ষ্ট’ইচিজম দৰ্শন আৰু জীৱনশৈলীত ইয়াৰ ইতিবাচকতা

পুষ্পাঞ্জলি শিৱমশৰ্মা

ষ্ট’ইচিজম দৰ্শন এসময়ত পশ্চিমৰ দেশসমূহৰ অন্যতম জনপ্ৰিয় শাখা আছিল। তেওঁলোকে এক শক্তিশালী আৰু উত্তম জীৱনৰ সন্ধানৰ বাবে ইয়াক অনুসৰণ কৰিছিল। প্ৰধানকৈ ধনী আৰু প্ৰভাৱশালী লোকসকলে ইয়াৰ অনুশীলন কৰিছিল, পালন কৰিছিল আৰু সফলো হৈছিল। আৱেগিক স্থিতিস্থাপকতাই জীৱনত পেলোৱা ইতিবাচক ভূমিকাৰ বিষয়ে মূলতঃ এই দৰ্শনে মানুহক দিক্ নিদৰ্শন কৰে। মানুহক তেওঁলোকৰ আচৰণ আৰু আৱেগক ক্ষতিগ্ৰস্ত কৰা ধ্বংসাত্মক চিন্তাধাৰাক চিনাক্ত কৰাত আৰু তাক পৰিৱৰ্তন কৰাত সহায় কৰে এই দৰ্শনবোধে। নিজৰ নিয়ন্ত্ৰণৰ ভিতৰত কি আছে আৰু কি নাই সেইটো বিবেচনা কৰিবলৈ লগতে ষ্ট’ইচিজমে মনোযোগ আৰু প্ৰচেষ্টাক প্ৰকৃততে কি গুৰুত্বপূৰ্ণ সেই বিষয়টোৰ ওপৰত কেনেকৈ মন কেন্দ্ৰীভূত কৰিব লাগে তাক জনাত সহায় কৰে।

ষ্ট’ইচিজম হৈছে এনে এক জীৱনমুখী দৰ্শন যি খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ প্ৰাৰম্ভিক অংশত প্ৰাচীন গ্ৰীচ আৰু ৰোমত উদ্ভৱ হৈছিল। ই প্ৰধানকৈ ইতিবাচক আৱেগক অগ্ৰাধিকাৰ দিয়ে। ব্যক্তিৰ নেতিবাচক আৱেগক হ্ৰাস কৰি ব্যক্তিক নিজৰ চৰিত্ৰৰ গুণসমূহ নিখুঁত কৰাত সহায় কৰাৰ দিশত আলোকপাত কৰে। ষ্ট’ইচিজমে ধ্বংসাত্মক আৱেগবোৰক জয় কৰাৰ উপায়ৰ কথা আলোচনা কৰে। সেইবাবে ইয়াৰ উপায়ৰ ভিতৰত “আত্মনিয়ন্ত্ৰণ’’ৰ কথা উল্লেখ কৰা হয়। যাৰ সহায়ত অদৰকাৰী আৰু হানিকাৰক আৱেগবোৰৰ প্ৰবাহক জয় কৰি এক বিকাশৰ দিশে আগবঢ়াই নিব পাৰি।

ষ্ট’ইচিজম, জীৱন দৰ্শনে মানসিক কঠোৰতা আৰু আত্ম-অনুশাসনক এটা সুন্দৰ জীৱন যাপনৰ আহিলা হিচাপে মানি চলাত গুৰুত্ব আৰোপ কৰে। ইয়াৰ মনোভাৱ হ’ল নিজৰ ওপৰত কঠোৰ অনুশাসন প্ৰদৰ্শন কৰা আৰু আনৰ প্ৰতি প্ৰদৰ্শন কৰা আচৰণত বা ব্যৱহাৰত ধৈৰ্য্য ৰাখি সংযমতাৰে প্ৰকাশ কৰাটো। তেতিয়া মনবোৰ স্পষ্ট হৈ থাকে আৰু নেতিবাচকতা স্থান শূন্য হৈ পৰে। যাৰবাবে আচৰণত দৃঢ়তা আৰু শালীনতা প্ৰকাশ পায়। উদাহৰণস্বৰূপে, এজন ব্যক্তিয়ে বেছিকৈ কথা কোৱাতকৈ কৰ্মক অধিক অগ্ৰাধিকাৰ দিলে চাৰিত্ৰিক গুণবোৰ নিখুঁত ভাৱে প্ৰকাশিত হব পাৰে। ব্যক্তিজনে জনা উচিত যে কথাতকৈ কামেহে জীৱনক প্ৰভান্বিত কৰিব পাৰে। ব্যক্তিৰ ইতিবাচক আচৰণে অধিক ইতিবাচক জীৱন অভিজ্ঞতা আহৰণৰ দিশত আগুৱাই লৈ গৈ থাকে।

