আলোচিত্ৰ আঁৰৰ আত্মকথা

মনোজ কুমাৰ ডেকা

…লক্ষ্মীৰাম বৰুৱা সদন। সোঁৱৰণী সভা এখনি শেষ হোৱাৰ পিছৰ কথা। ডেকা ল’ৰা এজনে হীৰুদা(কাব্য শিৰোমণি হীৰেন ভট্টাচাৰ্য)ৰ ফটো লৈছে। হেঁপাহেৰে। একেৰাহে ।…খিছি…খিছি…খিছক…

খিছিক…খিছিক…
খিছিক…

ফটো লোৱাৰ পিচত যুৱকজনে হিৰুদাক ফটোবোৰ দেখুৱালে। চেগতে নিজৰ কেমেৰাটোৰ বিষয়েও কৈ গ’ল- “…মানে হীৰুদা, এইটো টিপিলে একেৰাহে বহুত ফটো লব পাৰি!…এইটোৱে ফ’কাছ কৰে ; নিজে নিজে!…এইটো চুইছ টিপি দিলে কেমেৰাটোৱে নিজেই জুম কৰে !…এইটো…এইটো…এইটো…!”

যুৱকজনে বেছ কিছু সময় বুজালে হিৰুদাক। হিৰুদাই কি বুজিলে নাজানো। কিন্তু শুনিলো, তেখেতৰ তীক্ষ্ণধী মনে হঠাৎ সুধি পেলালে বহুজনক জোকাৰি দিব পৰা এটি প্রশ্ন-“সকলো যদি মেচিনটোৱে কৰে, তুমি কি কৰা !?”

হঠাৎ এক বিৰাট নিৰৱতাই সমগ্ৰ পৰিবেশটোক নিশব্দে চোবাই গিলি পেলাইছিল। মানুহৰ মন মগজুৱে প্ৰশ্নটোক গুৰুত্ব সহকাৰে লৈছিল। উপস্থিত সমূহৰ বেছিভাগেই বোধকৰো অকলে হলেও এদিন স্বীকাৰ কৰিছিল- ” মানুহ লাগে। মানুহ লাগে। মানুহে মানুহৰ বাবে ভাবে। মানুহে মানুহৰ বাবে নাভাবে, কথাষাৰ সম্পূৰ্ণ সচাঁ এতিয়াও নহয়! সেয়ে, মানুহে মানুহৰ সহায় হওক বুলি মানুহে বুলি যন্ত্ৰ সাজে ।”

কিন্তু মন কৰিব, যন্ত্ৰৰ পিছফালে সদায় এজন মানুহ থাকে । কিয়নো যন্ত্ৰ মানুহ নহয় । সেয়ে হৃদয়হীন সীমিত আজ্ঞাৰ অধিকাৰী অনুগত যন্ত্ৰৰ পিছফালে আজিও থাকে এজন মানুহ

মানুহ লাগে।
মানুহৰ বাবে স্মৃতি বৰ আপুৰুগীয়া।

যদি মনত পেলায় বা অধ্যয়ন কৰে দেখিব, আমি আজিৰ পৰা বহু কোটি বছৰ আগেয়েও নিৰাপদ নাছিলো। …আমি আমাৰ সভ্যতাৰ বীজ সিঁচি, বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি আগবঢ়াৰ সময়ত এই পৃথিৱীত আন এনে বহু সদস্যপ্ৰাণী আছিল, যাৰ বাবে আমি আছিলো তেওঁলোকৰ এবিধ ‘প্রিয় খাদ্য’! যিকোনো মুহূৰ্তত আমাক গচকি পেলাব পাৰে এটা বিৰাট নোমাল দঁতাল হাতীয়ে। …জাপ মাৰি ডিঙিত কামুৰি ধৰিব পাৰে এটা বিৰাট বাঘ বা সিংহই।…মাথো তেতিয়া আমি লিখিব পৰা নাছিলো-

“অথিৰ ধন-জন
জীৱন যৌৱন
অথিৰ ইহঃ সংসাৰ !”

তথাপিও, আমি মানুহে যে- আমি চেষ্টা কৰিছিলো, আমি কৈ যাম । …আমি তহঁতৰ বাবে থৈ যাম আমাৰ কথাবোৰ । কোনে, ক’ত, কেতিয়া, কিয়, কি !

মানুহে আশ্ৰয় লোৱা গোহাত ছবি আঁকিলে- এনেকৈ আমি চিকাৰ কৰিছিলো ! চা না…!

