চকুলো : হাঁহি আৰু আনন্দৰ সমাহাৰ

ডাঃ কৰুণা হাজৰিকা

“কান্দোনত চিৰন্তন সুখ থাকে, সেইবাবেই মই কান্দিবলৈ বৰ ভাল পাওঁ।“ – স্বামী বিবেকানন্দ

আজি আমি জীৱনৰ সম্পূৰ্ণ এটা বেলেগ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিম। পাঠক সকলে নিশ্চয় অনুমান কৰিব পাৰিছেই। সেয়া হৈছে আমাৰ সুখৰ আৰু দুখৰ দিনত সততে উপলব্ধ আমাৰ চকুৰ চকুলো। আমাৰ চকুলো বহু কাৰণত ওলাব পাৰে। আমাৰ চকুলো ওলালেই ওচৰত থকাজনে নিশ্চয় সদায়েই সহানুভুতি সূচক চাৱনি বা মন্তৱ্য় দিয়ে যি নেকি আমাৰ মনত অলপ হলেও সান্তনা বা শান্তি দিয়ে। সাধাৰণতে, আমাৰ চকুত যেতিয়াই চকুলো নিগৰিত হয় তেতিয়া সেই পৰিস্থিতিক আমি কান্দোন বোলো। আৰু এই কান্দোন হৈছে বিভিন্ন ধৰণৰ আৱেগৰ প্ৰতি আমাৰ এক সাধাৰণ মানৱীয় সঁহাৰি। আনহাতে দেখা গৈছে কান্দোন আকৌ বিষ উপশম প্ৰদান কৰাৰো এটা উপায়। ইয়াৰ উপৰিও কান্দোনৰ পৰা বহুতো সামাজিক আৰু শাৰীৰিক সুবিধা নোহোৱা নহয়। অৱশ্যে, সঘনাই, নিয়ন্ত্ৰণহীনভাৱে বা কোনো স্পষ্ট কাৰণ নোহোৱাকৈ কান্দিলে অসন্তুষ্টিৰ লক্ষণও হ’ব পাৰে বা মানসিক ৰোগৰো কাৰণ হ’ব পাৰে । আমাৰ সকলোৰে কান্দোনৰ অভিজ্ঞতা নিশ্চয় আছে। মানুহে যি কোনো সময়তে বা কোনো বিশেষ পৰিস্থিতিৰ বাবে কান্দিব পাৰে। লগতে আৰু বহুতো বেলেগ বেলেগ আৱেগেও মানুহক কান্দুৱাব পাৰে। প্ৰশ্ন হয় মানুহে কিয় কান্দে ? আহক্চোন এই কান্দোনৰ কাৰণ আৰু লাভা-লাভৰ ওপৰত উমান লওঁ।

