পুষ্পাঞ্জলি শিৱম শৰ্মা
প্ৰতিজন ব্যক্তিয়ে জীয়াই থকা জীৱনটোৰ অপৰিহাৰ্য্য অংশ হিচাপে জাগতিক দু: খ কষ্ট, বেথা, হাঁহিঁ বা কান্দোন এইবোৰক এক স্বাভাৱিক অৱস্থা বুলি আমি সকলোৱে মানি আহিছো। সংসাৰত থাকি এইবোৰৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱ নহয়, বা এইবোৰৰ পৰা একেবাৰে পলাই গৈ একাকিত্ব জীৱন পন্থা অৱলম্বন কৰাটোও সহজ নহয় এইটো ধ্ৰুৱ সত্য। এইবোৰক এৰাই চলাটোও সম্ভব নহয়, গতিকে উপায় হৈছে তাক ভয় নকৰি প্ৰসন্ন চিত্তে গ্ৰহণ কৰি সহবাস কৰিব পাৰিলে, জীবনৰ দু: খ কষ্টৰ বোজা নিশ্চয়কৈ কিছু কমি যাব পাৰে। বুদ্ধই কৈছিল, তুমি যদি কেতিয়াবা নদীৰ পাৰত বহি সূৰ্য উদয় হোৱা দৃশ্য উপভোগ কৰা দেখিবা তোমাৰ হৃদয় শান্ত হৈ পৰিব। কোনো উত্তাল তৰংগই তোমাৰ চিত্তক সেই সময়খিনিত আমনি নকৰে। উদিত সূৰ্যৰ লগত একাত্ম হৈ চাবা আৰু তেতিয়াই উশাহলৈ মন কৰিবা উশাহবোৰো শান্ত হৈ পৰিছে। উশাহত এক ছন্দ জড়িত হৈ যাব আৰু এটি মিঠা গীতৰ লহৰ ঢৌ খেলি যাব। হৃদয় মন আনন্দত পুলকিত হব। এই অনুভৱেই বিপাশ্যনা। যি মানুহৰ উশাহনিশাহৰ ভাৰসম্যক প্ৰতিনিধিত্ব কৰে। অৰ্থাৎ শান্তভাবে বহি উশাহবোৰক নিজা অনুভৱৰে হৃদয়ঙ্গম কৰিব লাগে। প্ৰানায়াম আৰু বিপাশ্যনাৰ কিন্ত এইটোৱে বৃহৎ পাৰ্থক্য।
প্ৰানায়ামত উশাহবোৰ সলনি কৰাৰ প্ৰয়াস কৰা হয় আৰু বিপাশ্যনাত উশাহ যেনেকৈ লৈ আছে তেনেকৈয়ে অনুভৱ কৰাৰ প্ৰয়াস কৰা হয়। সেই উশাহ লাগিলে যেনেকুৱাই নহওক কিয় ভাল কিম্বা বেয়া, দ্ৰুত নাইবা ধীৰ ইত্যাদি। যিসকলৰ মানসিক স্থিতি এনেকুৱা এক পৰ্যায়লৈ গৈ পাই যে, কাৰোবাৰ জন্মতো “উল্লাস” বোধ নকৰে মৃত্যুতো “দু:খ” বোধ নজন্মে, আৰু জন্ম মৃত্যু যে এক স্বাভাবিক নিয়ম তাক গ্ৰহণ কৰাৰ হেতু মানসিক প্ৰস্তুতি গঢ়ি তুলিব সক্ষম হৈছে সেইসকলে “বিপাশ্যক।” জীবনৰ সাৰ্থকতা অথবা ব্যৰ্থতাৰ মাজত এক মানসিক ভাৰসাম্য অৰ্জন কিদৰে কৰিব পাৰি তাৰ পথ প্ৰদৰ্শন কৰে, “বিপাশ্যনা” নামৰ জীৱনৰ মাৰ্গদৰ্শনৰূপী পদ্ধতিটোৱে। ই হৈছে এনে এক পথ যত বাট বুলিলে এক মানসিক প্ৰশান্তিয়ে লগ দিয়ে। হৃদয় মন শান্ত হৈ পৰে।
