ডাঃ কৰুণা হাজৰিকা
“If you are depressed, you are living in past. If you are anxious, you are living in future. If you are at peace, you are living in present.” – Anonymous.
এই বাক্য় শাৰী কোনে ক’ত আৰু কেতিয়া কৈছে তাৰ উঁমান আমি নাপাওঁ। দেখাপোৱা যায় যিসকল লোকে নিৰন্তৰ ভাৱে অসন্তুষ্ট অনুভৱ কৰে তেওঁলোক হয়তো এনে কিছু আচৰণ বা অভ্যাসৰ বাবে আবদ্ধহৈ থাকিব পাৰে যি তেওঁলোকক সন্তুষ্ট অনুভৱ কৰাত সদায়েই বাধা দিয়ে। আমি আমাৰ দৈনন্দিন জীৱনত এনে কিছু লোক দেখা পাওঁ যি সকলে নিজৰ মনোভাৱ সদায়েই বিৰক্ত বা নোপোৱাৰ দিশে প্ৰক্ষেপ কৰে আৰু প্ৰতি মূহুৰ্ত্ততে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিবলৈ কাৰ্পণ্য নকৰে। তেওঁলোকৰ ক্ষেত্ৰত সদায়েই আত্মঅসন্তুষ্টি বিৰাজ কৰে আৰু সেই কাৰণেই তেওঁলোক সদায়েই হতাশা বা অন্য়ান্য প্ৰকাৰে মানসিক ভাৱে বিকাৰগ্ৰস্ত হোৱা দেখা যায়। যদি আপুনি আপোনাৰ জীৱনত সুখী নহয়, তেন্তে জানক যে আপুনি চিৰকালৰ বাবে অসন্তুষ্ট হোৱাৰ প্ৰয়োজন নাই। অসন্তুষ্টি হৈছে এক অস্থায়ী অৱস্থা যাৰ সমাধান কৰিবলৈ আৰু এক উন্নত ভৱিষ্যত সৃষ্টি কৰিবলৈ আপুনি পদক্ষেপ ল ‘ব পাৰে।
এইটো সম্ভৱতঃ যথেষ্ট স্পষ্ট– যে আত্ম–অসন্তুষ্টি হৈছে কেৱল নিজক লৈ সুখী নোহোৱা। কিন্তু ই নিজকে বিভিন্ন ধৰণে প্ৰকাশ কৰিব পাৰে… আৰু আমি সকলোৱে হয়তো নাজানো যে এইটোৱেই প্ৰকৃত সমস্যা হয়নে নহয়?
উদাহৰণস্বৰূপে, যদি আপুনি কোনো এটা কাম কৰিছে আৰু তাৰ আপুনি বিচৰা ধৰণে ফল পোৱা নাই আৰু সেই কাৰণেই আপুনি উদ্বিগ্ন হৈ পৰিছে। সেয়ে আপোনাৰ ধ্য়ান ইয়াৰ পৰা আতৰি গৈ অন্য় ক’ৰবাত নিমজ্জিত হৈছে আৰু ফল স্বৰূপে আপোনাৰ দৈনন্দিন কৰ্মক্ষেত্ৰত বাধা আহি পৰিছে। ইয়াৰ দীৰ্ঘম্য়াদী ফল হিচাবে আপোনাৰ শৰীৰৰ অৱনতি ঘটিছে আৰু পুষ্টিৰ অভাৱ ঘটিছে। ইয়াৰ কাৰণ হ’ব পাৰে আপুনি হতাশাগ্ৰস্ত। ইয়াৰ কাৰণ হ‘ল আপুনি আপোনাৰ জীৱনত সুখ বিচাৰি পোৱা নাই। হয়তো আপুনি আপোনাৰ সুখ বাহ্যিক উৎসসমূহত বিচাৰি ফুৰিছে। ইয়াৰ প্ৰধান কাৰণ হ’ল আপুনি বাহ্যিক উৎস অবিহনে নিজকে কেনেকৈ সুখী কৰিব লাগে নাজানে আৰু ইয়েই আপোনাৰ সন্তুষ্টিৰ অন্তৰায়।