ষ্ট’ইচিজম দৰ্শনে এক বিশেষ উন্নতমানৰ যোগাত্মক জীৱন-ধাৰণৰ পদ্ধতিৰ শিক্ষাৰ বিষয়ে আলোচনা কৰে। ইয়াৰ প্ৰধান কেন্দ্ৰবিন্দু হৈছে ব্যক্তিয়ে কেনেকৈ এক উন্নত মানৰ গুণগত জীৱন যাপন কৰিব পাৰিব, সৰ্বাধিক সুখ আহৰণ কৰিব পাৰি আৰু নেতিবাচক আৱেগক হ্ৰাস কৰিব পাৰি। ইয়াৰ মূল্যক অনুধাৱন কৰি মানৱ ইতিহাসৰ খ্যাতৱন্ত ব্যক্তিসকলৰ ভিতৰৰ জৰ্জ ৱাশ্বিংটন, থমাছ জেফাৰচন, এৰিয়ানা হাফিংটন, টম ব্ৰেডী, টিম ফেৰিছ আদিয়ে এই দৰ্শনক অনুসৰণ কৰি এক সমৃদ্ধ জীৱন শৈলীক অৱগাহন কৰিছিল। উইলিয়াম বি আৰভাইনৰ মতে, “জৈন দৰ্শনৰ লগত ইয়াৰ সমান্তৰলতা আছে, যিবোৰে এগৰাকী ব্যক্তিক মনত শান্তিৰ অনুভূতি গঢ়ি তোলাত সহায় কৰিব পাৰে। দিনবোৰক সুষম, শান্তিপূৰ্ণ আৰু আনন্দময়ভাৱে আগবঢ়াই লৈ যোৱাত সহায় কৰিব পাৰে।‘’ যিহেতু ষ্ট’ইচিজম দৰ্শন হৈছে আত্মনিয়ন্ত্ৰণ, অধ্যৱসায় আৰু প্ৰজ্ঞাৰ সন্ধানৰ এক উৎকৃষ্টতম আহিলাস্বৰূপ, গতিকে কোনোবাই এক পৰিশলীত জীৱন যাপন কৰিবলৈ ইয়াক অনুসৰণ কৰি ব্যৱহাৰ কৰিব পাৰিলে নিশ্চিতভাৱে উপকৃত হ’ব পাৰিব। সাহস, সংযম, ন্যায়, আৰু জ্ঞানৰ উৎকৃষ্ট সমাহাৰ নিহিত আছে এই দৰ্শনত। মাৰ্কাছ অৰেলিয়াছে লিখিছে, “যদি আপোনাৰ জীৱনৰ কোনো এটা সময়ত ন্যায়, সত্য, আত্মনিয়ন্ত্ৰণ, সাহসতকৈ ভাল কিবা এটাৰ সন্মুখীন হ’বলগীয়া হয়—সেয়া নিশ্চয় সঁচাকৈয়ে এক অসাধাৰণ কথা।” ইয়াক “ষ্ট’ইচিজম’’ত বিশ্বাস কৰা হয়। জীৱনত “ষ্ট’ইচিজম’’ক অনুসৰণ কৰিব খুজিলে প্ৰধানকৈ তলত দিয়া কথাবোৰত গুৰুত্ব দিব লাগিব। যেনে, এই দৰ্শনে ব্যক্তি বিশেষৰ যিকোনো বিষয়ত কোনো“সিদ্ধান্ত’’লোৱাৰ দক্ষতাক উন্নীত কৰে। এই দৰ্শনে শিকায় যে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে তাৰ লগত জড়িত সকলো প্ৰাসংগিক তথ্য সংগ্ৰহ কৰিব লাগে। ই অতি প্ৰয়োজনীয়। ইয়াৰ ভিতৰত নিহিত বিভিন্ন দৃষ্টিভংগী বুজি পোৱাটোও দৰকাৰী কথা নিৰ্ভৰযোগ্য উৎসৰ পৰা তথ্য লাভ কৰি তাক ভালদৰে বুজিবলৈ চেষ্টা কৰিহে সিদ্ধান্ত লোৱাটো দৰকাৰ।