বিপশ্যনা (সংস্কৃত) বা বিপস্সনা (পালী) প্ৰাচীন ভাৰতৰ এটি ধ্যান পদ্ধতি। এই বিদ্যাটি প্ৰায় ২৫০ হাজাৰ বছৰৰ আগতে গৌতম বুদ্ধদেৱে পুনৰাই আবিষ্কাৰ কৰিছিল। সংস্কৃতত বিপশ্যনা মানে বিষয়বস্তুক এক ‘বিশেষ ভাবে দৃষ্টি দিয়াৰ ‘ ধাৰণা যত ‘বিশেষ’ মানে, ‘যথাযথ’, ‘যথাভূত’ অৰ্থাৎ যি যেনেকৈ আছে ঠিক সেই ৰূপেই কোনো প্ৰতিক্ৰিয়া নকৰি সমভাবে দেখা পোৱাৰ যোগ্যতা আহৰণ কৰা।বিপশ্যনা হৈছে স্বপৰ্যবেক্ষণৰ দ্বাৰা আত্মশোধন কৰাৰ এক প্ৰক্ৰিয়া। নিজৰ স্বাভাবিক নিশ্বাসক মনোযোগ দি লক্ষ্য কৰি প্ৰথমে নিজৰ মনক একাগ্ৰ কৰিব পৰাটো হৈছে এই পদ্ধতিৰ প্ৰথম ধাপ। নিজ নিজ শৰীৰ আৰু মনৰ অবিনশ্বৰতা আৰু অনিত্য প্ৰকৃতিৰ প্ৰতি সংবেদনাৰ স্তৰত আমাৰ পঞ্চইন্দ্ৰিয়ৰ জৰিয়তে সজাগতা আৰু শুদ্ধিক প্ৰনিধান দি অনিত্যতা, দুঃখ আৰু অহং-অস্মিতা মিলি যোৱাৰ যি চিৰন্তন সত্য তাক অনুভব কৰাৰ নামেই হৈছে “বিপশ্যনা।” ইয়াৰ পাচটা সিদ্ধান্ত হৈছে _ কোনো জীৱকে হিংসা নকৰা, চুৰিকাৰ্যৰ পৰা বিৰত থকা, ব্ৰহ্মচাৰ্য পালন কৰা, অপশব্দৰ প্ৰয়োগ নকৰা আৰু যিকোনো নিচাৰ পৰা দূৰৈত থকা। বিপাশ্যনা ৰ ক্ষেত্ৰত বুদ্ধৰ বাণী যে “আহা আৰু চাই লোৱা” মানিবৰ প্ৰয়োজন নাই। চোৱা, তাৰ পিছত মানিবা আৰু যিয়ে দেখিলে সেইসকলে মানিলোৱাটো জৰুৰী বুলি নহয় বৰং তাক অনিবাৰ্য বোধ কৰি মানিয়েই লয়।”
ই অতি চিধা আৰু সৰল এক প্ৰয়োগ ব্যক্তিৰ নিজৰ উশাহনিশাহক লৈ। উশাহেই জীৱন আৰু এই উশাহৰ লগতে মানুহৰ দেহ তথা আত্মা জড়িত আছে। উশাহ ব্যক্তিৰ বাবে এক সেতুৰ দৰে কাম কৰে। এইটো পাৰত দেহ আৰু সিটো পাৰত আত্মা। যদি উশাহক সঠিককৈ প্ৰত্যক্ষ কৰিব পাৰে বোধ কৰিব পাৰে তেতিয়া নিশ্চয়কৈ স্বজ্ঞানক লাভ কৰিব পাৰি। শৰীৰৰ পৰা যে ভিন্ন আমি সকলো এজন স্ৱকীয় আত্মা তাক অনুভৱ কৰিব