বিভিন্ন সমীক্ষাত গৱেষকসকলে উল্লেখ কৰিছে যে কান্দোনে শৰীৰ আৰু মনৰ বাবে বিশেষ কিছু সুবিধা প্ৰদান কৰে আৰু সেইবোৰ আমি সকলোৱে উপলব্ধি কৰা ধৰণেই নৱজাতক কেঁচুৱাৰ প্ৰথম কান্দোন বা চিঞৰৰ পৰাই আৰম্ভ হয়। কান্দোন সাধাৰণতেই খং, হতাশা বা দুখৰ দৰে আৱেগৰ লগত জড়িত হৈ থাকে। যিকোনো সুখৰ পৰিস্থিতিৰ কথা ভাবিলে সকলোৰে নিশ্চয় চকুলোৰ কথা প্ৰায়েই নাহে। কিন্তু ‘আনন্দৰ চকুলো’ ( Happy tears) শব্দটোৰ কথা নিশ্চয় শুনিছে। আমি এনে কিছু লোক দেখা পাওঁ যি তেওঁৰ সুখৰ সময়তো চকুলো নিগৰাই কান্দে। যি সুখী, আনন্দিত বা উত্তেজিত হ’লে কান্দে—এই সকলোবোৰ তেওঁলোকৰ ইতিবাচক আৱেগ। গতিকে, যদি আমি সাধাৰণতে ভাল খবৰ পালে আনন্দৰ চকুলো উলিৱাও , আমি বুজিব লাগিব যে আমি অকলশৰীয়া নহয়। সাধাৰণতে হতাশা, খং বা দুখৰ অনুভৱৰ সৈতে জড়িত কান্দোনটো আকৌ আনন্দৰ অনুষ্ঠানৰ সাক্ষী হ’বলৈ যোৱাটো কিছু বিভ্ৰান্তিকৰ যেন লাগে। কিন্তু বাস্তৱত ই প্ৰায়ে এনেকুৱা পৰিস্থিতিৰ সৃস্তি হয়। ইয়াৰ পৰা এইটো বুজা যায় যে তেওঁৰ দমন কৰা অনুভূতি আছে আৰু সেয়ে যিসকল লোকে আনন্দদায়ক কিবা এটা অনুভৱ কৰিলে কান্দিব পাৰে তেওঁলোকৰ অন্তৰ্নিহিত দুখৰ অনুভৱ হয় যিটো তেওঁলোকে সন্মুখত প্ৰকাশ কৰিব লৈ দ্বিধা বোধ কৰে। এই বিষয়ে প্ৰকাশিত এটা প্ৰাথমিক তত্ত্বই কৈছে যে দমন কৰা অনুভূতিৰ ফলতেই এনে পৰিস্থিতিৰ সৃস্তি হয়। কোনোৱে কৈছে “কান্দোন হৈছে এক গুৰুত্বপূৰ্ণ সুৰক্ষা ভাল্ভ, মুখ্যতঃ ই ভিতৰৰ কঠিন অনুভূতি বোৰ ধৰি ৰাখে- যাক মনোবিজ্ঞানীসকলে দমনমূলক ব্য়ৱস্থা বুলি কয়- আৰু ই আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।” বিভিন্ন প্ৰকাৰৰ সমীক্ষাবোৰে ইয়াক দমনমূলক ব্য়ৱস্থা বা মোকাবিলাক, চাপ, চিন্তা আৰু হতাশাৰ লগতে হৃদৰোগ, উচ্চ ৰক্তচাপ, আৰু এক আপোচকৰা ৰোগ প্ৰতিৰোধ প্ৰণালীৰ সৈতে জড়িত কৰিছে।

এণ্ডোজেনাছ ওপিঅইড, যাক এণ্ডোৰ্ফিন বুলিও কোৱা হয়, আৰু অক্সিটচিন, এই দুটা আমাৰ বাবে নিতান্তি উপযোগী হৰম’ন, যি শাৰীৰিক আৰু আৱেগিক দুয়োধৰণৰ বিষ হ্ৰাস কৰে। এই কেইবিধ সাধাৰণতে কান্দোন ৰত অৱস্থাত আমাৰ শৰীৰত প্ৰচুৰ পৰিমানে নিৰ্গত হয়। কিছুলোকে যেতিয়া বিৰক্তি, লোকচান, কষ্ট বা চাপৰ সন্মুখীন হয়, তেওঁলোকে নিজে কঠিন হ’বলৈ চেষ্টা কৰে তেতিয়া তেওঁলোক অতি দ্ৰুততাৰে মনত সৃস্তি হোৱা আৱেগিক বাধাৰ সন্মুখিন হয় । আনহাতে, কিছুমান লোকে নিজকে কেতিয়াবা কান্দিবলৈও এৰি দিয়ে। যেতিয়া তেওঁলোকে এইদৰে কান্দে, তেতিয়া তেওঁলোকৰ মনত সাধাৰণতে ভাল ভাৱ বা সন্তুষ্টিও অনুভৱ কৰে আৰু ইয়েই সাময়িক ভাৱে অসুবিধা সমুহ দুৰ কৰাত সহায় কৰে । যদি চোৱা হয় ; বাস্তৱত, আমি কান্দোনৰ দ্বাৰা বিভিন্ন ধৰণে উপকৃত হ’ব পাৰো। ই আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰটো বহু উপকাৰ কৰিব পাৰে।