আকৌ বহু সময়ত দেখা যায় বহুলোক নিজৰ শৰীৰক লৈ একেবাৰে সন্তুষ্ট নহয়, যিটো আত্ম–অসন্তুষ্টিৰ এক অতি সাধাৰণ ৰূপ হিচাবে জনা যায়। আনহাতে আনৰ অভ্যাস পৰিৱৰ্তনৰ সৈতে লাগি থকাৰ বাবে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস হেৰুৱা –আত্ম–অসন্তুষ্টিৰ আন এক সাধাৰণ ৰূপ। আকৌ কিছুমানে সদায় চিন্তিত হৈ থাকে যে আন মানুহে তেওঁলোকক কি হিচাবে বিচাৰ কৰি আছে, আৰু তেনেলোক নিজৰ সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাসী নহয়। বহু লোকে সাধাৰণতে আনে তেওঁলোকক পৰিত্যাগ বা প্ৰত্যাখ্যান কৰাৰ ভয় লৈ ফুৰে, আৰু সেই ভয়ে তেওঁলোকক সঁচাকৈয়ে কোনো মহত্ৱপূৰ্ণ কাম কৰাত বাধা দি থাকে। আত্ম–অসন্তুষ্টিৰ অৰ্থ এইটো নহয় যে আপুনি সদায় নিজকে প্ৰতিহ’ত কৰি থাকিব। এইয়া কেৱল নিজৰ ওপৰত আত্মবিশ্বাসৰ অভাৱ । এইক্ষেত্ৰত আপুনি নিজেই যথেষ্ট ভাল নহয় বুলি ভাৱে, বা বাহ্যিক উৎস সমূহত বিচাৰি নোপোৱাকৈ নিজৰ ভিতৰত সুখ বিচাৰি পোৱাত সক্ষম নহ’ব পাৰে। আন এক প্ৰকাৰৰ সুখ আছে যি অধিগ্ৰহণ বা কৃতিত্বৰ ওপৰত আধাৰিত নহয়, বৰঞ্চ প্ৰশংসাৰ ওপৰত আধাৰিত সন্তুষ্টি। সন্তুষ্ট হোৱাৰ অৰ্থ হ’ল আপুনি কোন, আপুনি ক’ত আছে আৰু আপোনাৰ কি আছে তাকে লৈ সন্তুষ্ট হোৱা। আমি নভবা ধৰণে “সন্তুষ্টি” আমাৰ সুখৰ জনপ্ৰিয় সংজ্ঞাতকৈ বহু বেছি বহনক্ষম, কিয়নো ইয়াৰ বাবে আপুনি ইতিমধ্যে যিমান ভাল তাক প্ৰশংসা কৰা আৰু লক্ষ্য কৰাৰ বাহিৰে আন একো কৰাৰ প্ৰয়োজন নাই। আচৰিত ধৰণে কিছুমান লোকৰ বাবে সন্তুষ্টি লাভ কৰাটো প্ৰায় একেবাৰে অসম্ভৱ। এইটো প্ৰকৃতাৰ্থত আমাৰ ধাৰণাৰ ওপৰতে নিৰ্ভৰ কৰে।