পাৰি। আত্মশুদ্ধি আৰু মনৰ এক সৰল উপলব্ধিৰ অনুভৱবোধক ধাৰণ কৰিবলৈ এই পদ্ধতিয়ে মানুহৰ এক শোধন প্ৰণালী হিচাপে ভূমিকা গ্ৰহণ কৰে। প্ৰতিজন মানুহৰ জীৱন আৰু জীৱন ধাৰণ প্ৰণালী এক ৰহস্যময় আকৰ এই পৃথিৱীত। বুদ্ধি বিবেচনাৰ উৰ্ধতো কিন্ত এটি স্বাশ্বত উৰ্জা আছে যাক চেতনা বুলি কোৱা হয়। এই শক্তি কেৱল ব্যক্তিৰ মস্তিষ্ক পৰ্য্যন্ত সীমিত নহয়। ই ব্যক্তিৰ সম্পূৰ্ণ সত্তাজুৰি ব্যাপ্ত হৈ থকা এটা উৰ্জা। এই চেতনা একেবাৰে নিৰ্ভেজাল। এই চেতনা, কোনেও কাকো দিয়া শিক্ষাৰ দ্বাৰা প্ৰভাবিত নহয়। বা এনেকৈ আহৰণো কৰিব নোৱাৰি। চেতনা যিমান বেছি জাগ্ৰত হব, মানুহৰ চিন্তাধাৰা আৰু ভূমিকা সিমানেই নিৰপেক্ষ হয়।
চেতনাৰ জাগৰনে মানুহক অতীতকালৰ দুঃখদায়ী বা হতাশাজনক ঘটনাৰ পৰা নিজকে বিচ্ছিন্ন কৰাই দিয়াৰ সামৰ্থ্য্য ৰাখে, আৰু বৰ্তমানৰ প্ৰতি বেছি ইতিবাচক মানসিকতাক গঢ় দিয়াত সহায় কৰে আৰু সেয়া কিন্তু নিৰ্লিপ্ততাৰে। যাৰবাবে শৰীৰ আৰু মনৰ বিভিন্ন চিন্তা দুশ্চিন্তা, ৰাগ বিদ্বেষ ইত্যাদিৰ পৰা নিজক বিচ্ছিন্ন কৰিব পাৰে আৰু ভবিষ্যতৰ প্ৰতি অকাৰণে উদ্বিগ্ন হোৱা অৱস্থাক নিয়ন্ত্ৰণো কৰিব পৰা হৈ যায়। ধ্যান, যিয়ে আমাৰ এই চেতনাক জাগৃত কৰাত সহায়ক হয়। ধ্যান হৈছে অদৰকাৰী আৰু অপকাৰী চিন্তাৰ পৰা বিৰত থকাৰ বাবে কৰাৰ এক চেষ্টা বা অবস্থা। চেতনা অন্তৰ্মুখী, কিন্ত বুদ্ধি বহিৰ্মুখী। বুদ্ধি আৰু চেতনাৰ এইটো এক বিশাল পাৰ্থক্য। “বিপাশ্যনা”পন্থাটি যদিও বুদ্ধদেৱে পুনৰাই আবিষ্কাৰ কৰি প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল, তথাপি এই সাধনাটি কোনো নিৰ্দিষ্ট সম্প্ৰদায়ৰ অথবা দল-উপদলৰ মাজত আবদ্ধ বা সীমাবদ্ধ নহয়, বৰঞ্চ সকলো জাতি-সম্প্ৰদায় নিৰ্বিশেষে ই সৰ্বজনীন। দুঃখ আৰু পীড়াৰ পৰিত্ৰাণৰ সৰ্বজনীন প্ৰতিকাৰৰ এক ব্যৱস্থাই হৈছে “বিপশ্যনা।”