যেতিয়াই কোনো দুখৰ পৰিস্থিতিৰ বাবে চকুলো ওলায় তেতিয়া পৰিয়াল আৰু বন্ধুবৰ্গৰ পৰা অধিক ঘনিষ্ঠ অনুভৱ কৰা যায় আৰু সেই অনু পাতে সহানুভূতি, মৰম আৰু সমৰ্থন আদি বৃদ্ধি হোৱা দেখা যায়। ই আমাৰ সুস্থ মানসিক স্ৱাস্থ্য়ৰ বাবে বৰ দৰকাৰি। উদাহৰণ স্ৱৰূপে কাৰোবাৰ প্ৰিয়জন হেৰুৱাকে ল’ব পাৰো আৰু ইয়াৰ অভিজ্ঞতা আমাৰ সকলোৰে আছে। আমি চকুপানীৰ জড়িয়তে সম্পৰ্ক গঢ়ি তুলিব পাৰো। আমি প্ৰায়ে আন মানুহৰ সন্মুখত কান্দিবলৈ লাজ পাওঁ, কাৰণ আমি নিজকে দুৰ্বল যেন দেখুৱাব নিবিচাৰো। কান্দিবলৈ লাজ বা লজ্জিত অনুভৱ কৰাৰ সলনি, এইটো মনত ৰাখিব লগিব যে আৱেগিকভাৱে মুক্ত হ’লে আমি আমাৰ গুৰুত্বপূৰ্ণ সম্পৰ্ক বৃদ্ধি কৰিব পাৰো। যেতিয়া আমি মানুহৰ সন্মুখত কান্দিবলৈ সক্ষম হওঁ, তেতিয়া আমি তেওঁলোকক আমাৰ এক পৃথক দিশ চাবলৈ দিওঁ- যিটো বন্ধুত্বপূৰ্ণ, কোমল আৰু অধিক সুৰক্ষিত। আকৌ আমি পৰিয়াল বা ঘনিষ্ঠ বন্ধুবৰ্গৰ সৈতে এনে অনুভূতিৰ বিষয়ে কথা পাতি, আমি তেওঁলোকৰ সৈতে এক গভীৰ, অধিক আন্তৰিকতা পূৰ্ণ সম্পৰ্ক গঢ়ি তুলিব পাৰো। সেয়ে ইয়াক কোৱা হৈছে যে কান্দোনে আমাৰ দুৰ্বলতা আৰু সামাজিক সংযোগৰ পোষকতা কৰে। কেতিয়াবা এনে হেন লাগে, যিকোনো পৰিস্থিতিতে কান্দোনে, আমাক, আমাৰ দুৰ্বলতা দেখুওৱাৰ উপায় যেনো লাগে। আমি কান্দিলে আনক আমাৰ প্ৰতি সহানুভূতিশীল হ’বলৈ ইংগিত দিওঁ। কোনো সুখৰ বা দুখজনক ঘটনাৰ বাবে আমি কান্দিলে এনেকুৱা হয়। সেয়ে বিজ্ঞানীসকলে একমূখে কৈছে কান্দোন আন মানুহৰ সৈতে সামাজিক সংযোগ স্থাপনৰ এক উপায়।

আকৌ কান্দোনে আমাক নিজৰ বিষয়ে বহু কথা শিকায়। কেতিয়াবা, আমি অস্বস্তিকৰ অনুভূতিবোৰ দমন আৰু পৰিহাৰ কৰোঁ। কান্দিলে আমাৰ কেতিয়াবা কিবা ভুল হ’লে তাক উপলব্ধি কৰাত সহজ হয়। ইয়াৰ ফলত আমি আমাৰ দুখৰ বিষয়ে আৰু দুখৰ উৎস ক’ত আছে তাৰ ওপৰত চিন্তা কৰিবলৈ বাধ্য হওঁ । কিয়নো আমাৰ দুখ-কষ্টৰ কাৰণ চিনাক্ত হোৱাৰ পিছত, আমাৰ প্ৰয়োজনীয় সকলোখিনি সালসলনি কৰিব পাৰো আৰু সঠিক দিশত আগবাঢ়িব পাৰো। আমি এইটোও চাব লগিব যে আমি কোনো পৰিস্থিতে আমাৰ চকু পানী ধৰি ৰাখিবলৈ চেষ্টা কৰিব নালাগে।

