সৰল জীৱন উচ্চ চিন্তন

পাপৰি বৰা
জীৱনটো যিমানেই সৰল হয় সিমানেই সুন্দৰ হয় , চিন্তামুক্ত সহজ সৰল মনেৰে মৰা হাঁহিটোতেই ফুটি উঠে সেই নিভাজ সুখৰ ৰং। আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত  চিন্তাহীন হৈ উদ্বেগহীন হৈ কটোৱা সময়খিনি আপুৰুগীয়া সময়। সৰ্বতে এতিয়া প্ৰতিযোগিতাৰ পৰিবেশ ছাত্ৰ অৱস্থাই হওক বা কিশোৰ অৱস্থাই হওঁক ভৱিষ্যতৰ সপোনে সকলোকে এক প্ৰতিযোগিতাৰ মঞ্চতহে যেন থিয় কৰাই ৰাখিছে। সকলোতে তেনে এক উত্তেজনামূলক পৰিৱেশেই বিৰাজ কৰে। সমাজখনৰ মাজত প্ৰতিযোগিতা, বিদ্যালয়ৰ প্ৰতিযোগিতা, কাৰ্যালয়ৰ প্ৰতিযোগিতা, বজাৰৰ প্ৰতিযোগিতা শেষতীয়া ট্ৰেণ্ডত  নিজকে শ্ৰেষ্ঠ সজোৱাৰ প্ৰতিযোগিতাত সকলো ব্যস্ত। কোনোৱে যেন পিচ পৰিব নিবিচাৰে সকলোকে লাগে শ্ৰেষ্ঠতাৰ মুকুট। সেই মুকুটৰ সপোনত জীৱনৰ সৰু সৰু সুখবোৰে হাঁহিবোৰে কাকো যেন নিচুকাব নোৱাৰে। কিবা এটা বিৰাট পোৱাৰ আশাত হাতৰ মুঠিৰ সৰু সৰু প্ৰাপ্তি সুখ সফলতাই কাকো সন্তুষ্টি দিব নোৱাৰা এক সময়। সেই সময়তেই হয়তো এটি সৰল জীৱনৰ সপোন দেখা কিছু লোকে জীৱনৰ সৰলতাক উদযাপন কৰাৰ কথা ভাবিলে। “Simple living high thinking ” কথাষাৰ আমি সকলোৱে শুনিছো পিচে উপলদ্ধিৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰো।
               প্ৰতি বছৰে জুলাই মাহৰ ১২ তাৰিখে National  simplicity Day উদযাপন কৰা হয়। ১৮১৭ চনৰ এই দিনটোতে আমেৰিকাৰ প্ৰসিদ্ধ  কবি লেখক দাৰ্শনিক পৰিৱেশবিদ ইতিহাসবিদ  হেনৰী ডেভিদ থাৰোৰ জন্মদিন। তেখেতে সদায় এক সৰল জীৱন যাপনৰ বিষয়ে কৈ আহিছিল  তেখেতৰ গ্ৰন্থ ” ৱাল্ডেন ” এখন বৰ গুৰুত্বপূৰ্ণ আৰু প্ৰসিদ্ধ গ্ৰন্থ য’ত তেওঁৰ ৱাল্ডেন হ্ৰদৰ কাষত এক সুন্দৰ জীৱন যাপনৰ বৰ্ণনা আছে। এক আত্মনিৰ্ভৰ আৰু সৰল জীৱন যাপনৰ তেওঁ মাৰ্গদৰ্শী। গ্ৰন্থখনত তেওঁ তাৰেই