আমি ইয়াত সাধাৰণতে হোৱা যিকোনো আঘাত, উদ্বেগ, হতাশা, আৰু আন মানসিক স্বাস্থ্য বিকাৰৰ শক্তিক অৱমূল্যায়ন কৰিব নিবিচাৰো, আৰু যিয়ে আমাক সুখ লাভ কৰাৰ ক্ষমতাক অতি সাধাৰণ ভাৱেই প্ৰভাৱিত কৰে। এই ৰোগবোৰৰ বাবে উচ্চ পৰ্যায়ৰ চিকিৎসাৰ প্ৰয়োজন হয়, আৰু সঠিক যত্নৰ সৈতে, যিসকল ইয়াৰ দ্বাৰা আক্ৰান্ত হয় তেওঁলোকে প্ৰায়ে সুখী আৰু সন্তোষজনক মুহূৰ্তৰে ভৰা জীৱন যাপন কৰিবলৈ সক্ষম হ’ব পাৰে। এইক্ষেত্ৰত সামাজিক বা অৰ্থব্য়ৱস্থাৰ পৰিস্থিতিয়ে নিশ্চিতভাৱে এক ভূমিকা পালন কৰে। আমি ভৱা ধৰণেই খাদ্য, কাপোৰ আৰু আশ্ৰয়ৰ বাবে মানুহৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰাত অনিশ্চয়তা থাকিলে সাধাৰণতেই সন্তুষ্টি অনুভৱ কৰাটো কঠিন হ’ব পাৰে। অৱশ্যে,কোনো কোনো লোকৰ ক্ষেত্ৰত এনে কিছুমান আচৰণ দেখা পোৱা যায়, যিয়ে তেওঁলোকৰ জীৱনত সন্তুষ্টি বিচাৰি পোৱাৰ ক্ষমতাক গুৰুত্বপূৰ্ণভাৱে সীমিত কৰে। তেওঁলোকৰ হাতত যিমানেই থাকক বা প্ৰাপ্তিৰ ক্ষেত্ৰত সদায়েই নিশ্চিত বা অনিশ্চিত নহওক কিয় তেওঁলোক সন্তুষ্ট হোৱাৰ পৰা বহু দুৰত থাকে।
সদায় আনৰ লগত নিজকে তুলনা কৰা এটা ডাঙৰ অন্তৰায় হিচাবে জনা যায়। আমি আন মানুহৰ অভিজ্ঞতাৰ চকুৰে নিজৰ কাম–কাজ নিৰন্তৰভাৱে চাই পৰিচালনা কৰিলে দৈনন্দিন জীৱনত সন্তুষ্ট অনুভৱ কৰাটো অতিকৈ কঠিন। দেখাপোৱা যায় যে সদায় তুলনামূলক ভাৱে নিজতকৈ ওপৰৰ বা উচ্চস্তৰৰ লোকৰ লগত নিজকে তুলনা কৰিলে সদায়েই আত্মতুষ্টি পোৱা নাযায় বৰঞ্চ সদায়েই হতাশাত ভোগা দেখাযায়। ইয়াৰ বিপৰিতে নিজতকৈ কম থকা লোকৰ লগত নিজৰ তুলনা কৰিলে আৰু আন কিদৰে আছে, কেনেকৈ তেওঁলোকৰ জীৱন যাপন কৰিছে, তাক সুক্ষ্মভাৱে নিৰিক্ষণ কৰিলে নিজৰ মাজতো অফুৰন্ত সুখ বিচাৰি পোৱা যায়।
“Comparison with myself brings improvement, comparison with others bring discontent” – Betty Jemmy Chung.
সেয়ে যি সকলৰ ইমান বেছি নাই বা কৰিব নোৱাৰে তেওঁলোকৰ সৈতে তুলনা কৰিলে নিজৰ প্ৰতিচ্ছবি বেলেগ ধৰণে প্ৰকাশ পায় আৰু ই আমাৰ আত্মতুষ্টিত সহায় কৰে। গতিকে কোনোবাই নিজৰ জীৱনক তুলনামূলক ভাৱে “কম” অভিজ্ঞতা বা প্ৰাপ্তিৰ উচ্চ হিচাবে গণ্য কৰিলে ব্যাপক অসন্তুষ্টিৰ বা হীনমান্য়তাৰ সৃষ্টি হয়। যেতিয়া এই আচৰণে