শব্দ ভ্ৰম

82

অত্ৰেয়ী গোস্বামী

তাই কথাখিনি মনতে জুকিয়াই ল’লে৷ বহুদিনৰে পৰা মগজুত কিলবিলাই থকা কথা কথা যেন লগা অথচ অকোৱাপকোৱা শিপা এডালেহে যেন তাইক মেৰিয়াই আছিল৷ শব্দ কেইটামান হাতত লৈ তাই বহুত সময় লিৰিকিবিদাৰি থাকিল৷ এপাকত হঠাতে জানো কি হ’ল, তাই দেখোন আটাইকেইটা শব্দ আঁতৰলৈ দলিয়াই দিলে৷ ঠিক পুৰোহিতে সেৱা কৰাৰ আগতে দিয়া ফুলপাহ সেৱা কৰোঁতে  আগলৈ দলিয়াই দিয়াৰ দৰে৷ এইবাৰ বাওঁ হাতৰ তলুৱাখন তাই বৰ মৰমেৰে চালে আৰু সোঁহাতৰ তৰ্জনীৰে নিমখ এচেলেক লোৱাৰ দৰে কৰি জিভাত লগালে৷ এনেকৈ তকালি পাৰিলে যেন সেয়া অমৃতহে আছিল৷ তাৰ পিছত শব্দৰ ভাৰখন কান্ধৰ পৰা নমাবলৈ তাই বৰ বিশেষ কষ্ট কৰিবলগীয়া নহ’ল৷ হৰহৰকৈ সকলো খহি পৰিল৷ তাই মাত্ৰ নিবটো কাগজখনৰ ওপৰেৰে নি থাকিল৷

মই ক’লো,”সন্ধ্যা নামিছে,জোনাক ফুলিছে৷”

তেওঁ ক’লে, “ওঁ। লাইটবোৰ অন কৰি দিয়া৷ আন্ধাৰত নাথাকিবা৷”

মই ভাবিছিলোঁ আন্ধাৰৰ সুৰুঙাইদি সৰকি অহা পোহৰ অকণ বুটলি ল’ম একেলগে। সেয়েহে আকৌ এবাৰ কৈ চালোঁ  “বৰষুণ দিছে জানা?”

তেওঁ ক’লে,”দুৱাৰ-খিৰিকী ভালকৈ জপাই লোৱা৷”

মই অবাধ্য মনটোক এৰাল লগাওঁ কেনেকৈ?

বাহিৰলৈ ওলাই জুৰুলি-জুপুৰিকৈ তিতিলো। শাওনৰ বৰষুণ! এনেকুৱা লাগিছিল যেন বৰষুণৰ সূতাৰে ফটা হিয়াখন সীহে থ’ম!

মই শিক্ত মাতেৰেই তেওঁক কৈছিলোঁ, “অনুভৱবোৰ সেউজীয়া হৈ থাকিবলৈ দিয়া।”

তেওঁ গৰজি উঠিল৷ “তুমি পেনপেনাই নাথাকিবাচোন। মোৰ অজস্ৰ কাম আছে। এইবোৰ বলকি থকাতকৈ মনে মনেই থাকিবা।”

তেতিয়াৰ পৰাই মই মনে মনে আছোঁ৷ নিমাত।

নীৰৱতাও ইমান বিষাক্ত!

এইখিনিতে তাইৰ শব্দবোৰৰ ঠেঁহ লাগিল৷ তাই বিবুদ্ধিত পৰিল৷ ইমান সহজে সিহঁতক সৈমান কৰাব নোৱাৰি৷ তাই কেঞা আঙুলিৰ নখটো চিকুটি চিকুটি সৰু কৰি পেলালে৷ নাই,একো উপাই নোলাল। এইবাৰ আঙুলিটো কামুৰিবলৈ ধৰিলে৷ অকণমান তেজ বিৰিঙিল৷ তেহে তাইৰ মগজুত টোকৰ পৰিল৷ ৰোষঘৰত সোমোৱা শব্দবোৰ বুটলিবলৈ তাই চেষ্টা কৰি চালে৷

তাই কৈছিল, “গধুলি-গোপাল জোপা ফুলিছে। গোন্ধে আমোলমোলাই আছে৷”

সি কৈছিল, “কফি দুকাপ আনা।একেলগে উশাহত উজাও৷”

ক’ৰবাত দুটামান শব্দই হঁহাৰ দৰে কৰিলে৷ তাই আসৈ পালে৷ ইমান সহজে ধৰা দিয়েনে কোনোবাই?

