প্রেমৰ ৰং

30

বাসৱী কাশ্যপ

প্রতিগৰাকী যুৱক–যুৱতীয়ে ভেলেণ্টাইন ডেৰ বাবে আগ্রহেৰে অপেক্ষা কৰে৷ এইটো প্রেমৰ দিনতে অতি বিশেষ কাৰোবাক প্রেম নিবেদন কৰাৰ সুযোগ লাভ কৰে আৰু এই ৰোমাণ্টিক দিন এটা উদ্যাপন কৰাৰ বাবে অধীৰ আগ্রহেৰে বাট চাহ থাকে৷ এই দিনটোত সকলোৱে নিজক আকর্ষণীয় দেখুৱাব বিচাৰে৷ এই দিনটোৰ বাবে আপুনি এযোৰ সুন্দৰ সাজ–পোছাকৰ সিদ্ধান্ত লৈছেনে এই প্রবন্ধত আমি আলোচনা কৰিম ভেলেণ্টাইন ডেৰ সাজসজ্জা আৰু ৰঙৰ বিষয়ে৷ আপুনি জানেনে যে ভেলেণ্টাইনৰ ড্রেছ কোড আছে হয়, প্রতিটো ৰঙৰ বেলেগ বেলেগ অর্থ থাকে, যাৰ জৰিয়তে আপোনাৰ সম্পর্কৰ অৱস্থা বা আৱেগ কি, সেই কথা আনজনক জনাব পাৰে৷

ভেলেণ্টাইন ডেৰ ৰঙৰ তাৎপর্য
ভেলেণ্টাইন ডেৰ বাবে ৰঙৰ অর্থ বেলেগ বেলেগ, যিয়ে এজন ব্যক্তিক বেছি নকলেও নিজৰ আৱেগ আৰু বর্তমানৰ সম্পর্কৰ অৱস্থা প্রকাশ কৰাত সহায় কৰিব৷ উদাহৰণস্বৰূপে, ভেলেণ্টাইন ডেত কলা ৰঙৰ কাপোৰ পিন্ধিলে আপুনি প্রেমৰ প্রতি আগ্রহী নহয় বুলি বুজাব বা নীলা ৰঙৰ কাপোৰ পিন্ধিলে, অর্থাৎ আপুনি প্রস্তাৱৰ বাবে মুকলি৷ ভেলেণ্টাইন ডেৰ ৰং বাছনি কৰি আপুনি আনক জনাব পাৰে যে আপুনি প্রপজ কৰাজনৰ পৰা উত্তৰৰ বাবে অপেক্ষা কৰি আছে নে মাত্র ব্রেকআপ হৈছে৷ তলত উল্লেখ কৰা হৈছে কেহটামান ৰং আৰু অর্থ, যিয়ে আপোনাক ভেলেণ্টাইন ডেত ৰং বাছনি কৰাত সহায় কৰিব–

ভেলেণ্টাইন ডেৰ ৰঙৰ ড্রেছ কোড
ৰঙা ৰং মই প্রেমত পৰিছোঁ
প্রথমতে ভেলেণ্টাইনছ ডেত ৰঙৰ পোছাককে বুজায় প্রেম আৰু ৰোমাঞ্চৰ প্রতীক৷ আৰু এই ভেলেণ্টাইন ডেত আপুনি ৰঙা ৰঙৰ সাজ–পোছাক পিন্ধিব পাৰে, যাতে মানুহে জানিব পাৰে যে আপুনি ইতিমধ্যে প্রেমত পৰিছে, আৰু ই দুপক্ষীয়৷

হালধীয়া ব্রেকআপ
যদি আপুনি শেহতীয়াকৈ ব্রেকআপ কৰিছে তেন্তে ভেলেণ্টাইন ডেৰ বাবে হালধীয়া ৰং বাছি লওক৷ হয়তো আপোনাৰ বাবে কোনোবাই অপেক্ষা কৰি থাকিব পাৰে৷

কমলা মই প্রস্তাৱ দিম
ভেলেণ্টাইন ডেৰ বাবে আমাৰ ড্রেছ কোডৰ তালিকাত পৰৱর্তী স্থানত আছে কমলা ৰং৷ ভেলেণ্টাইন ডেত এই উল্লসিত আৰু সজীৱ ৰংটো পিন্ধিলে এই বার্তা প্রেৰণ হয় যে আপুনি যিজনক ভাল পায় তেওঁক প্রেমৰ প্রস্তাৱ দিব৷