বৌদ্ধ সম্প্ৰদায়ৰ এই সাধনাৰ প্ৰচাৰ প্ৰায় দশম শতাব্দীৰ আশেপাশে উঠি গৈছিল কিন্তু অষ্টাদশ শতাব্দীত ম্যানমাৰৰ টোউঙ্গু আৰু কোনবাউং ৰাজবংশ তখনকাৰ সতিপঠান সুত্ত, বিসুদ্ধিমগ্গ প্ৰভৃতি বিভিন্ন গ্ৰন্থত উল্লেখ কৰি এই সাধনাৰ প্ৰবৰ্তন আৰু পুনঃপ্ৰচাৰ কৰা হয়। “বিপশ্যনা ‘’হ’ল এনে একা ‘প্ৰজ্ঞা’ যাৰ অৰ্থ ‘প্ৰকৃত সত্যৰ প্ৰতি অন্তৰ্দৃষ্টি’ অথবা এককথাত এনে এক ‘প্ৰত্যক্ষ-জ্ঞান’, যাৰ সংজ্ঞা ‘ দুঃখ, অনাত্ম ভাব আৰু অনিচ্চ’ বা অনিত্যতা। বিংশ শতাব্দীত“বিপশ্যনা” আন্দোলনে এক গুৰুত্বপূৰ্ণ মাত্ৰা পাইছিল ভাৰতীয় মূলৰ ব্ৰহ্মদেশজাত আচাৰ্য সত্যনাৰায়ণ গোয়েঙ্কা আৰু তেওঁৰ গুৰু চায়াজি উ বা খিন-ৰ সান্নিধ্যত। তেওঁ এই বিদ্যা শিকি লাভান্বিত হৈছিল আৰু নিজৰ ক্ষমতা আৰু সদিচ্ছাৰ বাবে মানবসমাজৰ দুঃখ নিৰাশা আদিৰ পৰিত্ৰাণৰ পথ দেখুৱাই দিবলৈ “বিপশ্যনা”ক বিশ্বৰ মাজলৈ লৈ আহিছিল। যি শিক্ষাৰ অন্তৰালত তথা উদ্দেশ্যত লুকাই আছে জীবনক যাপনৰ কলা, বাচি থকাৰ কৌশল।
সত্যনাৰায়ণ গোয়েঙ্কাৰ উদ্যোগতেই “বিপশ্যনা”কেবল বৌদ্ধসকলৰ মাজতেই আবদ্ধ নাথাকিল ই লাহে লাহে এক অসাম্প্ৰদায়িক আৰু সৰ্বজনীন দিশত পৰিণত হৈ সাধাৰণ জনতাৰ সমুখত আহি পৰিছিল। প্ৰকৃতাৰ্থত ধৰ্ম এটাই, যেনেকৈ অগ্নিৰ এটাই ধৰ্ম, দহন কৰা, পানীৰ প্ৰবাহিত হোৱা আৰু যিদৰে সূৰ্য্য সমদৰ্শী। ঠিক তেনেদৰেই মানুহৰো এটাই ধৰ্ম “মানুবত্ব” আৰু যাক অনুভৱ কৰিব পাৰি এই বিপশ্যনা ধ্যান পদ্ধতিৰ জৰিয়তে। “বিপশ্যনাৰ” উদ্দেশ্য কেৱল মনক একাগ্ৰ কৰা নাইবা ৰোগৰ পৰি পৰিত্ৰাণ পোৱাৰ বাবে কৰা সাধনাই নহয় ইয়াৰ মূল উদ্দেশ্য মনক সমস্ত জাগতিক দুঃখ ৰ পৰা নিস্তাৰ দিয়া, চিত্তৰ লগত সমতা স্থাপন কৰা আৰু মনৰ বিশুদ্ধতাক ৰক্ষা কৰা, যাৰ চূড়ান্ত ফল হিচাপে সুখ আৰু প্ৰশান্তিৰ প্ৰাপ্তি আৰু লগতে পূৰ্ণমুক্তিৰ ধাৰণাক আহৰণ কৰিব পাৰি। ই হৈছে মনক শান্ত আৰু নিৰ্মল কাি ৰখাৰ এক বৈজ্ঞানিক বিধি। একপ্ৰকাৰৰ মানসিক ব্যায়াম বুলিও কব পাৰি। যিদৰে শৰীৰক সুস্থ সুন্দৰ কৰিবলৈ শাৰীৰিক ব্যায়াম কৰিব লাগে ঠিক তেনেকৈ মনটোকো শান্ত সবল সুস্থ আৰু দৃঢ় কৰিবলৈ “বিপাশ্যনা” ৰ সহায় লব পাৰি। ইয়াৰ নিৰন্তৰ অভ্যাসে মনৰ যিকোনো স্থিতিৰ ভাৰসাম্য বজাই ৰাখে।