তাইৰ চকুৰ কোণ সেমেকিল৷ নিথৰ হৈ বহি থাকিল৷ এইবাৰ পিছে শব্দবোৰৰ অভিমান হ’ল৷ সিহঁতে মুখ ওন্দোলাই তাইৰ ফালে পিঠি দিলে৷ তায়ো এৰি দিয়া ভকত নাছিল৷ ইমান দিনৰ মিতিৰালি মুহূৰ্ততে নোহোৱা হ’বলৈ দিবনে? তাই হাৰ নামানিলে৷ কেতিয়াবা হাৰ মানি ভাল লাগে৷ কেতিয়াবা হাৰি যোৱাই বহুত কিবাকিবি দি যায়৷ তাই অলপ অস্থিৰ অনুভৱ কৰিলে৷ এনেকুৱা অস্থিৰতাও মানুহক লাগে৷

সেই অথিৰ-অবিৰ সময়খিনিয়েই তাইক তুলি ধৰিলে৷ সোণহেন অতীত এটা  ছাঁ হৈ তাইৰ লগে লগে থাকে৷ এন্ধাৰে-পোহৰে৷ ইমান সহজ একোৱেই নহয়৷ অথচ জটিল বুলি এৰাই চলিবও নোৱাৰি৷ অতীতলৈ চেঁকুৰ মেলি তাই শব্দ দুটামানক আদৰ কৰিলে৷ সিহঁতেও ধৰা দিবলৈ বেয়া নাপালে৷ হঠাৎ সিহঁতে তাইৰ আত্মাত খুন্দিয়ালে৷ তাই থাপ মাৰি  হাতৰ মুঠিটো টান কৰি ধৰিলে৷

: তুমি য’ত আছা তাৰ পৰা ওলাই আহা৷

: কিয়?

: কল্পনাবিলাসিতাই মানুহক দুখী কৰে৷

: মোক নকৰে৷

: মোৰ জনা আছে৷

: কেনেকৈ?

: কল্পনাত জোৰ নাথাকিলে মানুহে তোমাৰ দৰে অবাস্তৱিক কথা একোটা কৈ দিব নোৱাৰে৷

: তাৰমানে মই পাগল?

: নহয়৷ মইহে হ’ম আৰু দুদিনমানৰ পিছত৷

: তেন্তে বাই বাই৷

: লাভ নাই৷

: কিয়?

: নাখাও কলীৰ হাতে ভাত,ঘূৰি ঘূৰি কলীতেহে হাত৷

: আচ্ছা! কলী আপোনাৰ ভ্ৰম মহাশয়৷

: মুঠেই নহয়৷ এবাৰ ভাবাচোন৷ উই আৰ টুগেডাৰ৷

: কল্পনা?

: —

:—

এই মৌনতা বৰ ভয়াবহ৷ তাই জানে৷ যিটো হ’ব নোৱাৰে সেইটোৰ কল্পনা তাইৰ বাবে বিলাসিতা৷ বিলাসী কাৰবাৰ তাই বেয়া পায়৷ তাই এখন হাত বিচাৰিছিল৷ সেয়াও তাইৰ বাবে বিলাসিতাই আছিল৷ সেই হাতখনেই তাইক আছাৰি পেলালে৷ আস্থা,ভৰসা সকলো নোহোৱা হ’লে মানুহে হাত এখনলৈ বাট চাই নথকা হয়৷ কোনোবাই কান্ধ পাতি দিব বুলি নভবা হয়৷ যেতিয়া তাই সম্বিত ঘূৰাই পালে তেতিয়া কেউপিনে এন্ধাৰ আছিল৷ কেৱল এন্ধাৰ৷ মানুহ ইমান অকলশৰীয়া হয়নে? তাইৰ দেখোন কোনো ধাৰণাই নাছিল!