পোনতে গোহাচিত্ৰ। গোহাচিত্ৰ মানুহৰ স্মৃতি ৰক্ষাৰ হেঁপাহৰ প্ৰথম পদক্ষেপ। আৰু, কেতিয়াবা তাত মানুহৰ বহুৰঙি মনে ৰং সানিলে । তাৰপিছত ?

তাৰপিছত, ৰজা গল চিকাৰলৈ। বাট হেৰুৱালে। হঠাৎ এজন দুখীয়াই আশ্ৰয় দিলে। দুখীয়াৰ জিয়াৰীয়ে ৰজাৰ শুশ্ৰূষা কৰিলে । ৰজা ‘ফিদা’!…জংঘলতেই বিয়া-থিয়া পাতি দিলে। …কিন্তু কি হ’ল জানো, ছোৱালীজনীৰ মৃত্যু হ’ল । মানে, ৰাণীৰ । ৰজাই তেখেতৰ স্মৃতিত বহু মূৰ্তি নিৰ্মান কৰিলে। কিন্তু সেইবোৰৰ ‘এলবাম’ !?…কঢ়িয়াই লৈ ফুৰা সম্ভৱ নাছিল। বিশেষকৈ স্মৃতিকাতৰ সাধাৰণ লোকৰ বাবে স্মৃতি ৰক্ষাৰ তেনে উপায় সমূহ আছিল অসাধ্যপ্ৰায় ।

মানুহে সহজ উপায় বিচাৰিলে। এদিন দেখিলে বন্ধ কোঠাত কোঠাৰ বিন্ধাৰে সোমোৱা পোহৰে বিপৰীত বেৰত বাহিৰৰ দৃশ্যৰ অবিকল ৰূপ আঁকিছে । বছ , আৰম্ভ হ’ল নতুন যুগৰ। মানুহে ‘পিনহ’ল’ কেমেৰা, টি.এল.আৰ, এছ.এল.আৰ কেমেৰাআবিষ্কাৰ কৰিলে। আবিষ্কাৰ কৰিলে ফিল্ম, অন্যান্য প্ৰয়োজনীয় সামগ্ৰী- কেমিকেল, পেপাৰ ইত্যাদি ।

তাৰপিছত ডিজিটেল।
এতিয়া ফটোগ্ৰাফী সুলভ। সহজ । সহজ হৈ পৰিল স্মৃতি ৰক্ষা বা সত্য প্রতিষ্ঠা। মানুহৰ সমাজত, সত্য প্ৰতিষ্ঠা, স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত ফটোৱে আজিও এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিয়নো ফটোৱে সাধাৰণতে মিছা কথা নকয়। ফটোৱে মিছা কথা নকয় বাবেই আজিও আমি শিহৰি উঠো ‘চাইগন এগজিকিউশ্যন’ শীৰ্ষক ছবিখন চাই।

উত্তৰ ভিয়েটনামৰ ভিয়েটকং নেতা নগোৱেন ভন লেমক দিনৰ পোহৰত ‘পইণ্ট ব্লেংক’ দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল দক্ষিণ ভিয়েটনামৰ মিলিটাৰী বিষয়া নগোৱেন গক ল’নে। দিন আছিল- ০১ ফেব্ৰুৱাৰী ১৯৬৮। ফটোখন লৈছিল এডি আদামছ নামৰ আমেৰিকান এগৰাকী ফটো সাংবাদিকে। ফটোখনে আজিও কয় কিয় যুদ্ধ বিধ্বংসী। ভয়াবহ। ভয়ানক। ফটোখন লোৱাৰ অৰ্ধ শতিকা পিছত ই আজিও সজোৰে চিঞৰে। কয়- যুদ্ধ মানুহ আৰু মানৱীয়তাৰ শত্ৰু ।

একোখন ফটোৱে মানুহৰ আমানৱীয় সীমাহীন দুৰ্নীতি, স্বাৰ্থপৰতা আৰু ইয়াৰ বুকুভঙা পৰিণতিৰ কথাও কয় । একোখন ফটোৱে সদায় কয় একাংশ মানুহৰ, নেতা বা বিষয়াৰ জনবিৰোধী কামৰ বাবে, কোনো ‘ৰাজশ্ৰী’ৰ বাবে অষ্ট্ৰেলিয়াত মুদ্ৰাস্ফীতি হব পাৰে ; হব পাৰে ছোমালিয়াত দুৰ্ঘটনা । ধ্বংস হব পাৰে এখন ৰাষ্ট্ৰ, তাৰ সাধাৰণ মানুহৰ জীৱন । মানুহৰ জঘন্য স্বার্থপৰতাই শেষ কৰে খাদ্য, নিঃশেষ কৰে জীৱন ।

