পুষ্পাঞ্জলি শিৱমশৰ্মা
গ্ৰীষ্মকালীন বন্ধৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীয়ে অতি আগ্ৰহেৰে বাট চাই থাকে। নিঃসন্দেহে এই সময়খিনি সিহঁতৰ বাবে বছৰটোৰ আটাইতকৈ আকাংক্ষিত আৰু আটাইতকৈ সুখৰ মুহূৰ্ত। তদুপৰি পৃথিৱীৰ জলবায়ু, বতৰ আৰু জ্যোতিৰ্বিজ্ঞানৰ অৱস্থানৰ বছৰেকীয়া চক্ৰত গ্ৰীষ্মকালটো এটা গুৰুত্বপূৰ্ণ সময়। গ্ৰীষ্মকাল অবিহনে শস্য উৎপাদনত বাধা আহিব পাৰে, জীৱ-জন্তুৱৰ খাদ্যৰ নাটনি হব পাৰে আৰু পৃথিৱীৰ বিভিন্ন পৰিৱৰ্তন হব পাৰে। গ্ৰীষ্মকালীন ছুটী বা গ্ৰীষ্মকালীন বিৰতি শব্দটোৱে বিদ্যালয়ৰ বছৰ আৰু বিদ্যালয়ৰ শিক্ষাবৰ্ষৰ বিৰতিৰ মাজৰ গ্ৰীষ্মকালৰ সময়ছোৱাৰ প্ৰধানকৈ স্কুলৰ বিৰতি বা বন্ধক বুজায়। ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক আৰু অভিভাৱক সকলেও বিশ্বাস কৰে যে ই এক বিশুদ্ধ আনন্দ আৰু স্বাধীনতাৰ সময়। স্কুলৰ গতানুগতিক কাৰ্য আৰু শিকন পৰিসীমাৰ পৰা মুক্ত থকাৰ সময়।দুসপ্তাহৰ পৰা তিনিমাহৰ ভিতৰত যিকোনো ঠাইতে ছাত্ৰ-ছাত্ৰীসকলে এই বন্ধ লাভ কৰে।
ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ই এক আনন্দ লাভ আৰু স্বাধীনতাৰ সময় যেন হৈ পৰে। এই সময়ত তেওঁলোকে স্কুলৰ চাৰিওদিশৰ বান্ধোন তথা পৰিসীমাৰ পৰা মুক্ত হৈ উচ্ছলতাৰে কোনো অনুশাসন বা ৰুটিনৰ বশৱৰ্তী নোহোৱাকৈ কটাব পাৰে। এই ছুটীৰ আৰম্ভণি সম্পৰ্কে বিভিন্ন মত পোৱা যায় যদিও কোৱা হয় যে ঊনবিংশ শতিকাৰ শেষৰ ফালেহে গ্ৰীষ্মকালীন ছুটীৰ চিন্তা চৰ্চা আৰম্ভ হৈছিল। ইতিহাসত প্ৰাপ্ত তথ্য অনুসৰি হৰেচ মান নামৰ এজন শিক্ষাবিদে ১৮৩৭ চনত গ্ৰীষ্মকালীন ছুটীৰ আৱিষ্কাৰ কৰে বুলি জনা যায়। সাধাৰণতে বিশ্বাস কৰা হয় যে স্কুলীয়া ল’ৰা-ছোৱালীয়ে ঊনবিংশ শতিকাৰ পৰাই গ্ৰীষ্মকালীন ছুটী ল’বলৈ আৰম্ভ কৰিছিল। যাতে তেওঁলোকে অভিভাৱক সকলৰ খেতিপথাৰ বা ফাৰ্মত তেওঁলোকক কাম কৰি দি সহায় কৰিবলৈ সময় পায়।