লাহে লাহে তাই নিজক নিজৰ মাজতে সামৰি-সুতৰি থ’লে৷ নিজক জাপোতে তাইৰ বহু সময় লাগিল৷  জাপ খুলিবলৈ কৰা সকলো চেষ্টা ব্যৰ্থ হ’ল৷ এনে চেষ্টা অৰ্থহীন৷ আকৌ একে ভাঁজে থ’বলৈ তাইতো এখন মুগাৰ মেখেলা নহয়৷

মলঙা গোন্ধ এটা উজাই অহা বাটেৰে উভটি গৈছিল ভৰসাৰ হাত দুখন৷

তাইৰ কাষত আছিল তেতিয়া শব্দবোৰ৷ শব্দবোৰে তাইক নিচুকাই-ফুচুলাই উখহা চকুত মলম সানি দিছিল৷ একো নাছিল তাইৰ৷ কোনো নাছিল৷ আছিল যদি কেৱল উশাহটো আছিল৷ তেতিয়া শব্দবোৰ মাজে মাজে কঠোৰ হৈছিল,মাজে মাজে মোলায়েম হৈছিল৷

: জীয়াই থকাটো পাপ নেকি?

: জীয়ন দিব জানিব লাগিব৷

: মই কিয় জীয়াই আছোঁ?

:কাৰণ সময়ে তোমাক বিচাৰিছে৷

: মই মৰিব কিয় নোৱাৰোঁ?

: কাৰণ মৃত্যু এতিয়া তোমাৰ নহয়৷

: মোক দেখোন কোনেও নিবিচাৰে৷ মই কাৰোৰে প্ৰয়োজনীয় নহয়৷ তাৰ পিছতো?

: যি স্বীকাৰ নকৰে,তাক অৱজ্ঞা কৰা৷ যি শিকিব নোখোজে তাক নিশিকাবা৷ তুমি কেৱল তোমাৰ৷

: মই মদাৰ৷ প্ৰয়োজন নাই অথচ ফুলিবই লাগিব৷

: ব্যৱহৃত হোৱাতকৈ মদাৰ হোৱা ভাল৷

তাই ঠন ধৰি উঠিছিল৷ তাই নিজৰ ওচৰলৈ উভটি গৈছিল৷ নিজৰ বাহিৰে মানুহৰ গত্যন্তৰ নাই৷ আচলতে মানুহৰ সকলো কথা মানুহৰ বাবে৷ মানুহে মানুহক চেৰাই মানুহ হ’ব নোৱাৰে৷ সীমাৰেখা পাৰ হ’লে সকলো শেষ৷ এই শেষৰ অন্ত নাই৷ এই শেষৰ আৰম্ভণি বীজ নাথাকে৷ এই শেষ মানে কেৱল শেষ৷ তাই তেনেকুৱা শেষ বিচৰা নাছিল৷

মনৰ অস্থিৰতা দমন কৰা সহজ নহয়৷ যি হয় সেয়া নহয়৷ যি নহয়,সেয়া বুজি পাব নোৱাৰি৷ বাচিক কথাবোৰ শুই থাকে৷ মনক সময়ৰ অধীন কৰাৰ কাৰচাজিত কিবা এটা হেৰাই যায়৷ শব্দবোৰে তাইক বাৰে বাৰে তুলি ধৰে৷ তাই হাউলি পৰিলে ঢোকা দি ধৰে৷ তথাপি তাই কিছুমান কথাৰ পৰা নিজকে মুক্ত কৰিব নোৱাৰে৷

: মই সোঁৱৰণ হোৱাৰ পিছত মোৰ গুণগান কৰি কি পাবা?