….এই সমূহ কথাৰ প্ৰমাণ ‘Starving child and the vulture’ শীৰ্ষক ছবিখন । এক অৰ্থত ভয়ানক ছবিখনত দেখা যায় ছোমালিয়াৰ দুৰ্ভিক্ষগ্ৰস্ত এটি মৃত্যুমুখী শিশু আৰু নিজৰ সম্ভাব্য খাদ্যৰ বাবে ৰৈ থকা এটি শগুন । জীৱনৰ বাকীছোৱা পথ ইমানেই অন্ধকাৰ যে সংগিহীন, সহায়হীন নিঃস্ব শিশুটিয়ে মাটিত মুৰগুজি প্ৰায় ৰ’ড কৰিছে জীৱন যাত্ৰা । আনপিনে নিস্প্ৰাণ দেহৰ মঙহ খাই জীৱনৰ বাটবোলা শগুণটোৱে বাট চাইছে । নিজক যেন প্ৰবোধ দিছে- আৰু কেইটামান মুহূৰ্তৰ অপেক্ষা …কুমলীয়া মানুহৰ মঙহ ছোবাম !

ছবিখনে নষ্ট মানুহৰ ক্ষমতাৰ খকে নাঙঠ কৰা মানৱীয়তাক এনেকৈ প্ৰতিষ্ঠা কৰে যে ই বিতৰ্কৰ চাকনৈয়াত আজিও বন্দী।

ইয়াত বিপৰীতে আমেৰিকাৰ ‘টাইমছ স্কোয়াৰ’ৰ প্ৰায় সন্মুখতে যুদ্ধ সমাপ্তিৰ আনন্দত উদবাউল ঘৰমুখী নাবিকে এগৰাকী নাৰ্ছ’ক সাৱটি চুমা দিয়া ছবিখনে বহু কথা কয়। যুদ্ধ, হত্যা, হিংসা, ভাবুকিৰ ছাঁত কোনে জিয়াই থাকিব বিচাৰে? এটি মুকলি পৰিবেশত মুকলি মনেৰে সাধাৰণ সকলোৱে জীয়াই থাকিব বিচাৰে। সেয়ে ১৯৪৫ চনত আলফ্ৰেড আইজেনষ্টেডে লোৱা ছবিখন আজিও মানুহৰ প্রিয় ।

…মন কৰিব, উল্লেখ কৰা প্ৰায় আটাইখন ফটো ফটো সাংবাদিকতাৰ অনন্য উদাহৰণ । কিন্তু, ই ফটোগ্ৰাফীৰ এটি ভাগ হে!…ফটোগ্ৰাফীৰ পৃথিৱীখন তুলনামূলক ভাৱে কিছু বিস্তৃত পৰিসৰৰ। খেল, প্ৰকৃতি, বন্যপ্ৰাণ, ফেচন, পানীৰ তলৰ পৃথিৱী- আপুনি যি কোনো এটা বিষয়, যি কোনো এখন ক্ষেত্ৰ বাছি লৈ কাম কৰিব পাৰে। ফটোগ্ৰাফী কৰিব পাৰে। মাথো ইয়াতো আন সকলো কামৰ দৰে আপুনি আপোনাৰ সৰ্বোচ্চ দায়িত্ববোধ প্ৰদৰ্শন কৰিব লাগিব, আপোনাৰ কামৰ জৰিয়তে সমাজ কেনেকৈ উপকৃত হব তাৰ এখন ‘roadmap’ লাগিব। লাগিব বহু বেছি অধ্যয়ন ।

মন কৰিব, আমি অসমৰ বাসিন্দা। আমি বাস কৰো ভাৰতবর্ষৰ উত্তৰ-পূৰ্বাঞ্চলত । এয়াই আমাৰ উত্তৰ পূৰ্বাঞ্চল য’ত ২৫০টাতকৈ অধিক জাতি জনগোষ্ঠীয়ে বাস কৰে। এয়াই অসম য’ত বাস কৰে দেৰকুৰিতকৈ অধিক জাতি জনগোষ্ঠী। তেওঁলোকৰ ভাষা, ৰীতি-নীতি, পৰম্পৰা, বিশ্বাস, খাদ্য, পোছাক সকলো বেলেগ। কিন্তু ফটোগ্ৰাফীৰ সহায়ত আমি কি কৰিছো কওঁক !…১০% কামো আজিলৈ কৰা হোৱা নাই। আজিও আমাৰ ১০০গৰাকী ব্যক্তিৰ মাজত হয়তো এনে এজন ব্যক্তি নোলাব যাৰ হাতত অসমৰ খাল-বিল, নৈত পোৱা ৫০ প্ৰকাৰৰ মাছৰ ফটো আছে ! পৰিতাপৰ কথা, আমাৰ একো নাই । খাদ্য নাই, পোছাক নাই, ঘৰ নাই, ৰীতি-নীতি, পৰম্পৰা, লোকবিশ্বাস একো নাই। আমি কোনো গুণী মানুহক দেখুৱাব পৰাকৈ একোৱেই ধৰি থোৱা নাই । কাৰণ, গৱেষণা বা ভৱিষ্যতৰ চিন্তা আমাৰ তেজত নাই। আমি মাথো খাই বৈ গাড়ী-বাৰী লৈ জীয়াই থাকিব লাগে। …ও পাৰিলে উৰ্ধ বাহুৰে ফটো উঠিব লাগে। ৰিল-থিল বনাব লাগে। নে কি !?