আৱেগিক অৱস্থাৰ আৰোগ্যৰ বাবে কান্দোন এক প্ৰকাৰৰ চিকিৎসা। কান্দিলে আমাক গুৰুতৰ ক্ষতিৰ পৰা অধিক দ্ৰুততাৰে আৰোগ্য হোৱাত সহায় কৰে লগতে আঘাতজনিত ক্ষতিৰ পৰাও আৰোগ্য হোৱাত সহায় কৰে। অতীতৰ আঘাতজনক পৰিস্থিতিবোৰৰ পৰা নিৰাময় পাবৰ বাবে সকলোৱে কেনেদৰে সুখ আৰু দুখ অনুভৱ কৰিব লাগে শিকিব লাগিব। আৰু ইয়াক পাবলৈ আটাইতকৈ সৰল উপায় হ’ল কান্দিবলৈ আৰম্ভ কৰা। ইয়াক কোৱা হৈছে যে কান্দোনৰ ফলত আমাৰ দেহত থকা পেৰাচিম্পেথেটিক স্নায়ুতন্ত্ৰৰ (Para Sympathetic Nervous System) কাম কৰা আৰম্ভ হয়, যি হৈছে মানৱ স্নায়বিক প্ৰণালীৰ এক গুৰুত্বপূৰ্ণ উপাদান। যি আমাক বিশ্ৰাম, শিথিলতা আৰু যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰাত বা তাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। “সহানুভূতিশীল” শব্দটোৱে সহানুভূতিশীল স্নায়ুতন্ত্ৰক (Sympathetic nervous System) বুজায় যি চাপ হৰমন উৎপন্ন হ’লে সক্ৰিয় হয়। “পেৰা”ৰ অৰ্থ হৈছে “বিৰোধী।” অতি উত্তেজনা প্ৰতিৰোধ কৰিবলৈ, পেৰাচিম্পেথেটিক স্নায়ুতন্ত্ৰই আমাৰ সহানুভূতিশীল স্নায়ুতন্ত্ৰৰ বিৰোধিতাত কাম কৰা আৰম্ভ কৰে। সেয়ে ইয়াক কোৱা হৈছে যে কান্দিলে উত্তেজনা হ্ৰাস হয়। যেতিয়া বিপৰিত পদ্ধতিবোৰে কাম নকৰে, কিছুমান লোকে তেওঁলোকৰ চাপ হ্ৰাস কৰিবলৈ সুৰা বা ড্ৰাগৰ ফালে যায়। ই নিশ্চয় স্ৱাস্থ্য়ৰ বাবে হানি কাৰক । গতিকে অলপ কান্দিব লাগে; ই যথেষ্ট স্বাস্থ্যকৰ বুলি বহু সমীক্ষাত প্ৰকাশ পাইছে। কাৰণ ই আমাক ড্ৰাগছৰ ফালে ঘূৰিগৈ আমাৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চেষ্টা কৰাৰ সম্ভাৱনা কম হ’ব। যদি আমি চকুপানীক শৰীৰৰ প্ৰাকৃতিক আৰোগ্য কাৰক হিচাপে ভাৱো তেনেহ’লে আমি নিজেই মাজে মাজে কান্দিবলৈ চেষ্টা কৰিব লাগিব আৰু তেতিয়া তাৰ ভাল ফল পাবলৈ আমি সক্ষম হ’ম।