উল্লেখনীয় যে আমেৰিকাত গৃহযুদ্ধৰ আগতে ফাৰ্মৰ ল’ৰা-ছোৱালীবোৰে কেতিয়াও গ্ৰীষ্মকালীন ছুটী পোৱা নাছিল। তেওঁলোকে আটাইতকৈ গৰম আৰু ঠাণ্ডা মাহতো স্কুললৈ গৈছিল। কিন্তু বসন্তকাল আৰু শৰতকালৰ সময়ত ঘৰতে থাকিছিল। কাৰণ সেই সময়খিনি শস্য ৰোপণ আৰু চপোৱাৰ মূল সময় আছিল এই ক্ষেত্ৰত সহায়ৰ বাবে ঘৰত ল’ৰাছোৱালী হঁতৰ প্ৰয়োজন হৈছিল। আমেৰিকাত গ্ৰীষ্মকালীন ছুটীৰ উৎপত্তিৰ লগত আমেৰিকাৰ সমাজৰ উত্থানশীল মধ্য আৰু উচ্চ শ্ৰেণীৰ বহুখিনি সম্পৰ্ক আছিল। লাহে লাহে চহৰমুখী মানুহবোৰৰ বাবে চহৰবোৰ ঘন হৈ পৰিছিল। মানুহৰ জনসংখ্যা দ্ৰুতগতিত বঢ়াৰ লগে লগে অঞ্চলবোৰো গৰম হৈ পৰিছিল। ইটা আৰু কংক্ৰিটৰ অন্তহীন নগৰীয়া ব্লকবোৰ যেন ভঁৰাললৈ ৰূপান্তৰিত হৈছিল, যাক “নগৰীয়া তাপ দ্বীপ প্ৰভাৱ” বুলি জনা গৈছিল।
আনহাতে গ্ৰীষ্মকালত ধনী আৰু আঢ্যৱন্ত পৰিয়ালবোৰৰ বেছিভাগেই ল’ৰা-ছোৱালীৰ সৈতে গ্ৰীষ্মৰ গৰম আৰু নগৰীয়া কঠোৰ উষ্ণ প্ৰৱাহৰ বতৰৰ পৰা বিৰতি লৈ শীতল গ্ৰাম্য অঞ্চললৈ গৈছিল। ইয়াৰ ফলত বিদ্যালয়ৰ উপস্থিতি আৰু শিক্ষণৰ অগ্ৰগতিৰ ওপৰতো প্ৰভাৱ পৰিছিল। যিহেতু সেই সময়ত স্কুলত উপস্থিত থকাটো বাধ্যতামূলকো নাছিল আৰু কিন্তু গ্ৰীষ্মকালত শ্ৰেণীকোঠাৰ প্ৰায় বোৰ আধা খালী হৈ পৰিছিল। এই ক্ষেত্ৰত চৰকাৰ আৰু শ্ৰমিক সংঘৰ সমৰ্থকসকলে স্কুলীয়া ল’ৰা-ছোৱালীৰ বাবে এক নিয়ন্ত্ৰিত গ্ৰীষ্মকালীন বিৰতিৰ প্ৰতি ভাৰসাম্য ৰক্ষাৰ বাবে মতামত আগবঢ়াইছিল। শেষত তেওঁলোক সকলোৱে একমত হৈছিল যে বছৰজুৰি বিৰতি হীন ভাৱে শিকন আৰু শিক্ষণৰ ধাৰণাটো ল’ৰা-ছোৱালীৰ বাবে সঠিক নহব। গতিকে গ্ৰীষ্মকালীন বিৰতিৰ প্ৰয়োজনীয়তা সম্পৰ্কে বিচাৰ আৰম্ভ কৰি এই সময়ছোৱাত ছুটীৰ সিদ্ধান্ত লোৱা হৈছিল।
ছুটীৰ সমৰ্থকসকলেও কিছুমান যুক্তি দিছিল যে “মগজুটো এটা পেশী যিটোক জিৰণি লোৱাৰ প্ৰয়োজন, আৰু যিকোনো পেশীৰ দৰেই ইয়াকো অতিমাত্ৰা ব্যৱহাৰ কৰিলে আঘাত পাব পাৰে। ‘’(তেওঁলোকে ইয়াৰ সত্যতাসত্য নজনাকৈ অৱশ্যে এই কথা কৈছিল) সেইবাবে ছাত্ৰ-ছাত্ৰীসকলেও গোটেই বছৰটো স্কুললৈ যাব নালাগে। কাৰণ ইয়াৰ ফলত তেওঁলোকৰ মগজুত এক প্ৰভাৱ পৰিব পাৰে। তাৰো পৰি গৰমৰ দিনবোৰত তেতিয়া ফেন, কুলাৰ বা এয়াৰ কণ্ডিচনাৰৰ ব্যৱস্থাৰ চিন্তাৰ কোনো কথাই আহি পৰা নাছিল। গৰমৰ বাবে আপোনা আপুনি গ্ৰীষ্মকালত চহৰৰ স্কুলবোৰ আছিল, আধা খালী হৈ পৰিছিল কাৰণ শ্ৰেণীকোঠাবোৰ যেন একো একোটা অভেনলৈহে পৰিৱৰ্তিত হৈ পৰিছিল। সময়ৰ লগে লগে গ্ৰীষ্মকালীন ছুটী এটা নিয়ম হৈ পৰিল আৰু ই সম্পূৰ্ণৰূপে প্ৰতিষ্ঠিত হৈ পৰিল। বিভিন্ন বিদ্যালয়ে এই নতুনকৈ গ্ৰহণ কৰা গ্ৰীষ্মকালীন বিৰতিটোক মানিবলৈ ললে আৰু কেলেণ্ডাৰ বছৰত বিদ্যালয়ৰ পৰা প্ৰায় ৪০- ৬০ দিনলৈ ছুটীৰ দিন কৰি দিছিল।