এককথাত কবলৈ গলে মহাত্মা বুদ্ধৰ শিক্ষাৰ ব্যৱহাৰিক সাৰাংশই হৈছে “বিপাশ্যনা।” যিয়ে “ধম্ম” মানে প্ৰকৃতিৰ নিয়মক আৰু অস্তিত্বক বোধগম্য কৰিব শিকায়। প্ৰকৃতি অবিহনে সকলো অসাৰ। যেতিয়াই মনত কিবা বিচাৰ নাইবা বিকাৰ উৎপন্ন হয় তেতিয়া আমাৰ শৰীৰত দুইপ্ৰকাৰৰ ক্ৰিয়া আৰম্ভ হৈ যায়। এটা হৈছে উশাহৰ যি সচৰাচৰ গতি থাকে তাত পৰিৱৰ্তন আৰম্ভ হয় অৰ্থাৎ উশাহ নিশাহত সালসলনি হব ধৰে। তেতিয়া জীৱৰ দেহত কিছুমান ৰাসায়নিক প্ৰক্ৰিয়া আৰম্ভ হয় যাৰ পৰিণামস্বৰূপে সংবেদনশীলতাৰ নিৰ্মাণ হয়। প্ৰতিটো বিচাৰৰ বাবদ নতুন নতুন সংবেদনৰ সৃষ্টি হয়।
সামান্য ব্যক্তিয়ে ইয়াক অনুমান কৰিব নোৱাৰে কিন্ত “বিপাশ্যক”সকলে দেহত হব পৰা প্ৰতিটো সংবেদনক বোধ কৰি সেইঅনুসাৰে নিজক পৰিচালিত কৰিব পাৰে আৰু সেয়াই “বিপাশ্যনা।” ইয়াৰ চৰ্চাৰ বাবে ঘৰৰ সকলোতকৈ শান্ত ঠাইখিনিত আসন পাৰি প্ৰথমে বদহি লব লাগে। লাইট বন্ধ কৰি ডিঙি আৰু কঁকাল চিধাকৈ ৰাখি চকুমুদি আৰামত নাকেৰে অহাযোৱা কৰা উশাহনিশাহৰ ওপৰত ধ্যান কেন্দ্ৰীত কৰিব লাগে। লাহে লাহে উশাহনিশাহত কেন্দ্ৰীত হোৱাৰ পিছত দেহত কি কি সংবেদনশীলতা সৃষ্টি হয় তাক অনুভৱ কৰাই হৈছে “বিপাশ্যনা”ৰ সাৰ্থকতা। ইয়াৰ পৰা সৃষ্ট একাগ্ৰতাই তিনিপ্ৰকাৰৰ হিত সাধন কৰিব পাৰে। ক্ৰমে
–শক্তি উৎপন্ন হয়
–ধৈৰ্যৰ সৃষ্টি হয়
–শক্তি আৰু ধৈৰ্যৰ সমন্বয়ত “সাহস” অনুভৱ হয়।
সেয়েহে হেনোপ’লা গুনৰত্নই এই সম্পৰ্কত কৈছিল যে “স্পষ্টতা আৰু সঠিক ধাৰণাৰ সৈতে যিকোনো বিষয় প্ৰত্যক্ষ কৰা, প্ৰতিটো ঘতকক বেলেগ বেলেগকৈ চোৱা আৰু সেই বিষয়টোৰ সকলোতকৈ মৌলিক বাস্তৱিকতাক বুজিবলৈ সকলো প্ৰকাৰে তাক ছিন্ন কৰাই হৈছে বিপাশ্যনা।”
ফোনঃ ৮৪৮৬৮-৯৪৯১৬
Comments are closed, but trackbacks and pingbacks are open.