তেওঁলোকৰ দৃষ্টিভংগী সলনি কৰে আৰু নিজে কম নেতিবাচক হিচাবে অনুভৱ কৰা পৰিলক্ষিত হয়। ইয়াৰ উপৰিও, যেতিয়া লোকসকল ইচ্ছাকৃতভাৱে এই প্ৰকাৰৰ কথা শিকে আৰু নিজকে প্ৰশ্ন কৰে, “এই মুহূৰ্তত মোৰ জীৱনত কি ভাল হৈছে?” তেওঁলোকে নিজৰ জীৱনক এক অনন্য আৰু মূল্যৱান অভিজ্ঞতা হিচাপে প্ৰক্ষেপ কৰিবলৈ সক্ষম হয়।
আনহাতে নিজৰ যিকোনো দোষ স্ৱীকাৰ কৰি নিজৰ কামত ধ্য়ান দিয়াৰ ব্য়ৱস্থা কৰা এটা উত্তম উপায় । যিসকল লোকে নিজৰ জীৱনত ঘটা যিকোনো সংঘাত বা পৰিস্থিতিৰ বাবে দায়বদ্ধতা ল’ব নোৱাৰে বা ল’বলৈ সাহস নকৰে, তেওঁলোক প্ৰায়ে নিজৰ সম্পৰ্কত ক্ষতিগ্ৰস্ত হয়, আৰু বিশেষকৈ ঘনিষ্ঠ লোকসকলৰ ক্ষেত্ৰত য’ত সাধাৰণতেই প্ৰত্যাহ্বানৰ সন্মুক্ষীণ হয়। এই লোকসকলে অনুভৱ কৰে যে তেওঁলোকৰ লগত ঘটনাবোৰ এনেয়েই ঘটে, আৰু তেওঁলোক ইয়াৰ ফলত অসুখী অনুভৱ কৰে। পৰিতাপৰ কথা, ইয়াৰ বিষয়ে কিন্তু তেওঁলোকৰ সজাগতা একেবাৰে নাই। তেওঁলোকৰ মনত, এনে লাগে যেন সকলোবোৰ আন কাৰোবাৰহে দোষ। এই দৃষ্টিভংগীয়ে প্ৰায়ে মানুহক তেওঁলোকৰ নেতিবাচক পৰিস্থিতি সলনি কৰিবলৈ গৈ অসহায় অনুভৱ কৰে। এইক্ষেত্ৰত যিসকলে এটা কঠিন পৰিস্থিতিত কেনেদৰে অৰিহণা যোগাইছে তাকে চাবলৈ চেষ্টা কৰে, আনকি অনিচ্ছাকৃতভাৱেও, কঠিন সম্পৰ্ক উন্নত কৰিবলৈ আৰু অধিক নিয়ন্ত্ৰণৰ সন্মুক্ষীণ হয় বা ইয়াৰ অনুভূতি অনুভৱ কৰে আৰু সেই দিশত নিজকে প্ৰস্তুত কৰে। ইয়াৰ ফলতে তেনে লোকে আত্মতুষ্টি অনুভৱ কৰা দেখা যায়।
জীৱনৰ প্ৰতিকূল পৰিস্থিতিত গ্ৰহণযোগ্যতা অনুশীলন কৰাটো কঠিন আৰু অপ্ৰত্যাশিত জীৱনৰ ঘটনাসমূহৰ সৈতে নিজকে খাপ খুৱাই লোৱা আৰু সেইবোৰৰ মাজেৰে আগবাঢ়ি যোৱাৰ বাবে নিজৰ সুস্থ পদক্ষেপ অবিচ্ছেদ্য। যিসকল লোকে এইক্ষেত্ৰত সদায় “কিয় মোৰ ক্ষেত্ৰত এনে হ’ল বুলি প্ৰশ্ন কৰিবলৈ চেষ্টা কৰে তেওঁলোকৰ সকলো ক্ষেত্ৰতে গ্ৰহণযোগ্যতা লাভ কৰা কঠিন হৈ পৰে। কিয়নো এই প্ৰকাৰ প্ৰশ্নবোৰৰ যেনে– “মোৰ এনেকুৱা কিয় হ’ল?” “মই কিয় ইয়াৰ মাজেৰে যাম?” সম্ভৱতঃ এই মুহূৰ্তত