বিশ্ব আলোকচিত্ৰ দিৱসৰ এই পবিত্ৰ সময়ত ই চিন্তাযোগ্য বিষয়। হাতত কেমেৰা নাইবা উচ্চ প্ৰযুক্তিৰ ম’বাইল এটি লৈ আমি বিশ্বৰ অন্যতম ‘জৈৱ বৈচিত্ৰ উষ্ণ অঞ্চল’ত বাস কৰাৰ কি ‘মূল্য’ থাকিল!…কথাষাৰে যদি আপোনাক হৃদয়ৰ কোনো এটি কোণত মৃদুকৈ হলেও খোচ মাৰিছে তেন্তে কামত লাগক। এতিয়াই। …একো নাথাকিলে, ম’বাইলটো লৈ ওলাই যাওক। নিজৰ ঘৰৰ পৰা ১০০মিটাৰ আঁতৰলৈ যাওক। যাওঁতে পথৰ দুয়োকাষে লক্ষ্য কৰিক চিনাকি-অচিনাকি ঘৰৰ বা বনৰ ফুলবোৰ। ফটো লওক। …দেখিব হঠাৎ অচিনাকি পৃথিৱী এখন আপোনাৰ হাতেৰে উদ্ভাসিত হৈ পৰিছে। দেখিব, আপুনি লোৱা প্ৰতিবিধ ফুলেই বহু বেলেগ বেলেগ । যি সৃষ্টিকৰ্তাৰ অনন্য সৃষ্টি বা আপুনি জীয়াই থকা ভূখণ্ডৰ একো একোটা মণি। যাক আপুনি লক্ষ্য কৰা নাছিল । উপকাৰী-অপকাৰী, ঔষধি, গছ-লটিকা, ফুল ফল, চৰাই, মাছ-কাছ আদি সকলোবোৰ আপোনাৰ কেমেৰাৰ বিষয়বস্তু । আজিয়েই যদি আপুনি সৰু সৰু ‘টোকা’ একোটাৰে এই বস্তুবোৰৰ ফটো নলয়, তেন্তে ই হেৰাই নাযাব ? …কি দেখুৱাব আপুনি আপোনাৰ ভৱিষ্যত প্ৰজন্মক ? অথচ আপুনি জানেই- আমি নিতৌ হেৰুৱাও আমাৰ ভাষা, আমাৰ কৃষ্টি, আমাৰ সংস্কৃতি, আমাৰ প্ৰকৃতি।

এই যে হেৰুৱাও, তাৰ অনুভৱেই স্মৃতি ৰক্ষাৰ তাগিদা দিয়ে। আমি জানো যে আমি নিতৌ হেৰুৱাই গৈ আছো, সেয়ে ব্ৰহ্মাণ্ডত নতুন সংগী বিচাৰো। সকলোৰে শেষত আমি আজিও মানুহ বিচাৰো। লগ বিচাৰো। বন্ধু বিচাৰো। এখন পৃথিৱী বিচাৰো। সেয়ে আমি আজিও দৌৰি ফুৰিছো অনন্ত ব্ৰহ্মাণ্ডত । চিঞৰিছোঁ, চাইছো হেঁপাহেৰে, বিৰাট আকুলতাৰে-

“কোনোবা আছা নেকি ঔ !”

কল্পনা কৰক- আমি পাই গলো কাৰোবাক…আমাৰ দৰেই দেখিবলৈ। আমাৰ পৃথিৱীখনৰ দৰেই আন এখন পৃথিৱী। কেনে লাগিব? …বোধকৰো আমি সেইদিনাও বহুত ফটো উঠিম। সেই একেটা কাৰণত-

“এয়া চোৱা, প্ৰথম আমাৰ দৰে আন এখন পৃথিৱী আবিষ্কাৰ কৰাৰ সময়ত লোৱা ফটোখন। …এয়া তোমাৰ ককা । ফুৰ্তিত কেনেকৈ জপিয়াই আছিল চোৱা !”