গ্ৰীষ্মকালীন ছুটী দিয়াৰ আঁৰৰ মুখ্য লক্ষ্য আছিল যাতে পৰিয়ালৰ সতে এক সুন্দৰ সময় কটোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকে প্ৰধানকৈ যাতে নতুন ঠাই ভ্ৰমণ কৰাৰ বাবে উৎকৃষ্ট সময় পাব পাৰে। ভ্ৰমণৰ জৰিয়তে নতুন নতুন ঠাইৰ চিনা পৰিচয়ৰে তেওঁলোকৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাৰ বাবে ই সুন্দৰ সময়। তদুপৰি স্কুলে দিয়া ৰচনাত্মক আৰু সৃষ্টিশীল প্ৰকল্পৰ কাম একাণপতীয়া আৰু নিয়াৰিকৈ কৰাৰ বাবে পৰ্যাপ্ত সময়ৰো সুযোগ পায়। এই ক্ষেত্ৰত একাংশ লোকে দাবী কৰি আহিছে যে প্ৰাক-ঔদ্যোগিক সমাজৰ পৰম্পৰাগত কৃষি অৰ্থনীতিৰ বিকাশৰ বাবেই গ্ৰীষ্মকালীন বিৰতিৰ কথা চিন্তা কৰা হৈছিল। এই ছুটীৰ সময়ছোৱাত কৃষি কাৰ্যত জড়িত অভিভাৱসকলে তেওঁলোকৰ শিশুসকলকো কম বেছি পৰিমাণে গ্ৰীষ্মকালৰ কৃষি কাৰ্য্যকলাপত সহায় কৰিবলৈ প্ৰয়োজন হৈছিল। কিয়নো গ্ৰীষ্মকালীন সময়খিনি প্ৰায়ে উত্তৰ গোলাৰ্ধত বসবাস কৰা লোকসকলৰ কৃষিকৰ্মৰ বাবে এটা গুৰুত্বপূৰ্ণ সময়। কাৰণ উৎপাদকসকলে তেওঁলোকৰ কৃষিকাৰ্য চপোৱা আৰু শীতকালৰ পৰৱৰ্তী কাৰ্যকলাপৰ প্ৰস্তুতিৰ বাবে কাম আৰম্ভ কৰে।
লাহে লাহে গ্ৰীষ্মকালীন বিৰতিৰ বাবে বিদ্যালয় বৰ্ষৰ কেলেণ্ডাৰৰ পৰা প্ৰায় ৪০- ৬০ দিন কাটি পেলোৱা হৈছিল। কাৰণ গ্ৰীষ্মকালীন ছুটী ব্যৱসায়ীসকলৰ বাবে এক প্ৰকাৰৰ ব্যৱসায়ত পৰিণত হৈছিল, যিসকলে এই গ্ৰীষ্মকালীন বিৰতিৰ সুবিধা লৈ ইয়াক ব্যৱসায়িক উদ্যোগ আৰু উদ্যোগলৈ ৰূপান্তৰিত কৰিব ধৰিছিল। অৱশ্যে পিছলৈ ইয়াৰ সময় এক সীমিত আৰু লোকচানদায়ক হব নোৱাৰাকৈ প্ৰদান কৰা হৈছিল।
গৰমৰ ঢৌৰ মাজতে আৰম্ভ হয় গ্ৰীষ্মকালীন ছুটী। গতিকে প্ৰায় সকলো ছাত্ৰছাত্ৰী সহিতে অভিভাৱক সকলেও প্ৰয়াস কৰে এইখিনি সময় যাতে শীতল গন্তব্যস্থানত সময় কটাব যাব পাৰে। নিজৰ নিজৰ ল’ৰাছোৱালীক অন্ততঃ কেইটামান দিন স্কুলৰ কঠোৰ অনুশাসন আৰু বান্ধোনৰ পৰা মুক্ত কৰি স্কুলৰ বাহিৰৰ পৃথিৱীখনৰো বিভিন্ন কথা ঘটনা বা ঠাই বিলাকৰ আভাস দিয়াব পাৰে। পৰম্পৰাগত গ্ৰীষ্মকালীন ছুটীৰ ধাৰণাটো আজি যোৱা ২০০ বছৰৰ ভিতৰত শৈক্ষিক সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। গ্ৰীষ্মকালীন ছুটীৰ মুখ্য উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক গ্ৰীষ্মকালৰ তাপৰ পৰা অলপ জিৰণি দিয়া। অত্যধিক গৰমে ল’ৰাছোৱালীৰ বহুত ক্ষতি কৰিব পাৰে। গতিকে গ্ৰীষ্মকালীন ছুটীৰ দ্বাৰা পঢ়া-শুনাত অলপ বিৰতি আৰু তেওঁলোকক গৰমৰ পৰা সকাহ দিয়াৰ বাবে সহায় কৰা হয়।
এই গ্ৰীষ্মকালীন ছুটীয়ে ছাত্ৰ-ছাত্ৰীসকলক স্কুলৰ মানসিক আৰু শাৰীৰিক চাহিদাৰ পৰা এক সুস্থ বিৰতি লোৱাৰ সুযোগ প্ৰদান কৰে। একঘেয়ামী আৰু তেওঁলোকৰ মানসিক মানসিক চাপ হ্ৰাস কৰিবলৈ, আৰু তেওঁলোকৰ সামগ্ৰিক বিকাশৰ দিশত সুস্থতা বৃদ্ধি কৰিবলৈ বছৰটোৰ শিক্ষাবৰ্ষৰ পৰা কেইটামান দিন জিৰণি লোৱাটো অতি প্ৰয়োজনীয়। গ্ৰীষ্মকালীন ছুটীয়ে শিশুসকলক নতুন আগ্ৰহ অন্বেষণ কৰিবলৈ, নতুন কাৰ্য্যকলাপ চেষ্টা কৰিবলৈ, আৰু নতুন দক্ষতা শিকিবলৈ সুযোগ প্ৰদান কৰে যিবোৰ বিদ্যালয় বৰ্ষত সম্ভৱ নহ’বও পাৰে। শিশুসকলক এই সময়ছোৱাত অভিভাৱকৰ নিবিড় সান্নিধ্যত সৃষ্টিশীল কাৰ্য্যকলাপ যেনে অংকন, চিত্ৰ অংকন বা লিখা আদিত জড়িত হ’বলৈ উৎসাহিত কৰিব পাৰি। ইয়াৰ দ্বাৰা তেওঁলোকৰ সৃষ্টিশীলতা বিকাশত সহায়ক হ’ব পাৰে আৰু তেওঁলোকৰ আত্মপ্ৰকাশ বৃদ্ধি পাব।
গ্ৰীষ্মকালীন ছুটীয়ে পৰিয়ালসমূহক একতাৰ অনুভৱ কৰোৱাত সহায় কৰিব পাৰে। পৰিয়ালৰ বন্ধন শক্তিশালী কৰে আৰু স্থায়ী স্মৃতি সৃষ্টি কৰাত সহায় কৰিব পাৰে। গ্ৰীষ্মকালীন ছুটীত পৰিয়ালসমূহে একেলগে সময় কটোৱাৰ আমেজ লব পাৰে, নিজৰ দেশৰ ভিতৰত আৰু বাহিৰৰ আকৰ্ষণীয় পৰ্যটনস্থলীসমূহ চাবলৈ পোৱাৰো সময় লাভ কৰে। গতিকে সামৰ্থ্য্য্য অনুসৰি এই গ্ৰীষ্মকালীন বন্ধৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি শিশুসকলৰ লগতে অভিভাৱক সকলেও মন আৰু মগজুকো এক বিৰতি দিয়াৰ ব্যৱস্থাৰ দিশত চিন্তা কৰাটো এক সুন্দৰ কথা।
ফোনঃ ৮৪৮৬৮-৯৪৯১৬
Comments are closed, but trackbacks and pingbacks are open.