প্ৰণতি দেৱী শৰ্মা
“আজি স্কুল বন্ধ,গোলাপ ফুলৰ গোন্ধ”৷কথাষাৰ নিশ্চয় আপোনাৰো মনত আছে৷ মনত থকাই নহয় আপুনিও চাগৈ চিঞৰি চিঞৰি গাইছিল এদিন এই বাক্যশাৰি । কিমান যে প্ৰাণৰ আৰু হেঁপাহৰ আছিল এই শব্দবোৰ৷শিক্ষাৰ্থী জীৱনত স্কুল বন্ধ হ’লেই আনন্দত হিয়া নধৰা হৈছিল৷ মন প্ৰাণ নাচি উঠিছিল বন্ধৰ আগমনত৷ তাতে আকৌ সেই বন্ধ যদি গৰমৰ বন্ধ হয় ,তেতিয়াটো কথাই নাই৷ অতি উৎকণ্ঠাৰে ছাত্ৰ-ছাত্ৰীসকল ৰৈ থকা বন্ধটোৱেই হ’ল এই গৰম বন্ধ হ’ল মাহজোৰা দীঘলীয়া বন্ধ। কিমানযে অনুভৱ,সপোন ,আশা আৰু পৰিকল্পনাৰ মাহ গৰম বন্ধৰ মাহটো৷ বন্ধৰ সময়খিনিৰ সৈতে সকলোৰে যেন আত্মীয়তাৰে ভৰা অনুভৱ জড়িত হৈ থাকে৷ মাদকতাভৰা অনুভৱ সেয়া। কি নাই সেই অনুভৱৰ মাজত৷সৰু সৰু ল’ৰা-ছোৱালীবোৰৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে সকলোৰে বাবেই ভাল ল’গা এই গৰমৰ বন্ধৰ দিনবোৰ৷কৰ্মব্যস্ততাৰ মাজত এতিয়াও যেতিয়াই শুনো গৰমৰ বন্ধৰ কথা তেতিয়াই যেন মনটো প্ৰশান্তিৰে ভৰি পৰে৷নষ্টালজিক হৈ পৰোঁ ৷মনৰ মাজলৈ ভাঁহি আহে ভিন্নৰঙী অজস্ৰ ছবি৷ সেই ছবি আজিও প্ৰাণৰ ছবি হৈ নাচে মনত গহনত৷
গৰম বন্ধ বুলি ক’লেই সাধাৰণতে গ্ৰীষ্মকালীন মাহত ছাত্ৰ-ছাত্ৰী তথা পেছাদাৰী বা চাকৰিয়ালসকলে নিজৰ দৈনন্দিন স্কুল বা কৰ্মক্ষত্ৰৰ পৰা কিছু বিৰতি লৈ জিৰণি লোৱা,আৰাম কৰা বা অৱসৰ বিনোদনৰ বাবে লাভ কৰা হেঁপাহৰ সময়৷এই বন্ধৰ সময়ত কি কৰিব,ক’ত ফুৰিবলৈ যাব তাৰো পৰিকল্পনা কৰে ৷এই সীমাহীন পৰিকল্পনাৰ মাজত জীৱনৰ আহৰি বিচাৰি গৰম বন্ধক উৎযাপন কৰিব খোজে হেঁপাহৰ জোখাৰে৷ইয়াৰ মাজতে বহুতে এই সময়খিনি কিতাপ পঢ়িবলৈ,চিনেমা চাবলৈ,নতুন নতুন দক্ষতা আহৰণ কৰিবলৈ,বিভিন ধৰণৰ খেল বা সৃষ্টিশীল কামত মনোনিৱেশ কৰিবলৈ পৰিকল্পনা কৰে ৷গৰমৰ বন্ধ ছাত্ৰ-ছাত্ৰীৰ বাবে শৈক্ষিক বছৰৰ মাজত মানসিক অৱসাদ সৃষ্টি কৰাৰ মাহ৷ সঁচা অৰ্থত গৰম বন্ধ হৈছে স্বাধীনতা আৰু অৱসৰৰ সময়। যাৰফলত শিক্ষাৰ্থীসকলে নিজৰ দৈনন্দিন কাম-কাজৰ পৰা আঁতৰি আহি আনন্দ আৰু পূৰ্ণতাৰে কামত জড়িত হ’ব পাৰে৷ চৰকাৰী চাকৰিয়ালসকলৰ ভিতৰত শিক্ষকতা বৃত্তিত নিয়োজিতসকলেহে