পৰ্যাপ্ত উত্তৰ নাপাম। যদিও এই প্ৰক্ৰিয়া কৰাৰ পিছত গ্ৰহণযোগ্যতা হয়তো হ‘ব পাৰে, “কেনেকৈ” আৰু “কি” প্ৰশ্ন সুধিলে আমাক ইয়াৰ ওচৰ চাপিবলৈ সহায় কৰিব পাৰে। সাধাৰণতে এই প্ৰশ্নবোৰ হৈছে যেনে– “মই কেনেকৈ আগবাঢ়ি যাব পাৰো?” “ইয়াৰ পৰা মই কি শিক্ষা ল’ব পাৰো?” “এই কঠিন পৰিস্থিতিতো মোৰ শক্তি কিমান অতুত আছে ?” আনকি এনে প্ৰশ্ন অৰ্থাৎ, “মই মোৰ সমৰ্থনৰ বাবে কাক ল’গ কৰিব পাৰো বা কোনে মোৰ কথা বুজিব পাৰে বা কাৰ সৈতে কথা পাতিব পাৰো?” ইত্য়াদি। এই ক্ষেত্ৰত আমাৰ প্ৰতিকুল পৰিস্থিতিৰ গ্ৰহণযোগ্যতা অধিক সুলভ কৰি তোলাত সহায় কৰা আৰু হ’ব পৰা নেতিবাচকতাত আবদ্ধ অনুভৱ কৰা পৰিস্থিতিৰ মাজেৰে আগবাঢ়ি যাবলৈ ক্ষমতা প্ৰদান কৰা বুলি অনুভৱ হয়।
এই ক্ষেত্ৰত বিক্ষিপ্তভাৱে জীয়াই থাকিবলৈ শিকাটো আমাৰ এটা নতুন পদক্ষেপ হ’ব পাৰে। বেছিভাগ মানুহে একে কাৰণত কিছু পৰিমাণৰ বিভ্ৰান্তিৰ সৈতে সংগ্ৰাম কৰিব লগাত পৰে, যে আনৰ লগত তুলনা কৰা এক ব্যাপক সমস্যা। আমাৰ বিভ্ৰমণে তাৎক্ষণিকভাৱে বৰ্তমানৰ মুহূৰ্তৰ পৰা আঁতৰাই নিয়ে আৰু আমাৰ মনটোত ক্ষীপ্ৰ চিন্তা পৰিৱৰ্তনৰ পৰিবেশ সৃষ্টি কৰে। বহু গৱেষণাই এইটো নিশ্চিত কৰে যে নিৰন্তৰ চিন্তা–পৰিৱৰ্তনৰ ফলত আমাৰ মনত নিম্ন স্তৰৰ উদ্বেগ সৃষ্টি হয়, ফলত আমাৰ উৎপাদনশীলতা হ্ৰাস পায় আৰু আনকি ক্লান্তিও সৃষ্টি হয়। এই প্ৰকাৰৰ নিৰন্তৰ বিভ্ৰান্তিৰ ফলত বৰ্তমান পৰিস্থিতিত নিহিত সুস্থতা আৰু সুখ অনুভৱ কৰাটো অতি কঠিন হৈ পৰে।
ওপৰৰ সাধাৰণ আচৰণবোৰ নিজেই চিনাক্ত কৰিব পাৰিলে আপুনি কিয় প্ৰায়ে নিজৰ জীৱনক লৈ সন্তুষ্ট অনুভৱ নকৰে সেইটো চিনাক্ত কৰাৰ প্ৰথম পদক্ষেপ লোৱাত সহায় হ’ব পাৰে। এইক্ষেত্ৰত উপযুক্ত শিক্ষা আৰু চিকিৎসাৰ জৰিয়তে আপুনি আপোনাৰ অনুকুলে এই নিৰ্দিষ্ট আচৰণবোৰ সলনি কৰিবলৈ আৰু চিন্তাৰ ধাৰণাবোৰ বিপৰীত কৰিবলৈ শিকিব পাৰে। ইয়াৰ পৰা যিকোনো লোকে পাছত অনুভৱ কৰিব পাৰে যে মই মোৰ অভ্যাস পৰিৱৰ্তনৰ প্ৰথম পদক্ষেপ হিচাৱে সৰুকৈ আৰম্ভ কৰিবলৈ শিকিলো, আৰু এইটোৱে