সিদ্ধান্ত লোৱাৰ আগতে সকলো সম্ভাৱ্য বিকল্পৰো তালিকা এখন বনাব লাগে। প্ৰতিটো বিকল্পৰ সুবিধা আৰু অসুবিধাৰ মূল্যায়ন কৰিহে কোনো সিদ্ধান্ত লব লাগে। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত আৱেগে প্ৰধানকৈ গুৰুত্বপূৰ্ণ ভূমিকা লোৱাটো দেখা যায়। নিজৰ উপযোগী আৱেগক চিনি পোৱাটো আৰু দৰকাৰ আৰু ই কেনেদৰে ব্যক্তিৰ ব্যক্তিত্বক প্ৰভাৱিত কৰিছে সেয়া বুজিবলৈ চেষ্টা কৰিব লাগে। যুক্তিসংগত সিদ্ধান্ত ল’বলৈ নিজৰ অতিমাত্ৰা আৱেগ পৰিত্যাগ কৰি নিয়ন্ত্ৰিত আৱেগক প্ৰাধান্য দিব লাগে। যিকোনো সিদ্ধান্তত উপনীত হোৱাৰ আগতে ইয়াক একাধিক দৃষ্টিকোণৰ পৰা চাবলৈ চেষ্টা কৰা উচিত। ইয়াৰ দ্বাৰা উন্নত সিদ্ধান্ত লব পাৰি। নিজ নিজ অন্তৰ্দৃষ্টিক বিশ্বাস কৰিব লাগে। কেতিয়াবা অন্তৰ্দৃষ্টিয়ে সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে। সিদ্ধান্ত লোৱাৰ আগতে বেছি সময় চিন্তা চৰ্চা বা গুনাগথাঁ কৰাৰ পৰা বিৰত থাকিব লাগে। সিদ্ধান্ত লোৱাই নহয় তাৰ পিছত ইয়াক কাৰ্যকৰী কৰাৰ বাবে পদক্ষেপ লব লাগে। প্ৰতিটো সিদ্ধান্তৰ পৰা কিবা নহয় কিবা এটা শিকিবলৈ চেষ্টা কৰা উচিত। কি ভাল হ’ল আৰু কি ভুল হ’ল বিশ্লেষণ কৰি ভুলৰ পৰা শিক্ষা লৈ আৰু ভৱিষ্যতে ভাল কৰাৰ যত্ন কৰি যাব লাগে। ব্যক্তিৰ সময়ৰ লগে লগে আৰু অনুশীলনৰ লগে লগে সিদ্ধান্ত গ্ৰহণৰ দক্ষতাৰ বিকাশ হৈ গৈ থাকে। যেতিয়া সময় কিমান অৰ্থপূৰ্ণভাৱে ব্যয় কৰে সেইটো নিৰ্ধাৰণ কৰাৰ কথা আহি যায়, তেতিয়া মনত ৰাখিব লাগে যে সকলোৱে এনেকুৱা কাম কিছুমান কমাই কৰিব লাগে যিবোৰৰ বিশেষ মূল্য নাথাকে বা একেবাৰেই নাই।

ব্যক্তিয়ে কৰিব পৰা এটা অৰ্থপূৰ্ণ কাম হৈছে অন্য জীৱৰ সেৱা কৰা, দুঃখিত আৰু পীড়িত সকলৰ জীৱন উন্নত কৰাৰ বাবে নিজ নিজ সামৰ্থ্য্য্য অনুসৰি চেষ্টা কৰা। এই দৰ্শন মতে “কোনো ব্যক্তিৰ নিজৰ ইচ্ছামতে পৃথিৱীৰ সকলো আকাংক্ষিত বস্তু পোৱাৰ ক্ষমতা নাথাকে, কিন্তু যি নাই সেইটো নিবিচাৰি, আৰু যি আছে তাক আনন্দৰে সদ্ব্যৱহাৰ কৰাটো তেওঁলোকৰ ক্ষমতাত থাকে।” – চেনেকাই কৈছিল। এগৰাকী ষ্ট’ইক হিচাপে জীয়াই থকাৰ অৰ্থ এইটো নহয় যে বস্তুগত সামগ্ৰী অবিহনে জীয়াই থাকিব লাগিব বা ইয়াৰ একোৱে গুৰুত্বতা নাথাকে।
আচলতে ষ্ট’ইকসকলে বস্তুগত সামগ্ৰীবোৰ কেৱল সীমিত আৰু নহলে নোহোৱা প্ৰয়োজনতহে ব্যৱহাৰ কৰিব লাগে বুলি ভাবে। যিমানখিনিলৈকে ই সুখ আৰু গুণগতভাৱে জীয়াই থকাৰ ক্ষমতাৰ সেৱা কৰে সিমানলৈহে ইয়াক ব্যৱহাৰ কৰাটো ভাল। কিন্তু ষ্ট’ইকসকলে তেওঁলোকৰ শান্তি আৰু সিদ্ধান্ত গ্ৰহণৰ ওপৰত গ্ৰাহকবাদৰ শক্তিৰ বিষয়ে অতি সচেতন হয়। উল্লেখনীয় যে বহু লোকে দিনটোৰ বেছিভাগ সময় এখন ধুনীয়া গাড়ী বা এটা ডাঙৰ ঘৰ নথকাৰ বাবে বিচলিত হৈ কটায়, যদিও তেওঁলোকৰ স্বাস্থ্য উন্নত আৰু বহুলোকতকৈ অধিক সম্পত্তি থাকে। তাক কিন্তু হৃদয়ঙ্গম নকৰে।