নীলা প্রস্তাৱ আমন্ত্রণ কৰা হৈছে
এই দিনটোত আপুনি মুক্ত আৰু এই ভেলেণ্টাইন ডেত প্রস্তাৱ গ্রহণ কৰিব পাৰিব বুলি বার্তা প্রেৰণ কৰিবলৈ পিন্ধিব পৰা ৰংটোৱেই হৈছে নীলা৷ কিন্তু যদি আপুনি এংগেজমেণ্ট বা বিবাহিত, তেন্তে এই দিনটোত নীলা ৰং পিন্ধাটো এৰি দিয়ক৷

গোলাপী প্রস্তাৱ গ্রহণ কৰা হৈছে
ইয়াৰ পিছত ভেলেণ্টাইন ডেৰ ৰং গোলাপী, যিটো ইমানেই ধুনীয়া আৰু আদৰণীয়৷ ভেলেণ্টাইন ডেৰ সপ্তাহত গোলাপী ৰঙৰ সাজে মানুহক জনায় যে আপোনাৰ প্রস্তাৱ গ্রহণ কৰা হৈছে৷

কলা প্রস্তাৱ নাকচ কৰা হৈছে
কলা ৰং যিটো ভেলেণ্টাইন ডেত পিন্ধিবলৈ সুখী নহয়৷ ইয়াৰ অর্থ হল এটা প্রস্তাৱ নাকচ কৰা হৈছে৷

সেউজীয়া মই অপেক্ষা কৰি আছোঁ
আমি সকলোৱে জানো যে সেউজীয়া আৰু পৰিৱেশক প্রতিনিধিত্ব কৰা ৰংটোৱেই যদি পিন্ধাটোৱেও প্রেমৰ প্রতি আগ্রহী বা বিচৰা নাই৷ সেউজীয়া৷ কিন্তু ভেলেণ্টাইনৰ সপ্তাহৰ ড্রেছ কোড অনুসৰি সেউজীয়া ৰংটো হৈছে অপেক্ষা ৰং৷ যদি আপুনি কাৰোবাক প্রপজ কৰিছে আৰু তেওঁ এতিয়াও আপোনাক উত্তৰ দিয়া নাই তেন্তে এহ ৰংটো বাছি লওক৷

বগা মই এংগেজড
ইতিমধ্যে প্রেমত পৰা বা সংগীৰ লগত সুখেৰে এংগেজমেণ্ট কৰাসকলৰ বাবেও এটা ৰং আছে৷ ইতিমধ্যে এংগেজমেণ্ট কৰা লৰা–ছোৱালীৰ বাবে ভেলেণ্টাইনৰ ড্রেছ কোড বগা ৰং বাছি লব পাৰে৷

বেঙুনীয়া বা ধূসৰ মই আগ্রহী নহয়
যদি আপুনি মানুহক জনাব বিচাৰে যে আপুনি এতিয়া কোনো প্রস্তাৱৰ প্রতি আগ্রহী নহয়, তেন্তে আপুনি বেঙুনীয়া বা ধূসৰ ৰঙৰ সাজ–পোছাক বাছি লব পাৰে৷

ভেলেণ্টাইন উইকৰ সময়ত সাজসজ্জাৰ ৰং বাছনি কৰি হয়তো এজন ব্যক্তিৰ প্রেমৰ আৱেগ–অনুভূতিবোৰ প্রকাশ কৰা বাবে সর্বোত্তম উপায় বা ৰংবোৰৰ জৰিয়তে আপুনি আপোনাৰ মনৰ ভাৱ ব্যক্ত কৰিব পাৰে৷ আৱেগ গধুৰ হলেও তাক এক অনন্য ৰূপত প্রকাশ কৰিবলৈ ৰং আছে৷ মাত্র এই ৰঙৰ কডসমূহৰ সৈতে সুন্দৰ সাজ–পোছাকৰ ধাৰণা সৃষ্টি কৰি ভেলেণ্টাইন ডে বা এই প্রেমৰ এটি ৰোমাণ্টিক দিন উদ্যাপন কৰক প্রিয়জনৰ সৈতে৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.