গৰম বন্ধ উপভোগ কৰাৰ সুযোগ লাভ কৰে। অৱশ্যে বৰ্তমান শিক্ষকসকলো বন্ধৰ সময়চোৱাত বিভিন্ন কাৰ্যত মাজে মাজে জড়িত হ’ব লগা হয় ৷ বাকী বেলেগ বৃত্তিৰ কৰ্মচাৰীসকলেও নিজৰ সন্তানৰ লগত সময় কটোৱাৰ উদ্দেশ্যে এই গৰম বন্ধৰ মাহটোলৈ গভীৰ প্ৰত্যাশাৰে বাট চাই ৰয়৷ কোনোবা দূৰ -দুৰণিলৈ ছুটী লৈ ফুৰিবলৈ যায়৷
কিছু কিছু ঠাইত গৰম বন্ধ মাৰ্চ মাহৰ শেষৰ ফালৰ পৰা জুনলৈকে আৰু কোনো কোনো ঠাইত মে’ৰ পৰা আগষ্ট মাহৰ মাজৰ সময়ছোৱাত দিয়া হয়৷ আমাৰ অসমত বিশেষকৈ জুলাই মাহত গৰম বন্ধ দিয়া হয়৷সময়ৰ সোঁতত এক জুলাইৰ প্ৰতি মানুহৰ যি হেঁপাহ ,উৎকণ্ঠা আছিল সেয়া যেন ক’ৰবাত হেৰাই গ’ল৷ আজিৰ শিক্ষাৰ্থীৰ মাজত তাহানিৰ গৰম বন্ধৰ মাদকতা বিচাৰি পোৱা নাযায় ৷ আগৰ দিনবোৰত গৰম বন্ধত কি কৰিব তাৰ পৰিকল্পনা কৰা হৈছিল৷আজিকালি গৰমৰ বন্ধত কেনেকৈ কামবোৰ কৰি শেষ কৰিব তাৰ চিন্তাতেই সময়বোৰ কেতিয়া পাৰ হৈ যায় ততকে ধৰিব নোৱাৰে৷
তাহানি দিনৰ গৰমবন্ধ দিয়াৰ সময়ত যিবোৰ কথাই মন মোহাচ্ছন্ন কৰি ৰাখিছিল সেইবোৰৰ ভিতৰত গৰমবন্ধ দিয়া দিনটোৰ সময়খিনিও চাগে আছিল অনন্য৷কিমান যে স্ফূৰ্তি কিমান যে সপোন ৷ছয়মাহিলী পৰীক্ষা শেষ হোৱাৰ পাছত আৰম্ভ হোৱা হেঁপাহৰ সময়খিনি যেন কাৰো লগত কেতিয়াও তুলনা নহয়৷ ই একক আৰু অনন্য প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে৷
বন্ধ ঘোষণা কৰা দিনটো যেন কাৰো আহৰি নাই৷ সীমাহীন ব্যস্ততা আছিল ল’ৰা-ছোৱালীবোৰৰ মাজত৷ বকুলফুল,নাৰ্জীফুলৰ মালা গাঁঠি শিক্ষাগুৰুক উপহাৰ দিব পৰাটো আছিল আমাৰ বাবে এটা বৰ ভাল লগা কাম৷ শিক্ষাৰ্থী সকলে যেন বন্ধ দিয়াৰ দিনটোত শিক্ষাগুৰুৰ চৰণকমলত উপচাই দিব শ্ৰদ্ধা আৰু ভক্তিৰ পুষ্পাঞ্জলি৷ প্ৰিয় শিক্ষাগুৰুক আটাইতকৈ ধুনীয়া হোৱা মালাডাল দিব পাৰিলেই যেন মনটো ভৰি পৰিব আমাৰ৷গৰমৰ বন্ধ ঘোষণা হোৱাৰ আগে আগে সৰু সোৰাকৈ সাংস্কৃতিক অনুষ্ঠান এভাগীও চলিছিল ৷গীত নৃত্যৰ তালে তালে আমি সকলোবোৰ আপোন পাহৰা হৈছিলোঁ সেই সময়খিনিত৷স্ফুৰ্তিত চিঞৰি চিঞৰি সকলোৱে কৈছিলোঁ ,“কাইলৈ স্কুল বন্ধ গোলাপ ফুলৰ গন্ধ৷”সেই আনন্দ উল্লাসৰ মাজতে লগৰ লগৰীয়াবোৰক এমাহলৈ নেদেখাৰ দুখে বুকুৰ এচুকত যেন খুন্দা মাৰিও ধৰিছিল৷ গৰম বন্ধ কেইদিনমান যোৱাৰ পাছতে আৰম্ভ হৈছিল চিঠি লেখা পৰ্ব৷তথাপিও এই বন্ধৰ সুখে বাকী সকলো দুখ যেন মুহূৰ্ততে ম্লান কৰি পেলাইছিল ৷মামা,আইতা,পেহী,মাহীকে আদি কাৰ কাৰ ঘৰলৈ যোৱা হ’ব সেইবোৰ যেন আছিল একো একোতা ভাল লগা অথচ শিশু মনৰ ডাঙৰ ডাঙৰ চিন্তা৷নেৰানেপেৰা বৰষুণ আৰম্ভ হোৱাৰ লগে লগে ওচৰৰ খাল-বিল বিলাকত বাঢ়ি অহা পানীবোৰৰ দৰে মনবোৰো এক অজান আনন্দত মতলীয়া হৈ পৰিছিল৷ সেই সময়ত কিছু কিছু ঠাইত বানপানী হৈছে বুলি আই পিতাইহঁতৰ মুখেৰে শুনিছিলোঁ৷দেখা নাছিলোঁ বাবে বৰ বেছি বুজি পোৱা নাছিলোঁ৷ কিন্তু বৰষুণজাক অহাৰ পাছৰ সেই পৰিবেশটোৱে আহ্লাদিত কৰি তুলিছিল। ৷জাল পাতি পাতি মাছ ধৰা,বৰশী বোৱাৰ সেই উমসনা দিনবোৰ আজি ল’ৰা-ছোৱালীবোৰৰ বাবে গছত গৰু উঠা কথাৰ দৰে৷কি যে ৰোমাঞ্চকৰ দিন আছিল সেইবোৰ ৷ সেই ছবিবোৰ মনলৈ আহিলেই এতিয়াও শিহৰিত হওঁ৷ অকল সেয়াইনে?কাৰ বাৰীত আম, পনীয়ল,নৰাবগৰী,লেতেকু ,লিচু আদিৰ গোন্ধই আমোলমোল মোলাইছে সেই বতৰাবোৰ যেন আমাৰ মুখে মুখে৷ দিনৰ দিনটো উপভোগ কৰাৰ সেই আনন্দবোৰ আজি কৰ্মব্যস্ত ল’ৰাছোৱালীবোৰৰ বাবে মৰুভূমিত মৰীচিকা খেদাৰ দৰেই কথা ৷ এতিয়াটো গৰমৰ বন্ধ নামতহে বন্ধ । পাৰ্থক্য মাথোঁ এটাই,নিয়মমাফিক বিদ্যালয়লৈ যাব নালাগে৷ কিন্তু ব্যস্ততা নিশ্চয়েই বিদ্যালয়লৈ গৈ থকাতকৈ কোনোগুণে কম নহয়৷ গৰম বন্ধৰ অনুভৱবোৰ এতিয়া ছাত্ৰ-ছাত্ৰীৰ বাবে আগৰ দিনৰ ছাত্ৰ-ছাত্ৰীতকৈ বহুত বেলেগ৷ এতিয়া বন্ধ কোঠাত আবদ্ধ হৈ স্কুলৰ পৰা দিয়া কামৰ বোজাই শিক্ষাৰ্থী সকলক এক প্ৰকাৰ জুৰুলা কৰে৷মুক্ত মনে আকাশ চোৱাৰ ,লগৰীয়া সমনীয়াৰ সৈতে খেলাধূলা কৰাৰ পৰিবেশ আধুনিক সভ্যতাই মুচৰি পেলালে ৷বহুতৰ বাবে মোবাইল ফোনটোৱেই নিসংগতাৰ সংগী হোৱা দেখা যায়৷ ইয়াৰ মাজতে একাংশ শিক্ষাৰ্থী টিউচনৰ দাস হৈ গৰম বন্ধৰ সময়চোৱা ব্ৰতী হয় এখন মানসিক যুদ্ধ জয়ৰ লক্ষ্যৰে৷