এগৰাকী মহান “ষ্ট’ইক’’দাৰ্শনিক চেনেকাই ইয়াক আহৰণ কৰিবৰ বাবে দৰিদ্ৰতাৰে বাস কৰাৰ অভ্যাস কৰা বুলি জনা গৈছিল। যাৰবাবে তেওঁ উপবাসে থাকিছিল আৰু সমসাময়িক ফেশ্বনৰ লগত জড়িত নথকা কাপোৰ পিন্ধিছিল, নিজকে সোঁৱৰাই দিবলৈ যে মানুহক ভাল জীৱন যাপন কৰিবলৈ অতিমাত্ৰা বিলাসিতাৰ প্ৰয়োজন নাই। ব্যক্তিয়ে উন্নত জীৱন নিৰ্বাহ কৰিবলৈ আৰু সুখী হৈ থাকিবলৈ যথেষ্ট সমল আছে। তথাপি একাংশই নিজৰ জীৱনটোক লৈ বিচলিত হৈ থাকে কাৰণ তেওঁলোকে অধিক লাভৰ অতৃপ্ত ইচ্ছা এটাক বহন কৰি লৈ গৈ থাকে। পোৱাখিনিক লৈ সুখী হব নোৱাৰে বা নোখোজে। ষ্ট’ইকসকলে চেষ্টা কৰিছিল যে অভাৱৰ অনুভৱে যাতে জীৱনটোক দুখদায়ী কৰি পেলাব নোৱাৰে। সেয়েহে তেওঁলোকে তেওঁলোকৰ হাতত যি আছে তাৰ বাবে জীৱনৰ প্ৰতি কৃতজ্ঞতা প্ৰদৰ্শন কৰে, সণ্টুষ্ট হয়।ষ্ট’ইকসকলে সকলো দুখ-কষ্ট নিৰ্মূল কৰি বা অহৰহ সুখৰ অৱস্থাক লাভ কৰিবলৈ নহয় বৰঞ্চ নিজ ইচ্ছা অনুসৰি সুখেৰে জীয়াই থকাৰ লক্ষ্যকহে উনুকিয়ায়। অভিজ্ঞতা, প্ৰেম আৰু আনন্দৰে পূৰ্ণ আৰু এক সমৃদ্ধ জীৱন যাপন কৰাৰ বাবে এই দৰ্শনে নিজৰ ওচৰত ঋণী হৈ থাকিবলৈ শিক্ষা দিয়ে। সেইবাবে কোৱা হৈছে, “সকলো মানুহৰ ভিতৰত কেৱল সেইসকলহে সুখত থাকে, যিয়ে দৰ্শনৰ চৰ্চা আৰু অধ্যয়নক সময় দিয়ে, তেওঁলোকেহে সঁচাকৈয়ে জীয়াই থাকে। তেওঁলোকে গম পায় যে কেৱল নিজৰ দিনটো ভালদৰে উদযাপন কৰাৰ বাবে ভালদৰে দৃষ্টি নিক্ষেপ কৰাটোৱে যথেষ্ট নহয়। তেওঁলোকে বয়সৰ প্ৰতিটো পল নিজৰ দিনবোৰ পালনৰ লগত সংলগ্ন কৰি পেলায়। অতীতৰ সকলো স্মৃতিকে তেওঁলোকৰ অভিজ্ঞতাৰ স্মৃতিকোঠাত সাঁচি থয়। ‘’— (চেনেকা) ষ্ট’ইচিজমৰ মূল ভিত্তি হ’ল প্ৰকৃতিৰ সৈতে সহযোগিতাৰে জীয়াই থকা। ষ্ট’ইচিজমে আমাক শিকাই যে আমাৰ জীৱনটোক বিশ্বব্ৰহ্মাণ্ডৰ বা জীৱনৰ গতি বা ছন্দৰ সৈতে সমিলমিলত আগবঢ়াই দিয়াটোৱেই এক উত্তম পন্থা।

ফোনঃ ৮৪৮৬৮০৯৪৯১৬

You might also like

Comments are closed, but trackbacks and pingbacks are open.