: সন্তুষ্টি৷

: এয়া সীমা চেৰাই যোৱা জিঘাংসা নহয়নে?

: নহয়৷সুখ৷

: কাৰোবাৰ ছাঁইখিনিলৈয়ো ইমান হাবিয়াস নে?

: হাবিয়াস নহয় উৎকণ্ঠা৷

ঠেলা-হেঁচাকৈ সোমাই আহে এলানি গুৰি পৰুৱা৷ ক’ৰবাত কেনেবাকৈ এটা লাগিলেই হ’ল৷ কিটিককৈ কামোৰ এটা মাৰে৷ শোকবোৰো তেনেকুৱা৷ সুবিধা বুজি কিটিককাটাক কামুৰি থাকে৷ তাইৰো একেই৷

বখলাবখলে এৰাই গৈছে দাগ লগা পৃষ্ঠা৷ জীৱনৰ কি অদ্ভুত মায়া! বাৰে বাৰে জী উঠে৷ জীয়ন দিব পৰাটোৱে সুখৰ বাট কাটে৷ এয়া জীৱনৰ সুন্দৰতম কলা৷ সুন্দৰতে মায়া,মায়াতে জীৱন,জীৱনতে সকলো, এই সকলোবোৰ ভ্ৰম৷ চকু মেলিলেই সকলো নিসাৰসাৰ৷

তাই সেইটোৱেই নিবিচাৰে৷ তাই জীৱনক আভুৱা ভাৰিব নিবিচাৰে৷ জীৱনক নিজৰ গতিত এৰি দি তাই নিজৰ বাবে নিজেই দাপোণ এখন হয়৷ তাইৰ আত্মা জহিখহি গৈছে৷ তথাপি তাই জীয়াই থকাৰ ইচ্ছাক দমন কৰিব নোৱাৰে৷ ভাঙি টুকুৰা-টুকুৰ হৈ যোৱাৰ পিছত নিজক জোৰা-টাপলি মৰাৰ যি আমেজ,সেয়া ক’তো নাই৷ নিজক নিচুকাব জানিলে পৃথিৱীৰ শ্ৰেষ্ঠ নিচুকনি গীতটোৱেও লাজ পাব৷ নিজৰ বাবে আছুটীয়াকৈ ৰখা নিজৰ অকণমান আলফুল স্পৰ্শই যথেষ্ট৷ “মই আছোঁ৷” কোনো নথকাৰ পিছৰ ডাঙৰ সকাহ৷

তাই দীঘলকৈ হুমুনিয়াহ এটা এৰি দিয়ে৷ শব্দবোৰে আকৌ তাইক আগুৰি ধৰে৷ কেতিয়াবা একোটা বিকট চিঞৰে তাইক দোমোজাত পেলায়৷ প্ৰশ্ন অলেখ৷ উত্তৰ নাই৷ শব্দবোৰ মুখেৰে নোলোৱালৈকে সকলোৰে মংগল৷ জিভা লৰিলেই বিপদ৷ তাই বোবা হ’ল,কলা হ’ল৷ সময়ৰ পৰীক্ষাত নিজকে সমৰ্পি দিলে৷

তাই ভাবে—বিচ্ছেদৰ বাবেটো এটা নিশ্চিত কাৰণ লাগে৷সেই নিৰ্দিষ্ট কাৰণটোৱেই অজুহাত৷ হাতে হাত ধৰি কাষে কাষে গৈ থাকিবলৈ কোনো কাৰণ নালাগে৷ ভালপোৱাই যথেষ্ট৷ ই আকৌ ভ্ৰম৷ হয়,ভ্ৰমৰ বাহিৰে সুখ ক’তো নাই৷ বাকী সকলো ভুৱা৷

তাইৰ শব্দবোৰো ভ্ৰম৷ শব্দ কেতিয়াও ভুৱা হ’ব নোৱাৰে৷ গতিকে শব্দবোৰ অসংশোধিত ভ্ৰম৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.