷

ঘেৱৰঃ
ভাৰতৰ অন্য এবিধ পৰম্পৰাগত মিঠাই হৈছে ঘেৱৰ৷ ঘেৱৰ বা ঘেৱাৰ নামৰ এই মিঠাইবিধৰ উৎপত্তি ৰাজস্থানৰ জয়পুৰ চহৰত হৈছিল বুলি জনা যায়। এই সুস্বাদু মিঠাইবিধ ৰাজপুতসকলৰ ৰাজ দৰবাৰৰ পৰা আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত সাধাৰণ জনসাধাৰণলৈ বিয়পি পৰে বুলি কোৱা হয়। ঘেৱৰ কেৱল মিঠাই নহয় বৰঞ্চ ই ৰাজস্থানী পৰম্পৰা, উৎসৱ আৰু সংস্কৃতিৰ এক গুৰুত্বপূর্ণ অংশ। ইয়াৰ ঐতিহাসিক মূল, উৎসৱৰ প্ৰাসংগিকতা আৰু সাংস্কৃতিক মান্যতাই এই মিঠাইবিধক ভাৰতীয় মিঠাইৰ জগতত এক বিশেষ স্থান প্ৰদান কৰিছে। ঘেৱৰৰ চক্ৰাকাৰ আকৃতি আৰু মৌচাক সদৃশ গঠন একতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ই সমৃদ্ধি, শুভ্ৰতা আৰু সম্প্ৰীতিৰ চিহ্ন ৰূপে ৰাজস্থানী সংস্কৃতিত স্থান লাভ কৰিছে। বিশেষকৈ ৰাজস্থানত এই মিঠাইবিধ নহ’লে যেন উৎসৱেই অসম্পূৰ্ণ৷ ঘেৱৰ হৈছে ৰাজস্থানৰ খাদ্যসংস্কৃতিৰ অবিচ্ছেদ্য অংগ৷ অতি মিঠা আৰু ঘিউৰ সোৱাদ থকা এই মিঠাইবিধ প্ৰস্তুত কৰোতে ঘিউ, ময়দা, আৰু চেনিৰ ৰস ব্যৱহাৰ কৰা হয়৷ প্লেইন ঘেৱৰ, মালাই ঘেৱৰ, মাৱা ঘেৱৰ, চকলেট ঘেৱৰ আদি ঘেৱৰৰ ভিন্ন প্ৰকাৰ৷ ৰাজস্থানত হৰিয়ালী তীজ, গংগৌৰ, ৰক্ষা বন্ধনৰ দৰে পৰম্পৰাগত উৎসৱত ঘেৱৰ মিঠাই বিশেষভাৱে প্ৰস্তুত কৰা হয় আৰু উপহাৰ হিচাপেও আদানপ্ৰদান কৰা হয়। ৰাজস্থানৰ পৰম্পৰামতে শাওণ মাহত তীজৰ এদিন আগত নতুন বোৱাৰীক শহুৰেকৰ ঘৰৰ পৰা সিঞ্জৰা দিয়া প্ৰথা আৰু বিয়া দিয়া ছোৱালী, বাই-ভনী সকলক মাকৰ ঘৰৰ পৰা সিঞ্জৰা পঠিওৱা নিয়ম৷ সিঞ্জৰাত দিয়া আভূষণ, বস্ত্ৰ, শৃংগাৰৰ সামগ্ৰী, ফলমূল, অন্যান্য মিঠাই আদিৰ লগত ঘেৱৰ নামৰ মিঠাইবিধো পঠিওৱাৰ নিয়ম আছে৷ গংগৌৰ আৰু তীজ উৎসৱত এই মিঠাইবিধ দান-বৈভৱৰ প্ৰতীক হিচাপে গণ্য হয়। ভগৱান শ্ৰীকৃষ্ণক প্ৰসাদৰ ৰূপত দিয়া ৫৬ প্ৰকাৰৰ ভোগত ঘেৱৰ মিঠাইও অৰ্পণ কৰা হয়৷ ঘেৱৰ মিঠাই কেৱল ৰাজস্থানতে সীমাবদ্ধ নহয় বৰং ই হৰিয়ানা, দিল্লী, গুজৰাট, উত্তৰ প্ৰদেশ, আৰু মধ্য প্ৰদেশতো বহুত জনপ্ৰিয়। বৰ্তমান ঘেৱৰ নামৰ মিঠাইবিধ ইয়াৰ অপূৰ্ব সোৱাদৰ বাবে সমগ্ৰ ভাৰততে জনপ্ৰিয় হৈ পৰিছে৷

তদুপৰি কালাকান্দ, চমচম, কালাজাম, ৰাব্‌ৰি, ৰসমলাই, বালুশ্বাহী, খাজা, সন্দেশ, ইমাৰটি, পেঠা, বেবিঙ্কা, কাজু বৰ্ফি, মোহনথাল, মালপোৱা, খীৰ কদম, থেকুৱা, লালমোহন, দুধপাক, গুজিয়া, শ্ৰীখণ্ড, বাসুন্দি, কুলফি আদি ভাৰতৰ বিভিন্ন ৰাজ্যৰ অতি জনপ্ৰিয় মিঠাই৷ আমাৰ অসমৰ চাউল, তিল, গুৰ, নাৰিকল আদিৰে প্ৰস্তুত কৰা তিলপিঠা, ঘিলাপিঠা, বৰপিঠা, নাৰিকলৰ লাৰু, তিলৰ লাৰু, পকা মিঠৈ আদিক মিঠাই বুলি ক’ব পাৰি৷ ভাৰত হৈছে বিবিধতাৰ এখন বিশাল দেশ৷ ভাৰতৰ বিভিন্ন ৰাজ্যত বহুতো ভাষা, ধৰ্ম, জাতি আৰু খাদ্য-সংস্কৃতি থকা স্বত্বেও মিঠাই হৈছে এনে এটা উপাদান, যিয়ে সকলো জাতি, ধৰ্ম, অঞ্চল, সমাজ, ধৰ্মীয় ৰীতিৰ সকলো সীমা পাৰ হৈ ভ্ৰাতৃত্ব, সম্প্ৰীতি আৰু ঐক্যৰ বাৰ্তা দিয়ে৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.