তেনে হব নোৱাৰে ? …পাৰে । তেনে হব পাৰে। তেনে এখন ফটো লোৱা হব পাৰে। তেনে এখন ফটো চাই স্মৃতি ৰোমন্থন হব পাৰে। আৰু একমাত্ৰ সেইবাবে মানুহে মানুহ বিচাৰি ‘ভয়েজাৰ’ পঠিয়াইছে অনন্ত ব্ৰহ্মাণ্ডলৈ। ঘণ্টাত ৬০,০০০কিঃমিঃতকৈ অধিক বেগত ভয়েজাৰ ব্যস্ত অনন্ত যাত্ৰাত। ভয়েজাৰেআমাৰ সৌৰজগতৰ সীমা অতিক্ৰম কৰি যোৱাৰ সময়ত পৃথিৱীৰ পৰা নিৰ্দেশ দিয়া হৈছিল-“ভয়েজাৰ, কেমেৰাটো সৌৰজগতৰ ফালে ঘূৰাই লোৱা । এখন ফটো তোলা । আমাৰ ঘৰৰ ফটো । আমাৰ পৰিয়ালৰ ফটো !.. “

সূৰ্য্যক লৈ ৯টা গ্ৰহৰ’সৌৰজগত’খন ‘হাতিপটি’ নামৰ গাঁওখনত থকা এইটো এটা সৰু পৰিয়াল নহয় নে? কিন্তু, ইমানদিনে আমাৰ পৰিয়ালৰ এখন ‘গ্ৰুপ’ ফটো নাছিল। সিদিনা ‘ভয়েজাৰ’এ তুলিলে। …ছবিখনত আটাইকেইটা গ্ৰহ স্পষ্ট নহয়। আমাৰ পৃথিৱীক দেখা গৈছিল এটা ‘শেঁতা ৰঙৰ নীলা বিন্দু’ৰ দৰে । অনন্ত ব্ৰহ্মাণ্ডত আমি এটা সৰু শেঁতা নীলা বিন্দু। তাকে দেখি প্ৰখ্যাত বৈজ্ঞানী কাৰ্ল চেগানে কৈছিল- “সেয়া চোৱা, আমাৰ ঘৰ । আমাৰ পৃথিৱী…য’ত সঞ্চিত আছে চিকাৰী, ভোকাতুৰ, সৃষ্টিশীল, ৰজা-প্ৰজা,কৃষক মা-দেউতা …সমূহৰ সপোন…অভিজ্ঞতা !”

কিন্তু, মনে কয় কাৰ্ল চেগানে কব পাহৰিলে- চোৱা তাতেই আছে এচাম ফটো তুলি ভাত খোৱা মানুহ । শ্ৰম কৰি খোৱা মানুহ। যাক তোমালোকে আজিও বেছি সন্মান নিদিয়া। যেন এজনক সন্মান দিলে তোমালোকৰ সন্মান হানি হব! …তোমালোকে তেওঁলোকক নোসোধো- কিবা খালে নে? বা, কামৰ শেষত তেওঁলোকক পাবলগীয়া পইচা কেইটা ভালকৈ ঘূৰাই নিদিয়া। অথচ তেওঁলোকক তুলি দিয়ে এনে একোখন ছবি যাক চাই তুমি লিখিব পাৰা ৰাষ্ট্ৰ ভেটি কঁপাই তুলিব পৰা এটা প্ৰবন্ধ, এটা গল্প, এখন উপন্যাস বা এটা আত্মা জোকাৰি দিব পৰা কবিতা ।

যদি আমি ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ আৰু সুৰক্ষা নকৰাটো বাছি লওঁ, তেন্তে ই এটা দুখৰ দিন হ’ব য’ত পূৰ্বপুৰুষসকলে এতিয়াৰ পৰা এখন মৃত্যুমুখত পৰা পৃথিৱী এৰি ‘উন্নত’ পৃথিৱীৰ আশাত যাবলগীয়া হ’ব, যিখন পৃথিৱী হয়তো আমাৰ বাবে নাথাকিবও পাৰে।

শেষত কওঁ, পৃথিৱীৰ মঙ্গল কামনাৰে কিবা অকণ কৰক। ফটো লওক। …মনে কয় আপুনি কৰিবই। কিয়নো, আমি উদযাপন কৰিছো ‘বিশ্ব আলোকচিত্ৰ দিৱস’!

ফোনঃ ৬০০১৩-০২৬৭৫

You might also like

Comments are closed, but trackbacks and pingbacks are open.