মোক মোৰ আবেগ আতৰাবলৈ আৰু নিজকে অলপ অলপকৈ বিশ্বাস কৰিবলৈ শিকাত সহায় কৰিছিল। মই মোৰ যিকোনো ভুলৰ বাবে নিজকে ক্ষমা কৰিবলৈ শিকিলো, আৰু মোৰ অসম্পূর্ণতাসমূহক বিনা দিদ্ধাই আকোৱালি ল’বলৈ শিকিলো। ইয়াৰ লগে লগে মই ধ্যান কৰিবলৈ শিকিলোঁ, আৰু এনে কৰি, নিজৰ বিষয়ে আৰু মই কেনেদৰে চিন্তা কৰোঁ সেই বিষয়ে বহু নতুন কথা শিকিলো। মই নোপোৱা আন বস্তুৰ প্ৰয়োজন নোহোৱাকৈ নিজে সুখী হ’বলৈ শিকিলোঁ। মই লাহে লাহে শিকিলোঁ যে মই বাহ্যিক সুখৰ কোনবোৰ উৎসত আবদ্ধ হৈ আছিলো, আৰু এটা এটাকৈ শিকিলোঁ যে মোক সেইবোৰৰ প্ৰয়োজন আছে নে নাই। সেইবোৰৰ ভিতৰত আছিল অলাগতিয়াল কায়িক বা বস্তুবাদি ধাৰণা আদি। মই নিজকে কেনেকৈ আত্মবিশ্বাসী কৰিব লাগে এইটোও শিকিলো লগতে জীৱনৰ প্ৰকৃত বাধাবোৰ কেনেকৈ আতৰাব লাগে তাকো শিকিলো। মই শিকিলো যে মই সক্ষম আৰু মৰমিয়াল আৰু মই ইতিমধ্যে মহান ; মই মোৰ দৰেই, আৰু মই সদায়েই আছিলো । মই শিকিলো যে পৃথিৱীখনত, মোৰ যিমানেই আছে, সিমানেই ঠিক, আৰু মই ইয়াক আৰু ভাল হোৱাটো বিচৰাৰ প্ৰয়োজন নাই লগতে মই এইটোও শিকিলো মই মোৰ জীৱনত বিভিন্ন পৰিৱৰ্তন সাধন কৰিবলৈ চেষ্টা কৰিছো।
প্ৰথমৰ উক্তিটোৰ পৰা অমি এইটো পালো যে আমি কৰিব পৰা একমাত্ৰ পৰিস্থিতি হৈছে বৰ্তমান।কেৱল আমাৰ বৰ্তমানেই ভৱিষ্যতৰ ৰূপ ল’ব। আৰু লগতে আমাৰ ভৱিষ্যত কেৱল আজিৰ ৰূপতহে আহিব। যদি আমি আমাৰ অতীতক ভাল আৰু ভৱিষ্যতক উন্নত কৰিব বিচাৰো, আমি আমাৰ বৰ্তমানৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু তাৰ কাৰণে কাম কৰিব লাগিব। এই নীতিতেই সোমাই আছে আত্ম–পূৰ্ণতা আৰু সন্তুষ্টি। যদি আমি আমাৰ বৰ্তমানক উন্নত কৰি তোলো আৰু পিছলৈ চাওঁ তেন্তে আমি এক উন্নত অতীত দেখা পাম। লগতে, যদি আমি আমাৰ বৰ্তমানত ভালদৰে বা সুস্থ ভাৱে বাস কৰো, তেন্তে বৰ্তমানৰ এই ব্য়ৱস্থাই অৱশ্যে এক উন্নত ভৱিষ্যতৰ বাবে বিন্যাস ঘটাব বা নতুন পটভূমি নিৰ্ধাৰণ কৰিব।
ফোনঃ ৯৮৬৪০-১৮৬৬৫
Comments are closed, but trackbacks and pingbacks are open.