সুন্দৰ বৰ্ণনা ডাঙি ধৰিছিল। আজি এই সৰলতাৰ অভাৱ। অদূৰদৰ্শিতা অস্থিৰতা বিৰাজ কৰা সমাজখনত প্ৰতিক্ষণতে এজনে আনজনক পিচপেলাই নিজেই আগবঢ়াৰ কথা চিন্তা কৰোতেই হেৰুৱাই পেলাই জীৱনৰ সহজ ছন্দ। প্ৰতিটো খোজতে হেৰুৱাৰ ভয় পৰাজয়ৰ ভয়ে মানুহক সুস্থ জীৱন যাপন কৰাত বাধা দিছে। উদ্বিগ্নতাই বেৰি ধৰিছে মনৰ পৰিধি । সেই সময়তে এনে এটা দিন এনে এটা দিৱসৰ উদযাপনৰ বহু তাৎপৰ্য আছে। তেখেতৰ দৰ্শনে বহুজনকে আকৰ্ষিত কৰিলে আৰু তেতিয়াৰ পৰাই তেখেতৰ জন্মদিনৰ দিনা সমগ্ৰ বিশ্বত এই দিনটোৰ  আয়োজন কৰা হ’ল।
              এনে এটা দিবসৰ উদযাপনে মানুহক এই জীৱন মৰন দৌৰৰ পৰা অকনমান থমকি ৰৈ চিন্তা কৰিবলৈ শিকায়। জীৱনক এবাৰ জুকিয়াই চাবলৈ শিকায় , মন বিবেকক জাগ্ৰত কৰে আমি কি কৰিছো কোনফালে আগুৱাইছো অদূৰত কি আছে কি পাম কি হেৰুৱাম সেয়া মনোবিশ্লেষণত সহায় কৰে। আজিৰ তাৰিখত এই সহজতা বা সৰলতাৰ অতিকে প্ৰয়োজন যাক আমি ক’তো বিচাৰি নেপোৱা হলো। সকলোতে এক জটিল সমীকৰণ। জীৱনৰ এই জটিল সমীকৰণক ইচ্ছা কৰিলে আমি নিজেই সৰল কৰি লব পাৰোঁ। আজিৰ তাৰিখত যিটো নহলেই নহব বুলি আমাৰ ধাৰণা সেইয়া অতীতত নাছিলেই তথাপিও জীৱন চলি আছিল কিন্তু আজি আমি সেই সকলো বোৰ পাইয়ো আগৰ সৰলতাখিনি ঘূৰাই পোৱা নায়। জীৱন যেন ইমান মসৃণ  কষ্টহীন হোৱাৰ পাচতো অতীতৰ সহজ সৰল মুখখন বিচাৰি পোৱা নায়। অকৃত্ৰিম হাঁহি বোৰ বিচাৰি পোৱা নায়। আজি যেন এটি হাঁহিৰো বানিজ্যিকৰণ হৈছে। কাক কিমান খিনি হাঁহি উভতাই দিব লাগিব সেয়াৰো হিচাপ। চমকলগা পৃথিৱীখনত সকলোৰে এটি  কৃত্ৰিম হাঁহিৰ আদান প্ৰদান। দৰকাৰ নপৰিলে  এটি হাঁহিৰেও কোনেও কাকো সম্ভাষণ দিব নিবিচাৰে। লাগে আৰু লাগে অধিক লাগে সকলোকে। আজি এশ শতাংশইও কাকো সন্তুষ্টি লভাব নোৱাৰা হৈছে তেনে সময়ত এই সৰলতাৰ দিৱস এটিৰ  অতিকে প্ৰয়োজন নহয়নে বাৰু!