সেই তাহানিৰ গৰম বন্ধ আৰু আজিৰ গৰম বন্ধৰ মাজত আছে বৃহৎ ব্যৱধান৷ যান্ত্ৰিক সময়ে নিৰূপিত কৰা ছাত্ৰ জীৱনৰ দিনলিপি এতিয়া প্ৰাথমিক পৰ্যায়ৰ পৰাই কেৰিয়াৰ সৰ্বস্ব হৈ উঠিছে ৷যাৰফলত গ্ৰামাঞ্চলৰ শিক্ষাৰ্থীসকলেও আগৰ দৰে পথাৰত গৈ বোকা ঘূলি মাক -দেউতাকক কৃষিকৰ্মত সহায় কৰিব নোৱাৰে৷চাই থাকোতেই গৰমবন্ধৰ মনোমোহা সময়খিনি যেন ৰূঢ় বাস্তৱৰ হাতৰ মুঠিত উশাহ নোপোৱা হৈ সোমাই পৰিল৷ এতিয়াৰ শিক্ষাৰ্থীসকলে বিদ্যালয়ৰ পৰা দিয়া গৃহকাৰ্যৰ লগতে বিভিন্ন ধৰণৰ প্ৰজেক্টৰ কাম কৰাৰ বাধ্যবাধকতা থকাৰ লগতে বিভন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰা কৰ্মশালাবোৰতো অংশগ্ৰহণ কৰোঁতেই গৰম বন্ধৰ সময়চোৱা পাৰহৈ যায়৷ গৃহকাৰ্য্য, বিভিন্ন প্ৰতিযোগিতা, কৰ্মশালা, ঘৰুৱা টিইউশ্যনে গৰম বন্ধৰ সময়খিনি আজিৰ শিক্ষাৰ্থীসকলৰ পৰা কাঢ়ি লৈ যায়। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজিত কৰা বিভিন্ন বিষয় যেনে গীত, কবিতা, নাটক, নৃত্য, হাতৰ আখৰ, ছবি আদি বিষয়বোৰৰ ওপৰত সম্যক জ্ঞান অৰ্জন কৰক বুলি নিজৰ সন্তানটোক ইঠাইৰ পৰা সিঠাইলৈ টানি লৈ ফুৰে৷ আনৰ ল’ৰা-ছোৱালীতকৈ মোৰ সন্তানটো সকলো ক্ষেত্ৰতে আগবাঢ়ক বুলি যেন এখন অঘোষিত প্ৰতিযোগিতাত নামি পৰে আজিৰ একাংশ অভিভাৱক৷ সন্তানে কি বিচাৰে তালৈ ভ্ৰূক্ষেপ নকৰি সিহঁতৰ মনৰ বিপৰীতে কিছুমান বিষয় জাপি দি একো একোটা যন্ত্ৰলৈ যেন পৰিণত কৰাৰ দিশে ধাৱমান হয়৷ বহুত ছাত্ৰৰ ক্ষেত্ৰত স্কুলীয়া সময়খিনিত কৈও গৰম বন্ধৰ সময়খিনি অধিক বিৰক্তিৰ হৈ উঠে। এনে হ’বলৈ দিয়া সমুলি উচিত নহয়। কাৰণ বছৰ জোৰা মানসিক শ্ৰমৰ মাজত এটা মাহৰ গৰম বন্ধই এজন ছাত্ৰক সতেজ কৰি তুলিব পাৰে। কাৰণ গৰম বন্ধ মানে সুখ আৰু সন্তুষ্টিৰ সময়। শিক্ষাৰ্থী জীৱনৰ বাবে অপেক্ষাৰ খিৰিকীৰে সোমাই অহা মধুৰতম সময়।
গৰম বন্ধৰ আবেদন সুকীয়া।সময়ৰ লগে লগে শিক্ষাৰ্থীসকলৰ পঢ়াৰ বোজা বাঢ়ি আহিলেও গৰম বন্ধৰ খবৰে কঢ়িয়াই আনে অনাবিল সুখ। স্কুললৈ বুলি পুৱাতে খৰধৰকৈ নোলালেও চলি যোৱা সময়খিনিয়ে শৈক্ষিক জীৱনক সমৃদ্ধ কৰে। উৰ্বৰ কৰি তোলে। সেয়ে গ্ৰীষ্মকাল আহিলেই ৰিণি ৰিণি বাজি উঠা শুনো “আজি স্কুল বন্ধ গোলাপ ফুলৰ গোন্ধ৷”
Comments are closed, but trackbacks and pingbacks are open.