আকৌ কোৱা হৈছে যে কান্দিলে বীজাণুৰ পৰা পৰিত্ৰাণ পায়। জনবিশ্বাসৰ বিপৰীতে, এইটো দেখা গৈছে যে বেছিভাগ লোকে কান্দিলে তেওঁলোকৰ মনত ভাল ভাৱ বা সন্তুষ্টি অনুভৱ কৰে। বিজ্ঞানৰ ফালৰ পৰাও এই অভিজ্ঞতাক সকলোৱেই সমৰ্থন কৰে। বিজ্ঞানীসকলে চকুপানীৰ তৰলক তিনিটা মৌলিক শ্ৰেণীত বিভক্ত কৰিছে । প্ৰথম দুটাক “ৰিফ্লেক্স চকুপানী”( প্ৰতিক্ৰিয়া চকুপানী) আৰু “বেচেল চকুপানী”( নিৰন্তৰ চকুপানী) বুলি কোৱা হয়। সংক্ৰমণ পৰিহাৰ কৰিবলৈ বা ধোঁৱা আৰু ধুলিৰ বা অন্য়ান্য ক্ষতি কাৰক বস্তুৰ পৰা আমাৰ চকুক সুৰক্ষা দিবৰ বাবে আৰু চকু লুব্ৰিকেট কৰিবলৈ ইয়াৰ ব্যৱহাৰ হয়। সেইবোৰত ৯৮ শতাংশ ই পানী থাকে। তৃতীয় শ্ৰেণীৰ চকুপানী হৈছে “আৱেগিক চকুপানী।” ৰিফ্লেক্স চকুপানীয়ে আমাৰ চকুৰ পৰা ধুলি আৰু গোটখোৱা মল পৰিষ্কাৰ কৰে। ই আমাৰ চকুবোৰ নিৰন্তৰ লুব্ৰিকেট কৰাত সহায় কৰে আৰু লগতে আমাৰ চকু পৰিষ্কাৰ কৰি ৰখাত গুৰুত্ৱপূৰ্ণ ভুমিকা পালন কৰে। সেইদৰে আৱেগৰ পৰা অলোৱা চকুপানী আমাৰ বাবে প্ৰকৃততে লাভজনক হ’ব পাৰে । আৱেগিক চকুপানীৰ তুলনাত নিৰন্তৰ চকুপানী হৈছে ৯৮ শতাংশ পানী, যি চাপ হৰমন আৰু অন্যান্য বিষাক্ত পদাৰ্থ বহন কৰে। যদিও এইটো অনুমান কৰা হৈছে যে আমাৰ শৰীৰৰ পৰা এই পদাৰ্থবোৰ আঁতৰ কৰাত কান্দোনেও যথেষ্ট সহায় কৰে, অৱশ্য়ে ইয়াৰ বাৱে অধিক গৱেষণা প্ৰয়োজন আছে। “লাইচোজাইম হৈছে চকুপানীত পোৱা এক এনজাইম যি মাত্ৰ পাঁচৰ পৰা দহ মিনিটৰ ভিতৰত, সকলো বীজাণুকে ৯০ ৰ পৰা ৯৫ শতাংশ ধ্বংস কৰিব পাৰে। ইয়াক মানুহৰ গাখীৰ, বীৰ্য, শ্লেষ্মা আৰু লেলাৱতিতো পোৱা যায়। ফুড মাইক্ৰ’বায়োলজী আলোচনীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি, চকুপানীৰ ইমানেই শক্তিশালী বেক্টেৰিয়া-ৰোধী প্ৰভাৱ আছে যে ই আনকি সংক্ৰমিত হোৱা এনথ্ৰাক্স ৰোগৰ পৰাও সুৰক্ষা দিব পাৰে । লাইচোজাইমে কিছুমান বেক্টেৰিয়াৰ কোষৰ আৱৰণ বোৰৰ ওপৰত ক্ৰিয়া কৰি এই বেক্টেৰিয়া বোৰ মাৰি পেলাব পাৰে।