          আজিৰ মানৱে এবাৰ হলেও পিচলৈ ঘূৰি চোৱাৰ প্ৰয়োজন হৈছে। এবাৰ নিৰলত বহি নিজকে সুধা উচিত আমি কিহৰ বাবে দৌৰিছো ৰাতি দিন য’ত আমাৰ খাবলৈ শুৱলৈ দুটা কথা পাতিবলৈ প্ৰকৃতিৰ সেউজীয়া বোৰ আকাশৰ নীলাবোৰ চাবলৈও সময়ৰ অভাৱ। জীৱনটোক অলপমান সহজ কৰি তুলিবলৈ যত্ন কৰা উচিত। অদৰকাৰী বোৰ চিনাক্ত কৰি তাক নোহোৱা কৰিব পাৰিলেহে দৰকাৰী খিনি আমি দেখা পাম বুজি পাম তাৰ বাবেও অলপ সময়ৰ দৰকাৰ। কবি দাৰ্শনিক হেনৰী ডেভিদে সেয়ে কৈছে ” আমি যেতিয়াই জীৱনটো সৰল কৰি তুলিম ব্ৰহ্মাণ্ডৰ নিয়মবোৰো আমাৰ বাবে সহজ হৈ পৰিব। “
জীৱনক আমি কিধৰণে সৰল কৰি তুলিব পাৰো……
👉 প্ৰথমতেই আমি আমাৰ প্ৰয়োজনীয়তা কমাব লাগিব  অতিকে প্ৰয়োজন নহলে আমি বহু বস্তু ব্যৱহাৰ কৰা বা কিনাৰ পৰাও বিৰত থাকিব পাৰো তেতিয়াও জীৱন সৰল হয়।
👉ভৱিষ্যতৰ অলীক জল্পনা কল্পনাতকৈ বৰ্তমানৰ সময়বোৰত নিজকে ভৰপূৰভাৱে জীয়াই ৰাখিব পাৰিলেও জীৱনৰ জটিলতা আঁতৰে কিয়নো ভৱিষ্যত এনেও আমাৰ হাতত নাথাকে বা নাজানো ।
👉 মানসিক সুস্থিৰতাৰ বাবে কৰা যোগা ধ্যান  ব্যায়াম আদিয়ে মনটোক বহুখিনি সংযম কৰি ৰাখে । গতিকে এই নিয়মবোৰো সুস্থ জীৱনৰ বাবে দৰকাৰী।
👉 খাদ্যাভাস সৰল , সতেজ হোৱাৰ উপৰিও ফলমূল নিৰামিষ ভোজন , সেউজীয়া শাক পাচলি আদিয়েও মনক সংযম কৰে। উগ্ৰতা নোহোৱা কৰে। তেনে খাদ্যাভাসীসকলৰ মনবোৰো সদায় নম্ৰতাৰে ভৰে। অতীজৰ ঋষি মুনি সকলৰ জীৱন খাদ্যাভাস একেবাৰে সৰল আছিল। ৰাজভোগ,  ধন সম্পদ ৰাজবিলাস আদিৰ পৰা তেওঁলোকে দুৰৈত অৱস্থান কৰিছিল।
        আমি জীৱনৰ মূল কথাবোৰলৈ ঘূৰি আহিব লাগে। য’ত প্ৰকৃতিয়েই জীৱন আৰু জীৱনৰ সকলো নিয়মেই প্ৰাকৃতিক পৰিঘটনা। সকলো আছে আৰু আগতেও আছিল আগলৈও থাকিব তাক মানৱে সলাব নোৱাৰে। প্ৰকৃতিতে মানৱ জীৱনৰ উৎপত্তি আৰু প্ৰকৃতিতেই মানৱৰ শেষ। আধুনিক সকলো সৰঞ্জাময়েই ক্ষণস্থায়ী। গতিকে সৰল জীৱন যাপন এক জীৱনৰ উদযাপন।  চিন্তামুক্ত সহজ জীৱনে আমাক শাৰীৰিক মানসিক ভাৱে সুস্থ সবল কৰি ৰাখে গতিকে জীৱনৰ জটিলতাৰ পৰা আঁতৰি বস্তুবাদৰ পৰা আঁতৰি আমি এক সুন্দৰ সৰল জীৱন যাপন কৰিব পাৰোঁ।
ফোন : ৭০০২১৭৪৫২৩
You might also like

Comments are closed, but trackbacks and pingbacks are open.