আমি কেতিয়াবা আমাৰ আৱেগৰ ওচৰত হাৰি যাওঁ। আগতে কৈ অহাৰ দৰে কান্দোন হতাশা, অসহায়তা আৰু আত্মসমৰ্পণৰ অনুভূতিৰ পৰাই উদ্ভৱ হয়, ই আমাক তীব্ৰ আৱেগ পৰিচালনা কৰাত সহায় কৰে। আনন্দই হওক, হতাশাই হওক বা খঙেই হওক, প্ৰবল আৱেগ অনুভৱ কৰিলে কান্দোন প্ৰায় অনিবাৰ্য যেন অনুভৱ হয়। যদিও আমি সদায় আমাৰ চকুলো মুক্তভাৱে ওলবলৈ নিদিব পাৰো, তথাপিও আমি প্ৰায়ে অনুভৱ কৰিব পাৰো যে চকুলো আহি আছে। তাকে নকৰি আমি আমাৰ চকুলো ওলাবলৈ দিলে আৱেগৰ কিছু উপসম হ’ব সি নিশ্চিত। ইয়াৰ কাৰণ হ’ল কান্দিলে শক্তিশালী আৱেগ পৰিচালনা কৰাত সহায় কৰে। কান্দিলে এনে লাগে যেন আমি আমাৰ এই আৱেগবোৰৰ অলপ হলেও বাহিৰ কৰি দিছো। সেইবাবেই আমি হয়তো কোনো সুখৰ বা আনন্দৰ অনুষ্ঠানত থাকিও আমি আমাৰ আৱেগক আৱৰি ধৰিব পাৰো। কান্দিলে এই আৱেগৰ কিছু অংশ উলিয়াই দিয়াত সহায় কৰে। কাৰণ আৱেগ আমাৰ স্ৱাস্থ্য়ৰ বাবে সঠিক নহয়। যিকোনো কাৰণত কান্দিলে আমাৰ মানসিক আৰু শাৰীৰিক সুস্থতাৰ বাবে বহুতো উপকাৰ পোৱা যায়।

মূলতে কান্দোনৰ সাধাৰণ উপকাৰসমূহ চালে দেখা যায়, ই আমাৰ মানসিক চাপৰ পৰা উপশমকাৰী এক আবেগিক ব্য়ৱস্থা। গৱেষণাৰ পৰা দেখা গৈছে যে কান্দিলে সম্ভাৱনাময়ভাৱে মানসিক চাপৰ পৰা উপশম পাব পাৰে। ই আমাৰ চকু পৰিষ্কাৰ কৰি ৰাখে কিয়নো ইয়াৰ দ্ৱাৰা আমাৰ চকু দুটা ভিতৰৰ পৰা ভালকৈ ধোৱাৰ দৰে পৰিস্থিতিৰ সৃস্তি হয়। আগতে কোৱাৰ দৰে গৱেষণাৰ পৰা দেখা গৈছে যে চকুলোত লাইছ’জাইম থাকে,আৰু এই ৰাসায়নিক পদাৰ্থৰ বীজাণু ধ্বংস কৰিব পাৰা গুণ আছে। কান্দোনে আমাৰ মেজাজ বৃদ্ধি কৰে: আপুনি আনন্দৰ বাবেই হওক বা বিষৰ বাবেই হওক, কান্দিলে মেজাজ বৃদ্ধি কৰা বুলি প্ৰমাণিত হৈছে গতিকেই ই ভালকৈ টোপনি অহাত সহায় কৰিব পাৰে। কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে কান্দিলে আমাৰ টোপনিৰ সম্ভাৱনা বেছি আছে। আমাৰ আইতা সকলে কোৱাৰ দৰেই, এক অধ্যয়নত গৱেষকসকলে দেখিলে যে কান্দি থকা কেঁচুৱাবোৰৰ টোপনি ভালকৈ আহে। এইটো নিৰন্তৰ সত্য় যে সুখৰ আৰু দুখৰ চকুলো ওলোৱাটো একেবাৰে স্বাভাৱিক কথা। ই কেৱল সাধাৰণ নহয়, আমাৰ শাৰীৰিক আৰু আৱেগিক সুস্থতাৰ বাবেও ইয়াৰ বহুতো উপকাৰ আছে। গতিকে পিছৰবাৰ কিবা এটা ভাল খবৰ পোৱাৰ পিছত চকুপানী আহি থকা অনুভৱ কৰিলে ৰৈ নাথাকিব, চকুলো বৈ যাবলৈ দিয়ক।

ফোনঃ ৯৮৬৪০১৮৬৬৫

You might also like

Comments are closed, but trackbacks and pingbacks are open.